ফটাঢোল

প্ৰাচীন কেব – বাসৱদত্ত দাস

নমস্কাৰ। “মই কেতেকী”য়ে পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক এই অনুষ্ঠানটিলৈ, যাৰ নাম হৈছে — “ইতিহাসৰ দেহ-বিচাৰ”। এই অনুষ্ঠানটিত প্ৰতিবাৰৰ দৰেই এইবাৰো কাহানিবাই নিৰুদ্দিষ্ট হোৱা ইতিহাসৰ মৃতদেহটোৰ আমি পুনৰ্বিচাৰ কৰিম। গতিকে, আহক- আৰু দেৰী নকৰোঁ।

[খণ্ড : পাষণ্ড]

আজিৰ খণ্ডটিত এনে এটা সাম্প্ৰতিক বিষয়ৰ ঐতিহাসিক অস্তিত্বক আমি আলোকপাত কৰিম যাক আপুনি-মই CAB বুলি জানো, কিন্তু প্ৰাচীন কালত ই বিদিত আছিল অন্য এক নামেৰেহে। আহকচোন, মোৰ লগতে একমাত্ৰ আমাৰ স্ক্ৰীপ্ট ৰাইটাৰজনৰহে পূৰ্বজ্ঞাত এই তথ্যখিনিৰ ভাগ-বতৰা আপোনালোককো দিওঁ :

প্ৰতিটো মহান সভ্যতাৰ ইতিহাস কেইটামান প্ৰগতিসূচক যুগৰ মাধ্যমেৰে সমৃদ্ধ। ইউৰোপীয় ইতিহাসৰ অন্ধকাৰ যুগ, মধ্যযুগ, আধুনিক যুগৰেই কথা ধৰক অথবা বিশ্ব ইতিহাসৰ গণতন্ত্ৰৰ উত্থানৰ যুগ, ঔদ্যোগিক বিপ্লৱৰ যুগ বা তথ্য-প্ৰযুক্তিৰ উন্নতিৰ যুগকেই ধৰক। যিহেতু মহান ৰাষ্ট্ৰ ভাৰতৰ অহংকাৰ আৰ্য্য সভ্যতাও মহানতম সভ্যতামুঠিৰেই অন্যতম আছিল, গতিকে ইয়াৰো প্ৰগতিসূচক যুগ-বিভাজন স্পষ্ট। আৰ্য্য সভ্যতা বেদ-বেদাঙ্গৰ সভ্যতা, হি– মানে সনাতন ধৰ্মীসকলৰ সভ্যতা। সনাতন ধৰ্ম আকৌ ধৰ্ম নহয়, এক দৰ্শন, এক জীৱনশৈলী, এক আদৰ্শ, এক পাথেয়, এক হেন, এক সেন, এক যেন-তেন । মুঠতে মহান। গতিকেই, এই সভ্যতাৰো প্ৰগতিসূচক যুগ চাৰিটাকৈ আছে — সঁচাকৈ শলঠেকত পৰা যুগ, সঁচাকৈয়ো সন্দেহৰ পাত্ৰ হোৱা যুগ, সঁচাকৈ মিছা শুনোৱা যুগ আৰু মিছাক সঁচা কৰা যুগ । উন্নতিৰ সোণ খটোৱা জখলাডালৰ একেবাৰে শীৰ্ষতম চিৰিত আৰোহণ কৰা সভ্যতাটোৱে বৰ্তমান একেবাৰে শেহৰটো যুগত আহি টিকা পেলাই লৈ বহিছেহি। এই যুগতেই দুখন মহাকাব্যও ৰচিত হʼল, যʼত আগৰ যুগ তিনিটাৰ ঘটনাপ্ৰবাহক “ঐকান্তিক সততা”ৰে লিপিবদ্ধ কৰা হʼল। এই যুগতেই ৰচিত আগৰটো যুগৰ কাহিনী সম্বলিত “এখন বিয়াগোম ভাৰতৰ কাব্য”খনতেই আমি দেখিবলৈ পাম আজিৰ আলোচ্য বিষয়বিধৰ অস্তিত্ব সম্পৰ্কীয় এক “চিত্ত-বিস্ফোৰক” ঐতিহাসিক বৰ্ণনা। তেনে আহক, প্ৰাচীন কেবৰ বিষয়ে উদয় হোৱা আপোনালোকৰ সকলো কৌতূহল এই বৰ্ণনাটোৰ দ্বাৰাই নিবৃত্ত কৰোঁ। কিন্তু তাৰ আগতে লৈ লৈছোঁ এটা চমু বাণিজ্যিক বিৰক্তি, কʼলৈকো নপলাব : চৌদিশে কাৰ্ফিউ চলি আছে — হুঁচিয়াৰ!

[ বিৰক্তি… বিৰক্তি… বিৰক্তি… বিৰক্তি… ]

বৰ্তমান যʼত ভাৰত ৰাষ্ট্ৰৰ ৰাজধানী, তাৰ সমীপতেই ধৰ্ম, বায়ু, ইন্দ্ৰ আৰু অশ্বিনীকুমাৰদ্বয়ৰ “কৃপা”ধন্য পাঁচ শাসকৰ একালত ৰাজধানী আছিল । তেওঁলোক একেটা উৎসৰ পৰাই উদ্ভৱ হৈছিল দেখি কেউজনকেই ভাতৃ বুলিয়েই ধৰা হৈছিল । অবৈধভাৱে তেওঁলোকনো কোন আছিল জনা নাযায়, কিন্তু বৈধভাৱে তেওঁলোক আছিল একেজন ৰজাৰে পাঁচ চান (son), সংক্ষেপে পাঁচান। এই পৰিচয় লৈয়েই তেওঁলোকে সকলো কাম “বৈধভাৱে” কৰিছিল, বিশেষকৈ ধৰ্মৰ কৃপালব্ধজনে। তেওঁলোকৰ ৰাজধানীখনো “বৈধভাৱে”ই দখল কৰা আছিল। পিছে যিটো প্ৰক্ৰিয়াৰে তেওঁলোকে ৰাজধানী দখলকাৰ্য্যটোক বৈধতা প্ৰদান কৰিছিল, তাকেই এতিয়া আপুনি-মই “কেব” বুলি জানো। অৱশ্যে, সেই কেব আজিৰ CABখন‌ নাছিল, সি আছিল অকণমান পৃথক — KEB : Khandaava’s Emergency Burning! হয়, KEB — আপুনি ঠিকেই শুনিছে; এই KEBখনেই কালক্ৰমত গৈ কেনেকৈনো “বৈধ কৰ্ম”ক স্বীকৃতি দিয়াৰ সফলতম মেকানিজ্‌ম্‌ত পৰিণত হʼলগৈ, তাকে আমি এতিয়া আলোচনা কৰিম। কিন্তু তাৰ আগতে —

খন্তেক বাণিজ্যিক বিৰক্তি।

[ বিৰক্তি… বিৰক্তি… বিৰক্তি… বিৰক্তি… ]

উভতি আহিছোঁ পুনৰ বিৰক্তিৰ পিছত, আপোনালোকে “চায় আছে” — ইতিহাসৰ দেহ-বিচাৰ! আপোনালোকক জনাই আছিলোঁ প্ৰাচীন KEBৰ বিষয়ে। KEBনো কি, ইয়াৰ বিস্তৃত ৰূপটোৰ পৰা আপোনালোকে ইতিমধ্যেই থূলমূল আভাস এটা পাব পাৰিছে। ই কিবা জ্বলোৱাৰ কথা কৈছে, নহয়নে বাৰু? যেনেকৈ আজিৰ CAB-এ গোটেই অসমখন জ্বলাইছে, অসমৰ খিলঞ্জীয়াক জ্বলাইছে, আৰু তাৰ অগনিয়ে অসমীয়াৰ অস্তিত্ব সোপাই মষিমূৰ কৰি দিবলৈ আগবাঢ়িছে; ঠিক সেইদৰেই KEB-এও কʼৰবাত জুই জ্বলাইছিল, কাৰোবাক জ্বলাই মাৰিছিল আৰু সেই অগনিয়ে খাণ্ডাৱবাসীৰ অস্তিত্বক পুৰি চাৰখাৰ কৰি পেলাইছিল।

খাণ্ডাৱবাসীসকল কোন, বা এই খাণ্ডাৱেইনো আছিল কি মুলুক, সি আৰু আজি আমাৰ জ্ঞাতসাধ্য নহয়। আৰ্য্যসকলে খাণ্ডাৱক জঙ্ঘল আৰু খাণ্ডাৱবাসীক জঙ্ঘলী বুলিছিল, আৰু যিহেতু নিৰ্বাসনত উদ্বাস্তু হৈ এসময়ত এনেবোৰ জঙ্ঘলতেই পাঁচানসকলে বিচৰণ কৰিবলগীয়া হৈছিল সেয়েহে তদ্ৰূপ এখন জঙ্ঘলতেই নিজৰ সংস্থাপন সুচল কৰিবলৈ তেওঁলোকে জঙ্ঘলখনক KEBৰ জৰিয়তে দাহ কৰিছিল। তাত থকা প্ৰকৃতিপুত্ৰসকলৰ প্ৰতিবাদ-প্ৰতিৰোধ অভিবাসী পাঁচানসকলৰ স্বাৰ্থ ৰক্ষাৰ হেতুকে প্ৰকৃতিৰেই গৰাকী প্ৰভুসকলে নিষ্ঠুৰভাৱে দমন কৰিছিল। জঙ্ঘলৰেই মাজৰ শিলত শিল লাগি ঘঁহনি খাই সৃষ্টি হোৱা অগ্নি পৰভুৱে জঙ্ঘলৰ শুকান ডাল-পাত-খৰি খাই খাই আমনি পাই KEBৰ দিনাখন সুযোগ বুজি সমগ্ৰ জঙ্ঘলখনকেই গৰাহি পেলাইছিলহি। ফলত KEB পাছ, মানে সফল হৈছিল আৰু খাণ্ডাৱত অভিবাসী পাঁচানৰ ৰাজ স্থাপন হৈছিল। এনেদৰেই, সঁচা কৈ মিছা শুনোৱা যুগত সনাতনধৰ্মী ৰাষ্ট্ৰ স্থাপনৰ বাটটো প্ৰথমবাৰৰ বাবে মুকলি হৈছিল।

আজি সেই পাঁচানো নাই, নাই খাণ্ডাৱো; KEBৰ কিন্তু তাণ্ডৱ হʼলে ঠিকেই আছে। লিপ্যন্তৰ ঘটি KEB “CAB” হʼল, মিছাক সঁচা কৰা যুগত তাৰ বিস্তৃত ৰূপৰ বিকৃতি ঘটি Citizenship Amendment Bill (এতিয়া Act) হʼল। ঐতিহাসিক সনাতনধৰ্মী ৰাষ্ট্ৰৰ পোষকসকলে আজিও কিন্তু KEB ওৰফে CABৰ গৌৰৱোজ্জ্বল ঐতিহ্যক সুৱৰি ইয়াৰ পুনঃৰূপায়ন বিচাৰে। হʼব পাৰে তেওঁলোক পাঁচান নহয়, কিন্তু পাঁচানসকলৰে গৰ্বিত উত্তৰাধিকাৰী। ভাৰত বৰিষৰ যিকোনো জঙ্ঘলৰ প্ৰকৃতিপুত্ৰবিলাকে সেইকাৰণে তেওঁলোকক চকু পাৰি দেখিব নোৱাৰে। জঙ্ঘলী ভাষাত “পাঁচান” শব্দটোৰ অপভ্ৰংশ ঘটাই ন-সাজ পিন্ধাই “পাষণ্ড” কৰি লৈ প্ৰকৃতিপুত্ৰবিলাকে সেয়েহে ইয়াক এটা ঘৃণাসূচক গালি হিচাপে এতিয়াও হেনো অনবৰতে পাৰিয়েই থাকে।

(তেন্তে আজিলৈ ইমানতে সামৰিছোঁ; “মই কেতেকী”য়ে পৰৱৰ্তী খণ্ডত আপোনালোকক পুনৰ লগ পোৱাৰ ভুৱা প্ৰতিশ্ৰুতিৰে.. আজিলৈ বিদায়, ধন্যবাদ!)

☆ ★ ☆ ★ ☆

 

2 Comments

Leave a Reply

Your email address will not be published.