ফটাঢোল

ফটাপ্ৰেমৰ কাহিনী-বন্দিতা জৈন

মোৰ হায়াৰ চেকেণ্ডাৰী পৰীক্ষা শেষ হোৱাৰ পিছৰ কথা। মোৰ মামা এজনৰ বিয়া আছিল। আচলতে মামাজন মোৰ নিজৰ মাহী এজনীৰ কলেজৰ বন্ধু। আৰু কইনাজনী মাহীৰ বেষ্ট ফ্ৰেণ্ড আছিল আৰু নিজৰ মাহীৰ বন্ধু বান্ধৱী বাবে মামা-মাহী বুলি মাতিছিলোঁ‌। মাহী আমাৰ ঘৰতে আছিলেহি গতিকে অহা-যোৱাবোৰ চলি সম্পৰ্কবোৰ নিজতকৈয়ো বেছি আপোন হৈছিল। ধৰি লওঁ‌ক, মোৰ নিজৰ মাহীৰ নাম ৰীতা, মাহীৰ বান্ধৱী (কইনাগৰাকীৰ) নাম গীতা, মামাজন (দৰা) জয়। জয় মামাৰ বায়েক এজনী মীনা,ভায়েক মিলন। মীনা মাহী বৰ মৰমিয়াল আছিল আৰু মোক বহুত ভাল পাইছিল। মই গ’লে আহিবলৈ নিদিয়ে। গতিকেই জয় মামাৰ বিয়াত মই দৰাঘৰীয়া হ’ব লাগে মাহীৰ মতে। ৰীতা মাহী কইনাঘৰীয়া।

মীনা মাহীৰ লগতে কইনা মানে গীতা মাহীৰ ঘৰলৈ যাওঁ। বেছি দূৰ নহয়। দিনটোত এবাৰ বিয়াৰ ইটো-সিটো বুলি যোৱা হয়। দিন ওচৰ চাপি আহিছে। আলহী -অতিথিও আহিছে। গীতা মাহীৰ ঘৰলৈ ভতিজা এজন আহিছে। ধুনীয়া মানে মৰমলগা মুখৰ ল’ৰাজন। চালে চাই থাকিবলৈ মন যোৱা। মোৰ সন্মুখতে পাওঁ কাম কৰি থাকোঁ‌তে, পিচে কথাহে নাই পতা। সুবিধা পালেও মোৰ কথা পতা সাহস নাই। আৰু ডাঙৰ প্ৰব্লেম, সেই সময়লৈ প্ৰেম ভালপোৱা কি, হ’লেনো কি হ’ব এইবোৰ অনুভৱৰ বাহিৰত আছিলোঁ। গতিকে মনৰ কম্পনখিনি কিয় হ’ল অনুমান নহ’ল। ভাল লাগে আৰু দেখিবলৈ। মানে প্ৰথম দেখি বুকু দুৰু দুৰু কপে, সেয়াই আৰু।

অৱশ্যে এটা কথাত নিঃসন্দেহ আছিলো যে মই সুন্দৰী শাৰীৰ নামত নাহোঁ‌। গতিকে সেইজনৰ যে মোৰ প্ৰতি কিবা ফিলিংচ নাহে সেইটো জানিছিলোঁ। কিন্তু মোৰ যে ভাল লাগে,কি কৰোঁ! মই দৰা ঘৰতহে থাকিব লাগিব। উপায়, কিবা কাম উলিয়াই মীনা মাহীক কওঁ,

: মাহী মই অকলে যাম, আপুনি ঘৰৰ বাকী কামবোৰ  কৰি লওক।

আচল কাৰণ মাহী লগত গ’লে সোনকালে আহিব লাগে। আৰু তালৈ গ’লে ৰীতা মাহী আছে মোৰ চিন্তা নাই। দুই ফালে সুবিধা মিলাই চাওঁ‌হে চাওঁ। ইমান ধুনীয়া ল’ৰাটোক এবাৰ চাবলৈকে যাওঁ। “ভগৱানে যদি আমাকো অলপ ধুনীয়া কৰি বনাই পঠিয়ালেহেতেঁন! কোনোবাই চোৱাৰ যোগ্য কৰি।—-ভাবোঁ‌ মনতে।

মই গীতা মাহীৰ তাত দিনতো যাওঁ, গধূলি মীনা মাহীৰ তালৈ গুছি আহোঁ। কথাটো মন কৰি থকা জয় মামাই সুধিলে,

: ঐ বনলতা, তই দৰাৰ ঘৰৰ নে কইনা ঘৰৰ। মোৰপৰা সকলো সৰকাই তই দিনটো কইনা ঘৰৰ হৈ থাক। গধূলি দৰা ঘৰৰ হ’ৱ কথাটো কি?

: এহ মামা, দৰা ঘৰৰ হ’লোঁ‌ বা কইনা ঘৰৰে হ’লোঁ‌, তাতেনো  কি আহে যায়। দুয়োজনেই মোৰ। চিন্তা কিয়!

মীনা মাহীয়ে যোগ দিয়ে বোলে,

: কথাটো ভাল দেখা নাই। বেলেগ ৰহস্য এটা আছে।

: বোলো ৰহস্য-চহস্য একো নাই। গীতা মাহীক বিয়াৰ আগতে কেনে আছে তাকেই মন ভৰাই চাবলৈ যাওঁ, সেই বুলি আৰু—–।

মীনা মাহীয়ে কয়,

: কোনোবা পচন্দ হৈছে নেকি ক’বি একে লগে কাম হৈ যাব।


: ধেই মাহীজনীয়ে কি কি যে কৈ থাকে নহয়।

বিয়াৰ দিনটো পালেহি। বিয়া আছিল ক্ষেত্ৰীৰ কামাখ্যা মন্দিৰত। মামাৰ ঘৰ মৰিগাঁও ৰজাগাঁ‌ৱত। দূৰত্ব আছে। গতিকে ফ’ৰ জিৰ’ চেভেনত যিমান মানুহ বহিব পাৰে সেইকেইজন গৈছে। মই আছোঁৱেই নাযাওঁ বুলি ভাবিলেও সেই বিশেষজনৰ বাবেই যামেই।

সেই সময়ত মোৰ এটা আছিল। দিনটোত টোপনি নাহে, কিন্তু কৰ’বাত এনেয়ে বহি থাকিলে টোপনি আহে তাকো চকু খোলা কৰি, চাগে জপাব পাহৰি যাওঁ। মানুহে ভাবে মই সাৰে আছোঁ কিবা ভাবত বিভোৰ হৈ। একপ্ৰকাৰৰ ঘোঁৰা টোপনি আৰু। ৰাতি দেৰিলৈ পঢ়িবলৈ বহোঁ‌ আৰু দিনত সুবিধা পালেই এইদৰে টোপনি মাৰোঁ‌তে এই অভ্যাসটো হৈছিল। কথাটো মোৰ নিজৰ মাহী(ৰীতা মাহী)য়ে জানিছিল। মন্দিৰত বিয়াৰ কাম চলি আছে।আমাৰ কাম নাই বহি আছো সকলোৱে কথা পাতি। দিনতে হোৱা বিয়া। মোৰ সন্মুখত সেই ধুনীয়া ল’ৰাজন। এসপ্তাহৰ ভিতৰত অলপ মাতবোল কৰি হাঁহি এটা মৰালৈ সক্ষম হৈছিলোঁ‌। অৱশ্যে মই বৰ পাত্তা দিয়া যেন নেদেখুৱাও।আঁ‌তৰৰপৰাই চাওঁ আৰু। আজি আকৌ সন্মুখত বহিছে। অলপ উচ-পিছ লাগিছে। তথাপিও কথা পাতি আছোঁ। এটা সময়ত বহি থকা কেইজনমান বাহিৰলৈ উঠি গ’ল। থাকিলোঁ‌ পাঁচজনমান। সি সন্মুখত বহা বাবে কথা খুলাকৈ পাতিব পৰা নাই। গলত কিহবাই লাগি ধৰে দেখোন। সেইদৰে বহি থাকোঁতে মোৰ টোপনি আহিল। চকু মেলি। কিমান সময় হ’ল ক’ব নোৱাৰিলোঁ‌, এটা প্ৰচণ্ড ঢকা আৰু হাঁহিৰ শব্দত সাৰ পাই গ’লোঁ‌।

  সেইফালে মীনা মাহীয়ে মোক ঢকাটো মাৰিয়েই ক্ষান্ত নহ’ল স্পিকাৰত কোৱাৰ দৰেই হাঁহি হাঁহি কৈ আছে,

: ঐ বনলতা, তোৰ যদি ইমান পচন্দ হৈছে কৈ দে একেবাৰে কামটো শেষ হৈ যাওক। ইমান সময় তাৰ ফালে তেলেকা কৈ চাই আছ বেচেৰা সি উঠি গৈ ৰীতা মাহীয়েৰক কওঁতেহে গম পালোঁ।

   ধেই, মাহীজনী যে আৰু যা তা কৈ দিলে। লাজত মোৰ অৱস্থা নাই। সিফালে দৰাই দৰাৰ বিয়াৰ কাম শেষ হোৱাত জয় মামাই দেখি আছিল। সুবিধা পাই ক’লেই,

: সেই কাৰণে তই গীতা মাহীয়েৰক লগ কৰিবলৈ গৈ আছিলি। আহ, মোৰ বিয়া শেষ। তোৰ মন থাকিলে তহঁত দুয়োটাৰে পাতি দিওঁ।

মোৰ  অৱস্থা কাঢ়িল! ওপৰ মূৰ কৰিব পৰা নাই। তাৰো একেই অৱস্থা। তেনেতে ৰীতা মাহীয়ে আহি যোগ দিলেহি ভেদ ভাঙিবলৈ।

: নহয় অ, তহঁতে এনেই জোকাই মাৰিছ। আচলতে তাই বহি থাকোঁতে চকু মেলিয়েই টোপনি মৰাৰ অভ্যাস আছে। সেই কাৰণে, তাৰ ফালে চাই চাই টোপনি আহিল আৰু।

সেইটো শুনি গোটেইবোৰে গিৰ্জনি মাৰি হাঁহি উঠিল। সিফালে মই ‘ফাট মেলা বসুমতী, পাতালে লুকাও’ অৱস্থা! ধেই মোৰ প্ৰেম প্ৰেম ভাবটো কলিতে শেষ কৰি দিলে, সেই টোপনিটোৱে।

☆ ★ ☆ ★ ☆

9 Comments

  • ৰাজশ্ৰী শৰ্মা

    আপদীয়া টোপনি মানে!

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ঘোঁৰাটোপনিয়ে চব পন্দ কৰি দিলে মানে?

    Reply
  • জিতু

    কাল্প্ৰিৎ টোপনি।

    Reply
    • বন্দিতা জৈন

      😁😁বিৰাট। ধন্যবাদ জনাইছো

      Reply
  • কাবেৰী মহন্ত

    টোপনিয়ে কাল😂

    Reply
  • মানসী

    দেহি ঐ বেয়াই লাগি গ’ল !এই টোপনিটোৱেই যতকূটৰ ঘাই।

    Reply

Leave a Reply

Your email address will not be published.