ফটাঢোল

ফটাপ্রেম – খনিন্দ্র ভূষণ মহন্ত

“নুবুজিবা তুমি ঐ
যৌৱনৰ আমনি ঐ
ৰাতি মোৰ টোপনি নাই…”

আস্! গানটো যেন মোৰ বাবেহে গাইছে! আমি দুয়ো হাতত ধৰা-ধৰিকৈ নৈখনৰ পাৰলৈ যাওঁ। কেতিয়াবা ওখ শিলচটাত বহোঁ, কেতিয়াবা পাৰৰ বালিত থকা ঝাওবন ফালি-ফালি খোজ কাঢ়োঁ। দিনটোত শেষবাৰৰ বাবে ৰান্ধনি বেলিয়ে নৈখনত গা ধুই থকাৰ মনোৰম দৃশ্যই আমাৰ মন-প্রাণ পুলকিত কৰি ৰাখে। ৰোমাণ্টিক মুদটো আহেহে, ধেই! সাৰেই পাই যাওঁ নহয়। এদিন-দুদিনৰ কথা নহয়। প্রায় সদায়েই এইটো হয়।

নৱম শ্রেণীৰ কথা। আমি একেটা শ্রেণীৰে আছিলোঁ যদিও, মই ‘ক’ শাখাৰ ছাত্র আৰু তাই ‘গ’ শাখাৰ ছাত্রী। দুয়োৰে ঐচ্ছিক বিষয় সংস্কৃত হোৱাৰ বাবে অষ্টম শ্রেণীৰ পৰা আমাৰ মাজত ভাল বন্ধুত্ব স্থাপন হৈছিল। নৱম শ্রেণীত সিহঁতৰ শাখা ভগাই দিয়াৰ বাবে তাই আহি আমাৰ শাখাত নাম লগাইছিল। তেতিয়া আৰু মোক কোনে পায়! দিনৰ-দিনটো তাই চকুৰ আগতে থাকে। সুবিধা পালেই মই তাইৰ লগত কথা পাতিবলৈ ল’লোঁ। কিবা-কিবি প্রশ্নৰ উত্তৰ লিখাতো সহায় কৰি দিবলৈ ধৰিলোঁ। তাই Thank You বুলি ক’লে মই কওঁ- “দ’স্তি মে’ নৌ চৰি, নৌ থেংক ইউ (একদম সেই “মেইনে প্যাৰ কিয়া” টাইপ ফিলিং)। তাই হাঁহি এটা মাৰি থৈ দিয়ে। আৰু মই সেই হাঁহিটোকে সাৰথি কৰি ৰাতি ৰাতি সপোন দেখোঁ। সেই নৈ পাৰৰ কথাখিনি যে……

সময় আগবাঢ়িল। দিন-মাহ গুচি বছৰ হ’লগৈ। আমি তেতিয়া দশম শ্রেণীত। মোৰ প্রেম তেতিয়াও সেই একেটা পর্যায়তে আছিল। এই কথাই কথা নহয়। “কাইলৈ হয় ৰঙা মাটি, নহয় গুৱাহাটী” -বুলি কতবাৰ নিজকে নিজেই হুকুম দিলো। ওহোঁ। সময়ত সকলো ফুউউউউচ। সেই হাৱা যোৱা বেলুনটোৰ দৰে হৈ যাওঁ। সেই অপেক্ষাৰ ‘কাইলৈ’টো নহাই হ’ল। কি কৰোঁ-নকৰোঁ ভাবি লগৰ এটাক কথাটো ক’লোঁ। সি প্রথম শ্রেণীৰপৰাই তাইৰ লগত পঢ়িছে। সেয়ে তাইৰ লগত তাৰ ঘনিষ্ঠতা আমাতকৈ অলপ বেছি। সি উপায় দিলে, “মুখেৰে ফুটাই ক’ব নোৱাৰই যেতিয়া চিঠিৰ সহায় ল। তাইৰ হাতত চিঠিখন দিয়াৰ দায়িত্ব মোৰ।” ভবা মতেই কাম। সেইদিনাই ৰাতি পঢ়া টেবুলত বহি বহী-কাগজ উলিয়াই লাগি গ’লোঁ। মিছন-প্রেম-পত্র। লিখিবলৈ ল’লোঁ হয়, লিখিম কি? কেনেকৈ লিখিম? কেতিয়াও প্রেম-পত্র পঢ়াৰ সৌভাগ্যই হোৱা নাছিল নহয়। “ৰচনা বিচিত্রা”, “ৰচনা প্রৱাহ” পাত-পাতকৈ বিচাৰিও বিমুখ হ’লোঁ। খং এটা উজাই আহিল। “হেৰ’ অতবোৰ দর্খাস্ত, চিঠি লিখিবলৈ আর্হি দিছে, প্রেম-পত্র এখনৰ আভাস দিলেনো কি হয়!”
“পুৱাৰ চাহকাপ যিমান গৰম, জান তোমালৈ মোৰ সিমান মৰম”, “সাগৰৰ পানী যিমান লুণীয়া, সোণজনী তুমি সিমান ধুনীয়া”, “বৰফৰ পানী যিমান ঠাণ্ডা, তোমালৈ মোৰ সিমান ধান্দা”……ইত্যাদি কথাবোৰেৰে চিঠিখন ভৰাই ৰাখিছিলোঁ। “চামথিং স্পিচিয়েল” বুজাবলৈ জানি-শুনি এনেকুৱা শাৰীবোৰ ৰঙা চিঞাহীৰে লিখিছিলোঁ। এইবোৰৰ মাজতে মনৰ কথাষাৰ ক’লোঁ। প্রায় তিনি-চাৰিখন চিঠি দিয়াৰ পাছত তাই প্রত্যুত্তৰ দিছিল এইবুলি- “ভাবি চাম। তোমাক সময়ত জনাম।” মেট্রিক পাছ কৰি তাই গ’ল দৰং মহাবিদ্যালয়লৈ, মই থাকিলোঁ কলিয়াবৰ মহাবিদ্যালয়ত। তাৰ পাছত আৰু লগ পোৱাৰ সুবিধাও নোহোৱা হ’ল। তাইৰহে উত্তৰটো দিবলৈ আজিলৈকে সময় নহ’ল।

আজি পুৱাই উঠি দেখিছোঁ অচিনাকি নম্বৰ এটাৰপৰা মিচকল। ফোন কৰি চালো। “হেল’ টিউন”ত বাজি উঠিল,
“আঁতৰি আঁতৰি থাকিলেও তুমি আঁতৰাই নিদিবা মোক মনৰ পৰা…” মোৰ মনটো আকৌ সেই পুৰণা দিনবোৰলৈ উৰা মাৰিবলৈ লওঁতেই সিফালৰ পৰা ভাঁহি আহিল চিনাকি কণ্ঠস্বৰটো।
“বহাগৰ ৭ তাৰিখে মোৰ বিয়া। আহিবা।”
উস্! এইটো ক’বলৈ ফোন কৰিছিল তাই! দৰা ক’ৰ বুলি সোধাত যিটো নাম ক’লে এনে লাগিল যেন মোৰ বুকুত কোনোবাই পাহাৰ এটাহে বান্ধি দিলে! মোৰ বন্ধুজন তাইৰ দৰা। উশাহবোৰ ঘন-ঘনকৈ ওলাইছিল। কি ক’ম, কি নক’ম ভাবি থাকোঁতেই মুখৰপৰা ওলাই গ’ল- “গল্লা বিলাম তোমাৰ বিয়াত। সুখী হোৱা।”

☆★☆★☆

8 Comments

  • Dhruba Jyoti Arjuna

    বঢ়িয়া হে ।

    Reply
  • Gitika Saikia

    পঢ়ি থাকোঁতে এনেকুৱাই হ’ব যেন লাগিছিল। ভাল লাগিল পঢ়ি……

    Reply
  • বঢ়িয়া

    Reply
  • ভণীতা ডেকা/ধৰিত্ৰী

    অায়ৌ বৰ দুখ লাগিল অ!নৱম শ্ৰেণীৰে প্ৰেম ,সকলো শেষ কৰিলে ন

    Reply
  • Sourav

    বঢ়িয়া উপস্থাপন ব্যৰ্থতাৰ

    Reply
  • Anisha saikia deka

    ভাল লাগিল ।

    Reply
  • উত্তৰা

    উস নোৱাৰি নৱম শ্ৰেনীৰ প্ৰেম ভাগ পাহৰিব নোৱাৰি।

    Reply
  • Princhi Bora

    বৰ ভাল লাগিল … মানে বহুতৰে অভিজ্ঞতাৰ সুন্দৰ প্ৰচেষ্টা ।

    Reply

Leave a Reply

Your email address will not be published.