ফটাঢোল

ফটাপ্ৰেম -অংকুমণি ডেকা

‘কৃষ্ণচূড়া নগৰী’ এনে এখন ঠাই য’ত ভালপোৱাৰ বৰষুণজাকত নিতিটো বুলিও তিতাই যায়। প্ৰেমতো কৰা নাযায়! হৈ যায় হঠাৎ!

কোৱা হয়, “কাৰোবাৰ এষাৰ কথাতো প্ৰেম হৈ যাব পাৰে।” মোৰো হ’ল। প্ৰেমত পৰিলোঁ মই। পিচে হ’লে কি হ’ব? মই যাৰ প্ৰেমত পৰিলোঁ, তেওঁ আগৰে পৰাই প্ৰেম পাশত বান্ধ খাই আছিল। সেইগুণে, মোৰ প্ৰেমৰ অভিমানবোৰ মোৰ ডায়েৰীখনেই সামৰি থ’লে।

পিচে অমুকীয়ে প্ৰেম নকৰিব নেকি? কৰিলে দেই, হওক না সেই প্ৰেম একপক্ষীয়।

প্ৰেমৰ সেই মিঠা অনুভূতিক পুনৰ ৰোমন্থন কৰিবলৈ আমি ঘূৰি যাব লাগিব, বিশ্ববিদ্যালয়ৰ সেই দিন বোৰলৈ…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগত নাম লগোৱাৰ পিছত হোষ্টেল পাইছিলোঁ থাকিবলৈ।হোষ্টেলত নাথাকিলে বহুত কিবাকিবি নোপোৱাৰ দৰেই হয়। হোষ্টেলত আমাৰ বাবে চিনিয়ৰবোৰ আছিল একো একোজনী ডাকু৷ যি কৈছিল, নিৰ্বিবাদে মানি লোৱাটোৱে আছিল সেই সময়ৰ নিয়ম। সময়বোৰ গৈ গৈ বিশ্ববিদ্যালয় সপ্তাহৰ ওচৰ পাইছিল। উৎসৱৰ দৰেই হয় সেই সময়খিনি। হোষ্টেলত বিভিন্ন প্ৰতিযোগিতাৰ বাবে ছোৱালী বাছনি কৰিলে। নিজৰ হোষ্টেলৰ বাবে কোনো কামত নহাকেইজনীক প্ৰতিবছৰেই ল’ৰা হোষ্টেললৈ পঠিয়ায়। মোৰো পাল পৰিল। মই পিচে ল’ৰাৰ পৰা কেইমাইলমান দূৰত থকা বিধৰ আছিলোঁঁ৷ “প্ৰেম কৰিলে পঢ়া ক্ষতি হ’ব”, এই ধাৰণাটো মোৰ মন মগজুত কোনে জানো সুমুৱাই দিছিল! পিচে ধাৰণাক, যৌৱনৰ হৰমণবোৰে হৰুৱাই পেলোৱাৰ সময়েইতো আছিল সেয়া।

চিনিয়ৰৰ আদেশ মানি আমি দুজনীমান ‘এ.টি ৬’ ল’ৰা হোষ্টেললৈ যাব লগা হ’ল। বিভিন্ন বিষয়ৰ প্ৰেকটিছ চলি আছে তাত তেতিয়া। আমি দুজনীমানে গান গাব নাজানো বুলি কোৱাত নাচিবলৈ ক’লে। কাৰ্বি নৃত্য এটা লৈছিল নাচিবলৈ। মোৰ নৃত্যৰ সংগী পিচে বহুত হেণ্ডচাম আছিল। সদায় প্ৰেকটিছ কৰাৰ পিছতো মোৰ দুই এঠাইত বাৰে বাৰে ভুল হৈ আছিল। সংগী মনোমোহা হ’লে ভুলতো হ’বই! মাজতে এদিন সংগীয়ে ক’লে, “মাইনা (হোষ্টেলৰ ল’ৰা-ছোৱালী উভয়ৰে নাম) ভালকৈ নাচা৷”

বচ, আৰু কোনে পায়! একেবাৰে এই মাতটোৱে বুকুৰ একোণত এপাট কামনাৰ কাঁড় হৈ বিন্ধি গ’ল নহয়। ল’ৰা হোষ্টেললৈ অহাৰ বাটত যেন কোনোবাই গোলাপৰ পাপৰিহে সিঁচি থ’লে। ৰোমাণ্টিক গানবোৰ বাজিবলৈ ল’লে মগজুত। পিচে সপোন ভাঙিবলৈও বেছি সময় নালাগিল। সদায় ঘূৰি আহোঁতে আমাক হোষ্টেললৈ আগবঢ়াই থ’বলৈ অহা আমাৰ লগৰে এটাক এদিন সোধোঁতে ক’লে বোলে আগতেই মোৰ ৰাজকুমাৰ প্ৰেম পাশত কটকটীয়াকৈ বান্ধ খাই আছে। থিতাতে দুখৰ গানসোপা চাৰিওকাষে একেলগে বাজিবলৈ ল’লে। হৃদয়ত কোনোবা সোমালে ফটকৈ উলিয়াই দিওঁ বুলিয়েই দিব পাৰি জানো? প্ৰেম ময়ো কৰিব পাৰোঁতো বুলি মনতে সুমুৱাই থ’লোঁ। ডায়েৰীখনে গম পাইছিল মনৰ যাতনাৰ কথা। হোষ্টেলত সবেই সুধি সুধি পাগল কৰি দিছিল। যিজনী ছোৱালী ল’ৰা হোষ্টেলত নাচিবলৈ যায় বয়ফ্ৰেণ্ড হোৱাটো খাটাং। লগৰবোৰে বোলে ক, আমি আছোতো ক’বলে। মই বোলো যাক চালোঁ, আগৰে পৰাই ফিটিং। নহ’ব মোৰদ্বাৰা।

চলি থাকিল মোৰ একপক্ষীয় প্ৰেম। হোষ্টেলৰ খাদ্য বেয়া, ঘৰত মুকলিমূৰীয়াকৈ থকা ছোৱালীজনী ৰূমৰ ভিতৰত খিৰিকী নথকা বেৰখনৰ চুকত থাকি কিবা আমনি লাগিছে বুলি কৈ, পৰীক্ষা নিদিওঁ বুলি ঘৰলৈও আহিলোঁ, গা বেয়াও হ’ল। পিচে বহুদিন পিছত নৃত্যৰ সংগীক আৰু দেখা নাপাম কথাটোৱে দুখ দিয়াত হোষ্টেললৈ আকৌ উভতি গ’লোঁ। পিছৰ বাৰ বিশ্ববিদ্যালয় সপ্তাহত সিহঁতৰ হোষ্টেলত নাচিবলৈ গ’লোঁ৷ পিচে সংগীয়ে বেলেগ এজনীৰ লগতহে নাছিলে! ভাবকচোন কি অবস্থা হৈছিল মোৰ তেতিয়া!

কাৰ বাবে হোষ্টেলত নাচিবলৈ গ’লোঁ কি গতি!

সেইবাৰ কবিতা আবৃত্তি প্ৰতিযোগিতাত ভাগ ল’বলৈ আগদিনাৰেপৰা প্ৰেকটিচ কৰিছোঁ। লগৰ এজনীক লৈ গৈছোঁ বি.কে.বি হললৈ। বাহিৰতে ভলীবল খেলি আছে এ.টি ৬ হোষ্টেলৰ ল’ৰাবোৰে, য’ত মোৰ সপোন কোঁৱৰেও খেলে। দেখি গ’লোঁ তেওঁক। কবিতা মই কি আবৃত্তি কৰিছিলোঁ নাজানো। পুৰস্কাৰ দিবৰ সময়ত কিন্তু মোৰ নাম কৈছিল প্ৰথম পুৰস্কাৰৰ বিজয়ী হিচাপে।

শেষত, প্ৰেমিক নহ’লেও ভাল বন্ধু হৈছিল তেওঁ। শিক্ষকৰ চাকৰি পাইছিল সেই বছৰতে। লগৰ এজনীক লগত লৈ চাকৰি পোৱাৰ পাৰ্টিও খালোঁ আৰু মোৰ প্ৰথম প্ৰেমকো ফটা প্ৰেমৰ ৰূপ দিলোঁ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.