ফটাঢোল

ফেচবুক,গড্ডলিকা প্ৰৱাহ আৰু জৰদ্গব ৰজাৰ সাধু – আৰাধনা বৰুৱা

আমাৰ ছোৱালী হ’ষ্টেলত হঠাতে হুলস্থূল লাগিল৷ তেতিয়া হাতে হাতে ম’বাইল বা ইণ্টাৰনেট নাছিল৷ ক’ৰবাৰ পৰা বাতৰি এটা বতাহত উৰি আহিল যে কাইলৈ পুৱা অমুক সময়ত বিৰাট ভূমিকম্প হ’ব৷ আৰু পৃথিৱী যে ধংস হ’ব খাটাং৷ হুৱাদুৱা লগাৰে কথা৷ পৃথিৱী যদি ধংসই হয় তেন্তে চোন দূৰৈত থকা মা দেউতা, প্ৰেমিক, পৰিয়াল কাকোৱেই লগ পোৱা সম্ভৱ নহ’ব, নেদেখাকৈয়ে মৰিব লাগিব৷ পৰিস্থিতি গম্ভীৰ হ’ল তেতিয়া যেতিয়া হ’ষ্টেলৰ চুপাৰইনটেণ্ডেণ্টে কোৱাৰ্টাৰৰ টিভি আদি দামী বস্তুবোৰ সব তললৈ নমাই পেকিং কৰি নিৰাপদ স্থানত ৰাখিলে৷ সৰু পুতেকৰ কাৰণে খোৱা বস্তু আৰু কাপোৰৰ টোপোলা, ফাষ্ট এইড বক্স ৰেডী কৰাত লাগিল৷ দুজনীমানে কান্দি কাটি ভগৱানৰ ফটোত মূৰ দোঁৱাই মূৰ্চা যোৱাৰ উপক্ৰম, বোলে এই বাৰ ৰাখা আৰু প্ৰভু৷ মা-দেউতাক চাবলৈ সুবিধাকণ দিয়া৷ কেইগৰাকীমানে আকৌ গা ধুই নতুন কাপোৰ উলিয়াই, কাজল, লিপষ্টিক লগাই শুবলৈ আয়োজন কৰিছে৷ কাৰণ পতকৈ দৌৰাদৌৰিত প্ৰসাধন নোহোৱাকৈ কেনেকৈনো জৰুৰী অৱস্থাৰ মুখামুখি হ’ব৷ কিছুমানে ৰান্ধনীৰ হতুৱাই ব্ৰেড, বিস্কুট আনি পানীৰ বটল সাজু কৰাত ব্যস্ত, কেইদিন বা নোখোৱাকৈ থাকিব লগা হয়৷ মুঠতে সব ব্যস্ত৷ মই আৰু লগৰ এজনীয়ে ৰাইজৰ ৰেহৰূপ চাই ইটো ৰূমৰ পৰা সিটোলৈ ঘূৰি ফুৰিছোঁ৷ গোটেই কাণ্ড কাৰাখানাবোৰ দেখি হাঁহি উঠাৰ মাজে মাজে ভয়ো লাগে সঁচাই যদি হয়! শেষত “ইহঁত দুজনীৰ তেল ফাটিছে, বৰ সাহসী ওলাইছে” জাতীয় গালি কেইটামান শুনি যি হয় হ’ব আৰু বুলি শুই থাকিলোঁ৷ পিছদিনা ৰাতি পুৱাল৷ চুপাৰইনটেণ্ডেণ্টে সপৰিয়ালে গোটেইজাক ছোৱালীক কেম্পাছৰ মেইন গেইটখন সম্পূৰ্ণকৈ মেলি সাজু হ’বলৈ দিলে৷ যাতে ভূমিকম্প আহিলেই সন্মুখৰ ফিল্ডলৈ সকলো দৌৰ দিব পাৰে৷ অৱশেষত নিৰ্দিষ্টকৈ কোৱা সময়টো আহিল৷ ঘড়ীৰ কাটা ছেকেণ্ড পাৰ হৈ মিনিট হ’ল, মিনিট পাৰ হৈ ঘণ্টা হ’ল…পিচে ভূমিকম্প নাহিল৷ কোনোবা এজনীয়ে বিৰক্তিত চিঞৰি উঠিল “ধুৰৰৰ..এনেয়ে ইমান প্ৰিপাৰেচন কৰিলোঁ বে৷ মিছামিছি টোপনি ক্ষতি কৰি৷”

ফেচবুকে আমাক ব্যস্ততা আৰু ভৌগোলিক দূৰত্বত হেৰাই যোৱা বন্ধু আৰু সামাজিক জীৱনটো ঘূৰাই দিছে৷ নিজৰ যোগ্যতাক, সৃষ্টিশীলতাক বিচাৰি চোৱাৰ সুবিধাকণ দিছে, সমাজৰ বাবে বা আৰ্তজনক সকাহ দিয়াৰ সুবিধা দিছে৷ এয়া যোগাত্মক প্ৰাপ্তি৷ কিন্তু মাজে মাজে ফেচবুকত শুনা বা দেখা কিছুমান তিক্ততাপূৰ্ণ কথাই মোক এই ভূমিকম্পৰ ঘটনাটোলৈ মনত পেলায়৷

অৰ্থহীন বিষয়ৰ ওপৰত অপ্ৰয়োজনীয় সময় নষ্ট কৰি চলি থকা বিতৰ্ক কিছুমানে আমনি দিয়ে৷ দেশপ্ৰেম, জাতি প্ৰেম, ধৰ্ম, বিশ্বাস-অবিশ্বাস, অন্ধবিশ্বাস, পিতৃ-মাতৃ প্ৰেম-পত্নী বা প্ৰেয়সীৰ প্ৰেম-পৰকীয়া প্ৰেম, দেশ বিদেশ, কুটনীতি, ৰাজনীতি সবৰে ওপৰত কিমান যে আলোচনা, বিতৰ্ক! পৰিৱেশ,পৰিস্থিতি অধ্যয়ন কৰি কোনোবা এজনে ভিত্তিহীন বা ভিত্তিপূৰ্ণ কিবা এটা ঢৌ উলিয়াই দিয়ে আৰু বহুতে এই ঢৌতে উটি গৈ যুক্তি তৰ্ক কৰি থাকে; তাৰ বাবে হ’মৱৰ্ক কৰে, অভিধানত নতুনকৈ শব্দ শিকে, এক কথাত ভাল প্ৰিপাৰেচন৷ কেতিয়াবা বিতৰ্কৰ বিষয়বোৰ মিছা, অৰ্থহীন প্ৰমাণিত হয় আমাৰ ভূমিকম্পৰ ঘটনাটোৰ দৰে৷ তেতিয়া ঢৌটোৰ সুঁতি সলনি হৈ বেলেগ দিশলৈ যায়৷ আকৌ এদল তাৰ্কিকে সেইটো সুঁতিত শ্ৰমদান দিয়ে৷ এনেদৰে অবিৰাম, অনিৰুদ্ধ গতিত দলপতিৰ নেতৃত্বত বিতৰ্ক হৈয়েই থাকে৷ মাজতে নিৰ্বাচনৰ সময়ত চ’চিয়েল মিডিয়াত জনপ্ৰিয় হোৱা ‘গড্ডলিকা প্ৰবাহ’ (দলপতি গাধৰ পিছে পিছে যোৱা গাধৰ জাক) শব্দটো এনে অৰ্থহীন বিতৰ্কৰ লগত খাপ খাই পৰা যেন অনুভৱ হয়৷

ফেচবুক উত্তৰণ আৰু স্খলন উভয়ৰে সহজ মাধ্যম৷ ভাল কাম বা সৃষ্টিশীলতাই যোগ্যজনক ফেচবুকৰ জৰিয়তে আকাশসম জনপ্ৰিয়তা দিয়াতো অতি সন্মানজনক আৰু আদৰণীয়৷ কিন্তু সস্তীয়া জনপ্ৰিয়তাৰ মোহত যিকোনো পন্থা অৱলম্বন কৰা মানুহ বিপদজনক৷ এনে মানুহৰ আধিক্যও ফেচবুকত প্ৰায়েই দেখোঁ৷ সস্তীয়া জনপ্ৰিয়তাৰ মোহ ব্ৰাউন চুগাৰৰ নিচাৰ দৰে৷ নিচা কৰিলে নিজকে অসাধাৰণ আকৰ্ষণীয় ব্যক্তিত্বৰ গৰাকী যেন লাগে৷ কিন্তু প্ৰকৃততে সমাজখনে ব্যক্তিজনৰ কৰ্ম কাণ্ডত গম পাই যায় যে এনে আচৰণ সন্দেহজনক৷ বহু এনে ব্যক্তি আছে যি নিজৰ জনপ্ৰিয়তাৰ বাবে আনৰ ভাৱমূৰ্ত্তি ম্লান কৰি চৰিত্ৰৰ ওপৰতো “বিশেষ টিপ্পনী” কৰিবলৈ চিন্তা নকৰে৷ কিন্তু ই স্থূল মানসিকতাৰহে পৰিচায়ক৷ অত্যাধুনিক চ’চিয়েল মেডিয়াৰ ব্যৱহাৰ কৰি তেতিয়াহে নিজক মডাৰ্ণ বুলি ক’ব পাৰিম যিদিনা মুখাৰ আঁৰৰপৰা ইনবক্সত অচিনাকি কাৰোবাক অপ্ৰয়োজনীয় হাই হেল্ল’ কৰা বা অশ্লীল মেছেজ দিয়া কমিব, নামঘৰত কোনে কিয় পকা মিঠৈ কমকৈ পালে তাৰ অসন্তুষ্টিৰ দৰে এফ.আৰ.পিৰ বাবে কৰা অপ্ৰয়োজনীয় শীতল প্ৰতিযোগিতা বন্ধ হ’ব, বিয়নীমেলত ওকনি চাই পৰচৰ্চা কৰাৰ দৰে কাৰ ইনবক্সত কি গোপন বুজাবুজি চলে তাৰ আলোচনাৰ পৰা আঁতৰি থাকিব৷ আচলতে এনে আচৰণে ওলোটাই নিজলৈকে আঙুলি টোঁৱাই৷ কাৰণ আনৰ ইনবক্সৰ ইমান ভিতৰুৱা তথ্য পাবলৈ হ’লে নিজৰ ইনবক্সৰ লেন দেনবোৰো নিশ্চয় অধিক আৰু সন্দেহজনক হ’ব লাগিব৷

সহজ অৰ্থত ফেচবুকত বিখ্যাত বা জনপ্ৰিয়তাৰ শিখৰলৈ সুখ্যাতি নে কুখ্যাতিৰ জখলাৰে উঠিব খোজে অথবা আনৰ কান্ধত ভৰি থৈ উঠে সেয়া বিচাৰ্য৷ নিকা আৰু যোগ্যতাৰ জনপ্ৰিয়তা অক্ষয়৷ কিন্তু জোৰ কৰি অৰ্জন কৰা প্ৰাপ্তিয়ে বিপদত পেলোৱাৰ সম্ভাৱনা অধিক৷

এনেকুৱা সময়ত মোৰ ৰসৰাজৰ বুঢ়ী আইৰ সাধুত থকা জৰদ্গব ৰজাৰ সাধুটো মনলৈ আহে৷ সাধুটো এনেকুৱা,

এদিন ৰজাৰ হাউলিৰ ওচৰৰে এঘৰ মানুহৰ ঘৰত চোৰে সিন্ধি দি চুৰি কৰি ধৰা পৰিলত গৃহস্থই তাক বান্ধি আনি ৰজাৰ আগত হাজিৰ কৰিলেহি। ৰজাই বিচাৰত ভাবি পালে যে সিন্ধিটো ডাঙৰ নোহোৱাহেঁতেন চোৰটো তাত সোমাব নোৱাৰিলেহেঁতেন। চোৰে ক’লে চিপ্‌ৰাংখন ডাঙৰ আছিল সেয়ে সেইখনেৰে খান্দোতে সিন্ধিটো ডাঙৰ হৈ পৰিল। এই উত্তৰ শুনি ৰজাই ভাৱিলে হয়তো, চোৰৰ গাত কি দায়? কমাৰে চিপ্‌ৰাংখন ডাঙৰকৈ গঢ়িছিল বাবে কমাৰেই দোষী৷

ৰজাৰ হুকুমত কমাৰে ৰজাৰ আগত আঁঠু লৈ ক’লে,

: স্বৰ্গদেউ, সুধি কাটিলে কটা নাযাওঁ, নুসুধি কাটিলেহে কটা যাওঁ।

ৰজাই ক’লে,

: বাৰু সুধিছোঁ, তোৰ কি ক’বলৈ আছে ক? নহ’লে তোক আজি শূলত দিম।

কমাৰে মাত লগালে,

: স্বৰ্গদেউ, মই চিপ্‌ৰাংখন গঢ়ি থাকোঁতে স্বৰ্গদেউৰ বান্দীজনী মোৰ আগেদিয়েই লচপচ কৰে লৰ মাৰিছিল। তাইৰ ফালে মোৰ চকু গ’লত চিপ্‌ৰাংখনত এটা কোব বেছিকৈ পৰিল।

ৰজাই কমাৰৰ কথা শুনি ক’লে,

: কথাটো সঁচা, তোৰ গাত দোষ নাই। ৰজাই বান্দীজনীক মাতি আনি সুধিলে কমাৰে চিপ্‌ৰাংখন গঢ়ি থাকোঁতে তই তাৰ আগেদি কিয় লৰ মাৰিছিলি?

বান্দীয়ে হাতযোৰকৈ ক’লে,

: দেউতা, বেটীক মাৰকেই বা কাটকেই নকৈ নোৱাৰোঁ, আই দেউতাৰ ল’ৰা পাবৰ হৈছিল দেখি মই বেজিনীক মাতি আনিবলৈ লৰি গৈছিলোঁ।

ৰজাই বোলে কথাটো হয়, এইৰ গাত দোষ নাই; মোৰ ল’ৰাৰ গাতহে দোষ। সিনো এই সময়ত উপজিবলৈ ওলাইছিল কিয়? ৰজাৰ হুকুমত ৰজাৰ কণমান কোঁৱৰক আগলৈ লৈ অহা হ’ল। ৰজাই কোঁৱৰক সুধিলে,

: হেৰ’ তই এইখিনি সময়ত কিয় উপজিবলৈ ওলাইছিলি?

কেঁচুৱা কোঁৱৰে একো উত্তৰ দিব নোৱাৰি মনে মনে থকা দেখি ৰজাই কোঁৱৰক শূলত দিবলৈ হুকুম দি ক’লে,

: হ’লেই বা মোৰ ল’ৰা, মই ৰজা, মই ধৰ্মৰ অৱতাৰ, মই কেতিয়াও অন্যায় বিচাৰ কৰিব নোৱাৰোঁ। এতেকে ন্যায় বিচাৰ কৰি মোৰ ল’ৰাকে শূলত দিম।

ৰজাৰ ল’ৰাক শূলত দিবৰ হুকুম হ’লত মন্ত্ৰীয়ে কেঁচুৱা কোঁৱৰক বচাবলৈ এটা বুধি কৰি ৰজাক ক’লে,

: স্বৰ্গদেউ, এই কেঁচুৱা ল’ৰাটিক শূলত নধৰে। গাই-গাৰিয়ে শকত এটা ডাঙৰ মানুহ হ’লেহে শূলত ভালকৈ বহুৱাব পৰা যাব।

ৰজাই মন্ত্ৰীৰ কথা শুনি হুকুম দিলে,

: মোৰ ৰাজ্যত যি গায়ে-গাৰিয়ে শকত ডাঙৰ মানুহ আছে, তাকে ধৰি আনি মোৰ কোঁৱৰৰ সলনি শূলত দিয়া হওক।

মন্ত্ৰীয়ে নগৰত ডাঙৰ গাৰে মানুহ এটা বিচাৰিবলৈ টেকেলা পঠিয়াই দিলে।

তাৰ কিছুদিনৰ আগত এঠাইৰ এজন পণ্ডিতে এজন ছাতৰৰে সৈতে দেশ চাবলৈ আহি জৰদ্গব ৰজাৰ ৰাজ্যতে থাকিবলৈ ঠাই লৈছিল৷ ৰজাৰ মানুহে সেই ছাতৰকে গায়ে-গাৰিয়ে শকত দেখি ধৰি লৈ গুচি আহিল। পণ্ডিত ক’ৰবালৈ ওলাই গৈছিল। ঘৰলৈ উভতি আহি ছাতৰক নেদেখি সি ক’লৈ গ’ল আক-তাক সুধি জানিলে যে ৰজাৰ মানুহে তাক শূলত দিবলৈ লৈ গ’ল। এই কথা শুনি তেওঁ ৰজাৰ ওচৰ পাই ক’লে,

: মই পণ্ডিত, হাত চাব জানো আৰু গণি-পঢ়ি ভূত-ভৱিষ্যত সকলো কথা ক’ব পাৰোঁ।

ৰজাই নিজৰ আৰু ৰাণীৰ হাত দেখুৱালত তেওঁ নানা ভাল কথা কৈ ৰজাক সন্তুষ্ট কৰিলে। এনেতে ৰজাই ক’লে,

: কাইলৈ ৰাতিপুৱা এটা মানুহ শূলত দিয়া হ’ব, তাৰ বিষয়ে তুমি কি ক’ব পাৰা?

এই কথা শুনি পণ্ডিতে অনেক গণি-পঢ়ি চাই ক’লে,

: তাৰ কপালখন বৰ বলী৷ কাইলৈ সেই সময়ত যি মানুহক শূলত দিয়া যাব সেই মানুহেই স্বৰ্গ পাই স্বৰ্গৰ ৰজা হ’ব।

ৰজাই এই কথা শুনি জঁপিয়াই উঠি ক’লে,

: মই থাকোঁত ক’ৰ কুকুৰ ধূলি মানুহ এটা স্বৰ্গৰ ৰজা হ’বগৈহে? এনে কথা মই কেতিয়াও হ’বলৈ দিব নোৱাৰোঁ।

এই বুলি ৰজাই তেতিয়াই মন্ত্ৰীক মতাই আনি হুকুম দিল যে,

: সেই মানুহটোক এতিয়াই এৰি দিয়া আৰু কাইলৈ মইহে শূলত উঠিম। আন কোনো উঠিব নোৱাৰে।

যেনে হুকুম তেনে কথা হ’ল। পিছ্দিনা জৰদ্গব ৰজাক শূলত দিয়া হ’ল।

অৰ্থাৎ অদূৰদৰ্শিতা, বিশ্লেষণৰ জ্ঞানহীনতা, বোধ আৰু আকাংক্ষাৰ অসামঞ্জস্যতাই নিজক সমস্যাত পেলায়৷

শেষত কওঁ ফেচবুকে বাক স্বাধীনতা সহজ কৰিছে বুলিয়েই অপ-ব্যৱহাৰ কৰা উচিত নহয়৷ সেয়ে শব্দৰ ব্যৱহাৰত সজাগ হোৱা উচিত৷ চ’চিয়েল মেডিয়াত কোনোজনে চিন্তা নকৰাকৈ কৈ দিয়া কিছুমান শব্দ কাৰোবাৰ জীৱন শেষ হোৱাৰ কাৰণ হ’ব পাৰে৷ আমি জীৱনত বহুত মানুহ লগ পাওঁ, আপোনত্ব অনুভৱ কৰোঁ, কাৰোবাৰ শব্দবোৰ বুকুত ফুল হৈ ফুলে কাৰোবাৰ শব্দই হোল হৈ খুছি থাকে!

শুনামতে অচেনিয়াৰ এটা দ্বীপত কিবা কাৰণত গছ কাটিব লগা হ’লে বাসিন্দাসকলে গছডাল কাটি নেপেলাই, তাৰ পৰিৱৰ্তে প্ৰতিদিনে গছজোপাৰ কাষলৈ গৈ মৃত্যু কামনাৰে গালি পাৰে, অভিশাপ দিয়ে৷ আৰু ক্ৰমান্বয়ে শব্দৰ কঠোৰতাই লাহে লাহে গছজোপা মাৰি পেলায়৷ বিষাক্ত শব্দৰ প্ৰাণনাশী শক্তি! আশ্চৰ্য!!

ঠিক তেনেকৈ শব্দৰ সঞ্জীৱনী শক্তিকো মই বিশ্বাস কৰোঁ৷ আপুনি কষ্ট পাই আছে, ইচ্ছাকৃত বা অনিচ্ছাকৃত ভুলৰ বাবে অনুতপ্ত, জীৱনত বহু কিবা হেৰুৱাইছে, জীয়াই থকাৰ হেঁপাহ হেৰাইছে, তেনে সময়ত কাৰোবাৰ এষাৰ আশ্বাস বা মৰমৰ মাত জানো আত্মিক অৱলম্বন হ’ব নোৱাৰে? বহু কথা থাকে যিবোৰ বিভিন্ন কাৰণত প্ৰকাশ কৰা নাযায়৷ এনেবোৰ কথাই বুকুখন এচটা শিলৰ দৰে গধুৰ কৰি থাকে৷ হাজাৰ সুখতো এনেবোৰ দুখে শিকলিৰ দৰে বান্ধি ৰাখে৷ এনেক্ষেত্ৰত বিশ্বাসযোগ্যৰ লগত আত্মিক আলাপ যদি সম্ভৱপৰ হয় সেয়া সৌভাগ্য৷ এনে বিশ্বাসযোগ্য বন্ধুত্ব ফেচবুকে বহুতকে দিছে৷ অপ্ৰয়োজনীয় কথাত এই শক্তিশালী মাধ্যমটো ব্যৱহাৰ কৰা সলনি নিজক প্ৰকৃতাৰ্থত সমৃদ্ধিশালী কৰিবৰ বাবে ফেচবুক ব্যৱহাৰ কৰোঁ আহক৷

☆★☆★☆

3 Comments

  • HEMANTA KAKATI

    খুউব ভাল লাগিল আৰাধনা৷ এনে গড্ডালিকা প্ৰবাহত উটি যোৱা মানুহবোৰ আৰু আঙুলিৰ মূৰতে ঢুকি পোৱা চোচিয়েল মেডিয়াই আমাক কলৈ লৈ গৈ আছে নেজানো, কিন্তু সদব্যৱহাৰ নিশিকিলে আমাৰ ভবিষ্যৎ যে অন্ধকাৰ সেয়া নিশ্চিত৷
    আকৌ , বৰ ভাল লাগিল৷ লেখাটো শ্বেয়াৰ কৰিম ৱালত৷

    Reply
  • তৃষ্ণা বৰা

    খুব ভাল লাগিল ।একেবাৰে সচাঁ কথা ।অযথা বিতৰ্ক আৰু ইনবক্স, এইদুইটাই অতি বেয়া লগা বিষয় ।

    Reply
  • Pinaki Das

    খুব ভাল লাগিল বৌ।

    Reply

Leave a Reply

Your email address will not be published.