ফটাঢোল

ফেকু পুৰাণ – দিলীপ ৰঞ্জন কাকতি

পিংকী : হেল্ল‌অ !
নগেন : কোৱা দেহা।
পিংকী : ক’ত আছা জানু ? গধুলিেৰ পৰা  মিছকল এটাও নাই। দুদিন ধৰি পদুলিত সুহুৰি এটাও শুনা নাই।
নগেন: এক্কেবাৰে সময় নাই জান। দিনটো মাৰ্কেট ছাৰ্ভে কৰি এতিয়া আকৌ নাইট ডিউটিলৈ আহিছোঁ।
পিংকী : বৰ কষ্ট হৈছে ন নগু।
নগেন : তোমাৰ বাবেই  এইবোৰ কৰিছো দেহা। এতিয়া থওঁ দিয়া ন, অনডিউটি কথা পতাত অসুবিধা। আৰু শুনা বাহিৰত বৰ ঠাণ্ডা বতাহ দি আছে, পিতাৰাক অলপ সময় বাহিৰত ওলাব নিদিবা। কাহ চৰ্দি হ’ব পাৰে।
পিংকী : জানু তুমি আমাৰ ঘৰৰ কথা ইম্মান ভাবা। যোৱা তুমি মনদি কামত লাগাগৈ। ডিউটি শেষ হ’লে ফোন কৰিবা। বাই বাই নগু…………
নগেন : বাই বাই, ইউ চি ডাৰলিঙ।
ফোনটো কাটিয়েই নগেনে বস্তাটো পিন্ধি, লেংটিটো টানকৈ মাৰি একে জাপে তামোলজোপাত উঠিলগৈ। আৰু মনতে ভাবিলে মৰতীৰ বাপেকটো বাহিৰলৈ উঠি অহাৰ আগতেই তামোলকেইজোপা নিব নোৱাৰিলে, দোকানত চাই অহা পিঠি কটা ব্লাউজটো আহি থকা ভেন্টিলেচন দিবসত দিবই নোৱাৰিব।
☆ ★ ☆ ★ ☆

10 Comments

Leave a Reply

Your email address will not be published.