ফটাঢোল

ফটাপ্ৰেম : ৰাজশ্ৰী শৰ্মা

কলেজৰ দিনৰে কথা। অসমৰ বাহিৰত পঢ়া সূত্ৰে তাতেই বন্ধু-বান্ধৱ, উঠা-বহা। কলেজৰ চিনিয়ৰ জুনিয়ৰ প্ৰায় আটাইৰে প্ৰেমিক-প্ৰেমিকা আছিল। নাছিল যদি মোৰ লগৰজনী, মোৰ আৰু লগৰ দুটামান ল’ৰাৰ। কোনো নপটেও, আমাৰো বদমাচি কৰি ফুৰোঁতে সেইবোৰ চিন্তা মূৰতে নাহিছিল। তথাপিও কেতিয়াবা কেতিয়াবা সৰস্বতী পূজাত যুটী বান্ধি ঘূৰি ফুৰা ল’ৰা-ছোৱালীবোৰ দেখিলে মিহিকৈ দুখ এটা নলগা নহয়। তেনেকৈয়ে স্নাতক তৃতীয় বৰ্ষ পালোঁ। চতুৰ্থ বৰ্ষত আমি যিহেতু কোনোবা চকুৰ চিকিৎসালয়ত এবছৰীয়া ট্ৰেইনিং কৰিব লাগে তাৰ কাৰণে চিন্তা আৰম্ভ হ’ল। খবৰ-খাতি লৈ গম পালোঁ ভূৱনেশ্বৰৰ এখনত ভাল। পৰীক্ষা এটা দিব লাগিব কেৱল। নিৰ্দিষ্ট দিনত দেউতা, মই, মোৰ বান্ধৱীজনী আৰু তাইৰ দেউতাক ৰাওনা হ’লোঁ ভূৱনেশ্বৰলৈ। দুদিনৰ প্ৰগ্ৰেম। প্ৰথম দিনা গৈয়েই আমি গোটেই হস্পিতেলখন চালোঁ। ইমান ধুনীয়া কেম্পাছটো, চিকিৎসালয় নহয় যেন বিলাসী হোটেল হে! ফুলনি, ফোৱাৰা,পাৰত বেঞ্চ! আমি মুখ মেলি ইফালৰ পৰা সিফালে চালোঁ কেৱল। ক’ত পৰীক্ষা দিম চাই মেলি আহি হোটেলৰ ৰূমতে অলপ পঢ়া শুনা কৰিলোঁ৷

পিছদিনা পৰীক্ষা দিবলৈ গৈয়েই গেটৰ মুখত প্ৰথমতে লগৰজনী ৰাস্তাতে গোবৰত পিচলি পৰিল, নতুন জেগা, নতুন কাপোৰ, ইফালে কাপোৰত গোবৰ আৰু সময়ো ইমান নাই যে হোটেললৈ উভতি যাম। তাইৰ গাৰ পৰা ওলোৱা গোবৰৰ গোন্ধৰ কথা নক’লোৱেইবা! তাইৰ এই কান্দি দিওঁ এই কান্দি দিওঁ মুখ, ইপিনে মোৰ হাঁহি এটা জোৰকৈ মাৰিব নোৱৰাৰ বাবে পেট পকাই দিছে। গৈ গৈ পৰীক্ষাহলৰ দুৱাৰমুখ পাইছোঁ, সিপিনৰ পৰা দুজন ল’ৰা দৌৰি আহি প্ৰায় খুন্দা মাৰিব খুজি ৰৈ গ’ল। এজনৰ ওপৰত চকু পৰিল, সিও চালে। বচ, কি আৰু ক’ম! বেকগ্ৰাউণ্ডৰ মাইকৰ এনাউঞ্চটোও কিবা শ্বাহৰুখ খানৰ ‘মেঁ হু না’ ৰ ভায়োলিনৰ শব্দ যেন অনুভৱ হ’ল নহয়। তেনেকৈ কিমান সময় চাই থাকিলোঁ নাজানো, লগৰজনীয়ে হাতত ধৰি টানোতে হে হুঁচ অকণ আহিল। পৰীক্ষা কি দিলোঁ নাজানো, মাত্ৰ সেই চকু দুটা, কঁপালত ঢৌ খেলোৱা চুলিখিনিহে চকুৰ আগত ভাঁহি থাকিল। পৰীক্ষা শেষ হোৱাৰ লগে লগে ওলাই আহি বিচাৰিলোঁ ল’ৰাজনক। দেখোঁ যে ল’ৰাজনেও মোৰ ফালেই আহি আছে। মোৰ বুকুৰ ঢপঢপনি নিজে শুনিবলৈ পাইছিলোঁ, মানে চাগৈ মিনিটত ডেৰশ মানকে ঢপঢপায়ে আছিল নেকি! ৱাও, ইয়াকে কয় নেকি লাভ এট ফাষ্ট চাইট! মই মানে এনেকৈ হঠাৎ প্ৰেমত পৰিম বুলি আগতে ভাবি থোৱা নাছিলোঁতো, গতিকে সিদিনা বেছি ষ্টাইলো মাৰি যোৱা নহ’ল। চুলিও সদায়েই জপৰা হৈ থাকে। ল’ৰাটোও চাগে মোৰ প্ৰেমতে পৰিছে, নহ’লে ইমান ধুনীয়া হাঁহিয়েইবা মাৰিব কিয়! ময়ো একেবাৰে দাঁত জিলিকাই হাঁহি এটা মাৰি আগবাঢ়ি গ’লোঁ। সি আমাক দুয়োজনীকে কেণ্টিনলৈ চাহ খাবলৈ লগ ধৰিলে। মোৰো দিল মে লাড্ডু ফুটা। বান্ধৱীজনীলৈ চাই দেখোঁ, তায়ো ল’ৰাজনলৈ একে ধ্যানে চাই আছে। তাইৰ হাতত টান মাৰি ক’লোঁ আহ, আজি চাঞ্চ পাইছোঁ। দেউতাহঁতো নাই। তাই বোলে, পিচে মোৰ যে গাত গোবৰৰ গোন্ধ!

তথাপিও গ’লোঁ, চাহ কফি খালোঁ। আনকি আমি ফোন নম্বৰো ল’লোঁ। ভূৱনেশ্বৰৰ পৰা ঘূৰি অহাৰ দুদিনমান পাছতে ল’ৰাজনে ফোন কৰিলে। গা একেবাৰে সাতখন আঠখন মোৰো। কথা পাতিলোঁ, পৰীক্ষাৰ ৰিজাল্ট দিয়ালৈকে এমাহ সময়। মোৰ একেবাৰে কল্পনাৰ চকুৱে ভূৱনেশ্বৰৰ ৰাস্তাই গলিয়ে তাৰ লগত বিচৰণ কৰিলে সেইকেইদিন। এনেকৈ এসপ্তাহমান মাজে মাজে কথা পতাৰ পাছত সি এদিন আমাক দুজনীকে লগ কৰিবলৈও মাতিলে। লগো কৰিলোঁ, প্ৰথমদিনাখনতকৈ তাক পিচে আৰু বেছি হেণ্ডচম্ লাগিছিল। মোৰ লগত তাক কেনেকুৱা মিলিব সেইটো চাবলৈকে বাৰে বাৰে কাষত থিয় হৈ ওখটো মিলাই চাইছোঁও। লগৰজনীক কোৱাত তাই ক’লে, “মিলিবি দে তহঁত দুটা। দুয়ো ওখ ওখ। একেবাৰে চিনেমাৰ হিৰো হিৰোইন যেন নালাগিলেও বঙালী টিভি চিৰিয়েলৰ দাদা বৌদিতো লাগিবই!”

মোৰো দিনে দিনে তাক বেছি ভাল লগা হ’ল। ৰাস্তাৰ কাষৰ জাবৰৰ দমৰো গোন্ধ ভাল লগা হ’ল, দেউতাৰ গালিও গাত নলগা হ’ল, চুলি আঁচুৰিবলৈ খবৰ নথকাজনীয়ে লিপষ্টিকো লগোৱা হ’লোঁ। মুঠতে প্ৰেমৰ সমূহ লক্ষণ প্ৰকট হ’ল আৰু মোৰ গাত। মাজে মাজে সি ফোন কৰে, মোৰ ঠেংঠঙীয়া ভঙা মিঠাতেলৰ টিনৰ দৰে মাতটো সেইখিনি সময়ত মৌৰ বটলত ডুবাই থোৱা ব্ৰেডৰ দৰে মিঠা হৈ পৰে। এনেদৰেই এমাহমান যোৱাৰ পাছত এদিন গধূলি সি মোক ফোন কৰিলে। অলপ নাৰ্ভাছ হৈ আছিল নেকি, মাতটোও কঁপিছিল। সি মোক ক’লে, “তোক মোৰ বিৰাট ডাঙৰ কথা এটা ক’বলৈ আছে।”

মই ভাবিলো ৱাও, মোক প্ৰপজ কৰিব এতিয়া। ইমান আগ্ৰহেৰে বাট চাই থকা দিনটো আহিল আৰু। ফূৰ্তিতে ক’ব নোৱাৰা হৈ তাক ক’লোঁ কোৱা কি কথা বুলি। সি ভয়ে ভয়ে ক’লে, “তোৰ লগৰ যে স্নিগ্ধা, তাইৰ বয়ফ্ৰেণ্ড আছে নেকি অ? প্ৰথম দিনা দেখিয়ে মোৰ তাইক বৰ পচন্দ হৈছে জাননে? ইমান কিঊট, ইমান শান্ত! ঠিক যেন চিনেমাৰ প্ৰীতি জিণ্টাজনীহে! গালত ইমান ধুনীয়া টোল পৰে হাঁহিলে। এদিন দেখিয়ে ফিডা মই। তোক সিদিনাই সুধিম বুলি ভাবিছিলোঁ, তইতো মোৰ জিগৰী দোস্ত ভাই! পটাই দে না তাইক মোৰ কাৰণে……..”

আৰু বহুত কিবাকিবি কৈ আছিল সি, আধা কথা শুনাই নাপালোঁ। খঙতে তাক ক’লোঁ, “তাইৰ তিনিটা বয়ফ্ৰেণ্ড আছে। আৰু ঘৰৰপৰা বিয়াও ঠিক কৰি থৈ দিছে তাইৰ। গতিকে এইবোৰ কথা নাভাবিবি। মোক আৰু ফোনো নকৰিবি। ইহ বৰ একেবাৰে, এদিন দেখিয়েই ক’ত কাৰ প্ৰেম হোৱা শুনিছিলি? ঢপ দিব জেগা পোৱা নাই? ৰাখ ফোন।”

মিছা কথা সোপা কৈ মোৰো ভাল লগা নাছিল, কিন্তু মোৰ প্ৰেম যে এইবাৰো ফটাপ্ৰেমেই হৈ ৰৈ গ’ল! চাওঁচোন, জীৱনত কেতিয়াবা কিজানি কোনোবা সঁচা প্ৰেম পাঁৱেই৷

☆★☆★☆

14 Comments

  • ডলী

    হাঃ হাঃ। বেচেৰী

    Reply
    • ৰাজশ্ৰী

      কি নো ক’ম দুখৰ কথা।

      Reply
  • নীতাশ্ৰী

    হাঃ হাঃ হাঃ

    Reply
  • হেমন্ত কাকতি

    মজা লাগিল আই মিন দুখ লাগিল অ’৷

    Reply
    • ৰাজশ্ৰী

      ধন্যবাদ জনালো দাদা

      Reply
  • নয়ন

    চকুপানীৰ প্ৰকোপত একো দেখা নাই মই৷ বিৰাট দুখ লাগিল আই মিন বিৰাট ভাল লাগিল৷

    Reply
    • ৰাজশ্ৰী

      চকুপানীৰে মবাইল নেদেখা হৈ গ’ল মানে ন? ধন্যবাদ দেই

      Reply
  • জয়ন্ত দাস

    আয়ু বৰ দুখ লাগিল৷

    Reply
    • ৰাজশ্ৰী

      দাদা, কি নো ক’ম আৰু।

      Reply
  • মন্দিৰা

    বেচেৰী জনী। দুখ লাগিল দেই।

    Reply
    • ৰাজশ্ৰী

      হয়েই অ বা দুখৰ কথা।

      Reply
  • মানসী বৰা

    আই ঐ দেহি দুখেই লাগিল পাই..

    Reply
    • ৰাজশ্ৰী

      মোৰো যে ইমান দুখ লাগিছিল।

      Reply

Leave a Reply

Your email address will not be published.