ফটাঢোল

প্ৰাপ্তি – ইন্দ্ৰানী শৰ্মা

 

সাগৰ ভাল পোৱা?
ওহোঁ.. নাপাওঁ।
জোনাক ভাল পোৱা?
নাহ.. নাপাওঁ।
তৰা ভৰা আকাশ?
ওহোঁ.. নাপাওঁ।

 

অদ্ভুত! কি ভাল পোৱা তুমি?
বহুত কিবাকিবি!
এই যে আমি বহি আছোঁ বননিডৰা
তাৰ প্ৰতিজোপা দূবৰি মই ভাল পাওঁ।
সেই যে মানুহৰ খোজত উৰি যোৱা ধূলিকণাবোৰ
আৰু লগতে কিছুমান কিচিৰ মিচিৰ শব্দ
সেই সকলোবোৰ ভাল পাওঁ মই
যাক মই ভালপাওঁ..তাক মই চুই চাব বিচাৰোঁ
কঢ়িয়াই লৈ ফুৰিব খোজোঁ প্ৰাপ্তিৰ অনুভৱ
সমগ্ৰ সত্বা জুৰি আৱৰি ৰাখিম মোৰ ভালপোৱাবোৰ… সদায়ে
অপ্ৰাপ্তি মোৰ অকাম্য।

☆★☆★☆

28 Comments

Leave a Reply

Your email address will not be published.