ফটাঢোল

ফটাপ্ৰেম- ৰাজশ্ৰী শৰ্মা

এনেই আমাৰ ফটাঢুলীয়া ৰাইজৰ বেছিভাগেই জানেই মই ফটাপ্ৰেমৰ এক্সপাৰ্ট বুলি। সেই ধৰক বাৰ বছৰ মান বয়সৰ পৰা এই _ বছৰ বয়সলৈ (আচলি বয়স কিয়নো ক’ম)  কিমান যে ফটাপ্ৰেমত পৰিলোঁ কি ক’ম আৰু! নকওঁ৷ এনেও এইটো গ্ৰুপত ঘৰৰ মানুহ ভৰ্ত্তি, ক’ম বুলি ভাবিলেও ক’ব নোৱাৰোঁ।

সেইবোৰ বাদ দিয়ক, এইটো কাহিনী কিন্তু একেবাৰে সঁচা। ২০০৭-০৮ চনৰ কাহিনী, দেউতাৰ লগত থাকি বেলেগ এখন ৰাজ্যত পঢ়োঁ। পূজাৰ বন্ধ, চেমেষ্টাৰ বন্ধত ঘৰলৈ আহোঁ, সেয়াই ফূৰ্তি। এবাৰ ডিচেম্বৰৰ চেমেষ্টাৰ শেষত ঘৰলৈ আহিম বুলি ঠেং দাঙি আছোঁ, দেউতাৰ ছুটী নাই গতিকে থ’বলৈ আহিব নোৱাৰোঁ ক’লে। অকলে ট্ৰেইনত মই নাহোঁ, গতিকে উপায় উলিয়ালে যে তাতে দেউতাই এয়াৰপৰ্টত উঠাই দিব, ইপিনে দাদা বৰঝাৰত ৰৈ থাকিব… ঠিক যেনিবা ডিটিডিচিৰ পাৰ্চেলটো হে!

বাৰু যিয়েই নহওক, টিকট কৰা হ’ল আৰু মোৰ গুৱাহাটীস্থিত বান্ধৱী কেইজনীমানক লগ কৰাৰ ভাগে ভাগে প্লেনিঙো বনোৱা হ’ল। এজনীৰ ঘৰ বৰঝাৰতে, তাই ক’লে যিহেতু তই দুপৰীয়া আহি পাবি, গতিকে দুপৰীয়াৰ ভাত আমাৰ ঘৰতে খাই একেবাৰে ঘৰলৈ যাবি দে। খোৱা কথা শুনিলে আমুকী এনেও গলি যাওঁ, দাদাই অলপ আপত্তি কৰিছিল যদিও তাক পটাবলৈ বেছি সময় নালাগে যিহেতু সিও খাই ভাল পোৱা মানুহ (খকুৱা)৷

উক্ত দিনা উৰাজাহাজ উৰাৰ সময় আছিল দিনৰ এঘাৰটা বজাত, এয়াৰপৰ্টৰ পৰা আমাৰ কোৱাৰ্টাৰলৈ এঘণ্টাৰ বাট। সাতে পাঁচে আমি আঠটা বজাত ওলাব লাগে, দেউতাই জগালে মোক পুৱতিনিশা চাৰে তিনিটা বজাত৷ কিয় ইমান সোনকালে জগাই কোনোদিনে নুবুজিলোঁ বাৰু। যিয়েই নহওক, আহি চিকিউৰিটি চেক কৰাই ভিতৰত বহিবলৈ যাওঁতে সময় আঠটা চল্লিছ৷

ইমান সময় কি কৰি থাকিম বুলি চকীতে টোপনিয়াবলৈ লওঁতেই দেখিলোঁ মোৰ পৰা অলপ দূৰতে এজন হেনচাম ল’ৰা! সিও চাগে ব’ৰ হৈছিল কাৰণ আঙুলিৰে চকীৰ হাতলতে তাবলা বজাই থকা দেখিছিলোঁ। ইমান হেনচু ল’ৰা এটাৰ সন্মুখত মুখ মেলি শুলে বেয়া দেখিব কাৰণে মই অলপ স্মাৰ্ট দেখুৱাবলৈ কফি একাপকে আনি ল’লোঁ। এনেও ইনটেলেকচুৱেল ভাও মই ভালেই দিওঁ গতিকে মেগাজিন এখন আনি বিৰাট চ্চালত কফি খাই আছোঁ আৰু! মাজে মাজে আঁৰ চকুৰে চায়ো আছোঁ, চকুৱে চকুৱেও পৰিল দুবাৰমান। য়েচ্ছ্ বুলি মনতে কৈছোঁ যদিও চিৰিয়াছ হৈয়েই থাকিলোঁ। কিছুসময় পাছত ফ্লাইটৰ এনাওচমেণ্টো হ’ল। সোণতে সুৱগা চৰাই মি: হেনচুও গুৱাহাটীলৈ আহিবলগীয়া লাইনতে থিয় হ’ল, একেখন বাছতে ফ্লাইটলৈ আহিলোঁ। আখো আখি হৈ আছিল বাৰু মাজে মাজে।

বাছৰ পৰা নামিবৰ সময়তহে হুলস্থূল, ঠিক যেন আমাৰ সেই আদাবাৰী ষ্টেচনত বৰপেটা লাইনৰহে বাছ ৰৈছে! ঠেলা ঠেলি, সকলোৱে আগতে যোৱাৰ হাহাকাৰ। খিৰিকী কাষৰ চিটত বহিবলৈ দৌৰাদৌৰি টাইপ৷ নিজৰ চিটত বহিবলৈ লৈছোঁ, অ’ আই। এইটো দেখোন মোৰ কাষতে! দিলটো মানে ইমান জোৰে ঢকঢক মানে কি ক’ম আৰু, সিও ধুনীয়াকৈ হাঁহি এটা মাৰি খিৰিকী কাষৰ চিটটো লাগিব নেকি সুধিলে। তাৰ পাছত কি আৰু, দুয়ো এটা দুটা কথা পাতি আহি আছোঁ। ইপিনে ইংৰাজী ক’বলৈ হ’লে মোৰ শোচনীয় অৱস্থা হয়, তথাপিও তাক ইম্প্ৰেছ কৰিবলৈকে যি জানো তাকেই বকিছোঁ। সৰু দাদাই কৈয়ে থাকে মোক, ভুলে শুদ্ধই ইংৰাজী কৈ থাকিবি; কিন্তু ফুল কনফিডেন্সত। তেতিয়ালৈকে নাম কিন্তু কোনেও কাকো সোধা নাই দেই। কথাও বিদেশী ভাষাতে চলি আছিল। সি চিপচো খুৱালে মোক। মুঠতে প্ৰেম হওঁ হওঁ পৰিবেশ আৰু….

পিছে কিছু সময় পাছতে আমি আহি গুৱাহাটী পালোঁ। নামি আহি বেগটো লৈয়েই ফোন অন কৰিছোঁ, লগৰজনীৰ ফোন। ঐ পাগলী কিমান পালিহি বুলি আৰম্ভ কৰিছে তাই। ময়ো বোলো পাগলী মই নে তই। ট্ৰেকাৰত আহিছোঁ নেকি কিবা কিমান পালিহি বুলি সুধিছ যে… তাৰ পাছত হিঃ হিঃ হাঃ হাঃ বুলি ৰাক্ষসৰ দৰে হাঁহি এটাও মাৰিলোঁ ফূৰ্তিতে। তাইক গৰমে গৰমে হেনচু এটাক পটাইছোঁ ৰ’হ। বৌম লাইন মাৰি মাৰি আহিলোঁ, অমুক তমুক বুলি মানে গোটেই হিষ্টৰীয়েই বকি দিলোঁ। দহ মিনিট মান বকাৰ পাছত মনত পৰিল যে মইতো তাইৰ ঘৰলেই গৈ আছোঁ গতিকে ঘৰ পায়েই ক’ব পাৰিম এনেকৈ ভাবি ফোনটো থৈ ঘূৰোঁ যে হেনচু বোপা চকুৰ আগত!

: তুমি অকলে যাবা নে কোনোবা ল’ব আহিব?

বিশুদ্ধ অসমীয়াত কোৱা কথাখিনি শুনি মূৰটো যে কেনে লাগিছিল নহয়! ইয়েএএএ এইটোৱে দেখোন তাৰ গোটেই মহাভাৰত গোৱাও শুনিলে, বুজিও পালে….

কি ক’ম তাৰ পাছত,

: হয় দাদা আহিব নিবলৈ৷

বুলি কৈয়েই তলমূৰ কৰি ওলাই আহিলোঁ৷

কেনেকুৱা যে লাজ পাইছিলোঁ কি ক’ম, সিও চাগৈ চক খালে জীৱনটোলৈ বুলি। মোৰ নামটো সুধিছিল, নিজৰ নামটোও কিবা ফুকন বুলি কৈছিল। কিন্তু দেখিবলৈ যে একেবাৰে অসমীয়া ল’ৰাৰ দৰে নাছিল পাই। ফোন নম্বৰ নুখুজিলে, চাগৈ ভয়তে। ময়ো নুখুজিলোঁ, লাজতে! কিন্তু তথাপিও, ল’ৰাটো যে কি হেনচাম আছিল! পিছে তাৰেই ভাগ্য আছিল মোৰ ফটাপ্ৰেমৰ লিষ্ট বঢ়োৱাৰ! মোৰো ভাগ্য আছিল, ফাওতে চিপচ্ খোৱাৰ৷

☆ ★ ☆ ★ ☆

10 Comments

  • Pranita Goswami

    হাঃ হাঃ, ফাট মেলা বসুমতি টাইপ ফিলিং এটা হৈছিল চাগে। ধেততেৰি বেচেৰায়ো অলপ লাইন মাৰিছিল দেই….

    Reply
    • ৰাজশ্ৰী

      বাইদেউ, পিছে দাতাই দিলেও বিধাতাই নিদিয়ে যে।

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    এ মজা! মিছা ক’লে কিডাল হ’ব? বপুৰাইও লাইনটো মিহি মিহিকৈ মিলাই আহিছিল৷

    Reply
    • ৰাজশ্ৰী

      হা হা দাদা, মিলাইছিল পিছে ভয় খালে।

      Reply
  • ramanuj g

    বাঃ ! ঘণ্টা জোৰা প্ৰেমৰ অপূৰ্ব বৰ্ণনা !

    Reply
    • ৰাজশ্ৰী

      ধন্যবাদ দাদা😁

      Reply
  • Sadananda Bhuyan

    ৱাও ! সাংঘাটিক ফটাপ্ৰেম ।

    Reply
    • ৰাজশ্ৰী

      ধন্যবাদ জনালো খুড়াদেউ

      Reply
  • জয়ন্ত শৰ্মা

    সময় সোনকালে গৈছিল ছাগে।

    Reply
    • ৰাজশ্ৰী

      এঘণ্টা কোনপিনেৰে গ’ল গমেই নাপালো 😁… ধন্যবাদ দাদা

      Reply

Leave a Reply

Your email address will not be published.