ফটাঢোল

পৰিত্ৰান – শ্যামল দাস

হাবিলদাৰ মদন দাসৰ মনটো আজি, সিমান ভাল নহয়৷ লগতে কিবা এটা ভয় ভয় ভাব৷ তাৰ কাৰণ- কাইলৈ বোলে নতুন অ’ চি নিৰঞ্জন লস্কৰে জইন কৰিব৷ সেই দেখি মন বেয়া৷ ইয়াৰ আগত কত অ’ চি আহিল আৰু গ’ল, কেতিয়াও এনেকুৱা মন বেয়া বা ভয় ভয় লগা নাছিল৷ কিন্তু নিৰঞ্জন লস্কৰৰ কথাবোৰ জানি মন বেয়া লগাৰ লগতে, কিবা এটা ভয় ভয়ো লাগি আছে৷ কোনে জানো কৈছিল- অ’ চি নিৰঞ্জন লস্কৰ বোলে একাচেকা মানুহ৷ ভালত ভাল, বেয়াত বেয়া৷ চোৰ ডকাইতবোৰে নাম শুনিলেই কঁপি উঠে৷ চোৰাং ব্যৱসায়ীসকলে পলাই তত নাপায়৷ এনেকুৱা মানুহ এজন আহিলে দেখোন, হাবিলদাৰ মদন দাসে বাহিৰা যি দুপইচা পাইছিল, তাৰো মুদা মৰিব৷ ওমকাৰ আগৰৱালাৰ তেল ডিপোৰ পৰা, সপ্তাহত ভাল পইচা এটা পাই আছিল৷ কাৰণ সি পেট্ৰলত কেৰাচিন মিহলি কৰে৷ চহৰৰ জুৱাৰ আড্ডা, মদৰ ভাটিয়ে হওক বা যিমানবিলাক দুই নম্বৰী ব্যৱসায়ী মানুহ আছে, সকলোৰে পৰা ভাল ইনকাম এটা হৈ আছিল৷ ট্ৰাকবোৰ ধৰিও কম পইচা পাইছিল নে? এতিয়া এনেকুৱা অ’ চিৰ পালাত পৰিলে দেখোন, গোটেইখন মুদা মৰিব৷ গতিকে হাবিলদাৰ মদন দাসৰ মন বেয়া নালাগি কি লাগিব কওকচোন৷ ইয়াৰ আগৰ অ’ চিবিলাকৰ কথাই সুকীয়া আছিল৷ এইবোৰৰ দায়িত্ব মদনকে দিছিল৷ গতিকে মদনৰ লগতে অ’ চি ছাৰসকলৰো মোটা ইনকাম এটা হৈছিল৷ সেইদেখি, হাবিলদাৰ মদন দাসে ঘৈণীয়েকক কথাটো কাণ চোৱাই থৈছে- যে “এতিয়াৰ পৰা অলপ হাতধৰি চলিবলৈ শিকিবি৷ অলপতে সন্তুষ্ট থাকিবলৈ চেষ্টা কৰিবি৷”

অ’ চি নিৰঞ্জন লস্কৰ আহি পোনে পোনে থানাত সোমালে৷ হাবিলদাৰ মদন দাসক বস্তুবোৰ কোৱাৰ্টাৰলৈ নিবলৈ দি, নিজৰ চকীখনত বহি অলপ জিৰণি লৈ হাবিলদাৰ মদন দাসক মাতিলে৷ মদন দাসে ভয়ে ভয়ে আহি ওচৰত থিয় হৈ, চেলুত দি সুধিলে,

: ছাৰ, মোক মাতিছিল?

: অঁঁ৷ তোমাক মোৰ দুটামান কথা সুধিবলগীয়া আছে৷

: কি কথা ছাৰ?

: এইখন ঠাইত কোন কোন লেখতলবলগীয়া মানুহ আছে, সিহঁতৰ নাম, কি কাম কৰে লগতে সিহঁতৰ পৰিচয়বোৰ মোক ভালকৈ দিয়া৷

হাবিলদাৰ মদন দাসে ভাবিলে- “ছাৰে হয়তো ভাল মানুহবোৰক লগ কৰি ঠাইখন কেনেকৈ ভাল কৰিব পাৰি, সেই বিষয়ে পৰামৰ্শ ল’ব৷ নতুবা ভাল মানুহ কাৰণে ভাল সঙ্গত থাকি ভাল পায়৷” মদন দাসে এফালৰ পৰা অ’ চি ছাৰক নাম, পৰিচয়বোৰ দি গ’ল,

: সমাজ সেৱক, মহানন্দ হাজৰিকা৷ সাহিত্যিক, মনোজ চৌধুৰী৷ কণ্ঠশিল্পী, জুৰি গগৈ৷

কোৱা শেষেই নহ’ল, তেনেতে অ’ চি ছাৰে গৰ্জি উঠিল,

: তোমাক সেইবোৰ কোনে সুধিছে? সেইবোৰে আমাক কি দিব? মই সুধিছোঁ- এইখন ঠাইত কোন কোন দুইনম্বৰী মানুহ আছে৷

হাবিলদাৰ মদন দাসে ভাবিলে- “ধেৎতেৰি, কালিৰ পৰা এনেয়ে ভয় খাই আছিলোঁ৷”

☆★☆★☆

4 Comments

  • ৰিণ্টু

    সুন্দৰ গল্প, ভাল লাগিল পঢ়ি

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    পঢ়িলোঁ। গল্প যদিও সঁচা যেনেই লাগিল।

    Reply
  • Anonymous

    ভাল লাগিল।

    Reply
  • ৰাজীৱ শৰ্মা

    হয়তো

    Reply

Leave a Reply

Your email address will not be published.