ফটাঢোল

ফটাপ্ৰেম-বিজু বুঢ়াগোহাঁ‌ই

মোবাইলৰ স্ক্ৰীণখন জিলিকি উঠিল। সেই অচিনাকি নম্বৰটোৰপৰা আকৌ এটা মেছেজ আহিছে। লগ কৰিবলৈ বিচাৰিছে।
মই তেতিয়া কটন কলেজৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰী। নতুনকৈ বহু বান্ধৱী লগ পাইছো, সিহঁতৰ সৈতে মাজে-মাজে আড্ডা মাৰো, মাজে-মাজে পাণবজাৰৰ মিলেনিয়ামলৈ যাও, ৰেবতী চাট হাউচলৈ যাও, মুঠতে খুউব ধুনীয়া সময় আছিল সেইয়া।
এদিন হঠাতে মোলৈ আননৌন নম্বৰ এটাৰপৰা মেছেজ আহিল কেনে আছা বুলি! মই সুধোহে সুধো কোন হয়, সিফালৰপৰা কিন্তু উত্তৰ নিদিয়ে।
মোক আচৰিত কৰি এবাৰ তেওঁ ক’লে, ‘তুমি মোক চিনি নোপোৱা, মই কিন্তু তোমাক চিনি পাওঁ‌। ২১০ নম্বৰ ৰুমত এডুকেচনৰ ক্লাচ কৰি থাকোতে তোমাক চাই থাকো দৰ্জাৰমুখৰপৰা।’
মনতে ভাবিলো, ‘হয়তো! সঁ‌চাকৈয়ে ক্লাছ শেষ হোৱাৰ সময়ত তাত ল’ৰা-ছোৱালী ৰৈ থাকে পিছৰ ক্লাছটোৰ বাবে।’ স্ফূৰ্তিও অলপ লাগিল মোকো কোনোবাই লক্ষ্য কৰে বুলি জানি।
মই তেওঁক সুধিলো, ‘তুমি চিনিয়ৰ নে কি?’
তেওঁ ক’লে, ‘অ, মই গ্ৰেজুৱেচন কৰি আছো। এডুকেচনত মেজৰ।’
মই আকৌ ভাবিলো বোলো লগৰবোৰে বিজ্ঞান শাখাৰ ল’ৰা চাই, মোকনো বাৰু ক’লা শাখাৰটোৱেহে চাবলৈ পালেনে! মনটো সেমেকিলেও পিছমুহূৰ্ততে আকৌ তেওঁৰ সৈতে কথা পতাত ব্যস্ত হৈ পৰিলোঁ।
নামটো সুধিলো, ক’লে – ‘সিদ্ধাৰ্থ বৰুৱা।’ আহ্, কি ধুনীয়া নাম! তাতে উপাধিটোৱে যেন সোণত সুৱগাহে চৰাইছে। নিজৰ উপাধিটোৰ বাদে ভাললগা উপাধিবোৰৰ তালিকাৰ ইও এটা। ঘৰ ক’ত সুধোতে ক’লে যে তেওঁৰ ঘৰ শিৱসাগৰত আৰু ৰজনীকান্ত বৰদলৈ হোষ্টেলত থাকে। পিছদিনাখন আহি লগৰকেইজনীক সুধিলো ক্লাছৰ বাহিৰত ৰৈ থকাবোৰে কি ক্লাছ কৰেনো আমাৰ পিছত। সিহঁতে ক’লে বোলে ডিগ্ৰীৰ মেজৰ ক্লাছ, এডুকেচনৰ। মই ভাবিলো, ‘অহ্, তেওঁ মানে সঁ‌চাকৈয়ে কৈছে মোক কথাবোৰ!’
দুদিনমান আমি এনেকৈয়ে আমি কথা পাতি থাকিলো। লগ পাবলৈ মন গৈছিল লাহে-লাহে মোৰ, কিন্তু ক্লাছবোৰ নিমিলিছিল। লগৰবোৰে জোকাব বুলি সিহঁতকো কোৱা নাছিলো। কিন্তু মোৰ মিলমিলিয়া হাঁ‌হি দেখি মাজে-মাজে জোকাইছিল, ‘কি ঐ, এইজনীয়ে দেখোন আজিকালি ফোনটোতে লাগি থাকে, ক’ৰবাত কিবা হৈছে যদি ক আকৌ আমাকো!’
ময়ো ‘ধেই, একো হোৱা নাই’ বুলি কৈ থৈ দিওঁ‌।
মইহে জানো, কিমান সপোন দেখো তেওঁৰ সৈতে কথা পাতি-পাতি। তেওঁৰ ঘৰত কোন কোন আছে, ভৱিষ্যতে তেওঁ কি কৰিব বিচাৰে, মই কি বিচাৰো, ইত্যাদি সকলোবোৰেই আলোচনা কৰো আমি। ভাল লগা হৈছিল দিনবোৰ। মইতো একেবাৰে সপ্ত আকাশত উৰি ফুৰিছিলো মনৰ আনন্দতে। লাহে-লাহে সিদ্ধাৰ্থৰ সৈতে ঘনিষ্ঠ হৈছিলো। তেওঁক ভাল লাগিছিল, মই যেনেকুৱা ল’ৰা বিচাৰিছিলো তেওঁ একেবাৰেই তেনেকুৱা আছিল। মোৰ কথাবোৰ-মোৰ মনটোক বুজিছিল তেওঁ!
এদিন তেওঁ হঠাতে ক’লে, ‘আমি এতিয়ালৈ মেছেজতহে কথা পাতিছো। আজিলৈ তুমি মোক ফোন এটাও কৰিবলৈ নক’লা। তুমিও নকৰিলা মোলৈ ফোন। কাইলৈ লগ কৰো ব’লা। আছে নহয় কাইলৈ নিউ আৰ্টচ বিল্ডিঙত ক্লাছ?’
মইও ‘অ ঠিক আছে দিয়া। ১২:১৫ বজাত আছে ক্লাছ। তাৰ আগতে লগ কৰিম। হ’ব নে?’ বুলি সুধিলোঁ‌।
তেওঁ ক’লে, ‘ওম বাৰু। তুমি চুডমাৰ্চন হলৰ আগত ৰৈ থাকিবা।’
মোৰ মনটো স্ফূৰ্তিত নাচি উঠিল। অৱশেষত তেওঁক লগ পাম মই! ওৰেটো ৰাতি এখন অচিনাকি মুখৰ সৈতে সপোন দেখি-দেখি কটাই দিলোঁ‌। ৰাতিপুৱা শুই উঠাৰপৰা মোৰ উৎসাহ আৰু দুগুণ বাঢ়ি গ’ল। কি কাপোৰ পিন্ধি যাও, চুলিখিনি কেনেকৈ বান্ধি যাও, কাণফুলি কি পিন্ধি যাও, ভাবিয়েই পোৱা নাছিলো। তথাপিও কিবা এযোৰ খৰধৰকৈ পিন্ধি কলেজলৈ গ’লো। কলেজতো সময়বোৰ নাযায়-নুপুৱাই যেন লাগিল। প্ৰ’ফেচাৰেও কি পঢ়াইছে, একো মূৰত সোমোৱা নাই। তেওঁ মোলৈ মেছেজ কৰিলে, ‘এক্সাইটেড নে?’
মই, ‘বহুত’ বুলি কৈ থ’লো। ১২:০০ বাজিলত নিউ-আৰ্টচ বিল্ডিঙলৈ বুলি খোজ ল’লো। কেমেষ্ট্ৰী ডিপাৰ্টমেণ্টৰ সন্মুখ পাওতে তেওঁ মোক আকৌ মেছেজ কৰিলে, ‘আহিছা নে? মই ৰৈ আছো চুডমাৰ্চন হলৰ আগত। আৰু শুনা, মই পিংক চাৰ্ট আৰু ব্লেক পেণ্ট পিন্ধিছো দেই।’
মই, ‘ৰ’বা, গৈ আছো’ বুলি মেছেজ কৰিলোঁ‌।
মই খৰ-খোজেৰে চুডমাৰ্চন হলৰ সন্মুখ পালোগৈ। লগৰকেইজনীকো তাতে ৰৈ থকা দেখিলো। চিঞৰি-চিঞৰি মোক এজনীয়ে মাতি ক’লে, ‘ঐ, ইমান খৰকৈ ক’লৈ যাৱ? এইফালে আহ।’
মই কি কৰো-কি নকৰো বুলি ভাবি সিহঁতৰ ওচৰলৈ গ’লো। ইফালে সিদ্ধাৰ্থ ৰৈ আছে, ইহঁতেও কথা পাতি-পাতি এৰি দিয়া নাই। মোৰ অৱস্থাটো কিন্তু সেইসময়ত চাবলগীয়া হৈছিল। অলপ পিছতে মোৰ ওচৰলৈ উপমাই আহি ক’লে, ‘সিদ্ধাৰ্থক লগ কৰিবলৈ বৰ মন নেকি?’
মই আচৰিত হৈ, ‘তই কেনেকৈ জানিলি? চিনি পাৱ নেকি তাক?’
তাই তেতিয়া ক’লে, ‘মোৰফালে ভালকৈ চাচোন এবাৰ। গুলপীয়া চাৰ্ট মানে মোৰ এই কুৰ্তাটো আৰু ব্লেক পেণ্ট মোৰ এই লেগিঙটো। বুজিলি মোৰ দেহাজনী? মইয়েই তোমাৰ সিদ্ধাৰ্থ।’
লগে-লগেই গোটেইকেইজনীয়ে ডাঙৰকৈ হাঁ‌হি দিলে। ময়ো বহু দেৰিলৈ শিলপৰা কপৌৰদৰে সিহঁতৰ মুখলৈ এবাৰ আৰু উপমাৰ মুখলৈ এবাৰ চাই থাকিলো।
☆ ★ ☆ ★ ☆

17 Comments

Leave a Reply

Your email address will not be published.