ফটাঢোল

ফটালিমাৰিক – ধনজিত বৰুৱা

কৃষ্ণ*

কদম তলত কলিৰ কানাই গোপীৰ লগত ডেটিং

গোপী বোলে অহা নাই আছে গোটৰ মিটিং

চিৰিয়েল পাকঘৰ সামৰি

নাই পোৱা আহৰি

ৰৈ থকা সময় কানায়ে খুচৰে ইনবক্সৰ ছেটিং।

অভিজাত*

জাহানাৰাৰ পানৰ খৰছৰ সমান আছিল চুৰাটৰ ইনকাম

ছিগাৰ টানি কয় বিজ্ঞই কি কিতাপত মই পাম

তেজ ঘামৰ সমান মূল্য

উৰুৱাই কৰে ধোঁৱাৰ তুল্য

আৰামৰ লাৰু চোবাই জীৱনত টিলিকিত কৰে টান কাম।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.