ফটাঢোল

ফটা প্ৰেম – মিৰাজুল ৰছিদ

সৰুতে মই খুব ৰোমাণ্টিক আছিলোঁ। এই ধৰক বিশ বছৰ বয়স হোৱাৰ পাছতহে মোৰ ৰোমাণ্টিক মনটো নোহোৱা হ’ল। আচলতে সময় নাই দিয়কচোন। কলেজৰ এচাইনমেণ্ট, পৰীক্ষাৰ চিন্তা আদিৰ বাবে ৰোমাঞ্চ কি পাহৰি গ’লো।

সৰুতে এইবোৰ ভেজাল নাছিল। সেইবাবে ৮, ৯ বছৰ বয়সত গাঁৱত ময়ে মূল ৰোমণ্টিক ‘বাচ্চা’ আছিলো চাগে।

তাইৰ লগত টিভিত শক্তিমান চাওঁতে চাওঁতে কেতিয়া প্ৰেমত পৰিলো গমেই নাপালোঁ। অ’ তাই মানে কোন আগতে জনাই দিওঁ নহয় জানো? তাই আমাৰ কাষৰ ঘৰটোত একেজন মালিকৰ ভাড়াঘৰতে আছিল। টিভি চাই বৰ ভাল পাই তাই। কিন্তু সেই সময়ত সিহঁতৰ টিভি নাছিল। ৰবিবাৰে দিনটো আমি দুয়ো আমাৰ ক’লা বগা টি.চিৰিজৰ টিভিটোত একেলগে শক্তিমান চাওঁ। তাই শক্তিমান ভাল পাইছিল, ময়ো পাইছিলো। কিন্তু মই “কভি চৌটন কভি চেহেলী”ও চাইছিলো। সেইখনত শিকিলো ভালপোৱাৰ অ আ। এদিন দিলো তাইক আই লাভ ইউ কৈ।

তাই গৈ মাকক ক’লে। মাকে আহি আমাৰ দেউতাক দিলেই নহয় কম্প্লেইন। আমাৰ দেউতা যে, বিদ্যা কৈছোঁ, তবলা বাদক হ’ব বিচাৰিছিল চাগে, সুৰ ঠিককৈ নাজানে বাবেই শেষত দেউতাক হ’ল কিজানি।

সেইদিনা মোৰ পিঠিত যি হে তবলা বজালে, আই ঔ জীৱনত আৰু আই লাভ ইউ নকওঁ বুলি শপত খালো।

সময় পাৰ হ’ল। মইয়ো ডাঙৰ হ’লো। কলেজৰ সমতে টিউচনত লগ পোৱা টিনাত সঁচাকে ভাল পাম বুলি মনতে পণ কৰিলো।

তাইক প্ৰপোজেল দিবলৈ আৰ্চিজৰ কাৰ্ড এখন আনিলো। তেতিয়াৰ দিনতে ১০০ টকা লৈছিল। তাইক হাতত দিবলৈ মোৰ সাহস নাই। কলিজাখন ব্ৰইলাৰ মূৰ্গীৰ সমান ডাঙৰ। গতিকে তাই টিউচনলৈ আহি থাকোতে চাইকেলৰপৰা সন্মুখতে পেলাই দিলো। প্ৰথম দিনা ঘূৰিয়ে নাচালে। তাই যোৱাৰ পাছত কাৰ্ডখন বুটলি ল’লো। ময়ো এৰি দিয়া ভকত নহয়; এক্সুৱেলি মই বৰ পজিটিভ ল’ৰা। মনতে ক’লো, মিৰাজ বি পজিটিভ; ধৈৰ্য্যৰ ফল সদায় মিঠা।

দুদিনৰ পাছত আকৌ চেষ্টা কৰিলো। সেইদিনা মনতে ভাবি ল’লো, তাই যদি নলয় তেন্তে এইখন চুমিক দিম। এইজনী নহ’লে সেইজনী, মুঠতে গাৰ্লফ্ৰেণ্ড বনামেই।

সেইদিনা তাই ল’লে কাৰ্ডখন। মোৰ ফালে চাই ক’লে, “কাইলৈ জনাই আছোঁ।”

মোৰ মনত লাড্ডু ফুটিল। পিছদিনা টিউচনলৈ আধা ঘণ্টাৰ আগতে আহি তাইলৈ বাট চাই ৰ’লো। তাই আহি মোৰ ফালে নোচোৱাকৈ চাৰৰ ওচৰলৈ গ’ল। কাৰ্ডখন চাৰক দি দিলে। চাৰে পঢ়ি উঠি মোক মাতিলে। ঐ মিৰাজ, এইফালে আহ। এইখন তই লিখিছ? ‘আলু কচু বেঙেনা খাওঁ, সময় পালে বিহু গাওঁ, মইনা তোমাক ভাল পাওঁ…’ কি এইবোৰ হাঁ?”

মই কঁপি কঁপি তাইৰ ফালে চালো, তাই দুষ্ট চকুযুৰিৰে মোক ইচাৰাৰে ক’লে, “সোণামুৱা, কাইলৈ ক’ম বুলি কৈছিলো নহয়, কৈ দিলো। কেনে মজা পালি?”

তাৰ পাছত চাৰে দিলে চেকনীৰে ঠাচ ঠাচ। ইমানতে ক্ষান্ত নাথাকি নিষ্ঠুৰ টিউচনৰ চাৰে দেউতাকো খবৰটো দিলে।

দেউতাৰ কথা ক’লোৱেই নহয়। আচলতে তবলা বাদক হ’ব খুজিছিল, সুৰ নাজানে আৰু শেষত মোৰ দেউতাহে হ’ল বুলি। সেইদিনাও মোৰ পিঠিত যি বেসুৰা তবলা বজালে, আজিও বিষাই যাই ভাবিলে।

তথাপি মই ল’ৰাটো বৰ পজিটিভ জানেই নহয়। দুবাৰকৈ প্ৰেমত গোল্লা খাইও আজিলৈ দুখ নাই কৰা। নালাগে গাৰ্লফ্ৰেণ্ড। নিজকে সান্তনা দিওঁ আজিও, হেৰৌ মিৰাজ, গাৰ্লফ্ৰেণ্ড বনাই কি কৰিবি! মিছাতে খৰচহে বাঢ়িব। চাকৰিটোও তোৰ প্ৰায় ৰেগুলাৰহে, ফুল ৰেগুলাৰ হোৱাগৈয়ে নাই।

☆ ★ ☆ ★ ☆

8 Comments

  • Anonymous

    ফুল ৰেগুলাৰ হ’লে আকৌ এবাৰ চেষ্টা কৰি চাব😂😂

    Reply
  • Barbie Punnag

    হাঃ হাঃ ! আগতে যে চিঠিত কি কি লিখা হৈছিল নহয়😂😂😂 বৰ ভাল লাগিল পঢ়ি

    Reply
  • বি পজিটিভ মিৰাজুল ।😃

    Reply
  • পূৰ্ণময়ী

    হয়তো,পইচা খৰচৰ বাহানাহে

    Reply
  • Anonymous

    তবলা বাদক 😜🤭😂

    Reply
  • Anonymous

    ভাল লাগিছে

    Reply
  • Walida Bora

    ভাল লাগিল।

    Reply
  • “অপনা টাইম আয়েগা” সদায় পজিটিভ হৈ থাকি থাকি বৰলাৰ ভাত নাখাবাগৈ কিন্তু কৈ থ’লো । পজিটিভৰ সমানে সমানে নিজৰ কামো কৰি যোৱা সময়মতে, খৰছ মাৰৌ গুলি । মজা লাগিল ফটা প্ৰেম আৰু তবলাৰ তাল ।

    Reply

Leave a Reply

Your email address will not be published.