ফটাঢোল

প্ৰেমত ফুলিছে শতদল- দেবজিত শৰ্মা

সেয়া ২০০৩ চন মানৰ কাহিনী৷ আমাৰ কলেজৰ বকুল আৰু কৃষ্ণচুড়াই মায়াবী পৰিবেশ এটাৰ সৃষ্টি কৰিছে, অৱশ্যে কলা শাখাৰ কাৰণেহে এই পৰিবেশটোৰ প্ৰাসংগিকতা আছে৷ আমাৰ বিজ্ঞান শাখাৰ বেছি ভাগ শিক্ষাৰ্থীয়েই তেতিয়া কোৱাৰেণ্টাইনত থকাৰ দৰেই পৰিবেশ এটা বিৰাজ কৰিছিল৷ দুই এজনে সেই পৰিবেশত নিজকে বিলীন কৰি দিছিল যদিও পৰীক্ষাৰ নম্বৰৰ ক্ষেত্ৰত ফ’ল’ অন কৰি থকা আমাৰ দৰে মধ্যমীয়াবোৰে ‘আইচ’লেচন’তে দিন পাৰ কৰিব লগা হৈছিল৷

আমাৰ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত শিক্ষাৰ্থীৰ সংখ্যা কম আছিল আৰু স্নাতক বৰ্ষৰ যিকোনো শাখা বা নিজৰ শ্ৰেণীৰো অন্য শাখাৰ সহপাঠী বা জেষ্ঠ-কণিষ্ঠসকলৰ লগত পৰিয়ালৰ দৰেই সম্পৰ্ক আছিল৷ একেবাৰে নোটচ বিচৰাৰ পৰা, কুইজত অংশগ্ৰহণ কৰা বা বিশ্বকৰ্মা পূজা পতালৈকে৷

অ’ ৰ’ব, মূল কথালৈ আহোঁ৷ বিষয়টো কি আছিল, প্ৰেম! হয়, আমাৰ বয়সৰে ৰাজনীতি বিজ্ঞান শাখাৰ এজন বন্ধু জিতু প্ৰেমত পৰিল আমাৰ অঞ্চলৰে এগৰাকী ছাত্ৰীৰ লগত৷ ছাত্ৰীগৰাকী আমাতকৈ এটা শ্ৰেণীৰ তলত ব’টানীত অধ্যয়নৰত আছিল৷ কলেজৰ নৱাগত আদৰণি সভাত ছাত্ৰী গৰাকীক দেখাৰ পাছৰে পৰা বন্ধুৰ টোপনি ভোক সকলো নোহোৱা হ’ল৷ আমাৰ লগত ইমানদিনে তাৰ চিনাকিটো সাধাৰণ পৰ্য্যায়ৰ আছিল যদিও পৰিস্থিতিয়ে তাক বাধ্য কৰিলে আমাৰ ওচৰত সহায় ভিক্ষা মাগিবলৈ৷

এদিন প্ৰেক্টিকেলৰ বিৰতিত কলেজৰ কেণ্টিনত চাহ চিঙৰা খাই থকাৰ মাজতে জিতুৱে পদাৰ্পণ কৰিলে৷ মোৰ লগত বন্ধু অনুপম আৰু গুণিন্দ্ৰ৷ সাধাৰণ ভাৱে ভাল বেয়াৰ খা খবৰ লৈ জিতুৱে তাৰ মনৰ কথা কৈ আমাৰ পৰা সহায় ভিক্ষা মাগিলে৷ “হ’ব, কিবা এটা কৰিব লাগিব” আমাৰ টিমটোৰ হৈ মই মাত দিলোঁ৷ অনুমপ আৰু গুণিন্দ্ৰই মোৰ আশ্বাসত আচৰিত হ’লেও মনে মনে থাকিল৷ অৱশ্যে এইটো বিষয়ত আমাৰ তিনিটাৰে অভিজ্ঞতা ইউটিউবত ভিডিঅ’ চাই কভিট ১৯ ৰ ঔষধ ঘৰতে তৈয়াৰ কৰিবলৈ যোৱাৰ দৰেই৷ তথাপি মোৰ মগজুত কিবা প্লেন থকা বুলি জানিয়েই দুয়ো নিৰবে ৰ’ল৷

: চা জিতু, এইবোৰ কাম এনেদৰে নহয়৷ তায়ো তোক জানি বুজি ল’ব লাগিব৷ তাইক তই যে কলেজৰ ভিতৰতে ‘পাৰফেক্ট’ সেইটো পতিয়ন নিয়াব লাগিব৷ সময় অলপ লাগিব কিন্তু৷

মই পুনৰ মাত দিলোঁ৷

: হ’ব বন্ধু, কামটো হ’ব লাগে মুঠতে৷

জিতুৰ আশাভৰা কণ্ঠ৷ কোৱাৰ নিশ্চয় প্ৰয়োজন নাই, সেইদিনাৰ কেণ্টিনৰ বিল জিতুৱেই দিলে৷

ইয়াৰ পাছত মোৰ আৰু গুণিন্দ্ৰৰ পৰিকল্পনা মতে কাহিনীবোৰ আগবাঢ়িল৷ কাহিনীনো কি ছোৱালীজনী মানে মালাৰ সবিশেষ জনোৱাৰ কামবোৰ আৰু জিতুৰ কথা মালাক কৈ ভাল ‘ইম্প্ৰেচন’ এটা বনোৱা৷ আমি ইনষ্টলমেণ্টত খবৰবোৰ দি গ’লোঁ, সমান্তৰাল ভাৱে জৈন হোটেলৰ চিঙৰা চাহ, সুৰভীৰ পৰঠা, ক্ৰিটিকাচৰ চাওমিন ইত্যাদিয়ে আমাৰ ‘টিফিন ব্ৰেক’ত জিতুৰ সৌজন্যত পেটৰ ভিতৰত ঠাই পোৱাৰ সুবিধা পালে৷ মাজতে গুণিন্দ্ৰই জিতুৰ নামটো শুনি মালাই মিচিকিয়া হাঁহি এটা লাজলাজ কৈ মৰা বুলি কৈ জিতুৰ লগত গণেশ টকিজত ‘দাগ’ চিনেমাখনো চাই আহিল৷

লাহে লাহে জিতু অধৈৰ্য্য হৈ পৰিল৷ তাৰ কামটো সোনকালে কৰাই দিব লাগে৷ কাৰণ ইমান দিনে মালাৰ লগত কথাবোৰ সাধাৰণ ‘হাই, হেল্ল’ বা চকুত চকু পৰিলে হঁহাৰ পৰ্য্যায়তে ৰৈ আছে৷ তাৰ মতে কিবা এটা হ’ব লাগে যিমান পাৰি সোনকালে৷  ইফালে আমাৰো প্ৰেক্টিকেলৰ প্ৰেচাৰ বাঢ়ি আহিছে৷ ঠিক কৰিলোঁ পোনপটীয়াকৈ তাৰ হৈ কোৱাৰ পৰিবৰ্তে জিতুক চিঠি এখন লিখি দিম৷  সি নিজে দিব (এইখিনিতে আমি বেলেগৰ পৰা শুনা থিয়ৰী এটা ব্যৱহাৰ কৰিলোঁ৷ যিহেতু ছোৱালীয়ে একেদিনাই হাঁ নকয়, গতিকে চিঠি দি প্ৰেম নিবেদন কৰিলে কথাটো গপচ হয়)৷

চিঠি লিখাৰ দায়িত্বও মোৰ ওপৰতে পৰিল৷ সজাই পৰাই চিঠি এখন লিখি ড্ৰাফ্ট কপি এটা জিতুক দিলোঁ পঢ়িবলৈ৷ তাৰ হাতৰ আখৰ বেয়া কাৰণে ফাইনেল কপিটো লিখাৰ দায়িত্বও মোৰ ওপৰতে পৰিল৷ সকলো সুন্দৰকৈ লিখি এটা বন্ধ খামত জিতুৰ হাতত অৰ্পণ কৰিলোঁ, মালাক দিবলৈ৷ লাজে ভয়ে সি গৈ মালাৰ হাতত চিঠিখন দিলেগৈ৷ প্ৰথমে ল’ব খোজা নাছিল যদিও জোৰ কৰাত গ্ৰহণ কৰিলে৷ সেইদিনা ভয় আৰু উৎকণ্ঠাত জিতুৰ লগতে আমাৰ তিনিওটাৰে টোপনি নাহিল৷

পৰৱৰ্তী দিনা খবৰ পালোঁ মালায়ে চিঠিখন ফালি টুকুৰা টুকুৰ কৰি জিতুৰ মুখলৈ মাৰি “আজিৰ পৰা পিছত পৰিলে প্ৰিন্সিপাল ছাৰক কৈ দিম” বুলি গালি দিলে৷ ইয়াৰ পিছৰে পৰা জিতুৱেও আমাক দেখিলে নেদেখাৰ দৰে আচৰণ কৰা হ’ল৷ জিতুৰ প্ৰেম কাহিনী ইমানতে অন্ত পৰাৰ লগতে আমাৰো বিনামূলীয়া মধ্যাহ্ন ভোজন আঁচনিখন বন্ধ হৈ গ’ল৷

ৰ’ব, কাহিনীটো ইমানতে শেষ হোৱা নাই৷ শেষ কৰাৰ আগতে দুটামান কথা ক’বলগীয়া আছে৷

১) মালাৰ লগত মোৰ, গুণিন্দ্ৰ বা অনুপম  কোনো এটায়ো কোনোদিনে কথা পতা নাছিলোঁ৷ আমাৰ মুখত জিতুৰ কথা শুনি তাই হঁহাটো বহুত দূৰৈৰ কথা৷

২) ক্ৰিকেটৰ বলটোও চুই নোপোৱা মানুহৰ পৰা ৰিভাৰ্চ চুইঙিৰ শিক্ষা ল’বলৈ গ’লে জিতুৰ দশায়ে হ’ব৷ কলেজৰ পৰা এদিন বাছত বহি ঘৰলৈ আহিবলৈ ষ্টেণ্ডত ৰৈ থাকোঁতে কাষৰ খালি চিটত “বহিব পাৰোঁনে” বুলি প্ৰশ্ন কৰা মালাক “ইয়াত মানুহ আছে” বুলি কোৱা মোৰ পৰা আৰু কি আশা কৰিব?

এতিয়া আহোঁ চিঠিখনলৈ৷ জিতুক পঢ়িবলৈ দিয়াখনেই মালাক দিয়া হৈছিল৷ সেইখনত একো সমস্যা নাছিল৷ খেলিমেলি লগালে শেষ মুহূৰ্তত লগত দিয়া সৰু কবিতাটোৱেহে৷ সেইটো পঢ়িয়েই মালাৰ মূৰটোৱে খঙত কাম নকৰা হৈ গ’ল৷ আপোনাৰো হ’ব, পঢ়কচোন এবাৰ

“অ’ মালা,অ’ মালা৷
মোৰ মূৰটো কিয় খালা!
তোমাৰ প্ৰেমৰ ইমান জ্বালা!!
ধেৎ মালা,
নাপায় চাল্লা৷
মোক এনেকুৱা কৰি কি পালা?
অ’ মালা, তোমাৰ কথা
ভাবি সদায়েই খাওঁ গেলা৷”

গেলাখোৱাৰ কথা লিখি প্ৰেম নিবেদন কৰা ল’ৰাক বাৰু কোন ছোৱালীয়ে ‘হাঁ’ বুলি ক’ব আপুনিয়ে কওকচোন!

☆ ★ ☆ ★ ☆

2 Comments

  • abhijit goswami

    ধেইত কি যে তোমালোক 😂😂😂

    Reply
  • অঞ্জলি

    কমটি প্ৰেমপত্ৰ নে সেইখন ।

    Reply

Leave a Reply

Your email address will not be published.