ফটাঢোল

ফটা লিমাৰিক – ধনজিত বৰুৱা

অফিছ

কথা নহয় বিষয়াৰ যেন শকুনিৰ পাশাৰ গুটি
বিভাগীয় মেৰপেচ হেনো টকাই দিয়ে কুটি
কাপোৰ কানি ক’লা হ’ল
পিতনিৰ পৰা পলাই ব’ল
দেউতাকৰ পেঞ্চন ফাইলটোহে তাৰ আশাৰ খুটি।

 

 

উৰহ দম্পতি কাম বেক

পুৰণি খেতি খোলাৰ ফফৌ ফৌ বেঙেনা
লেবৰা ভাজিত মিলি লৈ কিয় দিয়া বেদনা
তথাপি তুমি পাবা আদৰ
ঠিকাত দিবা আইৰ চাদৰ
আমিবোৰে হাঁ বিধি বুলি আকৌ ল’ম প্ৰেৰণা।

 

এঞ্জেলবাবুৰ লাভ মেৰেজ

পাছতহে ওলাল বোলে জোঁৱাইৰ ৰেগুলাৰ ভাং
সপ্ত আকাশত সপ্ত ভাগে নিতৌ পাতে চাং
পিৰিতিত পিলিঙাই পিৰপিৰাই
সত্যই জেষ্ঠক সিৰসিৰাই
লোণত খুলিব দোকান দুই বিয়ৈয়ে পাতিছে পাং।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.