ফটাঢোল

প্ৰেমৰ অস্ত্ৰোপ্ৰচাৰ-হৃষিকেশ ডেকা

2008 চনৰ মে’ মাহৰ ঘটনা। মেট্ৰিক পৰীক্ষাত প্ৰথম ডিভিছনত পাছ কৰাৰ পিছত দেউতাই সুধিলে, “কিহত এডমিছন লবি, চাইন্স, আৰ্টছ নে কমাৰ্চ?” মই চাইন্স ল’ম বুলি ক’লোঁ।  কিছুদিন পিছতেই নলবাৰী কলেজলৈ গৈ এডমিছনৰ ফৰ্ম  লৈ আহিলোঁ। যথা সময়ত এডমিছনো হৈ গ’ল। আমাৰ চাইন্সৰ বেছিভাগ ক্লাছ গেলাৰীতেই হৈছিল। এনেকৈ দিন গৈ থাকিল।

প্ৰথম বছৰত আমাৰ প্ৰেক্টিকেল ক্লাছ নাছিল। দ্বিতীয় বৰ্ষতহে প্ৰেক্টিকেলবোৰ আৰম্ভ হৈছিল। সকলোৱে জানেই হায়াৰ চেকেণ্ডাৰীত ইংৰাজী আৰু অসমীয়াৰ বাহিৰে বাকী চাৰিটা বিষয়ৰ যিকোনো এটা ফৰ্থ চাবজেক্ট কৰিব পাৰি। মই বায়োলজি ফৰ্থ চাবজেক্ট কৰিম বুলি ভাবি সেইটো বিষয়টো বৰ বেছি গুৰুত্ব দিয়া নাছিলোঁ আৰু তাৰ প্ৰেক্টিকেল ক্লাছলৈও যোৱা নাছিলোঁ। থিয়ৰীৰ ক্লাছকেইটা কৰি ঘৰলৈ উভতি আহি ভাতমুঠি খাই আকৌ ফিজিক্স, কেমেষ্ট্ৰী আৰু গণিতৰ টিউচনলৈ দৌৰ মাৰিছিলোঁ।

তেনেকৈ বহুদিন জুল’জীৰ প্ৰেক্টিকেল ক্লাছত অনুপস্থিত থকাৰ পিছত এদিন মোৰ সহপাঠী এজনে যাবলৈ লগ ধৰিলে। ভাবিলোঁ এদিন গৈ চাই আহোঁ কি  নো মহাভৰত চলে তাত। প্ৰেক্টিকেলৰ বাইদেৱে দুবাৰমান মোৰ পিনে বিদেশী মানুহক চোৱাৰ দৰে চাই সকলোকে নিজৰ নিজৰ সামগ্ৰীবোৰ উলিয়াবলৈ দিলে। তেওঁ হয়তো ভাবিছিল এইটো আকৌ কোন নতুন প্ৰাণী আহিল। পিছে মোক বিশেষ একো নুসুধি সকলোকে কিছুমান প্ৰাণী দিলে আৰু আগদিনা শিকোৱাৰ দৰে কাটিবলৈ ক’লে। মোৰ ভাগত পৰিল এডাল জোক। জোকডালেৰে কি কৰোঁ কি নকৰোঁ বুলি অলপ সময় মই ভাবিলোঁ। মোৰ লগত ইফালে কেচি, বেল্ড আদি সামগ্ৰীবোৰো নাছিল।

বাইদেউক সুধিলোঁ,

: বাইদেউ, কি কৰিব লাগিব?

: কাটিব লাগিব

: অপাৰেশ্যন কৰিব লাগিব নেকি?

: (হাঁহি হাঁহি) নহয় এইটো কাটি ইয়াৰ আভ্যন্তৰীণ অংগসমূহ চিনাক্ত কৰিব লাগিব।

মই মনতে ভাবিলোঁ, খা, বাপ্পেকে। মই কি কৰোঁ এতিয়া! একো উপায় নাই। সকলোৱে নিজৰ নিজৰ জীৱসমূহৰ ওপৰত অস্ত্ৰোপ্ৰচাৰ কৰিবলৈ আৰম্ভ কৰি দিলে। মই এতিয়া কি কৰোঁ। মই বান্ধৱী এজনীৰ কাষলৈ গোটেইবোৰ সামগ্ৰী লৈ গৈ তাইৰ লগত সহযোগ কৰিম বুলি ভাবিলোঁ। তাই মোৰ লগত সহযোগ কৰিম বুলি কথা দিলে। মোৰো মনটো অলপ ভাল লাগি গ’ল। তাই ক’লে, তাইৰ জোক কাটিবলৈ ভাল নালাগে। তাই কাটিব লাগিলে ঘৰত গৈ ভাত খাব নোৱাৰিব। মই সুধিলোঁ,

: মই জোকডাল ধৰি থাকিলে তুমি কাটিব পৰিবানে? কিয়নো মোৰ এই বিষয়ত অকণো অভিজ্ঞতা নাই। তোমাৰ অভিজ্ঞতা আছে। তুমি পাৰিবা মোৰ বিশ্বাস আছে।

তাই মোৰ কথাত সন্মতি দিলে। আৰম্ভ হৈ গ’ল জোকৰ অস্ত্ৰোপ্ৰচাৰৰ কাম। মই জোকডাল ধৰি আছিলোঁ। তাই কটা কাম আৰম্ভ কৰি দিলে। হঠাতে ব্লেডখনে দিলে মোৰ আঙুলি কাটি। মই ক’লোঁ,

: গ’ল

: কি গ’ল?

: জোক কাটিছানে মোৰ আঙুলি কাটিছা?

তাই অলপ ভয় খালে। মুখখন ৰঙা-ছিঙা পৰি গ’ল। তাই লগে লগে হাতত লৈ থকা ৰুমালখন মোৰ আঙুলিটোত মেৰিয়াই দিলে। কিয় জানো সেই মুহূৰ্তত ক’ব নোৱৰাকৈয়েই তাইৰ প্ৰতি মোৰ মোৰ প্ৰেমৰ ভাৱ জাগি উঠিছিল।

পিছদিনাখন লগৰ দুজনমানক ক’লোঁ, মোৰ নতুন প্ৰেমৰ কথা, কিন্তু সিঁহতে মোক ধিক্কাৰ দি ক’লে যে প্ৰেম হৈছে যদি ৰুমালখন কিয় আনিলি?

মই সুধিলোঁ, ৰুমালৰ লগত প্ৰেমৰ কি সম্পৰ্ক আছে। সিহঁতে তেতিয়া ক’লে যে যাৰপৰা ৰুমাল লোৱা হয় তেওঁৰ লগত প্ৰেম হেনো নিটিকে। চায়েন্সৰ ছাত্ৰ হিচাপে মই অন্ধবিশ্বাসী নাছিলোঁ, কিন্তু প্ৰেমে সকলোকে অন্ধ কৰাৰ দৰে মোৰ বিশ্বাসকো অন্ধ কৰি পেলালে। লগৰ দুজনে ক’লে, “যি হ’ল হ’ল আৰু, এতিয়া ৰুমালখন ঘূৰাই দে গৈ।”

ঘৰলৈ গৈ ৰুমালখন বিচাৰি উলিয়াই দেখিলোঁ তাত তেজৰ দাগ লাগি আছে। দৌৰ মাৰি ওচৰৰ দোকান এখনৰ পৰা চাৰ্ফ কিনি আনি ধুবলৈ লাগি গ’লোঁ, পিছে দাগ নাযায় হে নাযায়। শেষত চাৰ্ফ এৰি ব্লিচিং পাউদাৰ দিলোঁ। এইবাৰ দাগো গ’ল আৰু নীলা ৰুমালখনৰ মাজৰ অংশই আকাশী ৰং ধাৰণ কৰিলে। তাৰ পিছত ভাবিলোঁ যে নীল দিলে আগৰ ৰঙটো হয়তো আহি যাব। পিছে ওৰে ৰাতি নীলত ডুবাই থোৱাৰ পিছতো আগৰ ৰঙটো ঘূৰি নাহিল। শেষত সিদ্ধান্ত ল’লোঁ যে দোকানৰপৰা একে ৰঙৰ একে ডিজাইনৰ ৰুমাল এখন আনি তাইক দিম।

পিছদিনা আগবেলাটো বজাৰত বিচাৰি বিচাৰি একে ডিজাইনৰ ৰুমাল নাপালোঁ। শেষত গৰ্ডন স্কুলৰ বাহিৰত ফুটপাথত কাপোৰ পাৰি বহি থকা বেপাৰী এটাৰ ৰুমাল কালেকচনৰপৰা কিবাকৈ এখন পচন্দ হ’ল। ডিজাইন আৰু কালাৰৰ ফালৰপৰা চাবলৈ গ’লে সেইখনক অৰিজিনেল ৰুমালখনৰ দূৰ সম্পৰ্কীয় কাজিন যেন দেখা হৈছিল বাবে ১৫ টকাত কিনি ল’লোঁ।

পিছদিনা ৰুমালখন গতাই দিবলৈ গৈ তাইক বিচাৰি বিচাৰি কেণ্টিন পালোঁগৈ। তাই ল’ৰা এজনৰ লগত বহি আছিল। সিহঁতে যেনেকৈ হাঁহি হাঁহি কথা পাতি আছিল মই ভাবিলোঁ নিশ্চয় দুয়োৰে কিবা চক্কৰ চলি আছে। দুপ্লিকেট ৰুমাল দিবলৈ প্লেন কৰিয়েই এই গতি হ’ল মোৰ অৰিজিনেলখন ৰাখি দিয়াৰ বাবেই আজি এই কাবাবজনীৰ লগত হাড্ডিডালক দেখা পালোঁ। তথাপি আশাই জীৱন বুলি ৰাম ৰহিমৰ নাম লৈ ৰুমালখন আগবঢ়াই ধন্যবাদ এটা দিলোঁ তাইক।

তাই লগে লগে কৈ উঠিল,

: ইস্ সেইখন ৰুমালৰ বাবে নতুন এখন কিনি দিব লাগে নে? মই প্ৰেক্টিকেলৰ সঁজুলিবোৰ মচিবলৈহে ব্যৱহাৰ কৰিছিলোঁ সেইখন। আৰু মোৰ নাছিলেই সেইখন, প্ৰেক্টিকেল ৰুমতেই পাইছিলোঁ। কোনোবাই ভুলতে এৰি গৈছিল চাগে। তুমি মিচাতে খৰচ কৰিলা।

লগে লগে বয়ফ্ৰেণ্ডৰূপী হাড্ডিডালেও মাত লগালে,

: চিনাকি হোৱাৰ প্ৰথম দিনাই ল’ৰাটোক হাত কাটিলা। মই গোটেই জীৱন তোমাৰ লগত থাকিলে দেখোন ডিঙিয়েই কাটি দিবা কোনোবা দিনাখন।

মই আৰু সেইখিনিতকৈ বেছি বুজিবলৈ চেষ্টা নকৰি তেওঁলোকক মনতে বৈবাহিক জীৱনৰ শুভেচ্ছা দি আঁতৰি আহিলোঁ। লগতে এটা কথা ভালদৰে বুজিলোঁ যে কপালত নাথাকিলে ৰুমাল কিয়, ত্ৰিপাল ঘূৰাই দিলেও প্ৰেম সম্ভৱ নহয়।

☆ ★ ☆ ★ ☆

One comment

  • ৰাজশ্ৰী শৰ্মা

    আয়ু বেচেৰাটো

    Reply

Leave a Reply

Your email address will not be published.