ফটাঢোল

পৰিচয়ফলক-ঈশান জ্যোতি বৰা

“কিছুমান মানুহ বৰ সাংঘাতিক৷’’ এইটো এটা আপদীয়া, আধৰুৱা আৰু ৰহস্যজনক বাক্য৷ কাৰণ সাংঘাতিক বুলি কওঁতে কেনেধৰণৰ কৰ্ম-কাণ্ডৰ জৰিয়তে এই বিশেষ মানুহজন সাংঘাতিক হৈ পৰিল, সেইটো নিৰ্ণায়ক তথ্য ইয়াত অদৃশ্য হৈ আছে৷ তেনেস্থলত ‘সাংঘাতিক’ বিশেষণটো শুনি যিমান আগ্ৰহেৰে শ্ৰোতাৰ মুখখন মেল খাই গৈছিল, সিমান নিৰুৎসাহেৰেই মুখখন জাপ খাই যাবলৈ বাধ্য৷ কিন্তু যদিহে সাংঘাতিক শব্দটোৰ পিছত আমি গায়ক, নৃত্যশিল্পী, অণুগল্পকাৰ, নৃত্যবিশেষজ্ঞ, ঠগ, প্ৰবঞ্চক, সভাপতি, নাইবা ফেইচবুকৰ এডমিন আদি নানানটা বৃত্তি বা পেছাৰ নাম লগ লগাই দিওঁ, তেন্তে পূৰ্বতে থকা আটাইবোৰ ৰহস্যয়েই ফাদিল হোৱাৰ সম্ভাৱনা প্ৰৱল৷ পিছে ঘটনাটো হ’ল-এই অতবোৰ পেছা বা বৃত্তি আপুনি এজন মানুহৰ নামৰ পিছফালে লগাব কেনেকৈ! ৰঘুৰাম ৰাজন এজন ‘সাংঘাতিক অৰ্থনীতিবিদ’, বিজয় মালিয়া এগৰাকী ‘সাংঘাতিক ঠগ’-এইসকল মানুহ একোটা বিশেষ দিশত পাৰ্গত বাবে তেওঁলোকৰ পিছফালে সংযুক্ত হোৱা ‘সাংঘাতিক’টোক নিৰ্দিষ্টতা দিবলৈও সহজ আৰু সাংঘাতিক শব্দটো ব্যৱহাৰ কৰি ৰচনাত সংযোজন কৰিবলৈও সহজ৷ কিন্তু আমাৰ অনন্তনগৰৰ শ্ৰীকান্ত শইকীয়া যে বহুজীৱী! বহুতো বিষয়ত আধিপত্য বিস্তাৰ কৰা ‘পলিমেথ’সকলেও খুব বেছি দহটা-পোন্ধৰটা বিষয়তহে আধিপত্য থাকে৷ কিন্তু শইকীয়াৰ সেইটো সীমাবদ্ধতাও নাই৷ শৈশৱতেই আৰম্ভ হোৱা তেওঁৰ পাৰদৰ্শিতাৰ তালিকাখনত এতিয়াও নতুন নতুন পেছা আৰু বৃত্তি সংযোজিত হৈয়েই আছে! তেনেস্থলত তেৰাৰ দৰে অজস্ৰ গুণসম্পন্ন মানুহৰ আগে-পিছে আপুনি কোনটো শব্দ কিদৰে প্ৰয়োগ কৰিব!

এই গোটেই বিড়ম্বনাটোৰ জন্ম হ’ল আজি ৰাতিপুৱা৷ প্ৰায় দুবছৰজোৰা বিৰামবিহীন প্ৰচেষ্টাৰ অন্তত শইকীয়াই নিজৰ সপোনৰ গৃহটো সাজি উলিয়াইছিল৷ এতিয়া কেৱল ‘ঘৰলোৱা’ অনুষ্ঠানভাগ আড়ম্বৰেৰে পাতি ঘৰটোত সোমাবলৈহে বাকী৷ কিন্তু হঠাতে আজি ৰাতিপুৱা গণ্ডগোলীয়া চিন্তা এটা সুমুৱাই দিলেহি তেখেতৰ একালৰ শিষ্য বৰুণে৷ অৱশ্যে এনেধৰণৰ মৌলিক চিন্তা এটা যে শইকীয়াই আগতে কৰা নাছিল, তেনে নহয়৷ দস্তুৰমত কৰিছিল৷ কিন্তু বৰুণৰ লেখীয়াকৈ তেওঁ ইমান বিস্তৃতভাৱে সেই চিন্তাটো জোকাৰি চোৱা নাছিল৷

​“ছাৰ, এটা কথা মন কৰিছেনে?”

​“কোনটো কথা!”-বৰুণৰ প্ৰশ্নটোৱে শইকীয়াৰ অনুসন্ধিৎসা বঢ়ালে৷

​“আপুনিতো এতিয়া নতুন ঘৰৰ নতুন ৱালখনত এখন নেইমপ্লেট মানে পৰিচয়ফলক ওলোমাব৷ নহয় জানো?”

“কিয় নোলোমাম আকৌ! মানুহে তেতিয়াহে জানিব ঘৰটো মোৰ বুলি৷”

“কি লিখিব; কিবা ভাবিছেনে?”

“নামটো লিখিম৷ আৰু কি লিখিম! ড° শ্ৰীকান্ত শইকীয়া৷”

“সেইটোৱেইতো ভুল৷”

“মানে?”-শইকীয়াই থতমত খালে৷ কাৰণ ইয়াৰ আগতে তেওঁক কোনে ‘ভুল’ বুলি কৈছিল- মনত নাই৷

“মানে আৰু কি ছাৰ ! আপুনি হ’ল এক বিৰল প্ৰজাতিৰ হ’ম’ ছেপিয়েনছ্৷ যাৰ শৰীৰৰ অংগে-অংগে প্ৰতিভা আৰু মেধাৰ নিৰ্মল নৈ ব’ব লাগিছে৷ আমাক পঢ়াই থাকোঁতেই আমি ছাত্ৰসকলে আপোনাৰ ব্যক্তিত্বত আশীটামান প্ৰতিভা ধৰা পেলাইছিলোঁ৷ তাৰ ঠিক এমাহ পাছতে আপুনি ‘কেন্দ্ৰীয় লটাৰী খেল সমিতি’ৰ ধনভঁ‌ড়ালী হ’ল আৰু আপোনাৰ প্ৰতিভাৰ সংখ্যাই একাশীৰ ঘৰত ভৰি দিলে৷ তাৰ ঠিক দুমাহৰ পিছত আপুনি ৰাজ্যৰ ‘বান নিয়ন্ত্ৰণ বিভাগ’ৰ চোকা সমালোচক হ’ল আৰু কিদৰে তামোলৰ ঢকুৱা আৰু মৰাপাটৰ ৰচী ব্যৱহাৰ কৰি বানপানী প্ৰতিৰোধ কৰিব পাৰি-সেই বিষয়ে কাকতত বিশ্লেষণাত্মক লেখা লিখিলে৷ সৰুতে নাকৰ পানী চোলাত ঘঁহা ল’ৰাজন এতিয়া নিশাটোৰ ভিতৰতে এজন ‘বানপানী বিশেষজ্ঞ’ হৈ পৰিল৷ ছাৰ, আমি যেতিয়া কলেজৰ পঢ়া শেষ কৰি আপোনাৰ ওচৰলৈ আহিলোঁ, সেইদিনা আপুনি ব্যস্ত আছিল সদৌ অসম বিজ্ঞান মঞ্চৰ এটা বিতৰ্কত৷ বিতৰ্কৰ বিষয় আছিল ‘মাখিয়ে মিঠৈ খোৱাৰ পিছত তাৰ শৰীৰৰ আকাৰ কিয় নাবাঢ়ে?’ ছাৰ, আপোনাৰ সংবেদনশীল মনটোৱে নিৰীহ মাখিটোৰ বাবে সেইদিনা যেনেকৈ আকুলতা আৰু সহমৰ্মিতা প্ৰকাশ কৰিছিল, আমি দেখি তবধ মানিছিলোঁ৷ আমি নিৰৱে চকুলো টুকিছিলোঁ আৰু অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এজন ‘মাখি-বিশেষজ্ঞ’ক লগ পাই ধন্য হৈছিলোঁ৷ ছাৰ, এতিয়া আপুনিয়েই কওকচোন-যিজন মানুহৰ প্ৰতিভা আৰু বিচৰণক্ষেত্ৰ ইমান বিশাল আৰু গভীৰ, তেনে এজন মানুহে যদি নতুন ঘৰৰ পৰিচয়ফলকখনত কেৱল ড° বুলি লিখি থয়, তেন্তে নিজকে অপমানিত কৰা নহ’বনে? ছাৰ এটা কথা জানেনে যে, আজিকালি ড° হোৱাতো ইমান টান কাম নহয়৷ টান কাম হৈছে-আপোনাৰ দৰে বিশেষজ্ঞ হোৱাটোহে৷ তাকো ৰাতিৰ ভিতৰতে৷”  

​“তোমাৰ দৰে প্ৰশংসা মোক আজিলৈকে কোনেও কৰা নাই৷ এনেধৰণৰ প্ৰশংসাক নিৰ্মোহ প্ৰশংসা বুলি কয়৷”-বহুতদিনৰ মূৰত শইকীয়া আজি ভাবুক হৈ পৰিছে৷ কথাকেইটা কওঁতে তেওঁৰ মাতটো থোকাথুকি হ’ল৷ 

​“সেয়া চাওকচোন ছাৰ৷ চকুৰ সমুখতে আপুনি এতিয়া ‘প্ৰশংসা-বিশেষজ্ঞ’ও হৈ পৰিল৷ আমিতো এইবোৰৰ নামেই শুনা নাই৷ কি মোহ, কি নিৰ্মোহ-কি কথা, কি বতৰা৷ আপোনাক চেল্যুট ছাৰ৷ আপুনি বৰ সাংঘাতিক মানুহ৷”-বৰুণে থিয় হৈ এটা চেল্যুট জনালে৷

​“হেৰা বৰুণ! এটা কাম কৰোঁ দিয়া৷”-শইকীয়াই চেল্যুট গ্ৰহণ কৰি উঠি ক’লে৷

​“কি ছাৰ কওক!”

​“এই যে তুমি ক’লা সাংঘাতিক মানুহ৷ সেইটোকে দেখোন ব্যৱহাৰ কৰিব পাৰোঁ৷ মানে-‘ড° শ্ৰীকান্ত শইকীয়া-এজন সাংঘাতিক মানুহ৷’

​“পাৰে ছাৰ৷ কিন্তু এই সাংঘাতিক শব্দটোৰো বিড়ম্বনা এটা আছে৷”

​ইয়াৰ পিছত বৰুণে সাংঘাতিক শব্দটোৰ আঁৰৰ বিড়ম্বনাখিনি ব্যাখ্যা কৰিলে৷ ব্যাখ্যা শুনি শইকীয়া বহুপৰ থৰ লাগি ৰ’ল৷

​“এটা কাম কৰিলে কেনে হয় ছাৰ?”-বৰুণ প্ৰস্তাৱ এটি আগবঢ়োৱাৰ পথত৷

“কেনেধৰণৰ?”

“মানে ছাৰ, গোহাৰি জাতীয় কিবা এটা লিখি ৰাইজৰ মত ল’লে কেনে হয়? এই ধৰক ‘ড° শ্ৰীকান্ত শইকীয়াৰ পদূলিৰ বেৰখনত ওলোমাবলগীয়া পৰিচয়ফলকৰ বাবে দুটামান সুন্দৰ, মন চুই যোৱা শব্দ বিচৰা হৈছে৷ এতিয়া ৰাইজে কঁকালত টঙালি বান্ধি শব্দৰ সন্ধান কৰক৷ ছাৰ, ইয়াৰ ফলত দুটা লাভ হ’ব৷ আপুনি ঘৰ সজা কথাটোৱে পপুলাৰিটিও পাব৷ আৰু অভিধান লুটিয়াই শব্দ-সন্ধান কৰিলে ৰাইজৰ বৌদ্ধিক উৎকৰ্ষও সাধন হ’ব৷”

“বেয়া নহ’ব৷” শইকীয়াৰ চিন্তামণ্ডল এক নতুন ভাৱনাৰে উত্তেজিত হৈ উঠা দেখা গ’ল৷

“ছাৰ, লগতে কিবা এটা পুৰস্কাৰ থাকিলে ভাল হ’ব৷”

“এশ এক টকাৰ পুৰস্কাৰ দিয়াৰ পৰম্পৰা এটা মই মানি আহিছোঁ৷”

“ছাৰ, টকা দিয়াতকৈ দুমাহৰ জিঅ’ ৰিচাৰ্জ দিলেহে ভাল হ’ব৷ ৰিচাৰ্জ বুলি ক’লেই এচামৰ জিভাৰ পানী টুপ-টুপকৈ পৰিবলৈ আৰম্ভ হয়৷”

“হ’ব দিয়া৷ অভিযান আৰম্ভ কৰা৷”

সন্মতি পাই বৰুণ ৰৈ নাথাকিল৷ ছেকেণ্ডৰ ভিতৰতে তেওঁ শইকীয়াৰ ছ’ছিয়েল মিডিয়াৰ আটাইবোৰ আইডি, পাছৱৰ্ড হস্তগত কৰিলে আৰু পৰিচয়ফলকৰ ছেম্পল এটা সাজি ৰাইজৰ পৰা মত বিচৰাত লাগি গ’ল৷ কোৱা নিষ্প্ৰয়োজন যে, জিঅ’ ৰিচাৰ্জৰ লালসাত অন্ধ হৈ পৰা জনতাৰ এটা বিয়াগোম অংশই এই শব্দ-সন্ধান কাৰ্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিলে৷ কথাই-কথাই ‘হাই ফেৰেণ্ডছ’ জাতীয় অচিন-অজান ভাষা লিখি লিখি পৰিৱেশ উত্তাল আৰু উমাল কৰি ৰখা এচাম তৰুণ তাৰকাই মাক-দেউতাকলৈ ফোন কৰি নতুনকৈ অসমীয়া শিকিবলৈ প্ৰচেষ্টা হাতত ল’লে৷ মাক-দেউতাক আনন্দিত, হৰ্ষিত, পুলকিত৷ মনত আনন্দৰ কোবাল ঢৌ৷ ইতিমধ্যেই এৰাল ছিঙা গৰুৰ দৰে ভাষাৰ পথাৰখন ছেদেলি-ভেদেলি কৰি পেলোৱা এইজাক ল’ৰা-ছোৱালীৰ মন পুনৰ অসমীয়া ভাষালৈ ঢাল খোৱা যেন দেখি অভিভাৱকে কিৰিলি পাৰিলে আৰু ‘ঘৰৰ ল’ৰা-ছোৱালী ঘৰলৈ উভতি আহিছে’ বুলি গণ্য কৰি তেৰাসৱে হেমকোষ, চন্দ্ৰকান্ত আদি গোটেইবোৰ অভিধান সন্মুখত মেলি লৈ শব্দ-সন্ধানৰ এই নজিৰবিহীন অভিযানত পৰোক্ষভাৱে অংশ ল’লে৷ ভবা ধৰণেই শ্ৰীকান্ত শইকীয়াৰ অভিনৱ গোহাৰিয়ে ৰাইজৰ মাজত বিপুল সঁহাৰি লাভ কৰিলে৷ আবেলিলৈ প্ৰতিৱেশী ৰজনীয়েও যেতিয়া খিৰিকীৰে মূৰটো উলিয়াই শইকীয়াৰ পৰিচয়ফলকৰ বাবে ‘ডিজিটেল যুগৰ দশাৱতাৰ’ শব্দকেইটিৰ প্ৰস্তাৱ ৰাখিলে, তেতিয়া শইকীয়াই বুজিব পাৰিলে যে-তেওঁৰ গোহাৰিখন ইতিমধ্যেই ভাইৰেল হৈ পৰিছে৷

অৱশেষত সন্ধ্যা পৰত বৰুণ আহিল৷ হাততে এখিলা কাগজ৷

“ছাৰ, ৰাইজৰ পৰা অহা পাঁচশ আঠষষ্ঠিটা নামৰ পৰা মই পাঁচটা নাম শ্বৰ্টলিষ্ট কৰিছোঁ৷ এতিয়া বাকী কাম আপোনাৰ৷”-কাগজখিলা শইকীয়ালৈ আগবঢ়াই বৰুণ চকীত বহিল৷ শইকীয়াই আলোড়িত হৈ নামবোৰ পঢ়ি গ’ল৷

‘ড° শ্ৰীকান্ত শইকীয়া-আহক নিয়ক আৰু বিলাওক৷’

“মানে ছাৰ, আপোনাক এটা প্ৰকাণ্ড জ্ঞান-ভাণ্ডাৰৰ লগত তুলনা কৰিছে৷”-বৰুণে ব্যাখ্যা কৰিলে-“যিটো ভাণ্ডাৰৰ পৰা যিকোনো মানুহে জ্ঞান লৈ য’তে-ত’তে সিঁচিব পাৰে৷ নামটো কিবা হিয়া-দিয়া-নিয়া চিনেমাখনৰ নিচিনা৷”

“তাকেহে৷ দ্বিতীয়টো নাম শুনা৷ ড° শ্ৰীকান্ত শইকীয়া-বিগ বেঙৰ অন্তিম ৰহস্য৷”

“সুন্দৰ৷ সুন্দৰ৷ ছাৰ, আপুনি এইটোকে ৰাখক৷”-উৎসাহী বৰুণে ক’লে৷

“কি যে কোৱা ! আমাৰ ইয়াত যিমানহে পাত বেং ওলায়৷ মানুহে দেখোন নাম পঢ়ি মোকো কিবা বেঙৰ বিলুপ্তপ্ৰায় প্ৰজাতি বুলি ভাবিব৷ ফিজিক্সৰ মহিমা তেতিয়া ধোঁৱাচাঙত উঠিব৷”

“হয় ছাৰ৷ তৃতীয়টো নাম কওকচোন৷”

“ড° শ্ৰীকান্ত শইকীয়া-জ্ঞান আৰু প্ৰতিভাৰ এক চমৎকাৰী ভাৱৰীয়া৷”

নামটো মাতি শইকীয়া অলপপৰ মৌন হৈ থাকিল৷ দেখা গ’ল, তেওঁৰ নামটোৰ কাষত গোল এটা আঁকিছে৷

“বৰুণ, এই নামটোকে ৰাখোঁ৷”

“জানিছিলোঁ, জানিছিলোঁ৷ যে আপুনি এইটো নামকে ৰাখিব৷ শব্দ আৰু ছন্দৰ ইমান সুন্দৰ মিল! তাতে ভাৱৰীয়া শব্দটোৱে মানুহক অসমীয়া কৃষ্টি-সংস্কৃতিলৈ মনত পেলাই দিব৷ জ্ঞান আৰু প্ৰতিভাৰতো খনিকৰ আপুনি হয়েই৷”

“এই নামটোৱে মোক আৰু এটা কথা মনত পেলাই দিলে৷”

“কি ছাৰ?”

“মই আজিলৈকে ভাও কৰি নাপালোঁহে৷”-শইকীয়াই বিষাদমিশ্ৰিত কণ্ঠেৰে বহুদিনীয়া স্বপ্ন এটা প্ৰকাশ কৰিলে৷

“সেইটো চিন্তা আপুনি নকৰিব৷ আমাৰ কেন্দ্ৰীয় ৰাস মহোৎসৱতে এইবাৰ আপুনি কৃষ্ণৰ ভাওটো ল’ব পাৰিব৷ চুলি কেইডালত কলপ লগাই দিম৷”

“হয় নেকি! বাৰু, এতিয়া এই নাম কোৱা মানুহজনক কিদৰে পুৰস্কাৰটো দিম?”-শইকীয়াই পুৰস্কাৰ দিবলৈ ম’বাইলটো উলিয়াই ল’লে৷ তেওঁক অনলাইন ৰিচাৰ্জ কৰিবলৈ জীয়েকে শিকাই থৈছে৷

“নম্বৰটো মোৰ লগত আছেই ছাৰ৷ আপুনি ৰিচাৰ্জ কৰি দিয়ক৷”

“দিয়া৷”

“লিখক৷ ছাৰ..৯৮৬৬৭২৮৮৮”

“তোমাক কি বুলি যে ধন্যবাদ দিম! ‘ঘৰলোৱা’ অহা মঙলবাৰে পাতিম বুলি ভাবিছোঁ৷ আহিবা৷”-বৰুণৰ কান্ধত হাতটো থৈ শইকীয়াই গৌৰৱেৰে কয়৷

“হ’ব ছাৰ৷ নিশ্চয় আহিম৷”-বৰুণো বহাৰ পৰা উঠি যাবলৈ ওলায়৷ “আপুনি মাত্ৰ নেমপ্লেট ঘৰৰ আগফালে ওলোমাই দিয়ক৷ মই চাবলৈ এক্সাইটেড হৈ পৰিছোঁ৷ এতিয়া আহিছোঁ৷ দিয়ক৷”

“বাৰু যোৱা৷”

উৎফুল্লিত শইকীয়াৰ পৰা বিদায় লৈ বৰুণ পদূলি পায়হি৷ বাহিৰত দুটোপাল বৰষুণ পৰিছে৷ পকেটৰ পৰা ফোনটো উলিয়াই নম্বৰ কেইটামান টিপে৷ মুখত এটা বিজয়সূচক হাঁহি৷

“অ’ ডাৰ্লিং, পালানে ৰিচাৰ্জটো!”

“জাষ্ট পালোঁ৷ তুমি কিন্তু বৰ সাংঘাতিক বস্তু দেই৷”

“আৰু সোনকালেই হ’লহেঁতেন৷ এই বুঢ়াটোৱে বহুত টাইম খালে৷..বাই দা ৱে, কি কৰি আছা? ডিড ইউ মিছ মি?”

বৰ্ষাসিক্ত এটি সুন্দৰ সন্ধ্যাত প্ৰেয়সীৰ লগত প্ৰেমালাপ কৰি কৰি এনেকৈয়ে বৰুণ স্বগৃহ অভিমুখে আগুৱাই যায়৷ আকাশ ডাৱৰীয়া হৈ থাকিলেও বৰুণৰ মনটো এতিয়া মুকলি৷ দুমাহৰ বাবে ৰিচাৰ্জৰ টেনশ্যনটো আঁতৰিল যে!

☆ ★ ☆ ★ ☆

10 Comments

  • Rimjhim Borthakur

    তামাম

    Reply
  • পৰীস্মিতা গগৈ

    উচ্চস্তৰীয় ব্যংগ। খুব ভাল লাগিল।

    Reply
  • বৰ্ণালী মূদৈ

    সুন্দৰ ব্যংগ

    Reply
  • HEMANTA KAKATI

    তামাম লাগিল ঈশান! বোলেতু ঝাকাছ!

    Reply
  • ৰিণ্টু

    তামাম।

    খুব ভাল লাগিল ঈশান

    Reply
  • জিতু

    মজাআ

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল

    Reply
  • Padmaja boruah

    বৰ ভাল লাগিল।

    Reply
  • abhijit goswami

    বিৰাট ভাল লাগিল 👏 👏

    Reply
  • দেৱীভক্ত উপাধ্যায়

    উচটালেও জোল খালেও জুতি লগা লেখা।
    এনে শৰ তুণিৰে থাকিয়া পূৰ্বতে অদেখা।।
    অদ্বিতীয়।

    Reply

Leave a Reply

Your email address will not be published.