ফটাঢোল

ফটালিমাৰিক- ধনজিৎ বৰুৱা

১)

পুৱাই চালে ৰাম ৰাৱণে ‘ৰ’ আখৰত ৰাশিফল

যুদ্ধ জয়ৰ ইংগিত পাই দুয়ো মনত বান্ধিলে বল

সমৰ ক্ষেত্রই পৰীক্ষা
জীৱনৰ এক সমীক্ষা

ফ্লেট হৈ পৰি থাকোঁতে ৰাৱণে বুজিলে নিজৰ কৰ্মফল।

২)

ভক্তিত গদগদ সদাকান্ত ভকতিৰে চলায় পেট

বান্ধি দিয়ে গৃহস্থক মাননীৰ নিজা ৰেট

মনে মনে সীমা থেলে
কাম আদায় চলে বলে

ভক্তিৰ অডিঅ’ ভিডিঅ’ বনাই ভৰাইছে হেনো ইণ্টাৰনেট৷

৩)

প্ৰতিবাৰে আলোকপাত একে সোপা সমস্যা

প্ৰতিবাৰে প্ৰতিশ্ৰুতি তোমাৰ বোপাই যশস্যা

মেধাবীয়ে দেশ চলাইছে
বণিয়াই নীতি বলাইছে

গণতন্ত্র আছিল কেতিয়া এয়া জুইৰ ওপৰত তপস্যা৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.