ফটাঢোল

ফটা কবিতা – হিৰণ্যজ্যোতি দাস

হে বৰষুণ,

বেছি ৰোমাণ্টিক হোৱাৰ প্ৰয়োজন নাই৷

মোৰ এনেকুৱা কোনো গাৰ্লফ্ৰেণ্ড নাই যে

মোৰ লগত এই বৰষুণত তিতি তিতি ডেন্স কৰিব৷

মোৰ ঘৰত মোৰ পত্নী আছে

যিয়ে মই বৰষুণত তিতি তিতি

ঘৰ পোৱাৰ পাছতে ভিতৰৰপৰা দৌৰি আহিব

আৰু ক’ব ………….

গেটতে ৰৈ যাওক

ঘৰৰ ভিতৰলৈ নাহিব,

নহ’লে গোটেই ঘৰটো লেতেৰা হ’ব

আৰু আপুনিয়ে পাছত মছিব লাগিব৷

☆★☆★☆

Leave a Reply

Your email address will not be published.