ফটাঢোল

ফটাপ্ৰেম- জ্ঞানদ্বীপ খনিকৰ

আমাৰ দিনত ধনী ধনী মানুহৰ ল’ৰা-ছোৱালীবোৰৰ কথাই বেলেগ আছিল৷ শাস্ত্ৰৰ মতে ধনী মানুহৰ ল’ৰা-ছোৱালীবোৰৰ আদৱ কায়দা, কথা-বতৰা, কাপোৰ-কানি, পঢ়া- শুনা সব বেলেগ৷ আৰু আমাৰ মতে সিহঁত ধনী ধনী৷ দেউতাকবোৰে ডাঙৰ ডাঙৰ চাকৰি কৰে, স্কুটাৰ চলায় মুঠতে তামাম চমৎকাৰ৷ আৰু আমি বৈ থকা নাকবোৰে সৈত্যে সিহঁতৰ লগত দোষ্টি বনাবলৈ চান্স বিচাৰি ফুৰোঁ। সিহঁতৰ স্কুলৰো কোনো ঠিকনা নাই৷ এমাহ আছে, এবছৰ আছে আকৌ গৈছে ক’ৰবালৈ, নতুবা আহিছে ক’ৰবাৰ পৰা, গৈছে ক’ৰবালৈ৷ মুঠতে আমি ঢুকি নাপাওঁ৷ বাপেকহঁতে হেডছাৰৰ লগত কথা পাতিব আৰু পিছদিনাৰপৰা সিহঁতৰ স্কুল ষ্টাৰ্ট। মোৰ গোলাপীও এমাহ পঢ়িবলৈ আহিছিল৷ কাৰণ বাপেকে বহাগ বিহুত এমাহ ছুটি লৈ ঘৰলৈ আহিছিল৷ গতিকে এইমাহটো আমাৰ লগত পঢ়িব অষ্টম শ্ৰেণীত৷

প্ৰথম দিনা চিনাকি পৰ্ব৷ অংকৰ ছাৰে মোকেই ক’লে স্কুলখন ভালদৰে দেখুৱাবলৈ; ময়ো ভালদৰে দেখুৱাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলোঁ। বৰ কথকী, এইটো কি, সেইটো কি উফ্! মই নহ’লে যেন নহ’বই৷ ছুটিৰ পিছত চাইকেলখন লৈ আগবঢ়াই থৈ অহাৰ দায়িত্বও মোৰেই৷ মানে মই বহুত ব্যস্ত হৈ গ’লোঁ জানেনে? দ্বিতীয় দিনাও একেই। মোৰ দায়িত্ব বাঢ়িল। তাইক লৈ স্কুলত চৰ্চাও বাঢ়িল, পঢ়াতো জুই। আমি এতিয়া পঢ়াবোৰ তাই কেতিয়াবাই শেষ কৰিলে৷ মোৰ যেন অলপ গৰ্ব হ’ল। অভিমান আহিল৷ উফ্ মানে পৰি গ’লো আৰু প্ৰেমত! তাই কিবা ভাবিছে জানো! এই যাহ্..মই কি জানো!

বিহুলৈ মাজত মাথোঁ দহদিন৷ লগৰবোৰ বিহুলৈ সাজু হ’লেই আৰু মই ভাবি আছোঁ বিহুটো বাৰু এতিয়াহে আহিব লাগেনে! অহ্ বিহুটো নহা হ’লেচোন গোলাপীও নাহিলহেঁতেন। কি যে মহাপাগল মই৷ তাইৰ ওজৰ আপত্তি, কথাবোৰ ইমান ভাল লাগে৷ বিহুতো বহুতদিন স্কুল বন্ধ৷ বিহুৰ পিছতচোন তাই যাবগৈ। এনেকৈয়ে গ’ল গোটেই সপ্তাহটো। তাইক কৈয়েই দিলোঁঁ,

: আৰু তিনিদিনৰ পিছত বিহু, নেদেখিম আৰু চাগৈ তোমাক!

অ’ গোলাপীজনীৰ চোন মনটো মৰি গ’ল৷ পিচে সেয়া দেখি মোৰ মনটো ভাল লাগি গ’ল দেই৷ তায়ো মই ভবাৰ দৰে ভাবিছে চাগে কিবা এটা! কৈ দিওঁ নেকি ভাল লাগে বুলি, ভাল পাওঁ বুলি! চেহ, নকওঁ পায় লাজ লাগে। কাইলৈৰ পৰা স্কুল বন্ধ৷ আজি তাই মনে মনে আছে। বাৰে বাৰে  কিবা এটা ক’ব খুজিও মই ক’ব পৰা নাই৷ অহ্ সিহঁতৰ ঘৰ পালোঁহিয়েই। মই আকৌ উভতি যাম তিনি কিলোমিটাৰ ভটিয়াই। যাওঁ বুলি ক’বলৈ লওঁতেই দেখিলোঁ তাইৰ চকুহাল চলচলীয়া। তাই চকুযোৰ আঁতৰাই দিলে৷

: তোমালোকে বিহু গাবলৈ আমাৰ ঘৰলৈ আহিবা৷

বুলি কৈ দীঘল পদূলিটোৰে দৌৰি গুচি গ’ল। আৰু মই গোটেই বাটছোৱা এটা কথাকে ভাবি আহিলোঁ৷ ঘৰত জানো দিব, লগৰবোৰ জানো আহিব ইমান দূৰত বিহু গাবলৈ! গৰু বিহুৰ দিনা কণীযুঁজ কৰিয়েই আমি গাঁওবুঢ়াৰ ঘৰত প্ৰথম বিহু মাৰি গাঁওখনৰ এমূৰৰপৰা বিহু হুঁচৰি আৰম্ভ কৰি দিলোঁ। বৰ মনত পৰিছে তাইলৈ। কি বা কৰি আছে! ভাবি আছে চাগৈ আমি বিহু গাবলৈ যাম বুলি। আমাৰ গাঁওখনৰ প্ৰত্যেক ঘৰতে বিহু গাই শেষ কৰিবলৈ চাৰিদিন লাগে৷ সিহঁতৰ ঘৰ আকৌ দুখন গাঁও পাৰ হৈ৷ লগৰকেইটাক ক’বলৈহে পালোঁ গৰগৰাই উঠিল, বোলে ইমান সময় নাই, সিহঁত মোমায়েকৰ ঘৰলৈ যাব৷ গাঁওখনত হুঁচৰি তিনিযোৰা। আমি সৰুবোৰে দিনত, বয়সষ্ঠসকলে গধূলিৰপৰা ৰাতি দহমান বজালৈকে আৰু ডেকাবোৰে ৰাতি আঠ মান বজাত আৰম্ভ কৰি গোটেই নিশা বিহু মাৰে৷ যি কি নহওক আমাৰ বিহু চলি আছে। লাহে লাহে পাহৰি পেলাইছোঁ গোলাপীৰ কথা। অলপ দুখো লাগিছে কাৰণ তাই হয়তো আমি যাম বুলি বাট চাই আছে৷

বিহুৰ তিনিদিন গ’ল৷ গধূলি মাক কৈ কেইটামান পদূলি পাৰ হৈ বৰদেউতাহঁতৰ ঘৰত বিহু খাবলৈ গ’লোঁ, দাদাহঁত ওলাইছে বিহু গাবলৈ। মনতে ভাবিছোঁ কেতিয়ানো ডাঙৰ হ’ম! দাদাহঁতৰ লগত ৰাতি ৰাতি গাঁৱে গাঁৱে বিহু মাৰিব পাৰিম, সিহঁতক কোনেও একো নকয়৷ বাহিৰত হুলস্থূল, তপন কাইয়ে অকলে নাচনী হ’লে নানাচে। মতা নাচনী হ’লেও লগ এটা লাগে, বুজি কিয় নাপাৱ তহঁতে বুলি দপদপাই উঠিছে। ইফালে আকৌ অকনমান স্ফূৰ্তি পানীও খাই লৈছে। ডেকাবোৰৰ আলোচনা, নাচনী নহ’লে মাননি কম পাব। অহ্ এয়া কি! মই যেন নিজৰ কাণখনকে বিশ্বাস কৰিব পৰা নাই। দাদাহঁত যাব গোলাপীহঁতৰ ঘৰত বিহু গাবলৈ। গোলাপীৰ দেউতাকে বোলে মাতি পঠিয়াইছে। কি কৰিম কি কৰিম ভাবি থাকোঁতেই মনলৈ এটা বুদ্ধি আহিল৷ তপন কাইক ক’লোঁগৈ,

: তই যদি দাদাহঁতক ক’ব পাৰ, তেতিয়া তোৰ লগত ময়ো নাচিম৷

তপন কাই ৰাজী পিচে দাদাই নিদিয়ে৷ মোৰ মন আকৌ গোলাপী গোলাপী, দাদাৰ ভয় দেউতালৈ৷ ঘপহকৈ মই মিছা মাতিলোঁ যে মই ইয়াত থাকিম বুলি দেউতাক কৈ আহিছোঁঁ৷ দাদাৰ লগৰকেইটাৰ কৃপাত দাদাই মানিলে। আৰু মই এখনি মুখ এটা হাঁহিৰ বাবে…

মইতো ভবাই নাছিলোঁ নাচনী হ’বলৈ ইমান কষ্ট বুলি। বাইদেউৰ গ্ৰীণ ৰূমত সকলো ব্যস্ত মোক মোহময়ী কৰাত৷ গামোচা এখনেৰে মূৰত খোপা আৰু ৰিহাখন মেৰাই মেৰাই মোক মানে একেবাৰে গধূৰ কৰি পেলালে। ব্লাউজ এটা পিন্ধাই বুকুত ভৰাই দিলে দুটা ফটাকানিৰ টোপোলা, কঁপালত এটা মস্ত ফোঁট, লিপষ্টিক; তথাপিও সকলো সহি গৈছোঁ মাথো এখন বিশেষ মুখৰ এটা হাঁহি চাবলৈ৷ আইনাখন দেখুৱাত নিজকে অচিনাকি যেন লাগি গ’ল৷ গৈ আছোঁ গোলাপী তোমাৰ কথা আজি মই ৰাখিম, যাম বিহু গাবলৈ। কিমান যে সুখী হ’ব তাই!

নামতীয়ে দীঘলকৈ সুৰ টানি নাম গাইছে,

“আহা আইদেউ এ আইদেউ আহা নাচি নাচি…”

তপন কাই আগে আগে মই পিছে পিছে৷ নাচনীক ডেকাবোৰে বেৰি বেৰি ধৰিছে। আমি চোতালত, গৃহস্থ বাৰাণ্ডাত৷ নাই গোলাপী নাই৷ ক’ত বা আছেগৈ মৰতী! তপন কাইয়ে ধুনীয়াকৈ নাচিছে৷ সি যেনেকৈ হাত ভাঙিছে ময়ো লাগি গৈছোঁ যিমান পাৰি মিলাবলৈ। ভাবিছোঁ গোলাপীয়ে জানো চিনি পাব! সকলোৱে দেখোন মোক ছোৱালী ছোৱালী লাগিছে বুলি কৈ আছে! সৌজনী বায়েকহঁতৰ লগত, অহ্ কেতিয়ানো আহিল গমেই নাপালোঁঁ৷ এইবাৰ কোনে পাই! ঢোলত ৰগৰ যিমানে দিছে ময়ো সিমানে ঘূৰিছোঁ। বিহু পকি উঠিছে, নামতীৰ ওপৰত নামতীয়ে নাম ধৰিছে৷ গোলাপী, বায়েকহঁত সকলোৱে হাঁহি হাঁহি মোৰ নাচ চাইছে। কিবা নিজকে হিৰ’ হিৰ’ নহয় মানে হিৰ’ইন যেন লাগি গ’ল৷ মোৰ নাচৰ কোপ বাঢ়ি গৈয়ে আছে৷ আজি গোলাপী ফেইল মোক চিনিয়ে নাইপোৱা। আস্ কিযে ভাল লগা সময়!

ইফালে দেউতাই মাক সুধিলে বোলে ল’ৰা ক’ত? মায়ে বোলে ককাইদেউৰ ঘৰত৷ দেউতাই বৰমাক সুধিলে বোলে ই ক’ত? বৰমাই বোলে ডাঙৰটোৰ লগত বিহু গাবলৈ গ’ল৷ আৰু মোক বিচাৰি আৰম্ভ হ’ল দেউতাৰ অভিযান৷

নাচি আছোঁ নাচি আছোঁ, অলপ পিছতে দেখিলোঁ নামতী, বিহুৱা সবে বিহু গাবলৈ এৰি মোলৈ চাই হাঁহি আছে৷ গোলাপীলৈ চালো বায়েকহঁতৰ লগত একেলগ হৈ মোলৈ আঙুলি টোঁৱাই টোঁৱাই হাঁহিছে। মোৰ কিবা এটা সন্দেহ হ’ল৷ তপন কাইলৈ চালোঁ তেওঁ মোৰ বুকুৰ ফালে চাই কিবা এটা ইংগিত দিলে। হে হৰি তেতিয়াহে দেখিলোঁ মোৰচোন বুকুৰ কাপোৰৰ টোপোলা এটা নাই। নিজৰ ৰূপটো দেখি লাজত মৰি যোৱা যেন লাগিল৷ অলপ পিছহুঁহুকিব খোজোঁতেই এটা প্ৰচণ্ড চৰত মূৰৰ খোপা উৰি গ’ল৷ একো টলকিবই নোৱাৰিলোঁ৷ কিনো বুলি চাওঁতেই দেখিলোঁ সন্মুখত দেউতা, তেওঁৰ হাতখন মোৰ কাণত৷ আচম্বিত পৰিস্থিতিত ঢোল, পেঁপা, বিহু সব ৰৈ গ’ল৷ মাথো কাণত বাজি থাকিল বাৰাণ্ডাৰ পৰা অহা সেই চিনাকি হাঁহিটো। ষষ্ঠ ইন্দ্ৰিয় সজাগ হৈ উঠিল। এই পৰিস্থিতিত পলোৱাই একমাত্ৰ উপায় বুলি দিলোঁ লৰ। কিন্তু দৌৰিবলৈ বুলি জাঁপটো মাৰোঁতেই শাৰীখনৰ লগত জোঁটপোট খাই লুটিখাই পৰিলোঁ জেগাতেই৷ আকৌ সেই হাঁহি কেৰাহিকৈ চালোঁ, মোৰ অৱস্থাটো দেখি গোলাপীয়ে পৰি পৰি হাঁহিছে৷ এইবাৰ মেখেলা দাঙি ল’লোঁ৷ জীৱন মৰণৰ সংগ্ৰাম, এটা মাৰাথন, ঘৰমুৱা পথেৰে; দেউতা পিছে পিছে…

শাৰীখন বুকুত সাৱটি দৌৰি আছোঁ৷ কি যে উলট পালটখন হৈ গ’ল! ঘৰতো আজি কি হয় ঠিক নাই! মাৰ মুখখনলৈ মনত পৰিল৷ মায়ে বচালেহে বচোৱা৷ আঁতৰৰপৰা শুনিছোঁ কোনোবা দুটাই নাম গাই আহি আছে। ওচৰ পাইছোঁহে মাত্ৰ, এটাই কিনো দৌৰি আহিছে বুলি টৰ্চটো মোৰ গাত মাৰি “আই ঔ মৰিলোঁ” বুলি দুইটা পথাৰত জঁপিয়াই দিলে৷ বুজিলোঁ ভয় খালে। এখন গাঁও পাৰ হ’লোঁ৷ দেউতা বহু পিছ পৰি ৰ’ল৷ এটাই চিন্তা যেনেতেনে ঘৰ সোমাবগৈ লাগে৷ সেইখিনিতেই আকৌ লাগিল নহয় লেঠাটো৷ কেঁকুৰিটো পাৰ হৈছোহে, ক’ৰপৰা জানো পাঁচটামান ভটুৱাই ভুক ভুকাই আহিল নহয় খেদি৷ হে ভগৱান! কিহে পাইছিল মোক নাচনী হ’বলৈ! শিল এটা হাতত লৈ যিমানেই খেদিলোঁ সিহঁতৰ ৰাউচি বেছিহে হ’ল। গাঁওখনৰ কুকুৰ গোটেইসোপাই যেন গম পালে মোৰ উপস্থিতি৷ চাৰিওফালৰপৰা ৰাউচি জুৰিলে৷ এইবাৰ মোৰ নিস্তাৰ নাই৷ মাটিতে বহি পৰিলোঁ আৰু মা মা কৈ কান্দিবলৈ ধৰিলোঁঁ৷ মই যদি এখোজ আগবাঢ়ো সিহঁত এখোজ পিছলৈ যায়। হয়তো পিছে পিছে আহি থকা দেউতাই চিঞৰটো শুনিলে। বহুত দূৰৰপৰা তেওঁ ছেই ছেই বুলি চিঞৰি আহিল। আকৌ দেউতাৰ মাতটো শুনি কুকুৰলৈ থকা ভয়টো আঁতৰি গ’ল৷ আকৌ দৌৰ ধৰিলোঁঁ৷ আৰু বেছি দূৰ নাই…

ঘৰৰ দুৱাৰমুখ পাই মা মা কৈ মনে মনে দুৱাৰত ঢকিয়ালোঁ। মায়ে কোননো বুলি চাকিটো লৈ দুৱাৰখন খুলি,

: আই ঔ কি ঔএইটো!

বুলি যিটোহে চিঞৰ দিলে; বুজিলোঁ মায়েও মোক চিনি পোৱা নাই৷ তেতিয়ালৈ দেউতা পদূলি পাইছিলহি। পৰিস্থিতি বুজি তেওঁ পদূলিৰ পৰাই চিঞৰিলে,

: ঐ ঐ সেইটো আমাৰটোহে।

সেইদিনা আৰু মাৰ নাখালোঁ, দেউতায়ো চাগৈ ভয় খাইছিল৷ মাথো কাণত ধৰি দহবাৰ আঁঠু কাঢ়ি শপত খালোঁঁ কেতিয়াও নাচনী নহওঁ আৰু ঘৰত নোকোৱাকৈ ক’তো নাযাওঁ বুলি৷ মোৰ আধা দোষ গুচি গ’ল বৰদেউতাহঁতৰ দাদালৈ৷ কিন্তু মোৰ প্ৰেম….!

তাই জানো মোক চিনি পালে? কিয় ইমান হাঁহিছিল মোলৈ চাই! একেবাৰে ভাল লগা নাছিল সেই হাঁহিটো৷ যদি চিনি পালে কেনেকৈ ওলাম তাইৰ আগত! যদি চিনি নাপালে কেনেকৈ ক’ম সেইটো ময়েই আছিলোঁ বুলি! বিহুৰ পিছত এদিন তাই স্কুললৈ আহিছিল,  আঁতৰত তাইক দেখি ঘৰলৈ ঘূৰি আহিলোঁ৷ পেটৰ অসুখ বুলি দিনটো মিছাতে লেট্ৰিনলৈ অহা যোৱা কৰি থাকিলোঁ৷ আজিলৈকে সাহস নহ’ল তাইৰ সন্মুখত ওলাবলৈ৷

☆ ★ ☆ ★ ☆

3 Comments

  • আয়ৈ দেহি, কলিতে মৰহি গ’ল প্ৰেমৰ ফুলপাহি। বৰ ৰস লগাকৈ লিখিছে, ভাল লাগিল।

    Reply
  • Sadananda Bhuyan

    দুখেই লাগি গ’ল । বহুত ভাল লাগিল ।

    Reply
  • Manami

    ধুনীয়া লিখিছে। বহুত হাঁহি উঠিলে। বহুত ফুৰ্টি কৰিলোঁ। ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published.