ফটাঢোল

ফটা প্ৰেম – দ্বিজেন তামুলী

আমাৰ সৰু কালটো বহু সময়ত পথাৰত গৰু চৰোৱা, মাছ ধৰা, খেলা ধুলা কৰা আদি কামবোৰ বৰ প্ৰিয় আছিল৷ সকলোৱে মিলি আমি সদায় আবেলি পথাৰলৈ গৰু চৰাবলৈ গৈছিলোঁ৷ বিভিন্ন খেল যেনে ধৰক ঢোপ, কাবাডী, হাঠা বাটা, দাইৰা, মাৰ্বল, লুকা ভাকু, বাজি আদি খেল খেলিছিলোঁ৷ যিবিলাকৰ নাম হয়তো আজিৰ ল’ৰা ছোৱালীয়ে শুনিবলৈকে পোৱা নাই৷

কেইদিনমানৰ পৰা মই এটা কথা বৰকৈ মন কৰি আছিলোঁ, দুজনমান সমনীয়াই এজনী ধুনীয়া ছোৱালীক কিবা কিবি কৈ জোকাই আছিল৷ পথাৰখনৰ মাজেৰে যোৱা আলিবাটটোত৷ যিটো আলিবাটে আমাৰ দুয়োখন গাঁৱৰ প্ৰধান সংযোগ আছিল৷ ছোৱালীজনীয়ে আবেলি পৰত ইখন গাঁঁৱলৈ সদায় গাখীৰ নিবলৈ আহিছিল৷ মই তাইক জকোৱা কথাটোৰ তীব্ৰ প্ৰতিবাদ কৰিলোঁ আৰু ল’ৰা কেইজনক সকিয়াই দিলোঁ তেনে নকৰিবলৈ৷ সেয়াই যেন কাল হ’ল মোলৈ ছোৱালীজনীৰ মৰমৰ চকু পৰিল৷ তেনেই সৰু কালছোৱাত পিৰিতী কি বস্তু বুজিব পৰা হোৱাই নাছিলোঁ ভালকৈ৷ কিন্তু তাইৰ চাৱনিৰ প্ৰত্যুত্তৰ চাৱনিৰে দি গলোঁ৷

এদিন হঠাৎ তাই মোৰ গাঁৱৰ এজন ল’ৰাক মোৰ বিষয়ে সুধি কিবা এখন কাগজ নে কিতাপ মোৰ ওচৰত থকা বুলি কৈ মোক লগ ধৰাৰ বাবে কৈ পঠালে৷ মই প্ৰথমে একো বুজিয়েই পোৱা নাছিলোঁ কথাৰ মোৰ৷ মই ফিতাহি মাৰি তাক কৈ পঠালোঁ এহ নাই যা একো কিতাপ মোৰ ওচৰত তাই কোনোবা বেলেগৰ কথা কৈছে যা৷

যেতিয়া একে কথাৰেই পুনৰাবৃত্তি হ’ল মই আৰু বুজিবলৈ বাকী নাথাকিল৷ মোৰ কাগজ নেপাই তাই এদিন সৰু ল’ৰাটোৰ হাতত এখন চিঠি পঠাই দিলে আৰু উত্তৰও বিচাৰিলে৷ বিদ্যা কৈছোঁ মই ভয়ত বিতত হৈছিলোঁ৷ কাৰণ মোৰ ডাঙৰ দাদাক মই পৃথিৱীৰ সকলোতকৈ ভয় কৰিছিলোঁ৷ কেনেবাকৈ যদি সি গম পায় মোৰ পিঠিৰ চাল যে চিঙিব সেইটো খাটাং৷ মোৰ অনুমান হয় আমাৰ দিনত এই ভয় ভাবটো এতিয়াতকৈ বেছি আছিল৷

যা নহওক চিঠিত কি লিখিছিল সেইটোও মোৰ মনত নাই৷ মোৰ কিন্তু তাইক দেখিলে মনটো কিবা ভাল লগা হৈছিল৷ সেয়াই বোধহয় প্ৰেম বুলি কয়৷ লাহে লাহে তায়ো ডাঙৰ হ’ল আৰু গম পালোঁ যে আমাৰ একেবাৰে ওচৰৰ দাদা এজন তাইৰ একমাত্ৰ মোমায়েক৷ এদিন তাই মোমায়েকৰ ঘৰলৈ আহিল এটা অনুষ্ঠানত যিটো অনুষ্ঠানত ময়ো আছিলোঁ৷ তাই এইবাৰ মামাকৰ ঘৰৰ মানুহৰ পৰা মোৰ সকলো কথা সুধি মোৰ প্ৰতি থকা ভালপোৱাৰ কথাটো বায়েক এজনীক কৈ গ’ল যি গৰাকীয়ে মোক পাছত কৈছিল৷ মই একো উত্তৰ নিদি কেৱল দাদাৰ কথা কৈছিলোঁ৷

এদিন তাইৰ দাদাক আহি আমাক তেওঁৰ বিয়াৰ নিমন্ত্ৰণ দি গ’ল তামোল পাণ এজোৰ দি৷ বিয়াত যাবলৈ মই তলে তলে পাং পাতি মাৰ পৰা পাৰমিচন লৈ বিয়াঘৰ ওলালোঁঁ গৈ৷ মায়ে ক’লে তইহে বৰ ভাল ল’ৰা আলহী আদিৰ বিয়াত গ’লেহে ভাল পাই আৰু সম্পৰ্ক ৰক্ষা হয়৷

বিয়া ঘৰলৈ গৈ পোৱাৰ লগে লগে বগা ৰঙা ফুট থকা নতুন চোলা পিন্ধা বগাকৈ ছোৱালীজনীয়ে লাজ লাজ মাতেৰে আমাক আদৰি নি বহিবলৈ দিলে আৰু সময়ত দৰাৰ লগত যাবলৈ জোৰ কৰিলে৷ মই আৰু বন্ধুজনে তাইৰ কথাত নেওচা দিব নুখুজিলোঁ আৰু একেবাৰে কইনা ঘৰ৷ এনেকৈ থাকোঁতেই সেই গাঁৱৰ এজনী ছোৱালী আমাৰ গাঁৱৰ ল’ৰা এজনে পলুৱাই আনিলে আৰু গাঁৱত মেল বহি বৰ গন্দগোল লাগিল৷ আৰু আমাৰ পেৰেম আতালত উঠিল

বহু দিনৰ মুৰত তাইক এদিন ৰাস্তাত কইনা সাজত দেখি মোৰ অলপ বেয়া লাগিছিল আৰু কোনো দিনেই তাইক মই দেখাৰ ভাগ্য হোৱা নাই৷ ক’ত বিয়া হ’ল কেনে আছে তাই জানিবলৈ কেতিয়াবা মন নোযোৱা নহয়৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.