ফটাঢোল

প্ৰেম, প্ৰেমহীনতা, ডিপ্ৰেছন, জীৱন ইত্যাদি – আৰাধনা বৰুৱা

: মোৰ বিষয়ে কিবা কোৱাচোন৷

: তুমি এটা ধুনীয়া দীঘল কবিতা

: …..

: কি হ’ল একো নক’লা?

: নাই ..ভাৰসাম্য হেৰাই যোৱা যেন লাগিল৷ কোনেও এনেকৈ মোৰ বিষয়ে কাহানিও কোৱা নাই যে ..

: ভাৰসাম্য হেৰাইছে? হাতখন আগবঢ়াই দিছোঁ দিয়া..অৱলম্বন বুলি ভাৱিব পাৰা৷

উভয়ে আঁওজি দিয়ে উভয়ৰ অৱলম্বনৰ সৱল যেন লগা হাতখনত৷

কথাবোৰ কেতিয়াবা চিনেমাৰ দৰে এনেকুৱাও হয়, হঠাৎ খুন্দা খালে, হাতৰ বস্তুবোৰ পৰি গ’ল, ইজনে সিজনৰ হাতত তুলি দিয়া বস্তুৰ লগতে চকুৰ বিজুলীৰো আদান প্ৰদান হ’ল..নতুবা চ’চিয়েল মেডিয়াত দেখি দেখি সাধাৰণ আকৰ্ষণ বাঢ়িল, হঠাৎ কৰ’বাত লগ পাই গ’ল আৰু নভবাকৈয়ে বুকুত প্ৰেমৰ সংগীত বাজিল৷ তাৰ পিছত আলাপবোৰ ওপৰত কোৱাৰ দৰে৷

ইয়াৰ পিছৰ কাহিনীটো সকলোৰে ক্ষেত্ৰত ভিন্ন ভিন্ন৷ কেতিয়াবা মৰমৰ আব্দাৰবোৰ আধিপত্য হওঁতেই মতবোৰ অমিল হয়৷ তিক্ততা, বিষাদ, বিৰাগে ঘৰ পাতে৷ দুয়ো দুফালে দুৰত্বৰ হিচাপ নোহোৱাকৈ যায়গৈ৷ মনৰ ক’ৰবাত অৱলম্বন শব্দটো দুলি থাকে ভাৰসাম্যহীন হৈ৷ সম্পৰ্ক এটা তাতেই শেষ হৈ যায়৷ প্ৰেমেৰে জীপাল হ’ম বুলি আৰম্ভ কৰা সম্পৰ্কটোৱে কঠোৰ বিষাদ কঢ়িয়াই অকলশৰীয়া কৰি তুলি হতাশা আৰু জীৱনৰ প্ৰতি মোহ হেৰুওৱাৰ উপক্ৰম কৰি তোলে৷ কেতিয়াবা আকৌ কথাবোৰ কিছু বেলেগ হয়৷ হঠাতে দুহাতত প্ৰেমলৈ আকৌ এনে কোনো ব্যক্তিবিশেষ আহে যি বাৰে বাৰে ভাল পোৱাৰ কথা নকয়, অথচ আত্মিক সাহচৰ্য দিয়ে এনেকৈ

“মইতো আছোঁৱেই…,মই তোমাক বুজি পাওঁ..,আনৰ দৰেনো কিয় হ’ব লাগে..তুমি এতিয়া যেনে আছা তেনেকৈয়েতো ভাল৷”

এনে সম্পৰ্কই নিদ্ৰাবিহীন ৰাতিৰ চটফটনিবোৰ প্ৰেমময় পুৱাৰ সম্ভাৱনা কঢ়িয়াই অনা আশাৰে টোপনি গধুৰ কৰি তোলে আৰু জীৱনৰ প্ৰতি মোহ বঢ়ায়৷

মনঃস্তাত্বিক বিশ্লেষণত প্ৰেম :

মনোবিজ্ঞানৰ মতে প্ৰেম হৈছে ভাল বন্ধুত্বত কৈ গভীৰ এক অনুভূতি য’ত কেৱল মাত্ৰ শাৰীৰিক আকৰ্ষণকে প্ৰাধান্য দিয়া নহয়৷

মনোবিজ্ঞানত ষ্টাৰ্ণবাৰ্গৰ ত্ৰিকোণ মডেল(Triangular Model of Love) হৈছে প্ৰেমৰ আটাইতকৈ গ্ৰহণযোগ্য ব্যাখ্যা৷ এই ব্যাখ্যা অনুসৰি প্ৰেমৰ মূল তিনিটা অনুপান থাকে, অন্তৰংগতা(Intimacy), সুতীব্ৰ আকৰ্ষণ(Passion) আৰু দ্বায়বদ্ধতাৰ প্ৰতিশ্ৰুতি(commitment)৷ যিকোনো এটা ৰোমাণ্টিক ৰিলেশ্যনতে এই অনুপানকেইটাৰ দুটা বা আটাইকেইটা থাকে৷ সাধাৰণতে শেষৰ অনুপানটো সকলো এনে সম্পৰ্কত নাথাকে৷ মনোবিজ্ঞানৰ মতে যিবোৰ সম্পৰ্কত অন্তৰংগতাৰ লগত কেৱল আকৰ্ষণৰ অতিমাত্ৰা তীব্ৰতাহে থাকে অথচ সম্পৰ্কটোৰ ভৱিষ্যতৰ ক্ষেত্ৰত কোনো কোনো বিশেষ দায়বদ্ধতা নাথাকে, তেনে সম্পৰ্কৰ পৰিসমাপ্তি সহজ৷ এনেবোৰ সম্পৰ্কত সাধাৰণতে ইজনে সিজনক নেদেখিলে বা কথা নাপাতিলে থাকিব নোৱাৰা, অতিমাত্ৰা অভিমান, অভাৰ পজেছিভ, মনোযোগ আকৰ্ষণ কৰিবৰ বাবে অস্বাভাৱিক বা ঋনাত্মক আচৰণ দেখুওৱা আদি সাধাৰণতে দেখা যায়৷ কিন্তু এনে তীব্ৰ আকৰ্ষণ তিক্ততালৈ খুব সহজে পৰিৱৰ্তিত হয়৷ কিন্তু যিবোৰ সম্পৰ্কত অন্তৰংগতা আৰু আকৰ্ষণ অস্বাভাৱিক ভাৱে সুতীব্ৰ নহয় অথচ সম্পৰ্কটোৰ প্ৰতি দায়বদ্ধতা আৰু সঠিক সিদ্ধান্তক প্ৰধান্য দিয়া হয় তেনে সম্পৰ্কহে দীৰ্ঘায়ু হোৱা দেখা যায়৷

প্ৰেম আহে আৰু হেৰায়ো যায়

“ভালপোৱা” শব্দটোৱেই এক আপেক্ষিক ধাৰণা মাত্ৰ৷ সেয়া মানুহৰ প্ৰতিয়েই হওক বা বস্তুৰ প্ৰতিয়েই হওক৷ সময়ৰ লগে লগে ৰূপ বা প্ৰকৃতি সলনি হোৱাটো স্বাভাৱিক৷ ভাল পোৱাৰ কাৰণ বুলি ক’বলৈ স্পষ্ট উত্তৰ একো নাথাকে৷ কিন্তু ভাল নলগাৰ সাধাৰণতে (অস্পষ্ট হ’লেও )কিবাকিবি কাৰণ থাকে৷ গৰমৰ দিনত মধুসোলেঙৰ পাতকেইডাল মান পেলাই দিয়া মচুৰ দাইল কণ কাৰোবাৰ কাৰণে সুস্বাদু কিন্তু আনৰ কাৰণে অপথ্য হ’ব পাৰে কাৰণ তেওঁক টেঙাই অপকাৰ কৰে৷ ভাললগা মানুহৰ ক্ষেত্ৰতো কথাবোৰ প্ৰায় তেনেকুৱাই৷ কাৰোবাৰ প্ৰতি আকৰ্ষিত হ’বলৈ বহুত কিবাকিবি কাৰণৰ প্ৰয়োজন নাই; কিন্তু সম্পৰ্ক এটা সাৱলীল ভাৱে চলাই নিয়াৰ বহু কথাই আহি পৰে৷ তাৰ কাৰণে ‘বিশ্বাসভংগ’ৰ দৰে বিয়াগোম কাৰণ সকলো সময়তে প্ৰয়োজন নহয়৷

সম্পৰ্ক এটা সুস্থিৰ কৰি কেনেকৈ ৰাখিব পাৰি :

সাধাৰণতে সকলো সম্পৰ্কতে ফাঁট মেলাৰ মূল কাৰণ হৈছে ব্যক্তিৰ আচৰণে সৃষ্টি কৰা অসন্তুষ্টি৷ ব্যক্তিৰ সকলো আচৰণ বা কথাৰে কিবা এটা কাৰণ থাকে৷ এনে এটা সম্পৰ্কত থকাৰ পিছত নোকোৱাকৈয়েই কিছুমান কথা প্ৰিয়জনে বুজিব বুলি আশা কৰা যায়৷ কিন্তু সেয়া সম্পূৰ্ণ যুক্তিপূৰ্ণ নহয়৷ কাৰণ প্ৰত্যেক ব্যক্তিৰে মনঃস্তত্ত্ব বেলেগ বেলেগ৷ আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা এটা তেওঁৰ চকুত নপৰিবও পাৰে৷ তাৰ অৰ্থ এইটো নহয় যে তেওঁ সেই কথাটো অৱজ্ঞা কৰিছে৷ সেয়ে সকলো কথা মুকলিকৈ আলোচনা কৰা উচিত৷

প্ৰিয়জনৰ প্ৰতি কিছু দাবী থাকে৷ সেয়া হয়তো অতিআৱেগিক, অস্পষ্ট, অযুক্তিকৰ  হ’ব পাৰে৷ এনেবোৰ কথাই বহুসময়ত বিৰক্ত কৰে৷ তেনে অৱস্থাত কাজিয়া কৰাতকৈ কিছু সময় লৈ মৰমেৰে বুজাই দিলে বুজা যায়৷ কিন্তু তাৰ পৰিৱৰ্তে অপৰিপক্ব চিন্তাৰ দোহাই দি অসন্তুষ্টিৰ তীক্ষ্ণ বাক্যৰে কোনেও কাকো সলনি কৰিব নোৱাৰে৷

যেতিয়া প্ৰিয়জনে প্ৰশংসা কৰে, তেওঁৰ ভাল লগা ধৰণেৰে থকাটো বিচাৰে, শৰীৰ আৰু মনৰ সুস্থতাৰ আপদাল কৰে, সৰু সৰু আবদাৰ বা অধিকাৰ সাব্যস্ত কৰে, তেনে সময়ত সৌভাগ্যশালী যেন অনুভৱ হয় আৰু সম্পৰ্কটোৰ প্ৰতি আন্তৰিকতা বাঢ়ে৷

কিন্তু বহুসময়ত দেখা পাওঁ কিছুমানৰ ক্ষেত্ৰত আপোনজনৰ কিছুমান আচৰণে মানুহক দুখ দিয়ে৷ হয়তো বেয়াকৈ কয়, এৰাই চলে বা মৰমৰ দোহাই দি স্বাধীনতাৰ ওপৰত অতিমাত্ৰা হস্তক্ষেপ কৰে৷ সেয়া অশান্তিৰ কাৰণ হয়৷ সম্পৰ্ক এটাত সোমোৱাৰ পিছত মানুহৰ ভাল নলগা আচৰণবোৰ প্ৰথম অৱস্থাত ইমান গুৰুত্ব দিয়া নাযায় বা পিছত ঠিক হ’ব বুলি আশা কৰা হয়৷ কিন্তু যেতিয়া দীঘলীয়া সময়লৈকে এনে আচৰণৰ পুনৰাবৃত্তি হৈ থাকে তেতিয়া বিৰক্তিয়ে সম্পৰ্কটোৰ প্ৰতি কোনো আন্তৰিকতা নোহোৱা কৰি তোলে৷ সেয়ে এনেবোৰ কথা মুকলিকৈ আলোচনা কৰাৰ উপৰিও নিজকে সদায় শুদ্ধ বুলি নাভাবি প্ৰয়োজন সাপেক্ষে আচৰণ সংশোধন কৰা উচিত৷

বিশ্বাস আৰু স্বচ্ছতা হৈছে সম্পৰ্ক এটা ভাল কৰি ৰখাৰ মূলমন্ত্ৰ৷ ইজনে সিজনৰ আগত কথা গোপন কৰি ৰাখিলে সম্পৰ্কটোৱে স্বচ্ছতা হেৰুৱাই আৰু বিশ্বাস কমায়৷

ভাললগাবোৰ একেদৰে ৰখাটো নিজৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰশীল৷ সকলো কথা জটিল কৰি চিন্তা কৰাতকৈ সহজ কৰি চালে সমস্যা কম হয়৷

প্ৰেমহীনতা,হতাশা আৰু ডিপ্ৰেছন :

বিচ্ছেদে বা প্ৰেমহীনতাই বিষাদ কঢ়িয়াই সঁচা৷ মন বেয়া লগা বা হতাশা প্ৰত্যেক ব্যক্তিৰে স্বাভাৱিক আৱেগৰ অংশ৷

প্ৰকৃতিৰ স্বাভাৱিক নিয়ম অনুসৰি সময়ে মনৰ মলমৰ কাম কৰে৷ সেয়ে আমি জীৱনত সাধাৰণতে পাই থকা মনোকষ্ট, হতাশা আদিৰ পৰা হোৱা দুখবোধ নিৰ্দিষ্ট সময়ৰ ভিতৰত স্বাভাৱিক হৈ পৰে৷ বহুক্ষেত্ৰত ইয়াৰ বাবে আমি কিছুমান বিকল্প কৌশলৰ সহায়ো লওঁ, পৰিৱেশ বা সমাজ ব্যৱস্থাৰো প্ৰভাৱ বহুপৰিমাণে থাকে৷ উদাহৰণ স্বৰূপে আমাৰ সমাজত মৃতকৰ ক্ৰীয়া কৰ্মৰ ব্যৱস্থা৷ যাৰ অৱৰ্তমানত আমাৰ কোনো অস্তিত্ব নাই বুলি ভাৱোঁ তেনে আপোনজনৰ যেতিয়া মৃত্যু হয় তাৰ পিছত কৰিব লগা প্ৰায় দুসপ্তাহজোৰা নীতি নিয়ম, কাজ কৰ্ম আদিয়ে পৰিয়ালৰ লোকক কিছু পৰিমাণে হ’লেও ব্যস্ত কৰি ৰাখে ফলত এইসময়ছোৱাতে মনটোৱে নিজাকৈ অতিশয় দুখবোধৰ পৰা কিছু সুস্থিৰ অৱস্থা লাভ কৰে৷ কিন্তু এই হতাশা যাতে ডিপ্ৰেছনত পৰিণত নহয় তাৰ বাবে সাৱধান হোৱা উচিত৷ যিসকল ব্যক্তি ডিপ্ৰেছনত আক্ৰান্ত হয় তেওঁলোকে সময়ৰ লগে লগে হোৱা স্বাভাৱিক ভাৱে হতাশাৰ পৰা ওলাই আহিব নোৱাৰে৷ ডিপ্ৰেছন বৰ্তমান সময়ত এক পৰিচিত শব্দ৷ ই এক ৰোগ৷ ইয়াৰ কাৰণবোৰৰ ভিতৰত প্ৰেমহীনতাও এটা উল্লেখযোগ্য কাৰণ৷ ডিপ্ৰেছনৰপৰা ওলাই আহিবৰ বাবে আক্ৰান্তজনে চিকিৎসাৰ উপৰিও পৰিয়ালৰ লোকৰ সহমৰ্মিতা বৰ গুৰুত্বপূৰ্ণ কথা৷

প্ৰেম হেৰাই যোৱাৰ পিছত যোগাত্মক জীৱনৰ বাসনা ৰাখক :

আমি কেৱল বিশেষজনৰ হৃদয়ৰ সহচৰ, কেৱল বাগদত্ত-বাগদত্তা বা পতি-পত্নী নহয়৷ সৰ্বপ্ৰথমে আপুনি এজন স্বয়ংসম্পূৰ্ণ ব্যক্তি তথা কাৰোবাৰ পুত্ৰ, কণ্যা, পিতৃ, মাতৃ, ভাতৃ অথবা ভগ্নী বা কোনো বিভাগৰ কৰ্মচাৰী৷ আমি নৈতিক ভাৱে এই আপোন আৰু বৃত্তিগতসম্পৰ্কবোৰৰ প্ৰতি দায়বদ্ধ৷ আপোনাৰ চৌপাশৰ এইসকল মানুহৰ বাবেও আপোনাৰ সুস্থতা  মূল্যৱান৷ আপোনাৰ শুভাকাংক্ষীসকলে জীৱনত বহু বেয়া সময়ত হয়তো আপোনাক সাহস দিছে৷ এনে আত্মিক সম্পৰ্কবোৰে মানুহক পৰিপূৰ্ণ কৰি তোলে, আত্মবিশ্বাসী কৰে, জীয়াই থাকিবলৈ শিকায়! য’ত আক্ষেপ, খঙৰ কোনো প্ৰচ্ছায়াও নাথাকে৷ মাত্ৰ মন্ত্ৰমুগ্ধতাৰে দুলি থাকে সদিচ্ছাৰ প্ৰেমময় হেঁপাহ আৰু ইজনে সিজনৰ বাবে ভালে থকাৰ অলিখিত দায়বদ্ধতা৷ এই সম্পৰ্কবোৰৰ নাম সন্তান আৰু অভিভাৱক, সহোদৰ, বন্ধু, প্ৰেমিক-প্ৰেমিকা, পতি-পত্নী বা বহুসময়ত নামবিহীন হ’বও পাৰে৷ সেয়ে গুচি যোৱাজনৰ বাবে জীৱনৰ আশা নেহেৰুৱাব৷

কিন্তু আপুনি সেইদিনালৈকেহে তেওঁক আপোনাৰ পৰশমণি প্ৰেম দিয়ক যেতিয়ালৈকে তেওঁ তাৰ গুৰুত্ব বুজে৷ নিজৰ ভালপোৱাক প্ৰথমে নিজে সন্মান কৰক৷ বিচ্ছেদ মানেই জীৱনৰ পৰিসমাপ্তি নহয়৷ অন্য অৰ্থত একপ্ৰকাৰৰ সকাহ৷ কাৰণ বোজা হৈ পৰা সম্পৰ্কত থকা আৰু ইচ্ছাকৃত ভাৱে কাঁইটৰ খোচ খোৱা একে কথা৷ “আপোনাৰ হৃদয়ৰ বাবে বেছি উপযুক্ত আন কোনো ৰৈ আছে” হয়তো এই বাৰ্তা দিবলৈ সময়ৰ ই এক সাংকেতিক আৱাহন৷ কাৰণ সময় সঞ্জীৱনী, সময় বিশল্যকৰণী!

☆ ★ ☆ ★ ☆

3 Comments

  • HEMANTA KAKATI

    বহুত ভাল লাগিল আৰাধনা৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    পঢ়ি ভাল পালোঁ৷

    Reply
  • Barbie Punnag

    বৰ ভাল লাগিল।নিজে নিজে মনতে বিশ্লেষণ কৰি থকা কথাকেইটামান জানিবলৈ পাই আনন্দিত হ’লো।

    Reply

Leave a Reply

Your email address will not be published.