ফটাঢোল

প্ৰস্ফুটিত সপোন-ৰূপম ঠাকুৰীয়া

: ঐ ছোৱালী। তামোলৰ বটাটো লৈ আনচোন। মৰণা মাৰি থকাৰ পৰা কুসুমৰ ফালে চাই দিগন্তই ক’লে।

: এই ব্ৰহ্মপুৱাই বাৰু কোনোবাই তামোল খাই নে?

: তই অকমানিজনী হৈ ওলোটাই ক’বলৈ লাজ নালাগে? যা সাউতকে লৈ আহ বটাটো।

ওখোনেৰে মৰণাৰ ধানখিনি লৰাই থকাৰ পৰা দেউতাকে কুসুমক প্ৰায় ধমকিৰ সুৰতেই ক’লে।

ঘৰৰ ভিতৰলৈ সোমাই গ’ল কুসুম। তাই মনতে ভাবি গ’ল। তাই এতিয়া আৰু অকমানি ছোৱালী হৈ থকা নাই। দুবছৰ আগতেই পঞ্চম শ্ৰেণীত থাকোঁতেই তাই পুষ্পিতা হ’ল। তেতিয়াই দেখোন তাইক কলগছৰ তলত নোৱাই, পাটৰ কাপোৰ পিন্ধাই কপালত সেন্দুৰৰ ফোঁট আঁকি দিছিল মাহীয়েক, খুড়ীয়েকহঁতে। সকলোৱেচোন কৈছিল তেতিয়া যে তাই সিদিনাৰ পৰা ডাঙৰ হ’ল। তাই এতিয়া সপ্তমমান শ্ৰেণী পালে। দেউতাকে তাইক এতিয়াও সৰু ছোৱালী বুলিয়ে ভাবি থাকে।

তামোলৰ বটাটো লৈ কুসুম পুনৰ দেউতাকহঁতৰ কাষ পালে। দিগন্তই বলধ দুটা ৰখাই কুসুমৰ দেউতাকৰ লগত পিৰালিত বহি ল’লে। কুসুমে বাঢ়নীটো লৈ মৰণাত আঁতৰি যোৱা ধানবোৰ সাৰিব ধৰিলে।

দিগন্তই তামোল এখন মুখত ভৰাই কৈ গ’ল,

: দদাইদেউ, আজি গধূলি আৰু ডাঙৰি পেলাব নালাগে। মই টাউনলৈ যাব লাগিব। আহোঁতে পলম হ’ব। সেয়ে গধূলি আহিব নোৱাৰিব পাৰোঁ।

: হ’ব বাৰু দে। কাইলৈ ৰাতিপুৱাই মৰণা শেষ কৰিম আৰু। বাৰু তই কিয় যাৱ টাউনলৈ?

কুসুমৰ দেউতাকে দিগন্তক সুধিলে।

: এহ্ নক’ব আৰু। মানে এম.এত নামটো লগাম বুলি ভাবিছোঁ। ঘৰৰ খেতি-বাতি সকলোবিলাক চোৱা-চিতা কৰি তাতে আকৌ দেউতাৰ আলপৈচান ধৰি নিয়মিত ভাবে এম.এটো কৰিবলৈ সময় উলিয়াব নোৱাৰি। মাৰ ওপৰত কামৰ বৰ বোজাও দিবৰ মন নাই। সেয়ে ‘আইডল’ৰ ষ্টাদি চেণ্টাৰ এটাত নামটো লগাম বুলি ভাবিছোঁ। 

কুসুমে সাৰি থকাৰ পৰা মূৰ তুলি চালে। এই দিগন্তদাৰ পঢ়াৰ প্ৰতি ইমান ধাউতি! ঘৰৰ খেতি-বাতি অকলে চোৱা-চিতা কৰা, ৰুগীয়া দেউতাকক আলপৈচান ধৰা, মাকৰ কামত হাত ধৰা আদি সকলো কাম কৰাৰ পিছতো এই ল’ৰাজনে পঢ়িব খুজিছে। ইমান কামৰ মাজতো আকৌ সিহঁতৰ ঘৰত ইবিধ সিবিধ কৰি সহায়ো কৰি দিয়ে। 

: দিগন্ত, তই গধূলি গধূলি সময় অলপ উলিয়াই কুসুমৰ পঢ়াখিনি চাই দিব নোৱাৰ নে? 

: এ মই দেখোন সময়ে মিলাব নোৱাৰা হৈছোঁ দদাইদেউ৷ তাতে আকৌ আজিকালি কোৰ্চবিলাক যিহে টান হৈছে! তথাপি চাওঁ দিয়কচোন।

কুসুমৰ দেউতাকৰ ফালে চাই ক’লে দিগন্তই।

“এই দেউতাটোৰো কাম নাই আৰু। এই দাদাৰ নিচিনা মানুহজনক বাৰু মই ছাৰ বুলি ভাবিব পাৰিম নে? বুজিব পৰা হোৱাৰ দিন ধৰি ঘৰৰ পৰা পথাৰৰ কামলৈ এই দিগন্তদাই আমাক সহায় কৰি আহিছে। সিহঁতৰ ঘৰৰ বেয়া দিনবোৰত দেউতাই কৰা সহায়ৰ বাবে দিগন্তদা দেউতাৰ ওচৰত সদায় কৃতজ্ঞ। তাৰেই চিন স্বৰূপে তেওঁ আমাৰ ঘৰত যেতিয়াই দৰকাৰ হয় তেতিয়াই নিজৰ ল’ৰাৰ নিচিনাকৈ সহায় কৰি দিয়ে। দাদা ভণ্টিৰ সম্পৰ্কটো মই বাৰু ছাৰলৈ কেনেকে সলাব পাৰিব! দেউতাই আমাৰ স্কুলৰ অলকেশ ছাৰৰ তাতো দিব পাৰে টিউচন। অলপ পইচা বেছিকৈ যাব। সেইটোহে? পইচাৰ কাৰণে যে ইমান ভাবে নহয় দেউতাই!”

: কুসুম ইয়ালৈ আহচোন। মোক গা ধুবলৈ কেৰাহীৰ পৰা এবাল্টি গৰম পানী দি যা বেগেতে।

মাকৰ মাতষাৰত কুসুমৰ চিন্তাত যতি পৰিল।

: শুন কুসুম। আজি মোৰ তৃতীয় দিন। মই যি দেখিলোঁ ইংলিছৰ বাদেও অংক আৰু বিজ্ঞানতো তোক মই সহায় কৰিব পাৰিম। কিন্তু তোক মই কেইটামান কথা কৈ থওঁ। প্ৰথমতে, তই এতিয়া সৰু ছোৱালী হৈ থকা নাই। আজিক বাদে কাইলৈ মেট্ৰিক পৰীক্ষা দিবি। গতিকে তই চঞ্চলামিবোৰ বাদ দিব লাগিব। মোক ছাৰ বুলি নামাতিলেও পঢ়াই থকা সময়খিনিত মোক ছাৰ বুলি ভাবিবি। দ্বিতীয়তে, মই কেতিয়াবা আহিম বুলিও আহিব নোৱাৰিব পাৰোঁ। মোৰ ঘৰৰ কণ্ডিছন তই জান। ইফালে মই নিজৰ কোৰ্চৰ কিতাপো পঢ়িব লাগে। নপঢ়াকৈ পৰীক্ষা দিব নোৱাৰোঁ। ফেইল কৰিব লাগিলে লাজ লাগিব। দদাইদেউৰ কথা এৰিব নোৱাৰিহে তোক মই পঢ়াবলৈ লৈছোঁ। তৃতীয়তে, দদাইদেউৱে মেট্ৰিকত তোৰ পৰা ভাল ৰিজাল্ট এটা আশা কৰে। গতিকে তই ভালকৈ পঢ়া শুনা কৰি ভাল ৰিজাল্ট এটা কৰি ভাল কলেজত পঢ়ি শুনি ভাল চাকৰি এটাৰে ভাঙৰ মানুহ হ’বলৈ পণ ল। পাছত ময়ো এদিন ক’ব পাৰিম, “এই ডাঙৰ মানুহজনীক এদিনাখন ময়ো পঢ়াইছিলোঁ।” বুজি পাইছ নে নাই কথাখিনি?

: পাইছোঁ বুজি। কিন্তু কথাখিনি ইমান ভেকাহি মাৰি নক’লেও হয়।

কুসুমৰ কথাত দিগন্তৰ হাঁহি উঠিল। হাঁহি হাঁহি দিগন্তই ক’লে,

: আজিৰ কাৰণে হ’ব যা কুসুম। ময়ো আজি অলপ সোনকালে যাব লাগিব।

: ঠিক আছে৷ কিন্তু এটা কথা কৈ থৈ দিওঁ। আপুনি পঢ়োৱাতকৈ লেকচাৰটো অলপ বেছিকৈ দিয়ে। 

এইবুলি ঠাট্টা সূচক হাঁহি এটা মাৰি কুসুম দিগন্তৰ ওচৰৰ পৰা নিজৰ কোঠালৈ দৌৰ দিলে।

: দিগন্ত, এই পিনে আহ। অলপ বহহি। চাহ অলপ খাই যা। টিভিত বাতৰি চাই থকাৰ পৰা কুসুমৰ দেউতাকে মাতিলে দিগন্তক।

: আজি নালাগে নেকি দদাইদেউ। মোৰ অলপ পলম হৈছে আজি।

: আহ্ ঔ। বেছি পলম নহয় আহ।

অগত্যা দিগন্ত আহি দেউতাকৰ কাষত বহিলহি।

মাকে কুসুমক মাতি পাকঘৰৰ পৰা ট্ৰেখনত তুলি থোৱা দুকাপ চাহ আৰু পিঠাৰ প্লেট দুখন টিভি ৰূমলৈ লৈ যাবলৈ ক’লে। চাহ দুকাপ দি ওভতি দৰ্জাৰ মুখ পাওঁতেই তাইৰ কাণত পৰিল৷

: কুসুমে বস্তুবিলাক বুজি পাইনে? পাৰিবনে তাই?

: দদাইদেউ, আপুনি এনেই টেনচন লৈ আছে। কুসুম ভাল ছোৱালী। তাই ভাল ৰিজাল্ট কৰিব এদিন। তাই নিজৰ দায়িত্ব বুজি পাইছে। তাই সৰু ছোৱালী হৈ থকা নাই এতিয়া। 

কথাখিনি তাইৰ অন্তৰত সোমাই গ’ল। তাই ভাল ছোৱালী, তাই ডাঙৰ হৈছে এতিয়া…কোনেও নোকোৱা কথাখিনি কৈছে দিগন্তদা ওৰফে তাইৰ ছাৰে। দিগন্তৰ প্ৰতি মৰম শ্ৰদ্ধা মিহলি এক বুজিব নোৱাৰা অনুভৱে তাইৰ অন্তৰত দোলা দি যায়। 

ৰাতিপুৱা নটা বজাত কুসুমে বাছত উঠিবলৈ অহা সময়খিনিতে চাৰিআলিত কেইবাজনো ডেকাই জুম পাতে। এবাৰ ধুনীয়া মুখৰ ছোৱালীজনীয়ে কেৰাহীকৈ সিহঁতৰ ফালে চায়েই কিজানি। চকু আলিবাটত থাকিলেও ডেকাহঁতৰ চালচলনবোৰ কুসুমে ভালকৈয়ে দেখা পায়। তাই পিচে কাকো পাত্তা নিদিয়ে। কলেজত নবাগতা হ’লেও কুসুমৰ বৰ ডিমাণ্ড। ওখ পাখ সুগঢ়ী দেহৰ ধুনীয়া ছোৱালীজনী। শাওণৰ পথাৰত দেই পুৰি যোৱা ৰ’দক কেৰেপ নকৰি ভুই ৰুব পৰা ছোৱালীজনীয়ে আন সময়ত নিজক বেলেগে ধুনীয়া বুলি ক’ব পৰাকৈ সজাই তুলিবও শিকিছে। নবাগতা বুলি দুই এজনে অৱশ্যে এটা দুটা কথা সুধিছে তাইক। কোনেও কিন্তু জোকাবলৈ সাহস কৰা নাই। যি নহ’লেও নিজৰ ঠাইৰ কলেজ। তাইৰ ঘৰৰ পৰা খুব বেছি সাত কি:মি: মানহে হ’ব কলেজলৈ। লাহে লাহে কলেজত চা-চিনাকিবোৰ বাঢ়ি গ’ল তাইৰ। লগৰ কিছুমানৰ মাজত প্ৰেম হোৱাও দখিলে তাই। তাইলৈও আহিল বহুকেইটা ভাল পোৱাৰ প্ৰস্তাব। কিন্তু তাই বিচলিত নহয়। ভালকৈ পঢ়া শুনা কৰি ভাল শিক্ষয়িত্ৰী এজনী হোৱাৰ মন তাইৰ। মেট্ৰিকত মাক দেউতাকে বিচৰা ৰিজাল্ট এটা পালেও তাইৰ মতে যেন আৰু অলপ ওপৰ খাপৰ হ’ব লাগিছিল ৰিজাল্টটো। সেয়ে আগলৈ ভাল ৰিজাল্টৰ স্পৃহা এটাই সকলো সময়তে তাইক খুন্দিয়াই থাকে। এই স্পৃহাখিনি অন্তৰত নিগাজি কৰি দিব পৰা কাৰণে তাই দিগন্ত দাক সদায় সন্মান সহকাৰে হৃদয়ত ৰাখিব।

কুসুমৰ ভায়েক সপ্তম মান শ্ৰেণী পালে। স্কুলৰ শিক্ষক এজনে ভায়েকক টিউচন কৰে। কুসুমেও মাজে মাজে চাই দিয়ে। কুসুমৰ দেউতাকে সমবায় বিভাগৰ চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ পৰা অৱসৰ ল’লে। অবসৰৰ টকাৰে মাৰুতি কাৰ এখন ল’লে দেউতাকে। কুসুকৰ দাবী অনুসৰি স্কুটি এখন দিলে দেউতাকে কলেজলৈ অহা যোৱা কৰিবলৈ। দিগন্তৰ দেউতাক ঢুকায়। এম.এ. পাচ কৰাৰ পিছত গাঁঁৱৰ পৰা অকমান আঁতৰত নিজৰ মাটিত তাৰ লগৰ দুজনৰ স’তে এখন ব্যক্তিগত স্কুল খুলিবলৈ আগবাঢ়িছে দিগন্ত। মাকে অকলশৰীয়া হোৱাৰ পৰা তাক বিয়াখন পাতিবলৈ বৰকৈ কৈ আছে। স্কুলখন আৰম্ভ কৰাৰ পিছত সি বিয়া পাতিব বুলি কৈছে। মনৰ পচন্দৰ ছোৱালী বিচাৰি পোৱা নাই অৱশ্যে সি। সেয়ে মাককে ছোৱালী চাবলৈ কৈছে সি।

সময়ৰ লগে লগে সকলোবিলাকৰ পৰিবৰ্তন হ’ল। পৰিবৰ্তন নহ’ল কেৱল দিগন্তই মৈয়াই দিয়া শাওণ মহীয়া পানী ভৰ্তি পথাৰত কুসুমহঁতে ভুই ৰুই যোৱা সময়বোৰ আৰু দিগন্তই মৰণা মৰা চোতালখনত সকলোৱে ব্যস্ত হৈ পৰা আঘোণমহীয়া নিয়ৰ সিক্ত ৰাতিপুৱাবোৰ।

 : ক’লৈ যায় দিগন্ত দা?

খোজকাঢ়ি গৈ থকা দিগন্তৰ কাষতে স্কুটিখন ৰাখি দিলে কুসুমে।

: অলপ টাউনৰ পৰা আহোঁ। কলেজ যাৱ নেকি?

: উম। ব’লক মোৰ লগত স্কুটিত।

: নাযাওঁ যা। তই গৈ থাক।

: আহকহে, একো নহয়। আপুনি চলাওক৷ মই পিছফালে বহিম। এইবুলি স্কুটিখন ষ্টেণ্ড কৰি কুসুম স্কুটিৰ পৰা নামিল।

অগত্যা দিগন্ত স্কুটিত বহি ষ্টাৰ্ট কৰিলে। কুসুম পিছফালে বহিল।

: পঢ়া শুনা কেনেকুৱা চলিছে কুসুম।

: ঠিকেই আছে। কিন্তু বেছি আগলৈ যাব নোৱাৰিম চাগে মই। ডিগ্ৰী পাছ কৰাৰ পিছত এম.এ.টো মোৰ বাবে সপোন হৈয়ে থাকিব যেন পাইছোঁ। 

: কিয়? পঢ়িবি আকৌ।

: দেউতাই গা বেয়া হোৱাৰ পৰা কেৱল মোৰ বিয়াৰ কথায়ে উলিয়ায় থাকে। তেওঁৰ কোনোবা ওপৰৱালা অফিচাৰৰ ইঞ্জিনিয়াৰ ল’ৰালৈ মোক বিয়া দিব খোজে। বিয়াৰ পিছত হেনো মই পঢ়ি থাকিব পাৰিম। মই কিন্তু এতিয়াই বিয়া হ’ব নোখোজোঁ। আকৌ ল’ৰাজনক ভালকৈ নজনাকৈ মই কাৰো লগত বিয়াত নবহোঁ, খাটাং।

: দদাইদেৱে কৈছে মোক কথাটো। তেওঁৰ ভয় হৈছে ভগবানে নকৰক তেওঁৰ কিবা এটা হ’লে তোৰ বিয়াখন দেখা নাপাব। মই বুজাইছোঁ তেখেতক।

: বাৰু মোৰ কথা বাদ দিয়ক। আপুনি কেতিয়া বিয়া পাতিব?

: মই বুঢ়া হ’লোঁ আৰু। কোন ছোৱালী আহিব মোলৈ?

: পয়ত্ৰিশ বছৰ বয়সতে আপুনি বুঢ়া হ’লনে? ময়ে চাই দিম দিয়ক এজনী ছোৱালী। 

সন্মুখত পৰা ছাগলী পোৱালিটো বচাবৰ কাৰণে জোৰকৈ ব্ৰেকদাল টানি দিলে দিগন্তই। মুহূৰ্ততে কুসুম দিগন্তৰ পিঠিত লিপিত খাই পৰিল। পিছ মুহূৰ্ততে কুসুমে নিজকে চম্ভালি ল’লে। চিনাকি গোন্ধ এটা কুসুমৰ নাকেৰে উজালে। দিগন্তই গাটো অলপ লৰাই বহিল। “কুসুম সঁচাকৈয়ে ডাঙৰ হ’ল” ধাৰণাটোৱে দিগন্তক অলপ আমনি দি গ’ল।

ৰাতি বিচনাত পৰাৰ পাছত দিগন্তই মাকে ভাতৰ পাতত কোৱা কথাষাৰ ভাবি থাকিল বহুত সময়। “বোপাই, বিয়াখন পাত সোনকালে। মোৰো গা বেয়া হৈ থাকে আজিকালি। তোৰ বিয়াখন চাব বিচাৰিছিলোঁ। কালি তোৰ জেঠায়ে এজনী ছোৱালীৰ খবৰ দিছিল। আমাৰ গাঁৱৰ একেবাৰে মূৰৰ ঘৰৰ মাষ্টৰৰ ছোৱালী এজনী আছে হেনো। কামে কাজে বৰ পাকৈত। বি.এ. পাছ কৰি ঘৰতে বহি আছে। তোৰ তাত দিবলৈ ইচ্ছাও কৰিছে। ঘৰো চলাব পাৰিব আৰু তোৰ স্কুলখনতো তোক সহায় কৰিব পাৰিব। তই কথাটো ভাবি চা।” 

সি মনতে ভাবিলে, বিয়াখন পাতিব লাগিব এইবাৰ। কিন্তু ছোৱালী? মাকে কোৱা জনী? নাই নাই৷ ছোৱালী চাবলৈ নাযায় সি। নিজে নজনাকৈ কাৰোবাৰ প্ৰেমত পৰি আছে নেকি বাৰু সি? নাই থকা নাই বা কাৰোবাৰ প্ৰতি কোনো দুৰ্বলতাও নাই তাৰ। কোনোবাই তাক ভাল পাওঁ বুলিও কৈ পোৱা নাই আজিলৈকে। তেন্তে চাব নোজোৱাকৈ কেনেকৈ ছোৱালী ঠিক কৰিব সি?

অসংগত চিন্তা কিছুমানে মনটো কিছু পৰিমাণে অশান্ত কৰি তোলে তাৰ। 

: চা কুসুম। তই আগতেও বহুকেইটা প্ৰপ’জেল ৰিফিউজ কৰিছ। এইবাৰ চা অংকুৰৰ প্ৰপ’জেল তই একচেপ্ত কৰ। বৰ ভাল ল’ৰা। মই ভালকৈ জানো তাক। আমাৰ ঘৰৰ কাষৰে। ঘৰখনো বৰ ধনী। তাৰ কথা বেলেগক সুধিলেও গম পাবি তই। আৰু সি পঢ়াই শুনাই কেনেকুৱা তই নিজেই জান, যিহেতু তোৰ মেজৰ মেট।

জুৰিৰ কথাখিনি শেষ হোৱাৰ লগে লগে মনালিচাই মাত লগালে,

: এইকেইদিনতে আমাৰ ক্লাছবোৰ শেষ হ’ব। তাৰ পিছত পৰীক্ষাৰ আগত তাক আৰু লগ নাপাৱ। তোৰ সিদ্ধান্তটো এইকেইদিনতে জনা তাক, বুইছ। মোক যদি অংকুৰে প্ৰপ’জ কৰিলে হয় মই চেকেণ্ডতে হাঁ ক’লোঁ হয়। ইম্মান হেনচু সি, চকুদুটা ইমান চেক্সী তাৰ। অ’ মাই গড, মই পাগল তাৰ কাৰণে। 

মাজ নিশা পঢ়া টেবুলত কলেজৰ কথাবোৰ মনলৈ আহিব ধৰিলে কুসুমৰ। হয়, আজি তাইৰ কাৰোবাক ভাল পাবলৈ মন গৈছে। কাৰোবাৰ মৰম পাবলৈ মন গৈছে। বহুকেইটা চেহেৰা তাইৰ চকুৰ আগত ভাঁহি আহিল। তাৰ মাজৰে কেইটামান তাইৰ ভাল লাগে, বহুত মৰম লাগে। কিন্তু ভালপোৱা? ওহোঁ। তাইৰ অন্তৰত কাৰোৰে প্ৰতি ভালপোৱা নাজাগে! কিয় এনেকুৱা হৈছে তাইৰ। কুসুমে চকীৰ পৰা উঠি গৈ তুলিৰ তলৰ পৰা পুৰণি আৰ্ট পেপাৰ এখন উলিয়াই আনিলে। এটি মলিয়ন ছবি। তাই যেতিয়াই ডাঙৰ হোৱা বুলি অনুভৱ কৰিছিল ঠিক তেতিয়াই হৃদয়ত অংকিত হোৱা কোনো সপোন কোঁৱৰ তাইৰ আঙুলিৰ ফাঁকেৰ থিতাপি লৈছিল এই আৰ্ট পেপাৰ খনত!

ছবিখনৰ ওপৰেৰে হাতখন ঘহাই ধূলিখিনি আঁতৰাই দিলে তাই। কিছুসময় নিৰীক্ষণ কৰিলে ছবিখন। অপৈণত মনৰ অপূৰঠ হাতৰ চানেকী…….।

পেঞ্চিলদাল তুলি ল’লে কুসুমে। বুকুলৈ অঁকা ছবিখন কলাফুললৈকে আঁকিলে এইবাৰ। দুটি আটিল কলাফুল। পোন্ধমৰা চুৰিয়াখন পিন্ধাই দিলে কঁকালত। সামান্য নোমাল উদং বুকু। নাকৰ তলত ঘন আৰু ডাঠ গোফৰ তৰপ এটা। কিঞ্চিত মঙহাল গাল আৰু কপালত বয়সৰ কেইটামান আঁচোৰ। উজ্জ্বল এহালি চকু। মূৰত চুটিকৈ কটা পাতল চুলি…..মুহূৰ্তৰ বাবে স্তব্ধ হৈ গ’ল কুসুম। পেঞ্চিলদাল সৰি পৰিল হাতৰ পৰা। ভীষণ ভাবে জিকাৰ খাই উঠিল তাইৰ দেহ মন৷ ই কি? ইয়েই জানো সত্য? এইজনেইচোন তাইৰ মনৰ মানুহজন৷ কিয় তাইৰ অন্তৰে আজিলৈকে তাইৰ মনটোক অন্ধকাৰত ৰাখিছিল? কিয় জানিব দিয়া নাছিল যে হৃদয়ত অজানিতে লুকুৱাই ৰখা এইজনেই তাইৰ সপোন কোঁৱৰ? চিপ চিপ বৰষুণৰ টোপালবোৰে ঘৰৰ মূধচত শুই পৰা নিশাটোক যেন জগাবলৈ প্ৰয়াস কৰিছে তেতিয়া।

পোন প্ৰথম বাৰৰ বাবে দিগন্তহঁতে লগ হৈ গাঁৱত বহাগী বিদায় পাতিছে। দিগন্ত কমিটিৰ সভাপতি আৰু কুসুমৰ ভায়েক সম্পাদক। কুসুমহঁতৰ ঘৰৰ প্ৰায় সন্মুখতে থকা আহঁত জোপাৰ তলতেই বিহুৰ মঞ্চ। কুসুম আৰু মাকে চোতালৰ পৰাই উপভোগ কৰিব বিহুৰ অনুস্থান। 

বৰ ডাঙৰ শিল্পী নাই যদিও মানুহক আমোদ দিব পৰা শিল্পীয়ে আহিছে অনুস্থানলৈ। স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ লগতে ঢুলীয়াৰ ঢোলৰ চেওত কঁকাল ভাঙি নচা নাচনীৰ বিহুনাচত আপোন পাহৰা হৈ পৰিল গাঁওবাসী। নিশা আঢ়ৈটা বজালৈ চলিল বহাগী বিদায়ৰ অনুস্থান। 

কুসুমহঁতৰ ঘৰত থোৱা বাইকখন নিবলৈ আহোঁতে কুসুমৰ মাকে দিগন্তক ৰাতিটোৰ বাকীখিনি সময় সিহঁতৰ ঘৰতে শুবলৈ ক’লে। কুসুমৰ ভায়েকেও কথাটোত জোৰ দিলে, “এই ৰাতিখন আৰু যাব নালাগে। পোহৰ হ’বলৈ বেছি সময় নাই। এইখিনি সময় ইয়াতেই পৰি থাকক” বুলি। ওচৰৰ খুড়াকজনক দিগন্তই সিহঁতৰ ঘৰত থাকিবলৈ কৈ আহিছে। মাক নোহোৱা হোৱাৰ পৰা প্ৰয়োজনত সি ঘৰৰ পৰা বাহিৰত ৰাতি কটালেও বৰ বেছি অসুবিধা নহয়। সন্মুখৰ ৰূমটোৰ বিছনাখন পৰিপাটিকৈ পাৰি দিছে কুসুমে। দিগন্ত শুব তাত।

বিছনাত বহুবাৰ ইকাটি সিকাটি কৰি থাকিও কুসুমৰ টোপনি অহা নাই। কিবা ভাবি কুসুম বিছনাৰ পৰা উঠিল। কোঠাৰ দুৱাৰ খুলি ওলাই আহিল তাই। মাক আৰু ভায়েকৰ কোঠাৰ কাষেৰে লাহে লাহে তাই আগবাঢ়িল সন্মুখৰ কোঠাটোলৈ। দুৱাৰখনৰ কাষত খন্তেক ৰ’ল । লাহেকৈ দুৱাৰ খুলি সোমাই গ’ল তাই ভিতৰলৈ। দিনটোৰ কৰ্মব্যস্ততাৰ অন্তত টোপনিৰ কোলাত লালকাল দিগন্ত। খিৰিকীৰ পৰ্দাৰ ফাঁকেৰ জোনটো সোমাই আহিছে দিগন্তক শেষ ৰাতিৰ আলিংগন দিবলৈ। কুসুমে সন্তৰ্পণে গৈ বিচনাৰ সোঁঁ-মাজত বহি পৰিল। দিগন্তক ওচৰৰ পৰা চাই ল’লে এবাৰ। কৰ্মঠ দুবাহু। সুবিশাল বুকু। সু-উজ্জ্বল মুখমণ্ডল। চুটি কৈ পিন্ধা চুৰিয়াখনত ঢাক নোখোৱা দুটি নিপোটল কলাফুল। 

দিগন্তৰ বাওঁহাতখন কুসুমে নিজৰ দুইহাতৰ মাজত লৈ লাহেকৈ ওঁঠত স্পৰ্শ কৰালে। বুকুখনত হাতখন ফুৰাওঁতেই দিগন্ত সাৰ পাই গ’ল।

: কি…কি কৰিছ তই কুসুম?

কুসুম নিৰুত্তৰ।

: কুসুম তই এই ৰাতি কিয় এনেকৈ মোৰ ওচৰলৈ আহিছ?

: মই সদায়ৰ বাবে আপোনাৰ হ’ব খোজো দিগন্তদা!

এইবাৰ দিগন্ত নিৰুত্তৰ হৈ ৰ’ল। সি যেন অনুভৱ কৰিলে এক বিজুলীৰ সোঁত তাৰ সৰ্ব শৰীৰত প্ৰবাহিত হৈ গ’ল।

: জীৱনৰ প্ৰতিটো খোজত মই আপোনাৰ ছায়া হৈ থাকিব বিচাৰোঁ।

: কিন্তু …কিন্তু তইযে মোতকৈ বয়সত বহুত সৰু?

: মোৰ বয়সে মোৰ মনটো সৰু কৰিব পৰা নাই দিগন্ত দা। মই আপোনাক ভাল পাওঁ। 

: ৰ…..ৰ…ৰ…কুসুম। তই এনেকে……

: হয়, মই আপোনাক ভাল পাওঁ। আপোনাৰ সংগী হৈ ৰ’ব বিচাৰোঁ সদায়। বয়সৰ দোহাই দি মোক প্ৰত্যাখ্যান কৰিব নোৱাৰে আপুনি!

দিগন্তই এপলক দৃষ্টিৰে কিছু সময় চাই থাকিল কুসুমলৈ। পূৰ্ণিমাৰ জোন যেন মুখখনত প্ৰেমৰ জোৱাৰ উঠিছে। এই জোৱাৰত যেন নিমিষতে বিলীন হৈ যাব দিগন্তৰ দেহ মন…। দিগন্তই বিছনাত উঠি বহিল। কুসুমৰ দুহাতত দুটা চুমা আঁকি দিলে। দুহাতেৰে কান্ধত ধৰি লাহেকৈ কুসুমক নিজৰ বুকুৰ মাজত সুমুৱাই ল’ব খুজিলে। কুসুমে লাহেকৈ বাধা দি ক’লে,

: পৰহিলৈ দেউতাৰ বছৰেকীয়া তিথি। ৰাতি পুৱাবলৈ বেছি সময় নাই। বহুত কাম আছে৷

দিগন্তই কুসুমৰ কান্ধৰ পৰা লাহেকৈ হাত দুখন আঁতৰাই আনিলে। বিছনাৰ পৰা উঠি কুসুম দুৱাৰৰ পিনে খোজ ল’লে। দিগন্তই মাথো চাই ৰ’ল কুসুমলৈ….

লাজ লাজ কৈ খিৰিকী মুখত জোনটো যেন সাক্ষী হৈ ৰ’ল কুসুম আৰু দিগন্তৰ বহু যুগৰ হেঁপাহৰ পুৱতি নিশাৰ এই মিলনৰ।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.