ফটাঢোল

ফটাপ্ৰেম – বৰ্ণালী ফুকন

ক্লাছ এইটৰ পৰা আমাৰ লগৰ দুই এজনী প্ৰেমত পৰিবলৈ ধৰিছে। টিফিনত আমি কেইজনীমানে সিহঁতক বেৰিকুৰি ধৰো, প্ৰেম কাহিনী শুনিবলৈ। প্ৰেমিকৰ চিঠি দুই এখন পঢ়াৰো সৌভাগ্য ঘটিল। তেজেৰে লিখা চিঠি পঢ়ি শিঁয়ৰি উঠো। কিমান ভাল পালে বাৰু এনেকৈ তেজেৰে প্ৰেমিকালৈ চিঠি লিখিব পাৰে। তাহাঁতৰ প্ৰেম কাহিনীয়ে আপ্লুত কৰে আমাক। আমি প্ৰেমিক নথকা কেইজনীয়ে নিজৰ ফুটা কপালখনকে দুখ দিওঁ। আমি কেইজনীয়ে কথা পাতো, তেজেৰে নালাগে বাৰু চিঞাহীৰেই লিখচোন আমালৈ চিঠি এখন কোনোবাই। মনৰ দুখ মনতে মাৰ যায়। আইনাখনৰ আগত নিজকে চাই ভাবো, ইমাননো কুৰূপাকৈ ভগৱানে কিয় স্ৰজিব লাগিছিল! ধৈ!

এদিনৰ কথা। লগৰ এজনীয়ে মোক তাইৰ সম্বন্ধীয় ককায়েকলৈ জোকাবলৈ ধৰিলে। কোনোদিন নাই দেখা ল’ৰা জনক, তথাপি মনটোত এক বুজাব নোৱাৰা ভালপোৱাৰ ভাব এটাই বাহ বান্ধিলে। এদিন আমাৰ স্কুলৰ আগেদি পাৰহৈ যাওঁতে দেখুৱায়ো দিলে। কেনে দেখিলো, তাকেই দেখিলো নে আন কাৰোবাকে দেখিলো ক’ব নোৱাৰো। মুঠতে প্ৰেমত পৰি চামেই এইবাৰ। মনে মনে আমি দুইজনীয়ে সিহঁতৰ স্কুলৰ সন্মুখেদি যাওঁতে চাই চাই যোৱা হ’লো, কেনেবাকৈ ক’ৰবাত দেখোৱেই নেকি বুলি। ইমানসোপা ল’ৰাৰ মাজত তাক চিনি পাবলৈ টান বুলি জানিও চাবলৈ নেৰো।

এবাৰ বিহুৰ সমদলত লগৰ কেইজনীৰ সৈতে গৈ আছো। বন্দিতা, অনিতা, ৰুবী, জোন, ৰুণ আৰু মই। হঠাৎ ৰুণে চিঞৰিলে- “ঐ চা দীপু।”

আমি তাই চোৱাৰ ফালে চাই পঠিয়ালো। সেইদিনা দীপুক ভালদৰে দেখিলো। সিও আমাৰ ফালে চাই মিচিকিয়াই হাঁহিলে। চাৰি চকুৰ মিলন হ’ল। দিন বাগৰিল, প্ৰেমিকৰ পৰা কোনো বতৰা নাহিল যদিও মনটোৱে প্যাৰ কা নগমা গাবলৈ ধৰিলে। ৰুণে জোকায়ে থাকিল দীপৰ লগত।

এদিন হঠাৎ ৰুণে আহি ক’লে -“তোৰ কি কিতাপ নাই কচোন?”
মই আচৰিত হৈ সুধিলো – “কিয়?”
ৰুণ- “কচোন ক।”
মই- “সংস্কৃত গ্ৰামাৰখন।” পিছদিনা তাই মোক সংস্কৃত গ্ৰামাৰখন দিলেহি। ওপৰত ডাঙৰ ডাঙৰকৈ লিখা আছে ‘দীপ’।

মই কিতাপখন তাইৰ পৰা থাপ মাৰি লোৱাদি ল’লো। কিজানি কিতাপৰ মাজত চিঠি তিঠি দিছেই। বুকুখনে ধান বনাদি বানিবলৈ ধৰিলে। লুটিয়াই বগৰাই চালো পাওঁ নেকি কিবা। নাই ক’তো। জোকাৰি মেলি চালো, নাই। আকৌ এবাৰ চাওঁ বুলি লুটিয়াই দিওঁতেই ওলাই পৰিল এখন চিঠি। ৰুণে নাই দেখা, ৰক্ষা! একে দৌৰে বাথৰুমত সোমাই পঢ়ি গ’লো।

মৰম

তোমাক বিহুত দেখাৰ পৰাই এক মুহূৰ্তৰ বাবেও পাহৰিব পৰা নাই। মই তোমাক বহুত বহুত ভালপাওঁ।
বুকুখনৰ ধক ধক শব্দ স্পষ্টকৈ শুনিবলৈ পালো। তাৰ পিছৰচোৱা পঢ়িবলৈ ধৈৰ্য্য নহ’ল। একেবাৰে তলৰখিনি পঢ়ি পেলালো।

ইতি
তোমাৰ মাথো তোমাৰেই দীপ

বি:দ্ৰ:- বৰ্ণালী চিঠিখন জোনক দিবা। তোমাৰ যোগেদি দিলো। ৰুণক কথাটো নক’বা।
হায় হায়! ই কি! মোৰ প্ৰেম শেষত ফটাপ্ৰেম হে হ’ল।

★★★★

4 Comments

  • Nabajit

    গ্ৰুপত পঢ়িছিলো ৷ আকৌ এবাৰ পঢ়িলো ৷ ভাল লাগিল বৰ্ণালী বা !

    Reply
  • বিকাশ

    সমবেদনা জনালোঁ। 🙂
    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.