ফটাঢোল

ফনীধৰ মহাজনৰ বিসম্বাদ – খজেন ডেকা

ফনীধৰ দাইটি অকল গাঁওখনৰে নহয়, সমগ্ৰ অঞ্চলটোৰে এজন ডাঙৰ মহাজন। ঘৰ-বাৰী, টকা-পইচা সকলোফালৰ পৰাই নদন-বদন। একোৰে অভাৱ নাই। গাঁৱৰ সমাজৰ পৰা আৰম্ভ কৰি দেশৰ ৰাজনীতিলৈকে সকলোতে ফনীধৰ দাইটিৰ আগস্থান। ৰাজনীতিৰ বিয়াগোম মন্ত্ৰী, এমেলে আৰু ডাঙৰ লীডাৰলৈকে হাত থকা মানুহ। ঘৰতে এখন ডাঙৰ গেলামালৰ দোকান আছে। একেবাৰে মাৰোৱাৰীৰ দৰে খাতাৰ কাৰবাৰ। দাইটিৰ সমস্ত মাটি-বাৰী, সা-সম্পত্তিবোৰো খাতাৰ জৰিয়তেই অঞ্চলটোৰ দুখীয়া-নিছলাবোৰৰ পৰা হস্তগত কৰা বুলি চকু চৰহাসকলে কোৱাকুই কৰে। দাইটিৰ চেহেৰাপাতিও মাৰোৱাৰীৰ দৰেই। মস্ত ডাঙৰ এটা পেট। নিগনিয়ে বাহ ল’ব পৰাকৈ আধাফুটমান দ’ নাইটো। সেয়ে বহুতে দাইটিক ছেকেণ্ড মাৰোৱাৰী বুলিও কয়। টকা-পইছা থাকিলেও দাইটি মহা কৃপন। পঞ্চ-পাণ্ডৱৰ ভীমে মহাদেৱৰ ঘৰত গৰখীয়া হৈ থাকোঁতে ধাৰ খুজিবলৈ গৈ বিমুখ হৈ কোবাই-কিলাই আধামৰা কৰা কুবেৰটোৰ দৰে। সেয়ে অঞ্চলটোৰ বহুতে ফনীধৰ দাইটিক কুবেৰ বুলিও কয় আৰু দোকানখনক ‘কুবেৰৰ গোলা’ বুলি কয়। অৱশ্যে দাইটিৰ সমূখত তেনেদৰে ক’বলৈ কাৰো সাহস নাই। লুকাই-চুৰকৈহে কয়।

দাইটি ধনৰহে কৃপন, মন আৰু মাতৰ কৃপন নহয়। হওঁতে সকলোৰে মন মুহিব পৰাকৈ দাইটিৰ মিঠা মাতষাৰি আছে। দাইটিৰ স্বভাৱকলৈ অঞ্চলটোৰ দুই/এজন ডেকা ল’ৰাই এটা যোজনাই সৃষ্টি কৰিছে –“ধনৰ কুবেৰ ফনীধৰ মহাজন, আস্তে কৰে ৰাও। মিস্তি কথা শুন যদি কুবেৰৰ গোলাই যাওঁ”। কিন্তু সেইবোৰলৈ দাইটিৰ ভ্ৰূক্ষেপ নাই। যিয়ে যি মন যায় কৈ থাকক। নিজে নিজৰ কাম কৰি থাকিলেই হ’ল।

টকা-পইচা বিচাৰি গ’লে দাইটিয়ে ‘নাই’ৰ বাদে আছে বুলি কোনোদিনে নকয়। আগতে বহুতবাৰ বিমুখ হৈয়ো এটা সৰু চাকৰিৰ বাবে ঘোচ দিবলৈ টকাৰ প্ৰয়োজন হোৱাত দাইটিৰ ওচৰলৈকে গ’লোঁ। দাইটি দোকানৰ গাদীতেই বহি আছিল। মই গৈ লাহেকৈ ক’লোঁ – “দাইটি, বোলো ভালে আছেনে?” দাইটিয়ে ক’লে- “আছোঁ আৰু বোপাই, কোনোৰকমে তেৰাৰ কৃপাত। কি সকাম লৈ বা আহিলা বোপাই?”

মইঃ দাইটি, কাম এটাৰ বাবে আহিছিলোঁ। মানে.. মানে মোক অলপ টকাৰ প্ৰয়োজন আছিল। চাকৰি এটা হওঁ হওঁ হৈ আছে। অলপ টকা দিব পাৰিলেই চাকৰিটো হৈ যাব। দৰমহা হ’লেই আপোনাৰ টকা আপোনাক ঘূৰাই দিম। পামনে দাইটি? মনত এটা ভয় ভাৱ লৈ কথাখিনি সেমেনা-সেমেনি কৰি ক’লোঁ।

দাইটিঃ আছে, আছে। পাবি ৰহ। তই অলপ বহচোন অমল। মই অলপ ভিতৰৰ পৰা আহোঁ।

দাইটিৰ কথাখিনি শুনি মোৰ মনটো ভাল লাগি গ’ল। দাইটিৰ প্ৰতি কৃতজ্ঞতাৰে অন্তৰখন ভৰি গ’ল। নাজানো ৰাতিপুৱাই কাৰ মুখ দেখি আহিছিলোঁ। মনে মনে নেদেখাজনক শতকৌটি ধন্যবাদ জনাই ক’লোঁ—হে প্ৰভু, তুমি আছা। দাইটিক পুনৰ সুধিলোঁ—“দাইটি জোনালী ঘৰত আছে নে?”

আছে আছে, আজি সৱ আছে। জোনালীও আছে, টকাও আছে বুলি কৈ দাইটি ভিতৰলৈ সোমাই গ’ল।

আও……!! কথাটো কি ? দাইটিৰ আজি হ’ল কি? মাথা গৰম হোৱা নাইতো! সদায় টকা নাই বুলি কোৱা মানুহটোৱে আজি টকা আছে বুলি কৈছে। আৰু জোনালীক লাইন মাৰোঁ বুলি ভাবি কোনোদিনে তাই ঘৰত আছে বুলি নকয়। ৰহস্যটো কি? ক্ষন্তেক পৰ চিন্তা কৰি উত্তৰটো উলিয়াই ল’লোঁ। ৰহস্য একো নহয়। ৰহস্যৰ ওৰ জীয়েক জোনালী। একমাত্ৰ জীয়েকৰ বাবেই দাইটিয়ে এনেকৈ নৰম সুৰত কথা কৈছে। চুচঁৰি-বাগৰি মেট্ৰিকটো পাছ কৰি ডাক্তৰ ইঞ্জিনীয়াৰ বিচাৰি থাকোঁতে জীৱনৰ প্ৰায় ৩৫ টা বসন্ত পাৰ হৈ গ’ল। বয়সৰ লগে লগে চেহেৰাও বেয়া হৈ আহিছে। ল’ৰাও বিচাৰি পোৱা নাই। আজিকালি ধন-ধান থাকিলেও ছোৱালী এজনী বিয়া দিয়াটো ইমান সহজ হৈ থকা নাই।

দাইটি মহাকৃপন হ’লেও জগতৰ কিছু খবৰ ৰখা মানুহ। হয়তো কিবাকৈ গম পাইছে মোৰ চাকৰিৰ বাবে টকা লাগে বুলি। এইবাৰ মোৰ চাকৰি হোৱাটো যে খাটাং, সেইটোও চাগে দাইটিয়ে কিবাকৈ গম পাইছে। গতিকে জীয়েকক মোৰ লগত গতাই দিয়াৰ ধান্দা। মোৰো আপত্তি নাই। কাৰণ তাইৰ প্ৰতি মোৰ আগৰ পৰাই এটা উইকনেচ আছেই। কথাটো দাইটিয়েও জানে, তায়ো জানে। কথাবোৰ ভাবিয়েই গাটো দেখোন কিবা ৰিমঝিম লাগি গ’ল। মূহুৰ্ততে মই বহু কথাই চিন্তা কৰি পেলালোঁ।

ভিতৰৰ পৰা দাইটি অহা গম পাই মই গপচ হৈ বহি থাকিলোঁ। আজি ময়ো এৰাত নাই। চান্স এটা পাইছোঁ যেতিয়া ডান্স মাৰি সুবিধাটো ল’ব লাগে। অলপ-অচৰপ দি নহ’ব। ইমান কমদামী নহয় মই। নিবনুৱা হ’লেও মই দস্তুৰমত গ্ৰেজুৱেট। মোক মিনিমাম পঞ্চাশ হাজাৰ লাগিবই। মই কিবা কোৱাৰ আগতেই দাইটিয়ে আহি গাদীত বহি লৈ আৰম্ভ কৰি দিলে—“বুজিছ অমল, দিন-কাল সলনি হ’ল। মানুহৰ আচাৰ- ব্যৱহাৰ, কথা-বতৰা, চাল-চলনৰ পৰিৱৰ্তন হ’ল। আনকি দেশৰ ৰাজনীতি, আইন-কানুনো সলনি হ’ল।”

মই মাজতে ও বুলি শলাগিলোঁ। কাৰণ নিজে বেছি চেলবেল কৰি আজি নিজৰ ওজন কমোৱাত নাই। বুঢ়াই কিবা তেওঁৰ মতলব মই নুবুজা বুলি ভাবিছে নেকি!

দাইটিয়ে আকৌ আৰম্ভ কৰিলে—“আগৰ দিনত কোনোবা লীডাৰ বা প্ৰধান মন্ত্ৰী বা মুখ্য মন্ত্ৰীৰ সপক্ষে আস্থা আছে বুলি ক’লে আছে, নাই বুলি ক’লে নাই। কিন্তু আজিকালি কোনোবাই যদি কয় – অমুক দলপতিৰ প্ৰতি আমাৰ সম্পূৰ্ণ আস্থা আছে, তেন্তে আমি বুজিব লাগিব, দলপতিৰ প্ৰতি কাৰো আস্থা নাই। সেইদৰে কোনোবাই যদি কয়, আমাৰ দলত বিভাজন, মতভেদ বা বিসম্বাদ নাই। তেন্তে আমি বুজিব লাগিব দলটোত মতভেদ আৰু বিভাজনৰ লগতে বিসম্বাদো আছে। আনকি এইক্ষেত্ৰত যদি কোনোবাই দলত বিসম্বাদ নাই বুলি সাংবাদিক মেল পাতি ভিডিঅ’ ৰেকৰ্ডিঙো দেখুৱায়, তেতিয়া আমি বুজিব লাগিব যে অচিৰেই কোনোবা বিসম্বাদী দলটোৰ পৰা বহিষ্কাৰ হ’ব। এনেকুৱা উদাহৰণ আৰু বহুত আছে। যেনে – নিৰ্বাচনৰ পাছত অমুক এমেলেক মই ঘৰৰ চৌহদতো দেখা নাই। অভিযোগ প্ৰমাণ কৰিব পাৰিলে ৰাজহুৱা জীৱনৰ পৰা অৱসৰ ল’ম। মই দূৰ্ণীতিৰ লগত কোনোপধ্যে জড়িত নহয়, আমাৰ দলটোৱে দূৰ্ণীতিৰ বিৰুদ্ধে যুঁজ দি যাব ইত্যাদি ইত্যাদি। উদাহৰণবোৰৰ প্ৰত্যেকটো ক্ষেত্ৰতে আমি বিপৰীত অৰ্থটো বুজিব লাগিব। এতিয়া তয়েই ক’চোন অমল মই কিয় ঘৰত টকা আছে আৰু জোনালীও আছে বুলি কৈছিলোঁ।”

সৰগ পৰা মানুহৰ দৰে থতমত খাই সেপঢুকি কোনো মতে ক’লোঁ —“মানে দাইটি, আপোনাৰ ঘৰত টকাও নাই আৰু ঘৰত জোনালীও নাই।” চাব্বাচ বেটা বুলি দাইটিয়ে মোৰ পিঠিত চপৰিয়াই দিয়াৰ লগে লগে মোৰ ভাৱ হ’ল- দাইটিয়ে যেন প্ৰচণ্ড গোৰ এটাহে মোৰ পিঠিত শোধাইছে।

☆★☆★☆

5 Comments

  • ৰিণ্টু

    ভাল লাগিল পঢ়ি

    Reply
  • Gyan Bordoloi

    বোপা অমল, দিন কাল সচাঁকৈয়ে সলনি হ ল

    Reply
  • Gyan Bordoloi

    বোপা অমল, দিন কাল সচাঁকৈয়ে সলনি হ ল

    Reply
    • জাহ্নৱী

      সাংঘাতিক টুইষ্ট

      Reply
  • HEMANTA KAKATI

    হাঃ হাঃ তামাম ঝটকা দিলে এইচাট৷ মজা লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.