ফটাঢোল

ফটাপ্ৰেম- ৰিমঝিম ৰিমা

তেতিয়া মই অষ্টম শ্ৰেণীৰ ছাত্ৰী। আমি ছয়জনীয়া  ছোৱালীৰ এটা গ্ৰুপ আছিল। ক্লাছৰ আন সকলো ছোৱালীৰ লগতে  সু-সম্পৰ্ক আছিল যদিও আমাৰ দলটোৰ মনৰ মিলটো অলপ বেছিয়েই আছিল । আমি আমাৰ মাজত প্ৰতিটো কথাই আলোচনা কৰিছিলোঁ।  ক্লাছত ল’ৰা বিশেষ বন্ধু বুলি আমাৰ কোনো নাছিল। বহুত কিবা দৰকাৰত হে সিহঁতক মাতিছিলোঁ।  কেতিয়াবা পৰীক্ষাত কিমান নম্বৰ পাইছে সেইটো জানিবলৈ। কেতিয়াবা চাইকেলখনৰ চকাৰ পাম্প কমি গ’লে দিবলৈ, নাইবা চাইকেলৰ পৰা চেইনডাল তুলি দিবলৈ । এনেকুৱা কথাবোৰৰ বাহিৰে সিহঁতৰ লগত বিশেষ কোনো মাতবোল  নাছিল আমাৰ। ক্লাছৰ এটা চাইডে ল’ৰাৰ আৰু আনটো চাইডে ছোৱালীৰ ৰাজত্ব।
কম্পিটিচন কিন্তু ভালকৈ চলিছিল ল’ৰা আৰু ছোৱালীৰ মাজত। সেয়া অকল পঢ়াক লৈয়ে নাছিল। পঢ়াৰ লগতে আনুসংগিক বিভিন্ন বিষয়, যেনে- স্কুলৰ বছৰেকীয়া খেল-ধেমালি, সাহিত্য,গীত, নৃত্য আদিত শিক্ষক শিক্ষয়ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰাক লৈও এক প্ৰতিযোগিতা ।বহুসময়ত  কেতিয়াবা ল’ৰাবোৰৰ লগত কাজিয়াও লাগিছিলোঁ। অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাত কিছু সংখ্যক ল’ৰাৰ লগত আমাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল।
 বয়সৰ দোষ বুলি কওঁ নে কি কওঁ নাজানো  আইনাৰ পৰা অলপ দূৰত থকা মইজনী সেই সময়বোৰত আইনাৰ সন্মুখত  নিজকে বেছিকৈ  সাঁজি কাঁচি থাকিবলৈ ল’লো আৰু লাহে লাহে  মাৰ বুজনিবোৰো ষ্টাৰ্ট হৈছিল । নিজৰ ছোৱালীক  মাক বাপেকে কৰা শাসনবোৰ ।
লাহে লাহে আইনাৰ ওচৰত মুখখন চালেই দেউতাই ৰঙা চকু দেখুৱাবলৈ ল’লে “কি হ’ল, ইমানকৈ ইয়াত কি আছে? কাম নাই যদি এইফালে আহ” বুলি বেলেগ-বেলেগ কামত লগাই থৈ দিয়ে। দেউতাৰ এই ৰঙা চকুলৈ ভয় কৰিয়েই বন্ধু-বান্ধৱীবোৰো বৰ বেছিকৈ  আমাৰ ঘৰলৈ নাহিছিল।
টিউচনলৈ অহা-যোৱা কৰোঁতে আমি লৰা-ছোৱালী গ্ৰুপটো লগ হৈ  গৈছিলোঁ৷ লগৰ এজনী আহি ঘৰৰ সন্মুখত টিলিঙা বজায় আৰু মই ওলাই যাওঁ। টিউচনলৈ যোৱাৰ সময়ত আমি সদায় চাইকেলখন চলায়েই গৈছিলো যদিও অহাৰ সময়ত সদায় চাইকেলখন ঠেলি ঠেলি খোজ কাঢ়ি ঘৰলৈ উভতো।  বৰ সোনকালে ঘৰ পোৱাটো আমাৰ কাৰোৰে পছন্দ নহয়। কাৰণ টিউচন আৰু স্কুলৰ বাহিৰে বেলেগ কৰবালৈ যোৱাৰ পাৰ্মিচন নাছিল আমাৰ কাৰোৰে তেতিয়া। ঘূৰা-ফুৰা কামবোৰ এনেও দেউতাই কেতিয়াও ভাল নাপাইছিল, বছৰেকত  এবাৰ মান মামাৰ ঘৰলৈ লৈ গৈছিল । দেউতাৰ মতে “ঘৰত থাক,পঢ়, ঘৰৰ কাম কৰ,গান গা” এইবোৰেই জীৱন। চাগে এই শাসনবোৰে আমাক এতিয়াও বান্ধি ৰাখিলে এটা সীমালৈ। যিবোৰে কেতিয়াও বিপদত নেপেলালে ।
তেতিয়া দেউতাৰ কিছুমান কথাক লৈ  লৈ সদায় পেটে-পেটে খং এটা থাকে যদিও কেতিয়াও মুখ ফুটাই একো নকলো ৷ মায়ে আমাৰ মনৰ খংবোৰৰ কথা গম পাইছিল কিছু কিছু ক্ষেত্ৰত আৰু তেতিয়াই সুযোগ উলিয়াই আমাক বুজাইছিল – “দেউতাই যি কয়,যি কৰে ভালৰ কাৰণেহে কৰে।এইবোৰ এতিয়া হয়তো নুবুজিবি তহঁতে । কিন্তু পাছত নিজে বুজিবি৷ এতিয়া মাত্ৰ দেউতাৰ আঙুলি মূৰত চলি নিজৰ জীৱনটো গঢ়ি ল। এয়াই সময় জীৱন গঢ়াৰ৷” কথাবোৰ  যেন-তেন সোমাইছিল কাণত।  কথা পাতিবলৈ ওচৰৰ লগৰীয়া এজনীয়েই আছিল । বাৰীৰ পিছফালে দুয়ো লগ হৈছিলো কথা পাতিবলৈ। তাইৰ ঘৰ আমাৰ ঘৰৰ পিছফালতো একদম ওচৰা ওচৰি বাবে দুয়োজনীয়ে ঘৰৰ পিছফালৰ বাৰীত ৰৈ ম’হৰ কামোৰ খাই খাই হ’লেও বহুত দেৰীলৈ কথা পাতিছিলোঁ৷ কথাৰ শেষ কেতিয়াও নহৈছিল দেউতা ঘৰলৈ আহি পোৱাৰ ভয় দেখুৱাই মায়ে সদায় চিঞৰে “মাজান দেতা আহিল”। একে উশাহে দৌৰি আহি পঢ়াৰ টেবুলত নহ’লে হাৰমনিয়াম ওচৰত । ভাৱকচোন তেনে এজন  দেউতাৰ শাসনত চলা মইজনীয়ে ক’ত আৰু পেৰেম-চেৰেমৰ কথা মনলৈ আহিব ।
মাত্ৰ গানৰ ক্লাছ,ডান্স ,যোগা ক্লাছ ,আৰ্টৰ স্কুল,লাইব্ৰেৰীলৈ যোৱা, দেউতাৰ লগত ফুটবল-বেডমিণ্টন  খেলা , পঢ়াৰ কথাটো আছেই। আৰু চাগে এই বান্ধোনৰ বাবেই লাহে লাহে মই নিজেও কিবা নহয় কিবা কামত লাগি থাকিব ভাল পোৱা হ’লো ।  ফুৰা আৰু মানুহৰ লগত কথা পাতিবলৈ মন যোৱা মনটো কৰবাত দমাই ৰাখিব চেষ্টা কৰিছিলো আৰু দমাই ৰাখিব নোৱাৰিলে চিধাই দৌৰ মাৰো দেউতাৰ পাৰ্মিচন লৈ ওচৰৰ বৰদেউতাৰ ঘৰত  । লাহে লাহে বন্ধবাৰত বৰদেউতাৰ ঘৰ যোৱাটো মোৰ এক নিয়মত পৰিণত হল। আৰু তাতেই আৰম্ভ হল এটা কাহিনীৰ৷
বর্তাৰ ল’ৰা দুজন । দুয়োজনকে মই প্ৰতিবাৰেই ৰাখী বান্ধিছিলোঁ৷ সিহঁতৰ মই বিৰাট মৰমৰ আছিলোঁ । নিজৰ দাদা এজনৰ অভাৱ কেতিয়াও দিয়া নাছিল সিহঁতে ।দাদা হতৰ ঘৰত প্ৰায়ে সিহঁতৰ লগৰ ল’ৰা আহে৷ দাদাহঁতৰ লগ যিহেতু তেওঁলোককো মোৰ নিজৰ দাদা যেনেই লগা হৈছিল।  কেতিয়াবা আমাৰ ঘৰলৈও আহে দাদাৰ লগত। ক’বলৈ গ’লে ঘৰুৱা সম্পৰ্ক এটা হৈছিল তেওঁলোকৰ লগত।  তাৰে মাজৰ এজন আকৌ মোৰ ভাল বন্ধু এটাৰো সম্বন্ধীয় ককায়েক।
এদিনাখন স্কুলত মই ক্লাছ ৰুমত শেষৰ বেঞ্চত বহি আছিলো কিবা লিখি এনেতে মোৰ লগৰ জনীয়ে আহি মোক সুধিলে ‘তই কাৰোবাক ভাল পাৱ নেকি? হঠাৎ অহা প্ৰশ্নটোত চক খালোঁ যদিও তাইক সুধিলো কিয় ? তাই ক’লে “তই যে আমাৰ অমুকৰ লগত বহুত ভাল, সেয়ে সুধিলোঁ”। লগে লগেই মই ক’লো “এইটো কি কথা আকৌ ? মোৰ খং চুলিৰ আগ ।সি মোৰ ভাল ফ্রেণ্ড। তাৰ দেউতাক মোৰ দেউতাৰ ফ্রেণ্ড,আৰু মই তাৰ”। খঙত উঠি আহিলো তাইৰ ওচৰৰ পৰা ।
দুদিনমান পিছত আকৌ মোৰ লগৰ আন এজনীয়ে আহি আকৌ এটা প্ৰস্তাৱ “তোক যে আমাৰ ওচৰৰ তোৰ সৰু দাদাৰ লগ অমুকে বিৰাট ভাল পায়”। মই কলো “অ তো! তাতে কি হল, দাদাৰ লগৰ চবেই মোক ভাল পায়৷ ৰাখী পিন্ধাও মই গোটেইকেইটাক।
তাইৰ আকৌ এটা প্ৰশ্ন “বেলেগক পিন্ধাও, কিন্তু সি পিন্ধা নাই ৰাখী আজিলৈ আৰু তোক ভাল পায় কাৰণেই আজিলৈ পিন্ধা নাই ৷ কথাটো মইয়ো ভাবিলো, হয় তাই কোৱাৰ দৰে কথাটো ।
         সেইদিনাৰ পৰা লাহে লাহে মই লক্ষ্য কৰিলো টিউচনলৈ গ’লে মনে মনে চাবলৈ অহা, দাদাহঁতৰ ঘৰলৈ গ’লে চকুত চকু পৰিলে হাঁহি দিয়া। কথাবোৰে মোক আমনি কৰিবলৈ ধৰিলে। ভিতৰে ভিতৰে খং এটাই লগ দিলে ।  লগৰ দুজনীয়েও মাজে মাজে জোকাবলৈ ধৰিলে। কথাৰ গতি অলপ বেয়া হোৱা যেন দেখি মোৰ লগৰটোক লগ ধৰি জনাই দিলো, “তোৰ ককায়েৰক ক’বি এনেকৈ মোক চাই নাথাকিবলৈ৷ খং উঠিলে বেয়াকৈ কৈ দিম”।
তাৰ আৰু মোৰ বন্ধুত্বৰ সম্পৰ্কটোক উচ্চআসনত ৰাখি  সিয়ে  মোক ককায়েকৰ পৰা উদ্ধাৰ হোৱাৰ বুদ্ধি দিলে। বুদ্ধি মতে কাম তাৰ ককায়েকক মই এইবাৰ ৰাখীবন্ধনত ৰাখী পিন্ধাম । অৱশেষত সেই দিনটো আহিল। ৰাখী বন্ধনৰ দিনা লগৰ জনীৰ লগত প্ৰথমেই  লগৰ জনৰ ঘৰ ওলালোগৈ৷ তাৰ ঘৰৰ কাষতে সেই প্ৰেমিকজনৰ ঘৰ। তাক লগতে লৈ সিহঁতৰ ঘৰত আমি তিনিজন । বৰ্তা-বৰমাৰ লগত অলপসময় কথা পাতি, আমি ৰাখী পিন্ধাবলৈ  অহাৰ কথাটো জনাই দাদা ক’ত আছে বৰ্মাক সোধাত  বৰমাই দাদা থকা ৰূমটোলৈ আমাক আগুৱাই লৈ গল।  চুচুক-চামাককৈ তাৰ ৰূমলৈ সোমাই  প্ৰথমে ময়ে মাত দিলোঁ “দাদা,আপোনাৰ হাতখন দিয়ক”। সি আমাক তেনেকৈ দেখি হঠাৎ হতভম্ব হল।  সি টেঙৰ আছিল, এটা শাৰীতে আমাৰ প্লেনৰ কথা সি বুজি লৈছিল ৷ মোৰ কথা শুনা মাত্ৰকে “ৰৱা মই মুখ হাত ধুই আহো” বুলি কৈ যি ৰুমৰ পৰা ওলাল তাৰ পিছত আৰু দেখা দেখি নাই ।.. আমি চাহ খালোঁ, কথা পাতিলো বহু সময়। নাই যে নাই তেওঁৰ দেখা দেখি নাই।
 পিছদিনা স্কুলত লগৰটোৱে মোক লগ ধৰি ক’লে, “আৰু এটা বুদ্ধি আহিছে মোৰ কৰিবি নে কামটো?” মই কৰিম বুলি কোৱাত লগৰজনৰ যুক্তি “সি তোক বাদ দিব বুজিছ৷ কিন্তু তই এটা কাম কৰিবি৷তাক কবি যে তই মোকহে ভাল পাৱ”!  মোৰ বাহিৰে আৰু কাৰো কথা ভাৱিব নোৱাৰ ।
তাৰ সেই বৃহস্পতিৰ বুদ্ধি শুনি তাৰ ওপৰত হে খঙটো উঠিল । কিয় ক’ম মই ?কেতিয়াও নকওঁ। এইবোৰ দেউতাৰ কাণত পৰিলে মোক মাৰি পেলাব ।  সি আকৌ – “বেলগক কব নালাগে নহয়। অকল সি জানিলে হ’ব । মাত্ৰ তাক ক’বি৷ বাকী কি কৰিব লাগে মই কৰিম”।
কথাটো নোহোৱাও নহয় বুলি মোৰ অল্প মগজুৱে  সন্মতি দিলোঁ তাৰ কথাৰ। মাত্ৰ চৰ্ত ৰাখিলো সি ক’ব লাগিব ককায়েকক কথাটো । আৰু সি ভয়ে ভয়ে হয়ভৰ দি সেইদিনাই ঘৰত ককায়েকক কথাটো কলে। আৰু কথাতো ভায়েকৰ মুখত শুনাৰ পিছত আৰম্ভ হল আচল নাটখন। ককায়েকে হাতে -ভৰিয়ে ভায়েকক ধৰি কলে “মই তাইক এৰিব নোৱাৰো৷ তই এনেয়ো বহুত ছোৱালী পাবি৷ তোৰ হাতত সময় বহুত আছে।তোৰ কাৰণে মই তাইতকৈ ভাল ছোৱালী চাই দিম। তই মাত্ৰ তাইক বাদ দে”। ভায়েকৰ সুন্দৰ অভিনয়েৰে দিয়া উত্তৰ “তায়ো মোক বহুত ভাল পায়৷ তই নিজেই সুধি ল’বি লাগিলে৷
 এদিন ককায়েকজন নিজেই উপস্থিত মোৰ সন্মুখত – “তুমি কি আমাৰ ইয়াক ভালপোৱা নেকি?” মই ক’লো “অ পাওঁ”। কথাষাৰ শুনি সি গুচি গ’ল। ময়ো ভাবিলোঁ “বাচিলোঁ মই এইবোৰৰ পৰা “।
কিন্তু ভবা মতে নহল একো। লাহে লাহে তাৰ প্ৰেম আৰু বেছি গভীৰ হে হ’ল। মদ খাই আহি ভায়েকক ইম’চনেল কথা কৈ থাকে। ইফালে ইও হাৰ নামানে৷ দিনবোৰ এনেকৈয়ে চলি থাকিল। মই মেট্ৰিক পাছ কৰি উচ্চতৰ মাধ্যমিক ৰ বাবে নগাওঁ অহাৰ সময় আহিল৷ নগাঁও অহাৰ কিছুদিন আগতে হঠাৎ এদিন সি মোক অলপ খঙাল সুৰত ক’লে “তই মোকে ভাল পাব লাগিব,  মোৰ বাহিৰে চাও নহয় কাৰ লগত বিয়াত বহা। মোৰো খং চুলিৰ আগ পালে তেওঁৰ উচ্চস্বৰত মোক কথা কোৱা ধৰণটো দেখি। বহুত সময়ৰ তৰ্কত কথাবোৰ কাজিয়াৰ দৰেই হ’লগৈ৷ অলপ বেছিয়েই বেয়াকৈয়ে ক’লো ৷ তাৰো সন্মানত লাগিল৷ তাৰ পিছৰ পৰা বহুতদিনলৈ আমাৰ মুখা- মুখী নহ’ল। দেখিলেও নামাতে- নামাটো।তেওঁৰ চাগে সেই ভুল ধাৰণাটো আজিলৈয়ে থাকিলে মোৰ যে লগৰতোৰ অৰ্থাৎ তেওঁৰ ভায়েকৰ লগতেই মোৰ প্ৰেম আছিল৷ দুইবছৰ মানৰ পিছত সি মাকৰ দ্বাৰা মোৰ মাক বিয়াৰ প্ৰস্তাৱ দিছিল যদিও মোৰ মায়েও “আমি এইবোৰ এতিয়াই চিন্তা কৰা নাই৷ লগতে আপোনালোক আমাৰ ঘৰৰে মানুহ গতিকে এইবোৰ কথা ভাৱিব নোৱাৰো বুলি কোৱাত । সমাপ্ত হল সেই কাহিনীটোৰ।
☆ ★ ☆ ★ ☆

22 Comments

  • Anonymous

    দেহি ! বেচেৰাটোলৈ বৰ দুখ লাগিল পাই

    Reply
  • Nandita

    Bor dhuniake likhila dei kotha khini

    Reply
  • Aakash Jyoti Kakoty

    Pohi bhal lagil… pise lora tu loi he beya lagil…agoloiu enakoi pohibole pam buli Asha rakhilu

    Reply
  • Anonymous

    Baa tumer প্ৰেম কাহিনীটো best moja de 😘😘 lora jonola ha দুখ লাগিল o 😢😢 😅😅😅😅😅😅

    Reply
  • pahi ( shyamantika )

    Baa tumer প্ৰেম কাহিনীটো best moja de 😘😘 lora jonola ha দুখ লাগিল o 😢😢 😅😅😅😅😅😅

    Reply
  • ভাস্কৰ অগ্নিভ

    সৰু কালৰ স্মৃতি বোৰ সচাঁই মধূৰ ৷
    ভাল লাগিল পঢ়ি ৷

    Reply
  • Man From Mars

    ভাল লাগিল৷

    Reply
  • Gitimoni

    Val lagil pohi Bow.. 😊

    Reply
  • Anonymous

    পিছে লৰাটো কোন আছিল বা …ধৰিব নোৱাৰিলো …

    Reply
  • দ্বীপেন বৰুৱা

    প্ৰেম প্ৰেম জখলা
    বগাবলে হবলা
    ৰূপহীৰ মনেই নাযায়!

    Reply
  • Suman Sekhar Kalita

    সুন্দৰ

    Reply
  • Gitu hazarika

    ভাল লাগিল

    Reply
  • ভাল লাগিল

    Reply
  • Anonymous

    Porhi vl lagil

    Reply
  • Anjiim Baruah

    ভাল লাগিল। চঞ্চলা আমাৰ তাহানিৰ মনবোৰ বৰ ধুনীয়াকৈ লিখিছা।

    Reply
  • লখিমী।

    আইঐ দেহি। মাকৰ জৰিয়তে প্ৰস্তাৱ দিয়ালৈকে ৰৈছিল বেচেৰা।

    Reply
  • Anonymous

    বেচেৰাই কিছুদিন অপেক্ষা কৰিল দেই…

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ধেই, বেচেৰাটোৰ আশাত চেঁচা পানী ঢালি দিলা৷

    Reply
  • অভিজিত কলিতা

    বেছেৰালৈ বেয়াই নাগিল। ধুনীয়া লিখনি। আৰু পঢ়িবলে পাম বুলি আশা কৰিলো

    Reply
  • ৰিমঝিম ৰিমা

    সকলোলৈকে ধন্যবাদ দেই..❤️❤️❤️

    Reply
  • Anonymous

    Bhal lekhiso 😂alop khali twist kori diso 😂

    Reply

Leave a Reply

Your email address will not be published.