ফটাঢোল

পৰকীয়া প্ৰেম- ৰীতা লীণা সোণোৱাল

দুদিনমানৰ পৰা শইকীয়ানী চিকাৰলৈ চুপ লৈ থকা বাঘিনীজনীৰ দৰে হৈ আছে। গিৰিয়েকৰ মতিগতি বৰ ভাল দেখা নাই। কোনদিনা গৈ গিৰিয়েকৰ ডিঙিত টেপা মাৰি ধৰে ঠিক নাই।

শইকীয়া মানুহটো এনেই ভালেই আছিল। এই বাৰে বাৰে দিয়া লকডাউনেহে মানুহটোৰ আচল চৰিত্ৰ উদঙাই দিছে পত্নীৰ সন্মুখত। আগতে শইকীয়াই কিয় অফিচৰ কাম আছে বুলি নিশা ন, দহ বজাত ঘৰ সোমাইহি এতিয়াহে শইকীয়ানীয়ে বুজিছে। মানুহৰ চেহেৰা যিয়ে নহওঁক, তাতে মতা মানুহ। ভাল চাকৰি এটা থাকিলেই হ’ল। এই কথাষাৰ শইকীয়ানীয়ে অগাধ বিশ্বাস কৰে। দুই তিনিবাৰ লকডাউনৰ ফলত গিৰিয়েকৰ পেটটো যে ওলমি গৈ ধানপুৰীয়া কঁঠাল এটাৰ সমান হৈছেগৈ তালৈ হ’লে সমূলি ভ্ৰূক্ষেপ নাই।

ঘৈণীয়েকবোৰ তেনেকুৱাই গিৰিয়েকটো লাগিলে দেখিবলৈ আগে গুৰি‌য়ে সমান কোমোৰাটোৰ দৰেই হওঁক তথাপিও আৰু এজনী আহিব বুলি ভয় খাই থাকে। তাতে যদি চাকৰিটো অলপ ভাল হয়।

যোৱাবাৰ লকডাউনত শইকীয়ানীয়ে ভালকৈ গুৰুত্ব দি চোৱা হ’লে তেতিয়াই গিৰিয়েকক ধৰা পেলাব পাৰিলেহেঁতেন। পিচে সেইবাৰ তেওঁ নিজেই লালমোহন, জিলাপী বনোৱা প্ৰতিযোগিতাত লাগি থাকোঁতে গিৰিয়েকৰ ফালে মন-কাণ দিয়া নহ’ল। যোৱাবাৰ ইউটিউব চাই কমখন কষ্ট কৰি কেক, লালমোহন, জিলাপী বনাইছিল নে। ল’ৰা-ছোৱালী দুটায়ে পাছত মাকে কিবা নতুন বস্তু খাবলৈ দিলেই ভয়তে পেটৰ অসুখ হৈছে বুলি কৈছিল। শইকীয়াই বৰ ভাল হৈছে, বৰ ভাল হৈছে বুলি কৈ মনে মনে পাছফালৰ কুঁৱাটোৰ পাৰত লালমোহনবোৰ পেলাইছিল গৈ। ভাবিছিল ভঁৰাল ঘৰৰ তলত দিনৰ দিনটো শুই থকা ভতুৱাটোৱে খাব। পিছত সিও এটা চোবাবলৈ লৈ মাৰ্বলটো উফৰি যোৱাৰ দৰে লালমোহনটো উফৰি যোৱাৰ কোবত নেজ পোনাই দৌৰ মাৰিলে।

শইকীয়ানীয়ে পাছত লালমোহনবোৰ কুঁৱাৰ পাৰত দেখি এসপ্তাহমানলৈ শইকীয়াক নিমখ জলকীয়া দি ভাত দিলে।

শইকীয়া আপোনভোলা মানুহ। কোনোবাই যোৱাবাৰ লকডাউনত পেটটো কমিল বুলি ক’লেই চাহ মিঠাই খোৱাই দিয়া মানুহ। শইকীয়াৰ মনটো আকাশখনৰ দৰেই বহল। শইকীয়ানীৰ সেইটো এটা ভয়। মানুহজনৰ বহল মনটোত যদি আহি কোনোবাই বাহ সাজে। এইকেইদিন শইকীয়া দিন-ৰাত কেৱল মোবাইলটো লৈ ব্যস্ত। কেতিয়াবা ৰাতি এক বজাটো শইকীয়ানীয়ে সাৰ পাই দেখে শইকীয়াই মনে মনে ফোন চাই আছে। মাজে মাজে শইকীয়াই গেৰেজলৈ গৈ ফুচফুচাই কাৰোবাৰ লগত কথা পাতে। কেতিয়াবা আগফালে চোতালৰ লগতে থকা জোপোহা কাঠণ্ডাজোপাৰ আঁৰ লৈ কথা পাতে। মানুহটো কথা পাতি পাতি লেপেটা কাঢ়ি বহি লয়।শইকীয়ানীয়ে খঙত চাই থাকিব নোৱাৰা হয়। পৰ্দাখন টানি ভিতৰলৈ সোমাই যায়।

শইকীয়ানীয়ে সপোনতো ভবা নাছিল দুটা ডেকা গাভৰু ল’ৰা-ছোৱালীৰ বাপেক হৈ শইকীয়াই এনে কাম কৰিব। কোন বা সেইজনী এই বুঢ়া পেটেলাটোক এই বয়সত প্ৰেমত পেলাইছে। শইকীয়নীয়ে মনতে ডাইনী এজনীৰ মুখ এখন কল্পনা কৰে। পুৰুষবোৰ সদায় ভাল, অজলায়ে হয়। বদমাছ সেই তিৰোতাবোৰহে হয় যিয়ে নেকি নাম যশ-সম্পত্তিৰ নামত এনেকুৱা অজলা পুৰুষবোৰক বাচি লয়।

অলপ দিনৰ পৰা শইকীয়া মৰ্নিং ৱাক কৰিবলৈ ওলাইছে। কাষৰ দত্ত আৰু দাসো যায় লগত। তিনিওজনৰে পেটকেইটা কিবা ৰেচত ভাগ লোৱাৰ দৰে কোন আগত যাব পাৰে বুলি ইটোতকৈ সিটো চৰা হৈ ওলাই যায়। অৱশ্যে মৰ্নিং ৱাকৰ লগতে তিনিওজনে তিনিখন মোনাও লৈ যায়। কাৰ্ফিউ এঘাৰ বজাৰ পৰা আৰম্ভ হয় বাবে একেবাৰে বজাৰ-সমাৰ কৰি ঘৰ সোমাইহি। শইকীয়াই বজাৰৰ পৰা বেগখন আনি সদায় গেৰেজৰ কাষৰ টেপটোৰ তলত থয়। তাতে বস্তুবোৰ ধুই মেলিহে ভিতৰত সোমোৱায়।

শইকীয়ানীয়ে মন কৰিছে শইকীয়া গেৰেজৰ ওচৰত কথা পাতিলে মানুহটো একেবাৰে প্ৰেমত উতলা হৈ পৰে। কথা পতি পাতি হাউলি পৰে। মুখৰ পৰা হাঁহিটো নুগুচেই। এইবোৰ চাই থাকিব পাৰি নে? শইকীয়ানীৰ অন্তৰখন জ্বলি চাই হৈ যায়। শইকীয়ানীয়ে ঈশ্বৰৰ নামত শপত খালে শইকীয়াই এইবোৰ কাৰ লগত লীলা-খেলা কৰি আছে ওলিয়াবই।

এদিন শইকীয়ানীৰো কপাল ফুলিল। ভতুৱাক ভঁৰালৰ তলত ভাত কেইটামান দি গেৰেজৰ কাষেৰে আহোঁতেই শইকীয়াৰ ফুচ ফুচ শুনিলে। শইকীয়ানীয়ে আঁৰ হৈ চাই থাকিল। শইকীয়াই কথা পাতি পাতি গেৰেজলৈ সোমাই আহি এটা কোণত ৰ’ল। ইটা দুচপৰাৰ মাজৰ পৰা কিবা এটা উলিয়াই মুখৰ ওচৰলৈ আনিলে। এঢোক খাই সেইটো আগৰ জেগাত থৈ গেৰেজৰ পৰা ওলাল। এইবাৰ চোতালৰ ফালে ফোনত কথা পাতি পাতি গ’ল।

: বুজিছে দাস কালি মালটোত পানী মিহলাবলৈ সুবিধায়ে নাপালোঁ। ডিঙিত লাগি জ্বলি গ’ল হে। আজি ব্ৰহ্মপুৱাতে উঠি পানী মিহলাই থৈছোঁ।

এইবাৰ কাঠণ্ডাজোপাৰ চেপৰ পৰা আৰু এটা একে জোখৰ বটল ওলিয়াই এঢোক খালে। পুনৰ শইকীয়াই গেৰেজৰ ফাললৈ যাত্ৰা কৰোঁতেই শইকীয়ানীৰ মুখতে পৰিল। শইকীয়াই বাঘ দেখা হ’লেও ইমান ভয় নাখালেহেঁতেন যিমান শইকীয়ানীক দেখি খালে।

শইকীয়ানীয়ে পৰম আনন্দত চকু পকাই শইকীয়ালৈ চাই থাকিল। আজি চুৰ কৰি বোন্দা ক’ত পলাবি ধৰণে। 

আবেলি কু‍ঁৱাপাৰত শইকীয়াই ” ঝুঠ বলে কৌৱা কাটে, কালে কৌৱে চে দৰিয়ৌ” গাই বাচন ধুইছে। সিফালে শইকীয়ানীয়ে, দাসনী আৰু দত্তনী লৈ ফোন লগাইছে,

: আপোনালোকৰ গেৰেজবোৰ আৰু ফুলৰ টাববোৰ ভালকৈ খুচৰি চাওক দেই। বটলবোৰ একে জোখৰ ৰাখে, কিন্তু ধৰা পৰিম বুলি বেলেগ বেলেগ জেগাতো থয়। ফোনত কথা পাতি অহা-যোৱা কৰি গিলি থাকে। আমাৰজনক ধৰিলোঁ আজি হাতেলোটে। এতিয়া কুঁৱাপাৰত বাচন ধুই আছে।

শইকীয়ানীয়ে সন্তোষৰ হাঁহি মাৰি ফোনটো কাটিলে। ইফালে দাস আৰু দত্তৰ ঘৰৰ পৰা গেৰেজ আৰু ফুলগছৰ তলৰ বস্তু কেতিয়াবাই উধাও হৈছে। কাৰণ বিপদৰ বন্ধু হে প্ৰকৃত বন্ধু বুলি দাস, দত্ত আৰু শইকীয়াই বিশ্বাস কৰে।

☆ ★ ☆ ★ ☆

6 Comments

  • ৰাজশ্ৰী শৰ্মা

    খুব ভাল লাগিল বা। বিপদৰ বন্ধু হে প্ৰকৃত বন্ধু সঁচাকৈয়ে।

    Reply
  • Utpala Bhuyan

    সুন্দৰ।সময় উপযোগী।

    Reply
  • কাবেৰী মহন্ত

    বঢ়িয়া লাগিল ৰীতা৷

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    ভাল লাগিল পঢ়ি ৰীতাবা 💖

    Reply
  • জয়ন্ত দাস

    ভাল লাগিল৷

    Reply
  • বন্দিতা জৈন

    সুন্দৰ গল্প

    Reply

Leave a Reply

Your email address will not be published.