ফটাঢোল

প্ৰাচীন এনাৰ্চি (এমখা গাজাখুৰী) : বাসৱদত্ত দাস

নমস্কাৰ৷ ‘ইতিহাসৰ দেহ-বিচাৰ !’ অনুষ্ঠানটোলৈ আপোনালোকক ‘মই কেতেকী’য়ে স্বাগতম জনাইছোঁ । আহকচোন, আমি এই অনুষ্ঠানটোৰ যহত কাহানিবাই মৃত্যু ঘটা ইতিহাসৰ নিৰুদ্দিষ্ট দেহটো আজিও বিচাৰ কৰোঁ :

[ খণ্ড : ( বিখণ্ড ) ]

আজিৰ খণ্ডটিত আমি আলোচনা কৰিম ইতিহাসত নোহোৱা-নোপজা, ভাৰত-মাতাৰ এনে এগৰাকী সন্তানৰ বিষয়ে যাক হয়তো চিনি পোৱা লোক আজিৰ তাৰিখত এজনো নোলাব.. ক্ষমা কৰিব, ‘মই কেতেকী’ৰ বাহিৰে আন এজনো নোলাব.. আকৌ ক্ষমা বিচাৰিছোঁ, স্ক্ৰীপ্ট ৰাইটাৰে আপত্তি কৰিছে, তেওঁ আৰু ‘মই কেতেকী’ৰ বাহিৰেহে দৰাচলতে আন কোনো নোলাব। তেন্তে আহক, পুৰাতন ভাৰতবৰ্ষৰ ইতিহাস-বিস্মৃত এই মহান পুৰুষজনাৰ বিষয়ে আজি অলপ জ্ঞাত হৈ লওঁ৷

আৰ্য্য নামধাৰী ভাষিক জনগোষ্ঠীটোৰ ভাৰত সংক্ৰমণৰ ঠিক আৰম্ভণিৰ সময়খিনিৰ কথা এয়া৷ সেই সময়ৰ ভাৰতবৰ্ষৰ ভূমিপুত্ৰসকলে তেওঁলোকৰ মাটিত আৰ্য্যসকলৰ অনাহূত আগ্ৰাসন সমূলি গ্ৰহণ কৰিব পৰা নাছিল৷ বিদেশী আৰ্য্যসকলৰ স্পৰ্শ লাগি তেওঁলোকৰ পৱিত্ৰ ভূমি-জল-বায়ু, গছ-গছনি, পশু-পক্ষী আৰু আনকি তেওঁলোক নিজেও বিজতুৱা হৈ পৰিব বুলি ভূমিপুত্ৰসকলৰ বাৰুকৈয়ে শংকা হৈছিল৷ ফলত প্ৰকাশ্যে তেওঁলোকে ইয়াৰ বিৰুদ্ধাচৰণ কৰিবলৈ আৰম্ভ কৰিছিল৷ তেওঁলোকে বিচাৰিছিল যাতে বিদেশী আৰ্য্যসকল তেওঁলোকৰ মাতৃভূমিৰ পৰা বিতাড়িত হও‌ক; কাৰণ তেও‍ঁলোকে বুজি পাইছিল যে এজাক-এজাককৈ হাজাৰ-বিজাৰ আৰ্য্য-মানৱৰ সোঁত অবাধে তেওঁলোকৰ ভূমিলৈ প্ৰব্ৰজন কৰি এটা সময়ত ভূমিপুত্ৰসকলৰ অস্তিত্বলৈ ই সংকট কঢ়িয়াই আনিব৷ ইতিমধ্যে প্ৰব্ৰজকসকলে এই দেশৰ পুৰাতন সংস্কৃতি বিকৃতকৰণ কাৰ্যত নামি পৰিছিলেই৷ এয়া আছিল ভূমিপুত্ৰসকলৰ ভাষা-সংস্কৃতিক আৰ্য্যকৰণ কৰাৰ কুখ্যাত চক্ৰান্তটোৰ আৰম্ভণি৷ আৰু এই চক্ৰান্তটোত সাৰ-পানী যোগোৱা কামত তেওঁলোকে ব্যৱহাৰ কৰিছিল ভূমিপুত্ৰসকলৰ নৱ-প্ৰজন্মক৷ চেঙেলীয়া মনত এনেও নতুনত্বৰ প্ৰতি ধাউতি থাকেই, তাতে আকৌ আৰ্য্যসকলৰ আদৱ-কায়দা, কথা-কাৰ্য্য সকলো নতুন, আকৰ্ষণীয়! বল্কল সলাই কপাহ মেৰিওৱাৰ “swag”, কথা-বতৰাত দুই-এক নৰঃ-নৰৌ-নৰাঃ মৰাৰ “trend”- এইবোৰে সিহঁতক সোমৰসৰ সমানেই আকৰ্ষণ কৰিলে৷ ফলত ভূমিপুত্ৰসকলৰ আৰ্য্যকৰণ কাৰ্যটো প্ৰব্ৰজক গোষ্ঠীটোৰ কাৰণে বৰ এটা টান কাম নহ’ব যেন লাগিল৷

প্ৰথমচাম নৱ-প্ৰজন্মৰ মাজৰ পৰাই পিছলৈ এমুঠিমান ‘জ্ঞানীপুৰুষ’ৰো আৱিৰ্ভাৱ ঘটিল, যিসকলে ন-সৃষ্ট ‘সংস্কৃত’ নামৰ কৃত্ৰিম (দৰাচলতে, আৰ্য্যভাষা আৰু ভূমিপুত্ৰসকলৰ ভাষাৰহে ই হেনো বিজতুৱা ৰূপ) এটাৰ মাধ্যমত ভূমিপুত্ৰসকলৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াবলৈ আৰম্ভ কৰি দিলে৷ আৰ্য্যসকলক অবিকল্পিতভাৱেই শ্ৰেষ্ঠ মানি লৈ ভূমিপুত্ৰসকলে থলুৱা সাহিত্য-সংস্কৃতিক তেওঁলোকৰ সমকক্ষ কৰাৰ লক্ষ্যৰে আৰ্য্য সাহিত্য-সংস্কৃতিৰ অধ্যয়নো কৰিবলৈ ধৰিলে৷ প্ৰকৃততে এয়া কিন্তু অধ্যয়ন নহৈ পিছলৈ কেৱল অনুকৰণতহে তাৰ সীমা আৱদ্ধ হৈ থাকিলগৈ৷ ফলশ্ৰুতিত আৰ্য্য সাহিত্যৰ সাঁচত তথাকথিত আন এবিধ সমসাময়িক সাহিত্যইহে থলুৱাৰ ছাব-মোহৰ লগাই ভুমুকি মাৰিলেহি৷

[ এতিয়া লৈছোঁ খন্তেক বাণিজ্যিক বিৰক্তি; আপোনালোকে চাহ-বিস্কুট অকণ দৌৰ মাৰি গৈ খাই আহকগৈ৷
(বিৰক্তি.. বিৰক্তি.. বিৰক্তি.. বিৰক্তি…)

স্বাগতম জনাইছোঁ পুনৰ আপোনালোকক৷এতিয়া আমি আগবাঢ়িছোঁ… ]

তৰুণ-শক্তিৰ সমৰ্থনত সাহিয়াল হৈ আৰ্য্যসকলে ভূমিপুত্ৰসকলৰ পুৰাতন সকলো কাৰ্য্যকে অৱজ্ঞাৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰি দিলে, আৰু ভূমিপুত্ৰসকলক আখ্যা দিলে ‘অনাৰ্য্য’ বুলি৷ এতিয়াৰে পৰা ভূমিপুত্ৰসকলৰ পৰম্পৰাগত সাহিত্য হৈ পৰিল অনাৰ্য্য সাহিত্য; পৰম্পৰাগত স‍ংস্কৃতিৰ ওপৰতো পৰিল ‘অনাৰ্য্য’ নামৰ ছাব । বিদেশী জাতি এটাৰ এনে অতপালি কিন্তু এচাম ভূমিপুত্ৰই সহ্য কৰিব নোৱাৰিলে। তাৰ ভিতৰত প্ৰথম চাম সংস্কৃত-প্ৰজন্মৰ ভূমিপুত্ৰৰ দল এটাও আছিল; কিয়নো তেওঁলোকৰ সৃষ্ট সাহিত্য-সংস্কৃতিক আৰ্য্যসকলে পৃথক বুলি স্বীকৃতি নিদি বৰঞ্চ আৰ্য্য সংস্কৃতিৰে ভিতৰুৱা এক উপ-সংস্কৃতি বুলিবলৈ যিদৰে উঠি-পৰি লাগিছিল, সেয়া তেওঁলোকৰ অহম আৰু স্বাৰ্থৰ পৰিপন্থী বুলি তেওঁলোকে জ্ঞান কৰিছিল।

দেশখনত এক প্ৰবল আৰ্য্যবিৰোধী ঢৌৱে তেতিয়াই উক্‌মুকাই উঠিছিল৷ আৰ্য্যসকলে ‘সংস্কৃত’ কৰা একাংশ ভূমিপুত্ৰ আছিল এই আন্দোলনটোৰ ধ্বজাবাহক৷ তেওঁলোকৰ আপোচবিহীন দাবী- আৰ্য্যসকলে ভূমিপুত্ৰসকলৰ পৱিত্ৰ দেশ ত্যাগ কৰক৷ শাসক-যন্ত্ৰই অবৈধভাৱে ভূমি দখল কৰি বহি থকা আৰ্য্যসকলক বিতাড়ন কৰক! কিন্তু তেতিয়ালৈ পৰিস্থিতি যথেষ্ট পাকলগা হৈ পৰিছিলগৈ৷ কোন আৰ্য্য, কোন অনাৰ্য্য- তাৰ চিন উদাৰচিতীয়া আৰ্য্য আৰু একাংশ ভূমিপুত্ৰৰ মাজত হোৱা সম্বন্ধ কিছুমানৰ মাজত নিশ্চিহ্ন হৈ পৰিবৰ উপক্ৰম কৰিছিল। এনেধৰণে দেশখনত সমুদায় আৰ্য্যসকল ভূমিপুত্ৰসকলৰ মাজত জীণ হৈ গৈ আছিল৷

পৰিস্থিতিৰ জটিলতালৈ লক্ষ্য ৰাখি বুধিয়ক আৰ্য্যসকলে শাসনকৰ্তাসকলক প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰি দিলে৷ এই উদ্দেশ্যত তেওঁলোকে ঢাল হিচাপে ব্যৱহাৰ কৰিলে প্ৰথমচামৰে আন এদল সংস্কৃত-প্ৰজন্মৰ ভূমিপুত্ৰক৷ তেওঁলোকক আৰ্য্যসকলে চতুৰভাৱে পৃষ্ঠপোষকতা কৰিবলৈ ধৰি তেওঁলোকৰ সাহিত্য-সংস্কৃতিক “প্ৰকৃত আধুনিক ভূমিপুত্ৰসকলৰ সাহিত্য-সংস্কৃতি” বুলি স্বীকৃতি দি তেওঁলোকৰ মগজ-ধুলাই কৰি ল’লে; তাৰপিছত ৰজাঘৰীয়াৰ দৃষ্টি তেওঁলোকলৈ নি খুব সন্তৰ্পণে ৰজাঘৰত স্থান দিয়ালে। এতিয়াৰে পৰা ৰজাঘৰৰ প্ৰতিটো কাম-কাজক এই সংস্কৃত ভূমিপুত্ৰসকলে প্ৰভাৱিত কৰিবলৈ ল’লে; আনহাতে তেওঁলোকৰ কথা-চিন্তাক প্ৰভাৱিত কৰাৰ চক্ৰান্তমূলক দায়িত্ব হাঁহিমুখে গ্ৰহণ কৰিলে চতুৰ আৰ্য্যসকলে৷ আন্দোলনমুখী সংস্কৃত-প্ৰজন্মৰ ভূমিপুত্ৰসকলৰ আনটো দলে তেওঁলোকৰে জাতৰ আন একাংশৰ ভাগ্যচক্ৰৰ এনে উত্থান দেখি তবধ মানিলে, আৰু তেও‌ঁলোকৰ আক্ৰোশী মনোভাৱত কিছু শিথিলতা অনাটো নিজৰ অহম আৰু স্বাৰ্থৰ বাবে মঙ্গলজনক জ্ঞান কৰিবলৈ ল’লে৷

[আকৌ খন্তেক বাণিজ্যিক বিৰক্তি, মই U যাম, U কৰি আহিম । ( বি. দ্ৰ. U মানে Urinal/ Urine. )

( বিৰক্তি.. বিৰক্তি.. বিৰক্তি.. বিৰক্তি.. )

পুনৰ স্বাগতম, আমাৰ এই অনুষ্ঠানটিলৈ যাৰ নাম হৈছে “ইতিহাসৰ দেহ-বিচাৰ”৷ আমি আকৌ আগবাঢ়িছোঁ…

ইপিনে প্ৰতিবাদীসকলৰ মাজৰ কিছুসংখ্যক, নিজকে উগ্ৰ আৰু বিশুদ্ধ জাতৰ বুলি চিনাকি দিয়া ভূমিপুত্ৰই কোনোপধ্যেই আপোন সমাজখনৰ আৰ্য্যকৰণ মানি ল’বলৈ প্ৰস্তুত নাছিল। গতিকে তেওঁলোকে নিৰৱচ্ছিন্নভাৱে আৰ্য্য-বিতাড়নৰ একেটা দাবীত অটল হৈ থাকিল৷ একমাত্ৰ এইটো পক্ষকে হাত কৰাটো আৰ্য্যসকলৰ বাবে আটাইতকৈ কঠিন হৈ উঠিছিলগৈ৷ সেয়েহে তেওঁলোকে এটা নতুন পন্থা গ্ৰহণ কৰিলে৷ আপোচবিহীন এই দলটোৰ দলপতিজনক সাক্ষাৎ কৰি তেওঁকে প্ৰলুব্ধ কৰাৰ তেওঁলোকে ফান্দ পাতিলে৷ সেই মতে ‘সংস্কৃত’ ভূমিপুত্ৰকেইজনমানৰ নেতৃত্বত আৰ্য্যসকলৰ সজাতিৰ দল এটাই এনা মুনিৰ আশ্ৰমলৈ বুলি ৰাওনা হʼল। হয়, এই এনা মুনি বা পপুলাৰ্লী- এনা ঋষিয়েই হৈছে আমাৰ আজিৰ অনুষ্ঠানটোৰ আলোচ্য ভাৰত-মাতাৰ সেই মহান সন্তানজন৷

এনা মুনিয়ে যদিও নিজকে এজন উগ্ৰ ভূমিপুত্ৰ বুলি চিনাকি দিবলৈ ভাল পাইছিল, তথাপি তেওঁৰ আদৱ-কায়দা বহু ক্ষেত্ৰত আৰ্য্যসন্মত আছিল। সেয়েহে সকলোৱে তেওঁক এনা মুনি বা এনা ঋষি বুলিহে জানিছিল (যদিওবা মুখৰ আগত তেনে সম্বোধন কৰিবলৈ তেওঁলোকৰ সাহসে নুকুলাইছিল)। ঋষিবৰ এনাই সংস্কৃত গুৰুকূল এখনৰ পৰা শিক্ষা সাং কৰিছিল, আৰু সংস্কৃততে এসময়ত লিখা-মেলাও কৰিছিল৷ কিন্তু, ভূমিপুত্ৰসকলৰ নৱজাগৰণৰ প্ৰভাৱ তেওঁৰ ওপৰতো পৰাত সেই তেতিয়াৰে পৰা “ঋষিয়ালি” এৰি তেওঁ “ভূমিপৌত্ৰালি” কৰিবলৈ আৰম্ভ কৰি দিছিল৷ পণ্ডিত গুণে খুব কম সময়ৰ ভিতৰতে তেওঁ “ভূমিপুত্ৰ সংগঠন”ৰ দলপতিও হৈ উঠিল৷

আৰ্য্যসকলৰ প্ৰতিনিধিকেইজনৰ লগত তেওঁৰ ভালেমান পৰলৈ উষ্ম তৰ্ক-বিতৰ্ক চলিল৷ আৰ্য্যসকলক এনাই তেওঁৰ দেশ এৰি গুচি যাবলৈ কাঢ়া সকীয়নি দিলে। আৰ্য্যসকলেও এনাক সৈমান কৰাবলৈ যৎপৰোনাস্তি চেষ্টা চলালে। এনাৰ লেখাবিলাকৰ উচ্চ প্ৰশংসা কৰি আৰ্য্য-অনাৰ্য্যৰ সম্প্ৰীতিৰ হকে লিখি এসময়ত তেওঁ কত-কিমান যে সৃষ্টি কৰিছিল, এই সকলোবিলাক ভূৰি বখানিলে৷ এসময়ত আৰ্য্যসকলৰ signature কৌশল – “সাম-দাম-দণ্ড-ভেদ” সকলো প্ৰয়োগ কৰিও যেতিয়া দেখিলে এনা স্থিতপ্ৰজ্ঞ, তেতিয়া তেওঁলোকে মুনিৰ সুৰতে সুৰ মিলোৱাৰ ঢং কৰি তেওঁলোকৰ শেষ শেলপাত মুনিলৈ বুলি এৰি দিলে৷ ঠিক আছে, আৰ্য্যসকলে দেশ এৰিব; কিন্তু তাৰ আগতে আৰ্য্যসকলক ভূমিপুত্ৰসকলে তেওঁলোকৰ মাজৰ পৰা কেনেদৰে পৃথক কৰি উলিয়াব এনাই কওক, তাৰ পিছত তেনেকৈ চিনাক্ত কৰাসকলক বিদেশী বুলি চিহ্নিত কৰি তেওঁলোকৰ সম্বন্ধে কি ব্যৱস্থা লোৱা যাব ৰজাঘৰে সিদ্ধান্ত লʼব৷ এনাই বিদেশী চিনাক্তকৰণৰ এটা অভিনৱ প্ৰক্ৰিয়াৰ দাবী কৰি ভূমিপুত্ৰসকলৰ সক্ৰিয় আৰু ব্যাপক অংশগ্ৰহণৰ চৰ্ত ৰাখিলে৷

এনাক কথাৰ পাকত আড়ষ্ট কৰি প্ৰতিনিধিৰ দলটো বিজয়ী মনোভাৱেৰে উভতি আহিল৷ আৰ্য্যপতিক তেওঁলোকে আলোচনাৰ বিতং বতৰা দিলে৷ তাৰ পিছত আৰ্য্যসুলভ কৌশল খটুৱাই এফালে আৰ্য্য-চিনাক্তকৰণ প্ৰক্ৰিয়াৰ আৰম্ভণি বিভিন্ন অজুহাত দেখুৱাই পিছুৱাই নি গৈ থাকিল, আৰু আনফালে ভূমিপুত্ৰসকলৰ সংস্কৃতকৰণ কাৰ্য্য আগতকৈয়ো জোৰদাৰ গতিত আগবঢ়াই নিবলৈ ধৰিলে৷ ইফালে ‘ভূমিপুত্ৰ’সকলে এনা ঋষিৰ দাবী শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ ৰজাঘৰক হেঁচা দি আন্দোলন অব্যাহত ৰাখিলে৷ ৰজাঘৰেও এক সুদীৰ্ঘ সময়ৰ অন্তত, নিজৰ উদ্দেশ্যবোৰ সাধন হোৱাৰ পিছত, এনা ঋষিৰ প্ৰস্তাৱটো কাৰ্য্যকৰী কৰিবলৈ অৱশেষত লাহেকৈ আগবাঢ়িল৷

এনা ঋষিৰ প্ৰস্তাৱ কাৰ্য্যকৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হʼল; এনা ঋষি হʼল ইয়াৰ মুখ্য পৰ্য্যৱেক্ষক৷ প্ৰক্ৰিয়াটো আৰম্ভ কৰিয়েই এনাই দেখিলে যে আৰ্য্য-অনাৰ্য্যৰ পৃথকীকৰণ নেক্স্‌ট্ টু ইম্পচিবল! আৰ্য্য কোন, ভূমিপুত্ৰ কোন; এতিয়া আনকি নিজেও ‘ভূমিপুত্ৰ’ নে ‘সংস্কৃত’- সেইটো লৈ দ্বিধাত পৰিল৷ গতিকে এনাৰ ‘ভূমিপুত্ৰ’ বাছনি কৰোঁতে কেণা লাগিল৷ নিজক ‘ভূমিপুত্ৰ’ৰ শাৰীত ৰাখিলে মাক আৰ্য্য হৈ পৰে; আনহাতে ‘আৰ্য্য’ৰ শাৰীত ৰাখিলে সহ-সংগ্ৰামীসকলো হৈ পৰে একে জাতৰ। কোনো সংগ্ৰামীৰেই ‘ভূমিপৌত্ৰত্ব’ত বিশুদ্ধতা নাই; কাৰোবাৰ পিতৃ বা মাতৃ যদি আৰ্য্য, আন কাৰোবাৰ স্বামী অথবা ভাৰ্য্যা৷ আন কাৰোবাৰ আকৌ মাতুলপক্ষৰ ক্ৰʼমʼজʼমতে আৰ্য্য-জিন জীণ গৈছে৷ এনা বৰ বিপাঙত পৰিল। ফলত তেওঁ বেছিভাগৰে নাম ‘ভূমিপুত্ৰ’ৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ বাধ্য হৈ পৰিল (নহʼলে যে নিজৰেই দেশ এৰিবলগীয়া অৱস্থা!)।

এনাক লৈ সকলোৰে প্ৰত্যাশা উচ্চ আছিল৷ কিন্তু যেতিয়া দেখিলে যে ‘ভূমিপুত্ৰ’ৰ তালিকাত ঢেৰ আৰ্য্যপুত্ৰৰ সমাৱেশ হৈছে, তেওঁলোক জাঙুৰ খাই উঠিল। বিশেষকৈ ভূমিপুত্ৰীসকলৰ অবিবেচনাৰ ফলশ্ৰুতিত আৰ্য্য-ঔৰষত জন্ম লভা সন্তানবোৰক জাৰজ আখ্যা দি ‘ভূমিপুত্ৰ’ৰ তালিকাত সিহঁতৰ অন্তৰ্ভুক্তিৰ বিৰুদ্ধে কৰা প্ৰতিবাদে দেশৰ চৌদিশত তীব্ৰ কম্পন তুলিলে৷ পৰিণামত গোটেই প্ৰক্ৰিয়াটোৱে ন্যায্যতা হেৰুৱাই পেলালে৷ এনেদৰে এক দীঘলীয়া সময়লৈ চলা তুমুল বাদানুবাদৰ অন্তত ৰজাঘৰৰ হস্তক্ষেপত এনা ঋষিৰ ‘ভূমিপুত্ৰ চিনাক্তকৰণ’ৰ অভিলাসী প্ৰক্ৰিয়াটো ফুটুকাৰ ফেন হৈ আৰ্য্যপ্ৰৱাহৰ প্ৰবল সোঁতত উটি-ভাঁহি অৱশেষত নোহোৱা হৈ থাকিলগৈ৷

আজি এনা ঋষি নাই, কিন্তু তেওঁৰ প্ৰাসংগিকতা সেইকালতো ম্লান পৰা নাছিল আৰু এই যুগতো সি কিন্তু একেবাৰে অপ্ৰাসংগিক হৈ পৰা নাই। আজি এনা ঋষিৰ প্ৰক্ৰিয়াটোৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নাম লৈ নতুন ৰূপ পৰিগ্ৰহ কৰিছে, শীৰ্ষকৰ এংলিচাইজেশ্‌ন্‌ ঘটি “এনা ঋষিৰ প্ৰক্ৰিয়া” গুচি “এনাৰ্চি (NRC) প্ৰক্ৰিয়া” হৈ পৰিছেগৈ। কিন্তু কাৰ্য্যপদ্ধতি তাৰ একেই আছে, আৰু পৰিণতিও খুবসম্ভৱ একেধৰণৰে হʼব বুলি ঠাৱৰ কৰিব পাৰি৷

ভাৰতৰ দক্ষিণ প্ৰান্তৰ লোকসকলে আজিও নিজকে সেই তাহানিৰ দৰেই এই ভূ-খণ্ডৰ প্ৰকৃত ভূমিপুত্ৰ বুলি ভাবে। এনা ঋষিৰ প্ৰক্ৰিয়াটো বিফল হোৱাৰ পিছৰে পৰা তেওঁলোকে এনা ঋষিক চকু পাৰি দেখিব নোৱৰা হৈ পৰিছিল৷ তেওঁলোকে এনাক ইমানেই ঘৃণা কৰিবলৈ আৰম্ভ কৰিছিল যে আজিও তেওঁলোকে এনা ঋষিৰ নাম শুনিলেই “এনা ৰাস্কলা” বুলি শাও-শপনি পাৰি তৎ নোপোৱা হয়৷

[ তেন্তে আজিলৈ ইমানেই; “মই কেতেকী”য়ে পৰৱৰ্তী খণ্ডত আপোনালোকক পুনৰ লগ পোৱাৰ ভুৱা প্ৰতিশ্ৰুতিৰে.. আজিলৈ বিদায়, ধন্যবাদ ! ]

☆ ★ ☆ ★ ☆

5 Comments

  • ইন্দ্ৰাণী তালুকদাৰ

    ভাল লাগিল, “এনা ঋষি জনৰ নামৰ পৰাই এনাৰ্চি”😁😁

    Reply
  • বৰ ভাল লাগিল। এনাৰ্চি প্ৰকৃত উৎসটো জানিলোঁ।

    Reply
  • ঈশ্বৰ বৰা

    বাসৱ দা বহুত ভাল লাগিল । এনা ঋষি 😁😁😁

    Reply
  • হেমন্ত কাকতি

    তামাম লাগিল বাসৱ, চুপাৰ ডুপাৰ

    Reply
  • মানসী বৰা

    ভাল লাগিল..

    Reply

Leave a Reply

Your email address will not be published.