ফটাঢোল

ফটাপ্ৰেমৰ সংজ্ঞা : ডলী তালুকদাৰ

: প্ৰেম কিবা গাখীৰ নেকি বে? ফটাপ্ৰেম বুলি যে কয় মানুহে? গাখীৰহে ফাটে?

দিম্পলে চালাড কাটি কাটি তিয়ঁহ এটুকুৰা মুখত ভৰাই সুধিলে।

: হয় দেই। ময়ো বুজি নাপাওঁ এই কথাটো। কিনো ফটাপ্ৰেম চটাপ্ৰেম নাম দিয়ে নহয় মানুহবোৰে।

দেৱজিতে চাউলকেইটা ধুই প্ৰেচাৰ কুকাৰত ভৰাই ষ্ট’ভৰ ওপৰত বহাই দি কয়। তাৰপিছত নহৰু বাকলি গুচাবলৈ ধৰে আৰু পিছফালে ঘূৰি তবিবৰক কিবা ক’ব খোজোঁতে তবিবৰে মাত দিয়ে।

: আচলতে কি জানেনে কথাটো? প্ৰেম কৰিলে অন্তৰ ফাটি যায় যে সেইকাৰণে ফটাপ্ৰেম কয় কিজানি?

তবিবৰে হাঁহৰ মাংসখিনিৰ পিচবোৰ সৰু ডাঙৰ হৈছে নেকি চাই চাই কয় আৰু কোমোৰা এটা খাটখনৰ তলৰপৰা উলিয়াই আনে কাটিবলৈ।

: ধেই নহয় সেইবোৰ একো। আচলতে প্ৰেম কৰিলে পকেট ফাটে, মানীবেগ ফাটি যায়। মানে প্ৰেমিকাক ঘূৰাই ফু্ৰাই, দামী হোটেলত খুৱাই, দামী গিফ্ট দি শেষত প্ৰেমিকৰ অৱস্থা ফাট মেলে যে সেইকাৰণে ফটাপ্ৰেম বোলে। হিঃ হিঃ হিঃ! মই সেইকাৰণে এইবোৰৰ পাল্লাত পৰা নাই আজিলৈ। বিনদাচ…কেৱল কল্পনাতে বিভোৰ৷

ভাস্কৰ বৰডেকাই পিয়াঁজ কাটি কাটি চকুপানী মচি কয়।

: মই আৰু প্ৰেম চেমৰ পাল্লাত নপৰোঁ দেই। ভাগ্যত যদি বিয়া আছে হ’বই। সৱ সময়ৰ কথা সৱ কঁপালৰ কথা।

: হাৰে দেৱজিত দা, মই কোন কাৰ কঁপালত আছে নাই সোধা নাইহে। মই কৈছোঁ আই মিন সুধিছোঁ ফটাপ্ৰেম মানে কি? দেৱজিত দা এনি আইডিয়া।

: কি যে কথাবোৰ কোৱা নহয়? মোৰ কোনো আইডিয়া নাই। চাওঁ ভাস্কৰ পিয়াঁজখিনি দিয়া পিহি দিওঁ একেলগে।

: ঐ মোক সোধ প্ৰেম কাক কয়? পুৰা তেৰবছৰ প্ৰেম কৰা মানুহ বুইছ ল’ৰাহঁত। মোৰ কথা শুনিলে তহঁতে লগে লগে কইনা পাবি। এবাৰ কি হ’ল জান মোৰ….

: হ’ব বিজয় তোমাৰ ইতিহাস নুশুনো আমি। সেই তেতিয়াৰপৰা একোডাল কৰা নাই। বিছনাত অঘাসুৰ পৰাদি পৰি আছা।

দেৱজিতে বিৰক্তিৰে ক’লে।

: বাঃ! বেলেগ শুব পাৰে দেই আপুনি বিজয় দা। দিম্পলৰ কথাটো এবাৰ ভাবিব পাৰে। অকলে কাম কৰি আছোঁ।

: হেৰৌ, তহঁতে বৰলা খানা পাতিছ! তাত মোৰ কি কাম? তহঁতে বনাব লাগে আকৌ?

: আৰু খাবও লাগে আমি। গতিকে আপোনাৰ কি কাম। যাওকগৈ ঘৰলৈ। ঐ দিম্পল দালিখিনি নে আৰু ধুই বহাই দে। বাপ্পা ঐ, চাউলত শিল থাকে জানো কিন্তু দালিতো শিল মিলাবলৈ এৰা নাই ঐ।

বিকাশে দিম্পলক দালিৰ কাহীখন আগবঢ়াই দিয়ে।

: প্ৰেমেই হোৱা নাই এতিয়ালৈ? আৰু কইনাৰ কথা ক’বলৈ আহে বিজয় দাই? হেঃ হেঃ হেঃ!

তবিবৰে কথাষাৰ কৈ কোমোৰাটো ঘেচেককৈ ফালে।

: মুঠতে মই আৰু প্ৰেম চেম কৰাত নাই দেই। যাৰ লগত যোৰা আছে ভগৱানে তাকে মোৰ লগত মিলাব। ফটাপ্ৰেমো নকৰোঁ আমি নফটাপ্ৰেমো নকৰোঁ।

: হেৰৌ প্ৰেম কৰিব জানিলেহে কৰিবা। তুমি যিহে! ছোৱালী দেখিলেই হাত ভৰি কঁপে। তোমাৰ কাম নাই দেবজিত।

: এহ আপুনি বৰ সাহসীজন দিয়ক। দিম্পলক সোধক প্ৰেম কাক কয় বিজয়দা।

: থ’ থ’। তই এনেই নিজকে জুই জুই কৈ থাক। কাম নাই তোৰো। ফটা, নফটা দুয়োটা প্ৰেমৰে এই অভাজনৰ অনুভৱ আছে বুজিছ?

: হিঃ হিঃ হিঃ! বিজয়দা মানে আপুনিও বেলেগ বস্তু দিয়ক। ফাটাপ্ৰেম কৰিছে।

: বিজয়ৰ কথা শুনিছা ভাস্কৰ তুমি?

দেৱজিতে কোমোৰা আৰু আলুৰ কাঁহীখন তবিবৰৰ হাতৰ পৰা ল’লে।

: সেইকাৰণে প্ৰেমৰ অনুভৱ আহিলে মনত বছৰৰ আৰম্ভণিতে কৰিব লাগে।

: হ’ব দে বিকাশ। তই ইংৰাজী শিকাৰ জ্ঞান প্ৰেমত দিব নালাগে।

: তোৰ ওপৰতে মাতা স্বভাৱটো নগ’ল ন দিম্পল। এই বিকাশে যি কয় সচাঁ কয়।

: ধেই বাদ দে অ’৷ মোৰ ফটাপ্ৰেমটো শুন সৱেই। মানে তেতিয়া আমাৰ এওঁ মোৰ জীৱনলৈ অহাই নাছিল। মানে মই তেতিয়া কলেজলৈ যাবলৈ আৰম্ভ কৰিছোঁহে৷

তেলত পিয়াঁজ, তেজপাত, পাঁচফোৰণ দি আৰু আলু, কোমোৰাখিনি দেৱজিতে হেতাৰে লৰাই ক’লে,

: মাংসখিনি তবিবৰ তুমি ৰান্ধিলেহে বেছি সোৱাদ হ’ল হয় চাগৈ।

: একো নহয় দিয়ক। মই সদায় ৰান্ধি থাকোঁ ঘৰত। গাঁৱৰ খানাবোৰতো মই ৰান্ধো। মোৰো লোকৰহাতৰ আঞ্জা খাবলৈ মন যায়হে।

: সেইটো হয়! কিন্তু মই মাটন আৰু চিকেন ৰান্ধি বেছি ভাল পাওঁ।

: আৰে তোমালোকে মোৰ কথা নুশুনা কিয়? মানে মই কলেজলৈ যাওঁতে…

: বিজয় তুমি যদি সহায় নকৰা প্লিজ আমাক একো দিষ্টাৰ্বো নকৰিবা।

দেৱজিতে মাংসখিনি লৰালে হেতাৰে। আদা, নহৰুবটাখিনি দি জিৰা জালুকো দিলে।

“বৰ ধুনীয়া গোন্ধাইছে.. আস!”

দেবজিতে নিজকে ক’লে।

: জহা কোমোৰা। কি মলমলাই গৈছে একদম। বঢ়িয়া লাগিব খাই হাঁহৰ মাংস তবিবৰদা।

: হয় দিয়া দিম্পল।

তবিবৰে চকীখন মচি মচি কয়।

: কিন্তু আমাৰ আজিৰ খানাৰ মেইন উদ্দেশ্য আছিল ফটাপ্ৰেম মানে কি?

: দিম্পলে এতিয়াও একেটা কথাতে লাগি আছা যে? আহা ভাত হ’ল। কাহী, গিলাচ ৰেডি কৰা।

: ৰ’ব দেবজিতদা গৈছোঁ। ঐ বিকাশ চালাডৰ প্লেটখন আন।

: মোৰ হিচাপ-নিকাচতে দিন যায়। গতিকে প্ৰেম চেম ফাটে নাফাটে চাবলৈ সময়েই নাই। তাতে কোনো বিচাৰিও নাপাওঁ।

কথাখিনি কৈ বৰডেকাই পানীৰ জাৰটো লাহেকে থ’লে।

: আৰে ফটাপ্ৰেম কাক কয় মোক নোসোধ কিয়? মোৰ জীৱনৰ ফটাপ্ৰেমটো শুনাব বিচাৰিছোঁ। আৰু তেতিয়াহে তহঁতে বুজি পাবি প্ৰেম কেনেকৈ ফাটে। এই বিজয়ে বিনা যুক্তিৰে একো নকয় বুইছ।

: বুজিছোঁ দিয়ক।

তবিবৰে দিম্পল আৰু দেবজিতক চকু টিপমাৰি কয়৷

: প্ৰেম কৰিছিলোঁ মই ১৯৪৭ চনৰ আগত। তেতিয়াৰ প্ৰেমে আজিৰ প্ৰেমৰ লগত পাত্তাই নাপায়।

আটায়ে পিছফালে চাই হাঁহিবলৈ ধৰে।

: হয় হয় ৰিণ্টুদা, আপুনি স্বাধীনতাৰ আগৰে মানুহ। বৃটিছৰ দিনৰে মানুহ। ৰবাৰ্ট ক্লাইভৰ দিনৰে মানুহ৷

: আৰে দিম্পল! ডেভিদ স্কট যেতিয়া চেৰাপুঞ্জীত আছিল গৱৰ্ণৰ হৈ, তেতিয়া মোক মাতে ঘোঁৰা ৰেচত যোগদান কৰিবলৈ, তেওঁৰ ঘৰত হোৱা পাৰ্টিত নৈশ আহাৰ খাবলৈ।

: আৰু আপুনি ডেভিদ স্কটৰ ঘৰত কাৰোবাক লগ পালে ন? মানে কোনো সুন্দৰীক। ৰিণ্টুদা আপুনি লুডুকে খেলি থাকক অ’ মোবাইলত।

বিজয়ে পকেটৰ পৰা তামোল এটুকুৰা মুখত ভৰাই ক’লে।

: তুমি যে তামোল ভৰালা আকৌ ভাত নোখোৱা নেকি?

: ৰ’বাহে দেবজিত। ইমান জল্দি ক’ত ভাত খোৱা? ৰিণ্টুদাৰ বিদেশী প্ৰেমিকাজনীৰ কথা নুশুনা নেকি? তাপা কি হ’ল ৰিণ্টুদা?

: তাৰপিছত এদিন মোক দবা খেলিবলৈ মাতিলে দিনতে। খেলি আছোঁ তেনেতে দেখিলোঁ ঘোঁৰাবাগীৰ পৰা এজনী দীপলিপ গাভৰু নামিছে। বগা গাউন, মূৰত টুপী, হাতত এখন বিচনী। মই যে চায়ে থাকিলোঁ জান দিম্পল।

: বাপ্পা ঐ, আপ্নাক ইমান বয়সৰ হান নাল্গে দেখোনহে দাদা। পচানব্বৈ মান হৈছি না বয়স?

তবিবৰৰ কথাত আটায়ে গিৰ্জনি মাৰি হাঁহে।

: তাৰ পিছত সেই মেমনীজনীয়ে আপোনাক গালি দিলে ন তাইৰ ফালে মুখ মেলি চাই থাকোঁতে How dare you বুলি?

: বাহ বিকাশে কিছু জানা দেই।

দেৱজিতে মাংসৰ আলু এটুকুৰা খাই খাই ক’লে৷

দেৱজিতৰ পৰা মাংসৰ প্লেটখন বিজয়ে টানি আনি মাংস এটুকুৰা মুখত ভৰাই ক’লে,

: আপুনি আৰু MDH মচলাৰ বুঢ়াজন সমসাময়িক ন?

: ধেই আপোনালোক বৰ কিবা দেই? মই চিৰিয়াচলি ফটাপ্ৰেমৰ বিষয়ে জানিবলৈ বিচাৰি আছোঁ।

: হেই বন্ধ কৰাহে৷ কিবা এটা ভাবিবও নোৱাৰি আৰু তোমালোকৰপৰা। আৰু ৰিণ্টু তুমি মানে সেই ১৯৪৭ৰ ঢপ মাৰিবলৈ নেৰা সৱতে।

বিছনাৰ আনটো মূৰত শুই থকাৰপৰা কাকতি দাই ক’লে।

: অ’, আপুনি শোৱা নাছিল মানে? এই চেঙেলীয়াকেইজনৰ কথা শুনি আছিল ন?

: শুইছিলোঁ। কিন্তু তোমাৰ ডেভিট স্কটৰ কথা শুনি চক খালোঁ ৰিণ্টু।

: ইহ, ৰিণ্টুদাই যে ধুনীয়া বিলাতী মেমজনীৰ কথা কৈছে সেইবাবে সাৰ পালে তাকে নকয় কিয়? হেঃ হেঃ হেঃ!

: ৰ’বাহে বিজয়, তামোলৰ পিকসোপা পৰিছে মুখত চিটিকি মোৰ।

দেৱজিতে মুখখন মচি মচি ক’লে।

: মোৰো।

দিম্পলে মুখখন দৌৰি গৈ বেচিনত ধুলে।

: ইহ ..বিলাতী মেম? ৰিণ্টু কিবা ডেভিদ স্কটৰ জামানাৰ নেকি? মই যে বিশ্বাস কৰিম।

: কাকতিদাই খঙেৰে বিজয়লৈ চাই ক’লে৷

: আচলতে, MDH মচলাৰ যে সেই মালিকজন মানে বুঢ়াটো আৰু ৰিণ্টুদা একেলগৰে। ৰিণ্টুদা কেইমাহমানৰ ডাঙৰহে হ’ব চাগে?

বিজয়ে চকুকেইটা মুডি তামোল পকাই ক’লে।

ৰিণ্টুদাই ঘোপাকৈ বিজয়লৈ চাই,

: মই আগৰ জন্মৰ কথাহে কৈছোঁ। আপুনিও যে কাকতিদা সৱ কথা চিৰিয়াছলি লয়।

: বাৰু কথা ওলাইছে যেতিয়া আলোচনা কৰোঁৱেই। আচলতে এই ফটাপ্ৰেম কি?

দিম্পলে চকীখন কাকতিদাৰ ওচৰলৈ টানি আনে। বাকীকেইজনে বিছনা আৰু মজিয়াতে বহে।

: নহয় আগতে ৰিণ্টুদাৰ বিলাতী মেমজনীৰ কি হ’ল জানিব বিচাৰিছোঁ। তাপা ৰিণ্টুদা?

: তাপা তোমাৰ মূৰটো বিজয়। ভাৰত স্বাধীন হ’ল আৰু মেমনী ইংলেণ্ডলৈ গুচি গ’ল।

ৰিণ্টুদা বাহিৰলৈ উঠি যায়।

: অ’, তাৰমানে আপোনাৰ প্ৰেম ফাটি গ’ল অহ চৰী হাৰ্ট ফাটিলে ন? হিঃ হিঃ হিঃ! কিন্তু মোৰ প্ৰথম প্ৰেমটো শুনিলে ফটাপ্ৰেম কাক কয় ইহঁতে জানি গ’ল হয়।

: হ’ব বিজয়৷ তুমি ফটাপ্ৰেম মনত কৰিব নালাগে। ভাত বাঢ়া।

দেৱজিতে ক’লে।

: একপিচ মাংস দিবাহে মোকো। তোমালোকে তেতিয়াৰ পৰা টেষ্ট কৰি আছা! মোৰ ফালে চোৱা নাই এবাৰো।

: আপুনি কিবা ভাবি আছিল যে কাকতিদা সেইকাৰণে দিয়া নাই৷

বুলি বিকাশে মাংস দুটুকুৰাৰে প্লেটখন আগবঢ়ালে৷

: মানে কথাটো হ’ল (মাংস টুকুৰাটোত কামোৰ মাৰি কাকতিদাই চোবাবলৈ ধৰিলে) এই যে তোমালোকে কৈ আছা তেতিয়াৰ পৰা ফটাপ্ৰেম কাক কয়, কিবা উত্তৰ পালা জানো?

: তাকেতো জানিব বিচাৰিছোঁ মই৷

দিম্পলে ক’লে।

: বাৰু কোৱাচোন তোমালোকে প্ৰেম কৰিছানে? কোনোবা ছোৱালীক চিঠি দি পাইছানে? ভাল লাগে বুলি কৈ পাইছানে?

: এজনী ছোৱালীয়ে এবাৰ চিঠি দিছিল মোক। মোৰ বৰ ভাল লাগিছিল তাইক৷ মোক ভাল পাব মন যায় তাকে লিখিছিল। কিন্তু বানান দুনিয়াৰ ভুল। আখৰো বেয়া। চিনিয়ে নাপায় ক লিখিছিল নে ব। মাষ্টৰ মানুহ ভুল চাব নোৱাৰোঁ গতিকে মই তাইক উত্তৰত আখৰকেইটা ভালকৈ লিখিবা। দিনে প্ৰেকটিচ কৰিবা দহবাৰ বহীত। বানানত গুৰুত্ব দিবা। এনেকে তাইক ভাল দিহা দিলোঁ। কিন্তু তাই তাৰপিছৰ পৰা নোচোৱাই হ’ল। মই কিমান দিন আশা কৰি থাকিলোঁ আখৰ ভাল কৰি শুদ্ধ বানানেৰে মোক প্ৰেমপত্ৰ দিব। পিছত দেখা পালোঁ তাই বেলেগ এজনৰ বাইকৰ পিছত বহি মোৰ আগেৰে তাও দি যায়।

: ইচ তবিবৰদা বৰ বেয়া লাগিল কথাটো। মোৰো কাহিনী প্ৰায় একেই।

বিকাশে মোবাইলটো চাই ক’বলৈ ধৰিলে।

: মানে ছোৱালী এজনীৰ লগত চিনাকি হ’ল। বৰ ধুনীয়া, হাঁহিলে বিজুলী মাৰা টাইপৰ। আমি আৰু মেচেজৰ সময়ৰহে মানুহ। ছোৱালীজনীৰ ইংৰাজী কোৱা আৰু লিখাত বৰ ৰাপ। তাই মোক ইংৰাজিতে লিখি খবৰ সোধে। “apunar khabra bhala? bhat khl? moi khl. mur bhut jure bhuk lgsa aji. apunak bhut mrom laga mur.” মই তাইক সুধিলোঁ কি লিখিছানো এইবোৰ? “আপোনাৰ খব্ৰা ভালা? ভাত খল। মই খল। মুৰ ভুত জুৰে ভুক লাগ্ছা আজি। আপোনাক ভুত ম্ৰম লাগা মুৰ।” হেৰি নহয়, কথা এটা কওঁ, ইংৰাজী তুমি ভালকে নিশিকিলা ন স্কুলত? সেইকাৰণে হৈছে ভুল। তাৰপিছত তাই আৰু মোক নামাতেও মেচেজো নিদিয়ে।

: মোৰো প্ৰেম হৈছিল কিন্তু মিছা নকওঁ।

বৰডেকাই লাজ লাজকৈ ক’লে।

: তাইক দামী হোটেলত খুৱাইছিলোঁ, গিফ্ট দিছিলোঁ, ৰাস দেখুৱাইছিলোঁ নলবাৰীত। থিয়েটাৰ এখনো এৰা নাছিলোঁ। সৱ নাটক দেখাইছোঁ। কিন্তু হিচাপ-নিকাচত থকা মানুহ ন? বহীত লিখি ৰাখোঁ কি খৰচ হয়। অভ্যাস হৈ গৈছে। তাই মোক এদিন ক’লে ধেমালিতে, “মোৰ যদি বিয়া নহয় তোমাৰ লগত কি হ’ব?” ময়ো ক’লোঁ, “তোমাৰ লগত খৰচ কৰাখিনি মূলৰ লগতে সুতখিনিও দিবা ঘূৰায়।” এইবুলি বহীখন উলিয়ালোঁ। তাই লগে লগে নলবেইৰা ভাষাত মোক, “ও তুমি হিচাব ৰাইখছ? মোক যি হোটেলত ৰ’ল, চাওচাও খুৱেইছলা? সেগ্লাখানো হিচাবত থৈছ? আজিৰ পে মোক নাম্তিবা, আমাৰ ঘৰোক নাইহবা।” তাৰ পিছত তাই যি গ’ল মোক ঘূৰিয়ে নাচালে।

: চবে কৈছে যেতিয়া ময়ো ক’মেই।

বিজয়ে গাৰুটো বেৰত দি ভালকৈ আউজি বহি ল’লে৷

: তেতিয়া কলেজত সোমাইছোঁ। নতুনকৈ ডেকা হৈছোঁহে আকৌ। এজনী ছোৱালীক সদায় লগ পাওঁ ৰাস্তাত। তাই আকৌ হাইস্কুলত পঢ়ে। মই কাষেৰে চাইকেল লৈ গ’লে যি বেঁকা চাৱনি দিয়ে নহয় কি ক’ম? হেঃ হেঃ হেঃ….কথা পতা নহয় আকৌ। পিচে এদিন বিহু ফাংচন এখনত লগ পালোঁ তাইক। চিনাকি হ’লোঁ আমি। মই কিবা খাবা নেকি সুধিলোঁ। তাই এবাৰতে খাম বুলি ক’লে। মই ওচৰতে থকা চানাৱালা, ফুচকাৰ দোকানলৈ নিলোঁ। আউ, তাই টপাটপ পঁচিশটামান ফুচকা খালে হেৰৌ। চানাচুৰৰ পেকেট দহটামান ল’লে। ওচৰৰ দোকানখনৰপৰা চিপচ্‌ৰ পেকেট দহটামান, লগত অহা ভাগিন, ভতিজালৈ ফ্ৰুটিৰ পেকেট, চকলেট, ক’ল্ড ড্ৰিংকৰ বটল পাঁচটামান লৈছে। আকৌ মিঠাপাণো লৈছে দহখনমান। হে হৰি! ৰাক্ষসীজনীয়ে গোটেই খানদানৰ বাবে কিনিছে অতসোপা বস্তু। মই পইচা দিবলৈ চাই দেখোঁ পাৰ্চটো নাই। কি কৰোঁ, তাইক অলপ ৰ’বলৈ দি সাউতকৈ আহোঁ বুলি যি ঘৰলৈ আহিলোঁ৷ এমাহমান নোলোৱাকৈ থাকিলোঁ ঘৰৰপৰা। বহুদিনৰ মূৰত তাইক দেখিলোঁ কিন্তু কেৰাহিকৈও নাচালে জানেনে?

: বিজয় তোমাৰ প্ৰেম এনেকৈ ফাটিব বুলি জানোৱেই। সেইবাবে মই প্ৰেম চেম নকৰোঁ। ফটা হওক বা নফটা হওক।

: আপোনাৰ কঁপালত যি আছে সেয়াহে হ’ব ন দেৱজিত দা?

দিম্পল, তবিবৰ, ভাস্কৰে একেলগে ক’লে।

: এতিয়া বুজি পালা দিম্পল প্ৰেম কেনেকৈ ফাটে? বানান, আখৰ, ব্যাকৰণ, হিচাপ-নিকাচ বেছি কৰিলে প্ৰেম ফাটি ফটাপ্ৰেম হয়।

: বুজিলোঁ কাকতিদা। আৰু ফুচকা, চানাচুৰ খুৱাবলৈ নি পকেট ফাটিলেও প্ৰেম ফাটে বিজয় দাৰ দৰে।
হাঃ হাঃ হাঃ……

☆★☆★☆

12 Comments

  • Anonymous

    🤣🤣🤣

    Reply
  • জয়ন্ত দাস

    বাপ ৰে ৷ তামাম দেই৷ ফটাপ্ৰেম এতিয়াহে বুজিলো৷ ধুনীয়া হৈছে৷

    Reply
  • বাগ্মিতা

    ডলিবা ফাটাফাটি লিখিছা হে। এনে হাঁহি উঠিছে পঢ়ি! চৰিত্ৰবোৰৰ মুখবোৰ মনলৈ আহি গৈছে। বিৰাট ভাল লাগিল সঁচাকৈ

    Reply
  • ফটাপ্ৰেমৰ সংজ্ঞা বঢ়িয়া হৈছে ডলী ।

    Reply
  • HEMANTA KAKATI

    বঢ়িয়া লাগিল ডলী৷ বহুত হাঁহিলো৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    তামাম লিখিলে৷ মজা লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.