ফটাঢোল

ফটাপ্ৰেম- মৌচুমী গগৈ

প্ৰেম সকলোৰেই জীৱনলৈ আহে। কেতিয়াবা হঠাতে আৰু কেতিয়াবা সংগোপনে। কিছুমান স্মৃতি হৃদয়ৰ মণিকোঠাত চিৰস্থায়ী হৈ ৰয় আৰু কিছুমান তিক্ত অভিজ্ঞতা সময়ৰ সোঁতত হেৰাই যায়।

হায়াৰ চেকেণ্ডেৰী ফাইনেল পৰীক্ষা শেষ হোৱাৰ পিছত ৰিজাল্ট দিয়ালৈকে এই সময়খিনি এনেই থকাতকৈ সম্পৰ্কীয় বা এজনীয়ে আৰম্ভ কৰা স্কুলখনলৈ মাতিলে। ময়ো ভালেই পালোঁ‌। স্কুলত গৈ যথেষ্ট ভাল লাগিল। সৰু সৰু ল’ৰা -ছোৱালীবোৰৰ লগত সময়বোৰ কেনেদৰে পাৰ হৈ যায়, ধৰিবই নোৱাৰো। কেইদিনমানৰ পিছত মন কৰিলোঁ‌ যে, মোৰ স্কুললৈ যোৱা সময়তেই ল’ৰা এটাই বাইকত সৰু ল’ৰা এটা আমাৰ ঘৰৰ ফালে থকা আন এখন ইংৰাজী মিডিয়াম স্কুলত থ’বলৈ আহে। মোৰ ওচৰ পোৱাৰ লগে লগেই ডাঙৰজনে সৰুজনৰ কাণে কাণে কিবা এটা কয় আৰু দুইটাই মোলৈ চাই হাঁহে। মই নাচাও বুলিলেও চকুকেইটাই দেখোন মোৰ কথা নামানেই।কিবা এটা ভালো লাগে। লাহে লাহে স্কুল ছুটীৰ  সময়তো দুইটাক লগ পাবলৈ ধৰিলোঁ‌। একেই হাঁহিৰ পুনৰাবৃত্তি। কেইদিনমানৰ পিছত সৰুজনে খুৰী বুলিও জোকাবলৈ শিকিলে।

এদিনাখন সন্ধিয়া সময়ত মই ঘৰৰ আগফালে থকা ফুলখিনিত পাইপেৰে পানী দি আছিলোঁ‌। সেইটো মোৰ ডিউটি। মানে মায়ে বা আৰু মোৰ মাজত কামবোৰ ভগাই দিছিল যাতে আমি দুজনীয়ে কাজিয়া কৰিব নোৱাৰো। মই ফুলখিনিত পানী দি আছোঁ‌। মা বাৰান্দাত বহি আছে। দেউতা অফিচৰ পৰা আহি পোৱা নাই। তেনেতে ৰাস্তাত বাইকত কোনোবাই চিঞৰি চিঞৰি কথা পাতি অহা শুনি সেইফালে চাই দেখোঁ‌ যে, এইবাৰ মহাশয়ে  মোৰ ঘৰ বিচৰাৰ অভিযানো আৰম্ভ কৰিছে। কাৰণ মোৰ ঘৰৰ গলিটো ওলায়েই সদায় তাক লগ পাওঁ, গতিকে আজি যে মোৰ ঘৰটো বিচাৰি আহিছে, সেইটো নিশ্চিত। ইফালে ময়ো ভিতৰলৈও দৌৰিব নোৱাৰা হ’লো। যিমান পাৰোঁ‌ তললৈ মূৰ কৰি পানী দি আছোঁ‌। তেনেতে গেটৰ ওচৰত লগৰটোৱে কৈছে, ঐ চা তোৰ শহুৰবাৰী। ময়ো লগে লগে মাৰ ফালে ঘূৰি চাইছোঁ‌, কাৰণ মায়ে শুনিলে মোকেই যে ওলোটাই গালি পাৰিব, সেইটো মই ভালকৈয়ে জানো। তাৰপিছত পিছবেলাও মহাশয়ৰ দৰ্শন লাভ কৰিবলৈ ধৰিলোঁ‌। এইবাৰ ময়ো এটা বুদ্ধি উলিয়ালোঁ‌। সি আমাৰ ঘৰৰ ফালৰ পৰা যোৱাৰ পিছতহে পানী দিয়াৰ কামটো কৰিবলৈ ধৰিলোঁ‌।

পিছলৈ সৰুজন স্কুললৈ নাহিলেও ডাঙৰজনে মোক দেখা দি যায়হি। এদিন মোৰ স্কুললৈ যোৱা অলপ পলম হ’ল। ৰাস্তাতো তাক দেখা নাই। মনতে ভাবিলোঁ‌। আজিৰপৰা অলপ দেৰীকৈয়েই আহিম। ভালেই হ’ব, তাক লগ নাপাম। কিন্তু স্কুলৰ গলিটোৰ ওচৰ পাই মই হাঁহো নে কান্দো অৱস্থা। কাৰণ সি লগৰ এটাৰ লগত বাইকত বহি মোৰ ফালে চাই আছে। ইফালে মোৰ খোজবোৰ আগনবঢ়াই হৈছে। তথাপিও বাহিৰত গহীন দেখুৱাই স্কুলৰ ফালে এনেকৈ গৈছোঁ‌ যেন সিহঁতক দেখাই নাই। এইবাৰ সি বাইকৰ পৰা নামি মোৰ ফালেই আহিবলৈ ধৰিলে। সি মোৰ নাম কাঢ়ি ওচৰতে মাতিছেহি। উৱা, মোৰ নামটোও গম পাই দেখোন। কম নহয় বেটা। এইবাৰ মোলৈ চিঠি এখন আগবঢ়াই দিলে। ইফালে, মোৰ চিন্তা কোনোবাই দেখিলে কি হ’ব! হঠাতে কি ভাবি নাজানো, মোৰ মুখৰ পৰা মিছাকৈয়ে ওলাই গ’ল যে মই বেলেগ কাৰোবাক ভাল পাওঁ। তাৰপিছত আৰু এক মূহুৰ্তও নৰ’লো। স্কুলত সোমাইহে ভালকৈ উশাহ লৈছোঁ‌। মিছা কথা এটা কোৱাৰ বাবে মনটোত বেয়াও লাগিল কিন্তু যি হয়, ভালৰ বাবেই হয় বুলি নিজকে আশ্বাস দিলোঁ‌।

পিছদিনাও সি পুনৰ মোক ভালপোৱাৰ প্ৰস্তাৱ দিলে আৰু মইও একেটা কথাই তাক ক’লোঁ‌। এইবাৰ সি হয়তো মোৰ কথাটো বিশ্বাস কৰিলে। এক উদাস চাৱনিৰে সি মোৰ ওচৰৰ পৰা আঁ‌তৰি গ’ল। আচলতে সেই সময়ত মই পৰৱৰ্তী শিক্ষাৰ বাবেহে নিজকে প্ৰস্তুত কৰাটো বেছি দৰকাৰী বুলি বিবেচনা কৰিছিলোঁ‌। কিন্তু তাৰ সেই উদাস চাৱনিটো মোৰ মনত এতিয়াও সজীৱ হৈ আছে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.