ফটাঢোল

প্ৰৱঞ্চক– হেমন্ত কাকতি

(প্ৰথম পুৰুষত লিখা গল্পটো সম্পূৰ্ণ কাল্পনিক)

“মাই ডিয়াৰেষ্ট ডাৰ্লিং,  তোমালৈ বহুত মনত পৰি আছে জানা৷ চিঠি লিখাৰ অভ্যাস সমূলি পাহৰিয়েই পেলাইছিলোঁ৷ বহু বছৰৰ মূৰত আজি চিঠি লিখিবলৈ বহিছোঁ৷ কিমান আৰু মবাইলত মেছেজ কৰিম? সেয়ে ভাবিলোঁ, তোমাক চিঠি লিখি চাৰপ্ৰাইজ এটা দিওঁ৷ বহুত মিছ কৰিছোঁ তোমাক, কিমান অকলশৰে নিশা কটাম আৰু…” 

নীলাক্ষীৰ চিঠিখন পঢ়ি থাকোঁতে মনটো কিবা-কিবিখন লাগি গ’ল৷ তাই আকৌ মোৰ প্ৰেমত পৰি যোৱা নাইতো? মোৰ এই প্ৰেম চেমৰ কথা শুনিলে বৈদ্য ভয় লাগে৷ এই পেনপেনীয়া প্ৰেম নামৰ ‘বস্তু’টো মই বিৰাট বেয়া পাওঁ৷ যি সময়ত প্ৰেমিকা বিচাৰি  হাবাথুৰি খাইছিলোঁ, তেতিয়া এজনীকো বিচাৰি পোৱা নাছিলোঁ৷ কিমান নিঃসংগ আছিল সেই সময়! দিহিঙে দিপাঙে ঘূৰি ফুৰোঁতে কত মানুহক লগ পালোঁ, কিন্তু এজনীও ওচৰ নেচাপিল৷ জীৱনটো একপক্ষীয় প্ৰেম কৰি কৰিয়ে কটালোঁ৷  অৱশেষত ঘৰত মা দেউতাই চাই দিয়া ছোৱালী অনিমাক বিয়া পাতিলোঁ, কিন্তু কোনো দিন ‘প্ৰেম’ নহ’ল৷ প্ৰেমৰ অভিনয় কৰি কৰি পোন্ধৰ বছৰ কটাই দিলোঁ; এতিয়া সেই হাবিয়াস নাই আৰু! যন্ত্ৰৰ দৰে ঢেৰ টকা ঘটিলোঁ যদিও কাৰ বাবে কিয় কৰি আছোঁ মই নিজেই নেজানো৷ এতিয়া কেৱল এটাই কাম টকা অৰ্জা আৰু ডেকা কালত পূৰাব নোৱাৰা চখবোৰ টকাৰে পূৰণ কৰা৷

ৰ’ব৷ আৰু পাতনিটো আৰু অলপ কৈ লওঁ৷ 

আচলতে বিপ্লৱ আহিছে মোৰ ঘৰলৈ৷ বিপ্লৱ মানে মোৰ বাল্যবন্ধু আৰু আজিকালি বিজনেজ পাৰ্টনাৰ৷ সৰু চহৰখনত ভাল কিবা এটা ব্যৱসায় কৰিবলৈ বিশেষ একো নাই যদিও কিছুমান নেতা-পালিনেতাৰ কৃপা আৰু ছত্ৰছায়াত মোৰ আৰু বিপ্লৱৰ ব্যৱসায় বৰ্তমান ৰমৰমীয়া৷ বিপ্লৱৰ বয়স প্ৰায় পঞ্চাছ যদিও সি বিয়া পতা নাই৷ মই লগ পোৱা নাই যদিও, কি কোৱা মতে সি হেনো প্ৰেমত পৰিছে৷ ডলী নামৰ মানুহ এজনীৰ লগত হিয়া দিয়া নিয়া চলি আছে বুলি জানো৷  ডলীও অহা কথা আছিল যদিও, তাইৰ লৰাটোৰ হেনো পৰহিৰ পৰা মেট্ৰিক পৰীক্ষা, সেইবাবে তাই অহা নাই৷ পিচে বিপ্লৱ এইক্ষেত্ৰত মোৰ সম্পূৰ্ণ বিপৰীত৷ সি এই বয়সতো নিষ্ঠাবান প্ৰেমিক৷ ডলীৰ বাদে তাৰ কাৰো লগত কোনো এধানিমানো সম্পৰ্ক নাই বুলি মই প্ৰায় নিশ্চিত৷ মোৰ এই মহিলাপ্ৰীতি আৰু চাৰিত্ৰিক স্খলনৰ বাবে মোক কথাও শুনাই যদিও আমাৰ বন্ধুত্বত কোনোদিনে এইবোৰ কথাই কোনোধৰণৰ ভাঙোন আনিব পৰা নাই৷ বৰঞ্চ দিন যোৱাৰ লগে লগে বন্ধুত্বৰ উষ্মা  বাঢ়িছেহে৷ 

আবেলি চাহৰ বাবে অনিমা পাকঘৰত ব্যস্ত৷ সেই সুযোগতে বিপ্লৱে পটককৈ নীলাক্ষীৰ চিঠিখন “অনুসুয়া এপাৰ্টমেণ্ট”ৰ ফাইলটোৰ ভিতৰতে চকুটিপ মাৰি মোৰ হাতত গুজি দি আলোচনী দুখন মানৰ পাত লুটিয়াই বহি আছে ড্ৰইং ৰূমতে৷ অনিমা পাকঘৰত থকাৰ সুযোগতে মই ফাইলটো মেলি পুনৰ চিঠিখন পঢ়া আৰম্ভ কৰিলোঁ৷ 

” …আচলতে যোৱা বাৰ আমাৰ শ্বিলং ট্ৰিপটোৰ কথা পাহৰিবই পৰা নাই চুইটহাৰ্ট৷ কিমান যে এনজয় কৰিলোঁ৷ তোমাৰ দৰে মানুহ এজনৰ সান্নিধ্য পাই মই বহুত সুখী৷ এজন পুৰুষে প্ৰেম আকলুৱা নাৰীক দিব পৰা সকলোখিনি তুমি মোক দিছা৷ ডিচেম্বৰ মাহৰ হিম শীতল শ্বিলঙত ৱাৰ্ড লেকৰ পাৰত তোমাৰ সৈতে কটোৱা সেই সন্ধিয়াবোৰৰ স্মৃতি ৰোমন্থন কৰিয়েই প্ৰতিটো নিৰস সন্ধিয়া পাৰ কৰি থাকোঁ৷ হোটেল প’ল’ টাৱাৰ আৰু চেণ্টাৰ পইণ্টত আমি দুয়ো কটোৱা সেই নিশাবোৰ কিমান দিন হ’ল? প্ৰায় ছমাহ ন’? তুমি কেনেকৈ পাৰিছা থাকিব? তাৰ পিছত কেৱল ফোনত কথা পাতি আৰু মেছেজেৰে পেট ভৰে জানো? তোমাৰ অন্য একো হেঁপাহ নাই?…”

চিঠিখন লাহে লাহে আৰু লাজ লগা কথাৰে ভয়ানক হৈ আহিব ধৰিছিল৷ মোৰ মুখখন ৰঙা ছিঙা পৰি গৈছিল চাগে৷  ফাইলটো জপাই ডাইনিং টেবুলতে ৰাখি ময়ো বিপ্লৱৰ লগত বহি ল’লোঁ৷ ইতিমধ্যে অনিমাই চাহ আনি টেবুলত ৰাখি বিপ্লৱৰ ওচৰতে বহিল৷ অনিমা ওচৰত থাকিলে মই একেবাৰে একান্ত বাধ্য ছাত্ৰৰ দৰেই বহি থাকোঁ৷ তাইৰ ফালে চালোঁ, নাই একো ধৰিব পৰা নাই৷ আচলতে অনিমাৰ ভিতৰত মই বিচৰা সেই চঞ্চলতা, সেই কমনীয়তা কোনোদিন চকুত নপৰিল৷ সন্মুখত অনিমা আছে যদিও নীলাক্ষীৰ কথাই ভাবি ভাবি চাহ কাপ শেষ কৰিলোঁ৷ বিপ্লৱেও বিশেষ কথা নেপাতি অনিমাৰ লগত দুই এটা সৰুসুৰা কথা পাতি চাহ কাপ শেষ কৰিলে৷ বিপ্লৱ আৰু অনিমাক এৰি পিছফালৰ বাৰাণ্ডালৈ ফাইলটো লৈ গ’লোঁ৷ দূৰৰ পৰাই দেখিলোঁ, অনিমা তেতিয়াও বিপ্লৱৰ লগতে আছে৷ হয়তো তাহাঁতে মোৰ অনুপস্থিতিত কিবা নিৰস আলোচনাই কৰি আছে৷ পুনৰ চিঠিখন পঢ়া আৰম্ভ কৰিলোঁ৷ 

“… শুনা, মই এনেকৈ আৰু থাকিব পৰা নাই৷ অহা শনিবাৰে কাজিৰঙালৈ যাম৷ দেওবাৰ থাকি সোমবাৰে ঘূৰি আহিম৷ মই আমাৰ দুয়োৰে বাবে ‘বৰগছ’ত  ৰূম বুক কৰিছোঁ৷ সকলো ঠিক ঠাক হৈ গৈছে৷ তুমি কিবা বিজনেচ ট্ৰিপ থকা বুলি ৰেডী হ’বা৷ উই উয়িল এনজয় ডা ষ্টে ডেয়াৰ জানু! ৱেটিং টু বি ইন ইউৰ আৰ্মচ্ এগেইন!

উয়িথ লটচ অফ লাভ এণ্ড কিছেচ! 

তোমাৰ চুইটী৷”

পঢ়ি উঠি বেলেগ কিবা এটা ভাল লাগি গ’ল৷ এনেকুৱা অবৈধ প্ৰেম কৰি যি এটা এক্সাইটমেণ্ট হয়, সেয়া কোনো সঁচা প্ৰেমে দিব নোৱাৰে! মোৰ মুখমণ্ডলত এক ৰঙীন আভা বিয়পি পৰিছিল৷ মোৰ অতৃপ্ত বাসনা হেঁপাহ পলাই পূৰণ কৰাৰ দিন চমু চাপিছে৷ মই কল্পনাত বিভোৰ হ’ব ধৰিলোঁ, কিমান যে ভাল লাগিব এইবাৰ! কিমান সময় ভাবি আছিলোঁ নেজানো, হঠাৎ অনুভৱ কৰিলোঁ মোৰ নিচেই ওচৰত কাৰোবাৰ উপস্থিতি৷ হয়, ওচৰতে  অনিমাৰ কণ্ঠস্বৰ শুনি ঘূৰি চালোঁ৷ 

“ছিহঃ!  ইমান লেতেৰা! কাৰ চিঠি হয়? কোন চুইটী?”

বাক্যটো কৈয়ে এক ঘৃণাভৰা জুই বৰষা চাৱনিৰে অনিমাই মোলৈ চালে৷ ঘটনাৰ ক্ষিপ্ৰতাত মই নিজকে চম্ভালিব পৰা নাছিলোঁ৷ সমস্ত শৰীৰ ঘামিবলৈ ধৰিলে৷ তাৰমানে অনিমাই মোৰ পিছফালে ঠিয় হৈ চিঠিখন পঢ়ি পেলালে? নে অকল শেষ অংশটো পঢ়িলে? দুয়োটাই বিপদজনক! মূৰটোৱে  তড়িৎ গতিত চিন্তা কৰিবলৈ ধৰিলে৷ অপ্ৰস্তুত হ’লেও অলপ সহজ হ’লোঁ৷ ইতিমধ্যে বিপ্লৱেও কিবা এটা অনুমান কৰি মোৰ ওচৰ পাইছিল৷ এনে মুহুৰ্তত মোৰ উপস্থিত বুদ্ধিয়ে মোক মাজে সময়ে সহায় নকৰা নহয়৷ তেতিয়াও সমাধান সূত্ৰ এটা বিচাৰি পালোঁ৷ মুখত এটা কৃত্ৰিম মৃদু হাঁহিৰে বিপ্লৱৰ ফালে ফাইলটোৰে সৈতে চিঠিখন আগবঢ়াই দি ক’লোঁ-

“বৰ ডেঞ্জাৰ কামত হাত দিছ দেই বিপ্লৱ, চাবি আকৌ ডলীয়ে গম পালে দিগদাৰ আছে!”

বিপ্লৱে সেমেনা সেমেনিকৈ এটা লাজুকীয়া হাঁহিৰে ফাইলটো লৈ অলপ আঁতৰি গ’ল৷ পিছে পিছে এক ৰহস্যময় অব্যক্ত মুখ লৈ অনিমাও৷ 

এটা বৰ ডাঙৰ বিপৰ্য্যয়ৰ অন্ত পৰা যেন দেখি মই স্বস্তিৰ নিশ্বাস পেলালোঁ৷ জীৱনত কেঁচা কাম কেতিয়াও কৰা নাই আৰু নকৰোঁ বুলি থকা আত্মবিশ্বাসটোৱে পুনৰ গা কৰি উঠিল৷ হঠাৎ পাৰ হৈ যোৱা ধুমুহাটো একো অনিষ্ট নকৰাকৈয়ে শাম পৰা দেখি সুখী হ’লোঁ৷ মই জানো বিপ্লৱে মৰি গ’লেও মোক গাড্ডাৰী নকৰে৷ বন্ধুৰ কাৰণে সময়ত সকলো দোষ মূৰ পাতি ল’বলৈও সদা প্ৰস্তুত৷ 

বিপ্লৱক সোনকালে যাবলৈ দি নাটকৰ সামৰণি মাৰোঁ বুলি ওলাই আহিলোঁ৷ কিন্তু সিদিনা আছিল এক অসাধাৰণ দিন৷ মোৰ সন্মুখতে ঘটি গ’ল অন্য এখন নাটক! 

মই দেখিলোঁ, অৱলা যেন লগা অনিমাই বিপ্লৱৰ ফাইলটো খামোচ মাৰি তাৰ পৰা চিঠিখন উলিয়াই আনিছে, আৰু পঢ়ি উঠি চিঞৰি চিঞৰি বিপ্লৱক গালি দিব ধৰিলে৷ তাইৰ চকুদুটা অসম্ভৱ ধৰণে ৰঙা হৈ উঠিছে, লগে লগে চকুপানী নিগৰিছে৷ মোৰ উপস্থিতি যেন অনিমাই গ্ৰাহ্যই কৰা নাই৷

“তুমি এনেকুৱা কিয় কৰিলা বিপ্লৱ? মোৰ বিশ্বাসক কিয় ভাঙিলা? কি দিয়া নাছিলোঁ মই তোমাক?”

মোৰ ফালে আঙুলিয়াই পুনৰ বিপ্লৱক ক’লে-

“তুমি জানাই এই মানুহজনে মোক কিমান জ্বলালে আজি পোন্ধৰ বছৰ৷ না এটা সন্তান দিব পাৰিলে, না কোনোবা দিনা অলপ মৰম পালোঁ৷ তোমাৰ ভৰষাতে জীয়াই আছিলোঁ অত দিনে৷ কিন্তু শেষত তুমিও মোক এইখনহে খেল দেখুৱালা?”

মোৰ তলৰ পকাখন লাহে লাহে ঘূৰিব ধৰিছিল৷ বুকুখন অসম্ভৱ ধৰণে বিষাব ধৰিছিল, যেন জোঙা বেজি এটা কোনোবাই হেঁচি হেঁচি ভৰাই দিছিল৷ বিপ্লৱে এক অসহায়  চাৱনিৰে এবাৰ মোৰ ফালে আৰু এবাৰ অনিমাৰ ফালে চাই ফাইলটো লৈ দুৱাৰমুখৰ ফালে ওলাই গ’ল! 

 

☆ ★ ☆ ★ ☆

13 Comments

  • Rimjhim Borthakur

    কাকতি দা তামাম লিখিলে। কোনো ধোৱা তুলসীৰ পাত নহয় মানে।

    Reply
  • বৰ্ণালী মূদৈ

    কাকতি দা সংঘাটিক হৈছে ঔ

    Reply
  • Lakhya Borthakur

    সকলো একেই মানে। বঢ়িয়া দাদা

    Reply
  • ৰিণ্টুমনি

    বঢ়িয়া লাগিল দাদা

    Reply
  • অনামিকা

    সাংঘাতিক লিখিলে দাদা।

    Reply
  • Anonymous

    টেমাম লিখিলে দেদা।কেচ তো চব নগেন মানে

    Reply
  • অশোক হুজুৰী

    টেমাম লিখিলে দেদা।কেচ তো চব নগেন মানে

    Reply
  • বন্দিতা

    ভাল লাগিল দাদা ।সকলো অংকৰ খেল আৰু ।🤣

    Reply
  • হেমন্ত কাকতি

    পঢ়ি চোৱা বাবে সকলোকে ধন্যবাদ

    Reply
  • ডলী

    হাঃ হাঃ। বঢ়িয়া

    Reply
  • গীতালি বৰা

    দাদা, বঢ়িয়া।হাঁহিলোঁ দেই কিছু। কিন্তু এটা কথা নুবুজিলোঁ– গল্পতো গল্পই। প্ৰথম পুৰুষত লিখা হ’ল বুলিয়েই স্পষ্টীকৰণটো কিয় লাগে ?? 🙂

    Reply
    • HEMANTA KAKATI

      মই প্ৰায় গল্প প্ৰথম পুৰুষতে লিখি ভাল পাওঁ৷ তাৰ প্ৰধান কাৰণটো হ’ল পাঠকে প্ৰটাগনিষ্ট বা মূল চৰিত্ৰটোক কল্পনা কৰিবলৈ উজু হয়৷ পিচে সমস্যাটো হয়, বহুতে গল্প আৰু বাস্তৱক মিলাই পেলাই মোক প্ৰশ্ন সুধি অস্বস্তিত পেলায়৷ গতিকে পোন প্ৰথমেই এইটো দি থলোঁ৷

      পঢ়ি ভাল পোৱা বুলি জানি সুখী হ’লো৷ ধন্যবাদ৷

      Reply
  • abhijit goswami

    দাদা ভাল লাগিল 👏

    Reply

Leave a Reply

Your email address will not be published.