ফটাঢোল

প্ৰেম…. অপ্ৰেম..ফটাপ্ৰেম- লুণা বৰা

বন্ধ দিনৰ আবেলিটোত নিজৰ বাবে অলপ সময় পোৱা যায়। সময়খিনি কটাবলৈ লাল চাহ একাপ কাষত লৈ চকীখনত আৰমেৰে বহি ল’লোঁ। মেগাজিনৰ বাবে লিখিবলৈ একোৱে ভাবি পোৱা নাই। আজি কিবা এটা আৰম্ভ কৰিবই লাগিব। গল্পৰ প্লট এটা পাই যোৱা হ’লে……মোবাইলটো খুলি ল’লোঁ। স্ক্ৰীণত জিলিকি উঠা বাৰটামান মেছেজ আৰু নটিফিকেচনৰ এটাত চকু থৰ হ’ল।

ইউ হেভ এ ফ্ৰেণ্ড ৰিকুৱেষ্ট ফ্ৰম ৰক্তিম…..

নামটো দেখাৰ লগে লগে চক খাই উঠিলোঁ। প্রফাইল ফটো নাই। লগে লগে একাউণ্ট চাৰ্চ……. হয়, মই ভবা জনেই হয়! ৰক্তিম হাজৰীকা।

দ্ৰুত বেগী মন, মই নজনাকৈয়ে উনৈশ বছৰৰ আগৰ সময়খিনি পালেগৈ।

সেইদিনাখন ইউনিভাৰচিটিৰ আমাৰ ডিপাৰ্টমেণ্টৰ এম, এ প্ৰিভিয়াছ ইয়েৰৰ ৰিজাল্ট ঘোষণা হোৱাৰ দিন। ক্লাছ হোৱা নাই, সকলোৱে বিচৰা ধৰণে পাৰচেণ্টেজ পাইছে নে নাই…. সেই লৈ আলোচনাত ব্যস্ত।

“অই, এইফালে আহচোন।” কথাষাৰ শুনি, পিছলৈ ঘূৰি চাই, ইংগিতেৰে মতা লগৰটোৰ পিছে পিছে অলপ আঁতৰলৈ গ’লোঁ।

“ইয়াৰ দুখন পেপাৰ বেয়া হ’ল, গম পালিনে নাই?”

“কাৰ?”

“ৰক্তিমৰ আকৌ।”

“হে, কেনেকৈ?”

“তোৰ কাৰণে।”

“কি নো কৈছ’।”

“তই সঁচাকৈয়ে বুজি নাপাৱ নে? সি যে তোক কিমান ভাল পায়। তোক লগ পোৱাৰ পৰাই সি কেৱল তোৰ কথাই ভাবি থাকে। এতিয়া তাৰ যিটো অৱস্থা, লঙ্গোটিয়া য়াৰ হিচাবে মই সহ্য কৰিব পৰা নাই।”

“চা, তহঁতবোৰ মোৰ বন্ধু। ময়ো ইয়ালৈ পঢ়িবলৈ আহিছোঁ, তহঁতিও। মই লোকেল, গতিকে ঘৰতে আছোঁ আৰু তহঁতি ইমান দূৰৰ পৰা আহি, মেচত থাকি কেৱল পঢ়িবৰ বাবেইটো আহিছ। মাৰ, বাপেৰে পইচা খৰচ কৰি তহঁতক কি প্ৰেম কৰিবলৈ পঠাইছে নেকি? এতিয়া যে ফেল কৰিলে, কি উত্তৰ দিব ঘৰত সি? মোক বদনাম দিব নে কি? মই তাক কোনোদিনেই সেই দৃষ্টিৰে চোৱা নাই। সি নিজে-নিজে, কিবা-কিবি ভাবি লৈ অকলে অকলে হাবু-ডুবু খাই পঢ়াৰ গতি সেই কৰিলে নহ’ব নহয়! কৈ দিবি তাক– মোক নহয়, পঢ়াত মন দিবলৈ।”

“তহঁতি, টাউনৰ ছোৱালীবোৰ এনেকুৱাই। একো নুবুজ। কিবা যদি হয়, দোষ কিন্তু তোৰ হ’ব।”

“হ’ব যা, জনা আছে। মোক ভালকৈ মাতিয়ে পোৱা নাই সি। তহঁতৰ লগত তই, মই। তাৰ লগত ‘তই ‘ হ’বও পৰা নাই এতিয়ালৈ। পঢ়িবলৈ দে গৈ। তাক ঘৰলৈ ফোন কৰিবলৈ দে গৈ যা।”

গুচি আহিছিলো খঙত। কিন্তু মনটো কিবা খেলি, মেলি লাগি গ’ল। ৰিজাল্ট ভাল হোৱাৰ সুখ কণো উৰি গৈছিল। কম কথা কোৱা, কাৰো লগত বিশেষ হ’লি গলি নকৰা ল’ৰাটোৱে যে তেনে এটা মনোভাৱ লৈ থাকিব, ভবা নাছিলোঁ। ঘৰলৈ আহি যিমান পাৰো কথাবোৰ পাহৰিবলৈ চাইছিলোঁ। পিছদিনা ডিপাৰ্টমেণ্টলৈ গৈয়ো যিমান পাৰো স্বাভাৱিক হ’বলৈ চাইছিলোঁ। মূৰ তুলিও চাবৰ মন নগ’ল সেই ল’ৰাটোক। ক্লাছ ছুটি কৰি, ঘৰলৈ আহিবলৈ বুলি টেম্পোত উঠিছোঁ, হুৰমূৰাই আহি ঘপহকৈ মোৰ কাষতে বহি দিছিলহি সি, ৰক্তিম।

“টাউনলৈ যাওঁ, ভাবিলোঁ তোমাৰ লগতে যাওঁ।”

…..
“বেয়া পাই আছা নেকি? ….. তুমি যি কৈছা ঠিকেই কৈছা। পঢ়াটোৱেই মেইন। ঠিক কৰিলোঁ, তুমি কোৱাৰ দৰেই পঢ়াত মনোযোগ দিবলৈ চেষ্টা কৰিম… কিন্তু এটাই কথা, মই তোমাক ভালপাওঁ আৰু এইটো পাহৰি পঢ়াত লগাতো মোৰ পক্ষে সম্ভৱ নহয়। এইখন লোৱা, পঢ়ি চাবা।”

“কি হয়?”

” কিতাপ এখন…”

টেম্পোত হুলস্থুল কৰা সম্ভৱ নহয়, ৰাখি থ’লোঁ। ঘৰলৈ গৈ মনে মনে খুলি চালোঁ, এখন ডায়েৰী। আধাতকৈ বেছি পৃষ্ঠাত লিখনি থকা ডায়েৰীখনত কেৱল মোৰ কথা, মোক ভাল পোৱাৰ কথা। মোৰ লগত ভালকৈ কথা নপতা ল’ৰাজনে কেনেকৈ, কেতিয়া মোক ইমান নিৰীক্ষণ কৰিলে, আচৰিত হৈ ৰ’লোঁ। ডায়েৰীখন লোকচক্ষুৰপৰা আঁতৰাই ৰখাৰ ধান্দাত ৰাতি টোপনিয়ে নহ’ল। ভাবিলোঁ কেতিয়ানো তাৰ লগত আন্তৰিকতা দেখুৱালোঁ বাৰু মই…!

মনত পৰিছিল, এদিন সি সুধিছিল,

“তুমি ইমান দপদপাই আহা কিয়?”

“চোৰেহে চুপ চাপ আহে, মই চোৰ নহয়, এনেকৈয়ে আহোঁ।”

আন এদিন কৈছিল,

“আজি লিপষ্টিক নাই যে..?”

“দুপৰীয়া কেণ্টিনত চাওমিন খাম, লিপষ্টিক লগাই খালে, ৰং থুতৰি পাইগৈ…”

চব দেখোন বেপেৰুৱা উত্তৰ, আন্তৰিকতাহীন।

পিছদিনা দিনটো সাধাৰণ ভাৱেই পাৰ হ’ল। ছুটিৰ সময়ত অকলে পাই ঘূৰাই দিছিলোঁ ডায়েৰীখন। সুধিছিল-
“পঢ়িলা নে?”

মই একো উত্তৰ দিয়া নাছিলোঁ।

আচলতে ভাবি পোৱাই নাছিলোঁ কি ক’ম। পিছত সুযোগ পালেই সোধা হ’ল,

“পঢ়িলা নে….”

এদিন ক’লোঁ,

“এই প্ৰেমৰ কাহিনীবোৰ মোক পঢ়িব নিদিবা হে, বৰ আমনি পাওঁ। নপঢ়িলোৱে গোটেইটো। প্ৰেম বুজি পোৱা কাৰোবাক দেখুৱাবা। বৰ পেনপেনীয়া পাওঁ।”

মোৰ মুখলৈ চাই ৰৈছিল অলপ দেৰি সি। তাৰপিছত মিহিকৈ হাঁহি কৈছিল

” তুমিও যে আৰু…..”

সময়বোৰ গৈ থাকিল। বছৰটো শেষ হ’বৰ হ’ল। বহুবাৰ সুধিছিল সি,

“সঁচায়ে নপঢ়িলা নে?”

“হেৰ’, ইয়াত মিছাকে ক’ব লগীয়া কিডাল আছে নো!…. পেনপেনীয়া প্ৰেম, বৰ আমনি, নোৱাৰোঁ পঢ়িব।”

“তোমাক ভাল পাওঁ বুলি চিধা কথা ক’লেহে বুজিবা নেকি..?”

“তুমি বৰ জমনি দেখোন…. হি হি”

দীঘলীয়া বন্ধৰ দিনত ঘৰলৈ ফোন কৰি দেউতাৰ কোন, ক’ত, কিয় বিখ্যাতৰ জেৰাবোৰৰ সন্মুখীন হ’ব লগীয়াও হৈছে। পিচে…. লাহে লাহে কথাবোৰ লগৰ আটাইয়ে জনা হ’ল। কেতিয়াবা তাৰ লগৰ কেইটাই শুনায়,
“বছৰ শেষ হ’বৰ হ’ল, তহঁতৰ চেটিং নহ’ল..”

“অ’ তাৰমানে তহঁতি চেটিঙৰ হে দুবছৰীয়া পাঠ্যক্ৰম কৰিবলৈ আহিছ… ভনীয়েৰ-চনিয়েৰখিনিকে ইটোলৈ সিটোলৈ বুলি ঠিক কৰি নল’ৱ কিয়? সন্দেহো নাথাকিব….”

মনতে ভাবিছিলোঁ, মুখবোৰ বন্ধ কৰা ভাল, নহ’লে জুইত ঘিঁউৰ দৰে কাম কৰে।

বিশ্ববিদ্যালয়ৰ দুবছৰীয়া পাঠ্যক্ৰম শেষ হ’ল। আটায়ে ঘৰা-ঘৰি যাব ওলাল। যোৱাৰ আগতে লগ কৰি সুধিছিল
“সঁচা কথাষাৰ ক’লে কি হ’লহেঁতেন..!”

“তোমাৰ মোৰ পঢ়াৰ য’তি পৰিলহেঁতেন…”

বেলেগ এটা এবছৰীয়া পাঠ্যক্ৰমৰ বাবে বিশ্ববিদ্যালয়ৰ সৈতে আৰু এবছৰ জড়িত হৈ আছিলোঁ। এদিন হঠাতে মোৰ নামত চিঠি আহিল, ডিপাৰ্টমেণ্টলৈ। ক্লাছত হুলস্থুল, লোকেল ছোৱালীৰ চিঠি ঘৰলৈ নাহি, ডিপাৰ্টমেণ্টলৈ আহে…ডাঙৰ কথা।

ডায়েৰীখনৰ সেই পৃষ্ঠাকেইটাৰ সৈতে, মনৰ কিছু কথাৰে এখন চিঠি। চিঠিত পি চি অ এটাৰ নম্বৰটো, সময় আবেলিটো আৰু উত্তৰ পঠিওৱাৰ ঠিকনা এটা।

সৰু কাগজ এটুকুৰাত নম্বৰটো লিখি ল’লোঁ, বাকী কাগজবোৰে ৰাস্তাৰ কাষৰ নলাত স্থান পালে। ছুটিৰ পিছত পি চি অ এটাত সোমাব লাগিব। আজি সঁচা কথাষাৰ ক’বই লাগিব।

(যিহেতু বৰ্তমানৰ অৰ্ধাঙ্গণাৰ এন্ত্ৰি মোৰ জীৱনত ইতিমধ্যে হৈছিল।)

………………….
………………….

“হেৰা, শুনিছানে…অথনিৰে পৰা চিঞৰি আছোঁ, শুনা নাই নেকি? মোবাইলটোত সোমালে সব নুশুনা হৈ যোৱা যে… ইমান মনোযোগ। পুৰণা আছিক পালা নে কি… ?”

“হ’ব, হ’ব যি মনলৈ আহে, তাকে ক’ব নালাগে… সাপেহে সাপৰ ঠেং দেখে……….. নুশুনু বুলিয়ে নাই শুনা, বন্ধটো শান্তি নাই এইডালৰ পৰা….” হুহ…..
….. ……

 ☆ ★ ☆ ★ ☆

One comment

  • ৰাজশ্ৰী শৰ্মা

    ভালো লাগিল, দুখো লাগিল। আৰু লিখি থাকিব।

    Reply

Leave a Reply

Your email address will not be published.