ফটাঢোল

ফলাফল শূণ্য-জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ

গৰম ভাতৰ টিলাটোত সোঁহাতখনেৰে জে চি বিৰ দৰে গাঁত এটা খান্দিবলৈ লওঁতেই মোৰ চকু বিনন্দৰ ওপৰত পৰিল৷ বিলনীয়াই খিচিৰি কৰি পেলাব নোৱাৰাকৈ ভাতৰ মাজত কুঁৱা এটা খান্দি খান্দিয়ে তালৈ চাই পঠিয়ালোঁ মই৷ ভিতৰৰপৰা উগাৰ এটাও বহিৰ হ’ব নোৱাৰাকৈ এমুখ তামোল-পাণ ভৰাই পিক্ উৎপাদন কৰা কামত ব্ৰতী হৈ থকাৰ মাজে মাজে কাষতে বহা মানুহজনক কিবাকিবি কৈও আছে সি৷ মানুহজনে তেজপীয়া যেন তাৰ মুখেৰে নিগৰা কথাবোৰ সঁচাকৈয়ে বুজি পাইছে নে এনেই মূৰ দুপিয়াই আছে তাত মোৰ সন্দেহ আছে৷ ভাতকেইটা সুকলমে খাদ্যনলী পাৰ হৈ নিজৰ জেগা পোৱালৈ যাতে সি মোক নেদেখে তাৰ উপায় হিচাপে বাওঁহাতেৰে কপালত ৰুমালখনেৰে ধৰি মোৰ ভকুৱা মাছ যেন মূৰটো যিমান পাৰোঁ লুকুৱাবলৈ চেষ্টা কৰিলোঁ৷ মোক যাতে ভাত খাই থকা পৰত সি কোনোপধ্যেই নেদেখে তাকে বাৰে বাৰে কামনা কৰিলোঁ – নহ’লে ভাতৰ পাতৰপৰা আধাতে উঠি তাৰ পাছ ল’ব লগা হ’লে বিয়া ঘৰত মোৰ কোনো সন্মানেই নৰ’ব৷ এনেও তাৰ পাছ ল’বলৈ গৈ ভালেকেইবাৰ সন্মানৰ শ্ৰাদ্ধ কৰি থৈছোঁ৷

 

দুদিনমানৰ আগৰ কথা৷ বজাৰ তিনিআলিত তিনিকোণীয়া কাগজৰ টুপিটো ওলোটাই ধৰি ফুচকা খাই আছিল সি, কাষত তেনেকুৱা টুপি ধৰি লৈ আৰু দুজনী চিত্ পখিলা৷ মই হাতখন দাঙি তাৰ ওচৰলৈ গৈ নাপালোঁৱেই, আলু, টেঙাপানী ভৰোৱা মূৰ ভঙা বলটো গোটে গোটে গিলি সি মাৰিলে লৰ তাৰপৰা৷ মই তাৰ পাছ ল’ম বুলি ভাবোঁতেই চিলনীৰ দৰে থপিয়াই ধৰিলে ফুচকাৱালাজনে – বোলে

 

“আপোনাৰ কাৰণেই মোৰ এশটা ফুচকা খোৱা গ্ৰাহকজন পলাল, দিয়ক আপুনিয়েই পইচা৷ চিনাকি মানুহ পিছত তেওঁৰপৰা লৈ ল’ব”৷

 

চকু-নাকৰ পানী বহিৰ কৰি দিব পৰা জলকীয়া মছলা সনা তাৰ হাতখনৰ ভয়ত নে বিনন্দৰ প্ৰতি থকা বিশ্বাসৰ বাবে নাজানোঁ, মই তাৰপৰা পাবলগীয়া টকাত আৰু পঞ্চাশ টকা যোগ কৰি ল’লোঁ৷ ঠাইডোখৰৰপৰা আঁতৰি আহিবৰ পৰত আলু টেঙা দিয়া মূৰ ভঙা বল খাই থকা দুজনীৰ খুকখুক হাঁহিত মোৰ মূৰটোকে ফুচকাৱালাই কুৰুককৈ ভাঙি দিয়া যেন লাগিল৷

 

সেই অপমানৰ ম্যাদ শেষ নহওঁতেই আৰু অপমান গোটাবলৈ তিলমানো মন নাই মোৰ৷ আচৰিত লাগে মোৰ বাবেই বিনন্দ ওকণী হৈ পৰিছে৷ আচৰিত হওঁ মই – মোক দেখাৰ লগে লগে ওকণীটোৰ দৰে তৰা নৰা চিগি আশেপাশে থকা সকলোকে গতিয়াই ঠেলি হ’লেও সি মোৰ বিপৰীত দিশলৈ ঢপলিয়ায়৷ ফোফোৱাই সি যেনেকৈ গতি কৰে সেয়া কিমান অশ্বশক্তিৰ হ’ব মই বিজ্ঞানত ঋণাত্মক নম্বৰ পোৱা মানুহটোৱে শূলত দিম বুলিলেও গণনা কৰিব নোৱাৰিম৷ এতেকে সি যাতে তাৰ অশ্বশক্তি আজি প্ৰদৰ্শন কৰিব নোৱাৰে তাৰ বাবে মূৰে কপালে হাত দি তাক নজৰ দি থাকিলোঁ মই৷ আজি তাক ধৰাৰ সুযোগ কোনো কাৰণতে হেৰুৱাব নিবিচাৰোঁ মই৷ এনেকুৱা নহয় যে বিনন্দক মই অইন ঠাইত লগ ধৰিব নোৱাৰোঁ, পাৰোঁ, নিশ্চয় পাৰোঁ৷ কিন্তু দুদিনমানৰপৰা সি যেনেকৈ ওকণী লৰ দিয়া হৈছে তাক লগ পোৱাটোৱেই টান হৈ পৰিছে৷ অৱশ্যে মই তাক ঘৰলৈ গৈও লগ ধৰিব পাৰোঁ৷ কিন্তু সমস্যা হ’ল বিনন্দৰ বায়েক বিনীতা৷ বিনীতা হ’ল নিলাক্ষীৰ সখী আৰু নিলাক্ষী হ’ল মাকনৰ ভনীয়েক, যাৰ সৈতে মই জীৱনৰ বাকীচোৱা সময় ভগাই ল’বলৈ সপোন দেখিছোঁ৷ আৰু সেই সপোন যদি কিবাকৈ ৰাজমোহিনী টাবিজৰ বলত দিঠক হয় কাইলৈ মোক বিনন্দই নক’বনে –

 

“ভিনীহি ইমান চিকটা, দুটামান টকাৰ বাবে মানুহক কাছ কামোৰ দিব পাৰে৷”

 

মাকনৰ আগত কমখন লাজ পামনে মই! লাজ পোৱা নোপোৱাক লৈ অৱশ্যে ইমান মূৰ নঘমাওঁ আজিকালি৷ খোজে প্ৰতি অপমান পায়ে থাকোঁ – আজি যদি পেটুলা, কাইলৈ বোলে টপা৷ অইন এদিন বোলে হাতী, গড় ইত্যাদি, মুঠতে মোৰ স্বাস্থ্যৱান শৰীৰটো অভয়াৰণ্যৰ অতিকায় জীৱবোৰৰ একো একোটা অৱতাৰ৷ লাজ যে অকল বাহিৰৰ মানুহে দিয়ে তেনেকুৱাও নহয় – ঘৰতো মোৰ বাবে সেয়া উভৈনদী৷ এতিয়া দেউতাৰ আগত যাতে লাজ নাপাওঁ তাৰ ব্যৱস্থা কৰিবলৈহে বিনন্দক লগ পোৱাতো মোৰ বাবে জৰুৰী হৈ পৰিছে৷ দিনে ৰাতিয়ে মোক লাজৰ আলপিনেৰে খুচি থকা দেউতাক তেওঁৰপৰা লোৱা পইচা দুগুণ সূতত উভতাই দি ভেচভেচীয়া কৰি দিয়া দিনটোলৈ বাট চাই আছোঁ মই৷

 

“কিবা লাগিব নেকি? কি ভাবি আছে ভাত খাওক।”

 

বিলনীয়া ল’ৰাটোৰ মাততহে দেউতাৰ টেমি যেন হৈ পৰা মুখখন চকুৰ আঁতৰ হ’ল৷ এটাও ভাত নুচুৱা থালখন একাষৰীয়া কৈ থৈ ইমানপৰে এনেই টেবুলত খেপিয়াই ফুৰি ইতিমধ্যে যে আৰু অকণমান অপমান গোটাই ল’লোঁ কাষৰপৰা অহা খিকখিক হাঁহিকেইটাৰপৰা ঠিকেই অনুমান কৰিলোঁ৷ খপজপকৈ ‘অঁ অঁ’ বুলি ভাতৰ থালখন টানি গোগ্ৰাসে গিলিবলৈ লওঁতেই লাগিল জঁট৷ লাজে অপমানে ধোঁৱাকোৱা হৈ পৰা মোৰ দৃষ্টিৰ কৃপাত বেঙেনা ভজাৰ ঠাইত মাছৰ ফিছাটোকে মুখত সুমোৱাই লাগি গ’লো চোবোৱাত৷ সৰু সৰু আলপিনহে যেন গলিয়াই আছোঁ – না উলিয়াই দিব পাৰিছোঁ না গিলিব৷ যাহ, যি হয় হ’ব বুলি ভাবি কপালত লগাই থোৱা ৰুমালখনৰে মুখখন ঢাকি হাত ধুৱা ঠাইলৈ ফোফোৱাই গতি কৰিলোঁ৷ ঘুকটি ঘুকটি মুখৰপৰা কাঁইটসোপা বাহিৰ কৰাৰ পিছত ঘূৰি আহি আঁৰ চকুৰে বিনন্দলৈ চাই হতাশ হৈ পৰিলোঁ মই৷ বিনন্দ আগৰ ঠাইতে বহি আছে – লগত বিনীতা, নিলাক্ষী আৰু মোৰ ৰাজমোহিনী তাবিজৰ লক্ষ্য মাকন৷ মাকনৰ কাষতে, তাইৰ হাতত মৰমেৰে চিকুটি চিকুটি বহি আছে এটা অচিনাকি ল’ৰা৷

 

বিয়াৰ ভাত আৰু খোৱা নহ’ল৷ খালী মন আৰু খালী পেটেৰে ঘৰলৈ বাট ল’লোঁ মই৷ ৰুমালখন পেলাই দি অহাৰ পিছত খালী হৈ পৰা পকেটটোত হাত ভৰাই বিনন্দই ঘূৰাই দিম দিম বুলি কৈ থকা টকাখিনিৰ কথাকে ভাবিলোঁ৷ সুতৰ সৈতে মূল লগ লাগি কিমান হ’ব সেই অংকটো কৰিবলৈ মোৰ খালী মগজুত ইমান জোৰ দিলোঁ যে তিনি আফাল খাইহে বুজি পালোঁ – ফলাফল শূন্য৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.