ফটাঢোল

ফটাস্মৃতি – বিজয় মহন্ত

১)

প্ৰতিজন মানুহৰ জীৱনত কিছু ৰসাল ঘটনা থাকে, যাৰ স্মৃতিয়ে আপোনাক আজীৱন হহুৱাই থাকে৷ আজি মই মোৰ ৰসাল স্মৃতি এটা আপোনালোকলৈ আগবঢ়াইছো৷

কলেজত পঢ়ি থকা দিনৰে কথা৷ গধূলি সময়খিনি কৰিবলৈ একো নাথাকে বাবে ওচৰৰে পান দোকান এখনত আড্ডা দি কটাও৷ মনটোত কিবা এটা সমাজখনৰ বাবে কৰাৰ তীব্ৰ হেঁপাহ৷ সেয়ে পান দোকানত বহি বহি যদি কেতিয়াবা গাৱৰ যুৱ সংঘৰ পৰা আঞ্চলিক ভিত্তিত যুৱ-সমাৰোহ পতাৰ কথা আলোচনা কৰি তাক সফল ৰূপ দিছো কেতিয়াবা কাৰ ঘৰৰ ছোৱালীজনী ধুনীয়া হৈছে তাকো আলোচনা কৰিছো৷ তেনেকৈ আড্ডা দি থাকোঁতেই মোৰ মন গ’ল আমি দেখোন নাটক কৰিব পাৰো৷ আড্ডাত কথাটো উলিয়াই দিলো৷ এজনক বাদ দি বাকী কেইজনে বৰ মন নকৰিলে৷ তথাপিতো ক্ষীণ আশা এটা বুকুত বান্ধি কাৰ্বন পেপাৰ দুখন আৰু কাগজ একদিস্তা কিনি ঘৰত আহি চিঠি লিখা আৰম্ভ কৰিলো৷ পিছদিনা সেই চিঠিখিনি ঘৰে ঘৰে অকলে গৈ বিলালো দেওবাৰে নাটক সম্পৰ্কে আলোচনা কৰিবলে৷

নিৰ্দিষ্ট দিনটোত দহ বাৰজনমান মানুহ সভাত উপস্থিত হ’ল৷ হতাশ হলো যদিও আশা এৰি নিদিলো৷ সভাত সকলোৰে আগত নাটক অনুস্থিত কৰাৰ কথা কোৱাত সকলোৱে আগ্ৰহ কৰিলে৷ নাটক দুখনৰো নিৰ্ব্বাচন হৈ গল৷ এখন “প্ৰজাঘৰ” আনখন “টেটোন তামোলী”৷ কিন্তু সমস্যা হ’ল নাটক কৰিব কোনে? অভিনেতাৰ অভাৱ নাই৷ কিন্তু অভিনেত্ৰী পাও ক’ত? এইবাৰ আৰম্ভ কৰিলো নাটক কৰিব পৰা ধুনীয়া ছোৱালীৰ সন্ধান৷ ছোৱালী থকা ঘৰলৈ গৈ মাক দেউতাকক খাটিৰ কৰি কৰি দুজনীমান উলিয়ালো৷ সমস্যা হ’ল প্ৰজাঘৰ নাটকৰ নায়িকা জনী পাবলৈ নাই৷ অৱশেষত ওছৰৰ এঘৰত ফুৰিবলৈ অহা আলহী ধুনীয়া ছোৱালী এজনীক কাবৌ কৰি ৰাখি নায়িকাৰ চৰিত্ৰ টো দিলো৷ তাইৰ ঘৰত গৈ দেউতাক মাককো কৈ আহিলো৷

ৰিহাৰ্চেল আৰম্ভ হ’ল৷ প্ৰজাঘৰ নাটকত মোৰ ৰোল পৰিল এটা উদণ্ড যুৱকৰ চৰিত্ৰ৷ আনহাতে টেটোন তামোলীত টেটোনৰ মুখ্য চৰিত্ৰও মোৰ ভাগতেই পৰিল৷ কিন্তু দুদিনমান আখৰা কৰাৰ পিছত পৰিচালককে এটা প্ৰকাণ্ড ঠিয় গোৰ দি মোক নাটকৰ পৰা বাহিৰ কৰিলে মোৰ অভিনয় প্ৰতিভা দেখি৷ আখৰা গধূলি সময়ত আৰম্ভ হয় আৰু দহটামান বজাত শেষ হয়৷ তাৰ পিছত আকৌ ছোৱালী বিলাকক ঘৰে ঘৰে থৈ ৰাতি বাৰমান বজাত আহি ঘৰ পাও৷ এদিন আখৰা কৰি থাকোঁতেই ধুম ধাম শব্দ শুনিলো৷ হঠাতে কোনোবা এটাই চিঞৰি ক’লে বোলে ওচৰতে গুলিয়াগুলি হৈছে৷ য’ৰ আখৰা তাতে এৰি মানুহবোৰ ফ’ৰিং চিটিকা দিলে৷ থাকি গ’লো মই আৰু মোৰ ঘৰৰ ওচৰৰে টেটোন তামোলীৰ নায়িকা জনী৷ দুয়োটাৰ ঘৰ ক্লাবটোৰ পৰা আতৰত৷ তথাপিটো ভয়তে দুয়োটা দৌৰি আহি ঘৰৰ ওচৰ পাইছোহি৷ ঘৰৰ ওচৰতে সাপ্তাহিক বজাৰ এখন বহে৷ টিনৰ চালি দিয়া ঘৰ কিছুমান আৰু কাষে কাষে কলমৌ৷ হঠাতে ধুম ধুমকৈ ফুটি উঠিল৷ এনেকুৱা লাগিল যেন কানৰ কাষেদি এগালমান গুলি পাৰ হৈ গল৷ প্ৰানৰ মমতাত দুয়োটা জপিয়াই সোমাই পৰিলো কলমৌ দৰাৰ মাজত৷ কিমান সময় তেনেকৈ সোমাই থাকিলো নাজানো৷ ঠাণ্ডা হোৱা যেন গম পাই ওলাই আহিলো দুয়োটা৷ তাইক ঘৰত থৈ ঘৰ সোমাই শুই থাকিলো৷ পিছদিনা গম পালো সেয়া কাৰোবাৰ বিয়াত ফুটুৱা ফটকা হে আছিল৷

নাটকৰ ওচৰ পালেহি৷ ৰাতিপুৱাই ঘৰত কিবা এটা খাই চাইকেলখন লৈ ওলাই যাও দিনটো নাটকৰ টিকেট বিক্ৰি কৰো; ৰাতি আখৰা কৰি ঘৰে ঘৰে ছোৱালী থৈ ঘৰ সোমাও৷ ইফালে ষ্টেজ বনাব’লৈ ঘৰে ঘৰে তামোল গছ আৰু বাহ বিছাৰি ফুৰিবও লাগে আমিয়েই৷ সকলো গোটাই মেলি আজৰি হৈ গ’লো নাটকৰ দিনলৈ৷

নাটক আৰম্ভৰ আগে আগে ডাইৰেক্টৰে সকলোকে মাতি নি মঞ্চ সজ্জাত কোনফালে দুৱাৰ কোনফালে ওলাব লাগিব বুজাই দিলে কিন্তু মই টিকেট কাউণ্টাৰত ব্যস্ত হৈ থকাত একো চাবলৈ নাপালো৷ দৌৰাদৌৰিকৈ আহি মেকআপ লৈ মই সাজু হ’লো৷ জীৱনত প্ৰথমবাৰৰ বাবে নাটক কৰিছো৷ প্ৰথম দৃশ্য টো ওলাবলৈ লৈ ইমানেই বুকু ধপধপাইছে, ইমানেই নাৰ্ভাছ হৈছো বুজাব নোৱাৰিম৷ ভগৱানৰ নাম লৈ খপজপকৈ ওলাই আহিলো৷ আহিয়েই মঞ্চত সজাই থোৱা ফুলৰ টাব এটাত খুন্দা মাৰিলো৷ মই ওলোৱাৰ লগে লগেই দৰ্শকৰ মাজৰ পৰা দুটামানে উকিয়াব লাগিল৷ যিমানেই দৰ্শকৰ মাজত হুলস্থূল হ’ল মই বেছিকৈ নাৰ্ভাছ হ’বলৈ ধৰিলো৷ এনেকুৱা লাগিল মই যেন গ্ৰীণ ৰূম সোমাব পালেই বাছিম৷ ডাইলগখিনি নাটকত আছিল নে নাই নাজানো যি পাৰো গালো আৰু খপজপকৈ সোমাই গৈ দুৱাৰ বুলি খিড়িকেই মুৰটো সুমুৱাই তললৈ জপিয়াই দিলো৷ দৰ্শকৰ মাজত হাহিৰ ৰোল উঠালৈ মই খিড়িকেৰে জপিয়াই ষ্টেজৰ তলত পৰি থকা বাহ কাঠ এখিনিৰ ওপৰত পৰি কেকাই থকাৰ পৰা দুজনমানে ধৰি তুলি আনিলে৷

২)

জুবিনৰ প্ৰগেম কিয় নাচাও
স্থান: – মালিগাও৷

জালুকবাৰীৰ পৰা খোজকাঢ়ি আহি মালিগাও পালোহি৷ জুবিনৰ প্ৰথমটো ‘লাইভ’ প্ৰগ্ৰেম চাম৷ লগত দাদা এজন আৰু লগৰ এটা৷ সুন্দৰবড়ীৰ পৰা খোজকাঢ়ি ভাগৰো লাগিছিল৷ প্ৰগ্ৰেম আৰম্ভ হোৱা নাছিল৷ গতিকে কাষতে থকা যাত্ৰীচ’ৰাটোত বহি অলপ ভাগৰ মাৰিবলৈ তিনিওটা আগবাঢ়িলো৷ যাত্ৰীচ’ৰাটোত মানুহ ভৰ্তি হৈ আছিল৷ বহিবলৈ খালী ঠাই অকনো নাই৷ অলপ ভালকৈ চোৱাত এটা মানুহ শ্লেপখনত শুই থকা দেখি দাদাই তাৰ কাষলৈ গৈ গাত জোকাৰি উঠাই দিলে৷ টোপনিৰ পৰা সাৰ পাই মানুহটো উঠিবলৈ চেষ্টা কৰাত দাদাই হাত এখন আগবঢ়াই দিলে৷ মানুহটো দাদাৰ হাতত ধৰি উঠিল আৰু উঠিয়েই দিলে দাদাৰ পেটতে বমি কৰি৷ লোকৰ বমি এগাল পেটত লৈ থকাও সম্ভৱ নহয় ইফালে জুবিনৰ প্ৰগ্ৰেম নোচোৱাকৈ ঘূৰি যোৱাৰো মন নাই৷ গতিকে পানী এবটল কিনি যিমান পাৰি চাফা কৰি তেও মানুহৰ মাজলৈ সোমাই গ’ল ভীৰৰ মাজত যিমান পেটুৱা মানুহ আছিল প্ৰায় বোৰৰ পেটত ঘঁহি ঘঁহি বমি নোহোৱা কৰিলে৷ ইতিমধ্যে জুবিনৰ প্ৰগ্ৰেম আৰম্ভ হ’ল৷ আমাৰ মন জুবিনক ওচৰৰ পৰা চোৱা কিন্তু ইমান ভীৰত ষ্টেজৰ সন্মুখলৈ যাও কেনেকৈ? উপায় ওলাল৷ জুবিনে গান গোৱাৰ লগে লগে নাচিব লাগে বুলি চিঞৰ এটা মাৰি আমি তিনিওটাই নাচিবলৈ ধৰো৷ আমাকে দেখি ওচৰৰ খিনিয়েও নাচিবলৈ হাত ডাঙে আৰু আমি তিনিওটা সৰকি আগলৈ গুচি যাও৷ এইদৰে গৈ গৈ ষ্টেজৰ সন্মুখ পাইছোগৈ কৰ নো বাঘৰ কলিজাখোৱা ছোৱালী দুজনী সোমাই দিলেহি পুৰুষৰ মাজত যে সিহঁতৰ চিঞৰত তাহাঁতক উলিয়াবলৈ পুলিচে দিলে লাঠিচাৰ্জ কৰি দিলে৷ ঠেলা হেঁচাৰ কোবত মই পিন্ধি যোৱা এপাট চামৰা চেণ্ডেল ক’ৰবাত থাকি আহিল৷ ছোৱালী দুজনীক পুলিচে বাৰু উদ্ধাৰ কৰিলে কিন্তু উদ্ধাৰ নহ’ল মোৰ চেণ্ডেল পাতহে৷ গতিকে প্ৰগ্ৰেমৰ মাজে মাজে মই ভীৰৰ মাজতে চেণ্ডেলৰ অনুসন্ধান অব্যাহত ৰাখিলো৷ অৱশেষত ভগৱানৰ কৃপাত চেণ্ডেল পাত পালো৷ গতিকে আনন্দ মনেৰে প্ৰগ্ৰেম শেষ কৰি ঘূৰি আহি ৰূম পাই লাইট টো জ্বলাই দেখিলো মোৰ হেৰোৱা চেণ্ডেলপাতৰ সলনি মই পিন্ধি আহিলো কোনোবাই পিন্ধা টিউবৰ চেণ্ডেল এপাট হে৷■■

11 Comments

Leave a Reply

Your email address will not be published.