ফটাঢোল

ফেচবুকীয়ানৰ শ্ৰেণীবিভাজন-অৰুনাভ মহন্ত

১) ভ্ৰমণপ্ৰিয় ফেচবুকীয়ান – এওঁলোকৰ কিছুমানে কেৱল “Travelling to” বা “Flying to” জাতীয় পোষ্টেৰেই বহুকথা বুজাই দিয়ে যদিও আন কিছুমানে পাকে প্ৰকাৰে লগতে এইটোৱো সকীয়াই দিয়ে যে এদিন দুদিনত বহু ফটোৰ বৰষুণ হব৷ এই ফটোবোৰ আকৌ কিছুমানে অলপ দেৰিকৈ আপলোড কৰি “Late upload” বুলি এটা caption দিয়ে৷ দেৰি বেছি হৈ গ’লে বা নতুন একো নাথাকিলে পুৰণি ফটোকেই আপলোডাই এই caption টো অলপ সলনি কৰি দিয়ে “Throwback” বুলি৷ টকা বা সময় কম থাকিলে বহুতে আগতে কেতিয়াও নাম নুশুনা ঠাই, গাওঁ, জংগল, পাহাৰ,বালিচৰ,নদী,কেম্প আদিলৈ গৈ Explorer যেন এটা ভাব দিয়ে৷ Biker, Rider, Solo traveller আদিও এই শ্ৰেণীতেই পৰে৷
২) খাদ্য প্ৰেমী ফেচবুকীয়ান-  ক’ৰ’বাত ভাল কিবা খোৱাৰ আগে আগে ভগৱানৰ নাম লোৱাৰ দৰে এওঁলোকে দুখনমান ফটো আপলোড কৰিহে আৰম্ভ কৰে৷ নিজে বা ঘৈণীয়েকে কিবা বিশেষ, কেতিয়াও নাম নুশুনা Dish বনালেও আমাক অৱগত কৰিবলৈ নাপাহৰে৷ সাধাৰণতে মহিলা সকল এই শাৰীৰ সক্ৰিয় ফেচবুকীয়ান যদিও আজিকালি কিছু পুৰুষেও ঘৈণীয়েকে বনোৱা কেকৰ ফটো প্ৰায়েই আপলোড কৰা পৰিলক্ষিত হৈছে৷
৩) Fitness Freak ফেচবুকীয়ান- এওঁলোকৰ প্ৰফাইলত সাধাৰণতে জিমৰ আইনাৰ সমুখত ঘামি জামি উঠা ফটো, Transformation,গ্ৰীন চালাদ, কৰ’বাত হোৱা দৌৰ,মাৰাথন আদিত দৌৰি থকা ফটো দেখা যায়৷
৪) মডেল ফেচবুকীয়ান – দেখা শুনাত ভাল (বা নিজকে ভাল বুলি ভবা) কিছু ডেকা/গাভৰু এই শাৰীত পৰে৷ সাধাৰণতে এওঁলোকৰ খুব ধুনীয়া কাপোৰৰ কালেকচনো থাকে৷ এওঁলোকে প্ৰায়েই আপোনাক চলেৰে বা সন্মোহিত কৰি Instagram লৈ নিয়ে, নিজৰ follower বঢ়ায় আৰু মডেল হোৱাৰ জোখেৰে follower বাঢ়িলেই আপোনাৰ inbox বা DM ৰ উত্তৰ নিদিয়ে (মডেলৰ ইমান সময় ক’ত যিকোনো ঘটিৰাম বাতিৰামক উত্তৰ দিয়াৰ?)
৫) সন্তান কেন্দ্ৰিক ফেচবুকীয়ান- মোৰ দৰে বয়সৰ বহুতে নিজৰ পুত্ৰ পুত্ৰীৰ টেলেণ্ট,উপলব্ধি,দুষ্টামি আদি সময়ে সময়ে আপলোড কৰি এই শাৰীটোত পৰে৷ সন্তানৰ প্ৰতি থকা মৰমৰ বাহিৰেও ইয়াৰ জৰিয়তে আন দুটা কথাও পৰিলক্ষিত হোৱা দেখা যায়৷ প্ৰথম- নিজে জীৱনত কৰিব খোজা বা কৰিব নোৱাৰা কিছু কাম কাজ সন্তানৰ জৰিয়তে কৰাই এক মানসিক শান্তি লাভ কৰা দেখা যায়, দ্বিতীয়- মোৰ দৰে দেখাই শুনাই সাধাৰণ লোক,যাক স্কুল কলেজত কোনেও ঘূৰিয়ে নাচালে তেওঁলোকে এই টেকনিকৰ জৰিয়তে বহুতো মহিলাৰ পৰা Love react বা “Awww, so cute” জাতীয় কমেণ্ট পাব পাৰে৷
৬) সাহিত্যিক ফেচবুকীয়ান – তত্ত্বগধূৰ লিখনী হওক বা মোৰ দৰে ফকটীয়া লিখনীয়েই হওক এওঁলোকে লিখি যায়৷ টেলেণ্ট বা সময় – কিবা এটা থাকে এওঁলোকৰ৷ কিছুমানক বানান শুধৰাই দিলে বেয়া পায় অৱশ্যে৷ এইটো শ্ৰেণীত কবি সকলৰ এক বিশেষ স্থান আছে৷
৭) প্ৰকৃতিপ্ৰেমী ফেচবুকীয়ান- এওঁলোকৰ ফটোত মানুহ কম আৰু প্ৰাকৃতিক সৌন্দৰ্য্য বেছি থকা দেখা যায়৷ প্ৰথম বৰষুণ দিলে এওঁলোকে মাটিৰ সেই গোন্ধটো পাবই৷ বেছি ঠাণ্ডা বা গৰম পৰিলে এওঁলোকে মোবাইলৰ স্ক্ৰীনশ্বটৰ জৰিয়তে আমাক তাপমান দৰ্শায়৷ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এওঁলোকে যথেষ্ট সহায় আগবঢ়াই আহিছে৷ কেতিয়াবা ৰাষ্টাত বা বাহিৰত থাকিলেও এওঁলোকৰ “ভূমিকম্প !!!” আপডেটৰ জৰিয়তে আমি লগে লগে ভূমিকম্পৰ খবৰ পাও৷
৮) পত্নীব্ৰত বা পতিব্ৰতা ফেচবুকীয়ান- এওঁলোকে নিজৰ জীৱনসংগীৰ জন্মদিন বা বিবাহ বাৰ্ষিকীত যথেষ্ট সক্ৰিয় হৈ পৰে৷ যিমানেই কাজিয়া পেচাল,পৰকীয়া প্ৰেম আদি থাকিলেও সিদিনা  মাজৰাতি বা পুৱাই পুৱাই ধুনীয়া ধুনীয়া quote  লিখি, মৰম- চেনেহ, বিশ্বাস,আনুগত্য, gratefulness বুকুফালি দেখুৱাই শুভেচ্ছা জনাবলৈ এওঁলোকে গোটেই বছৰটো অপেক্ষা কৰে৷ ৰাতিলৈ কিছুমানে বাহিৰত ডিনাৰ কৰাৰ ফটোও দেখা পোৱা যায়৷ এওঁলোকৰ জীৱনসংগী সাধাৰণতে “ World’s best hubby/wifey” হোৱা দেখা যায়৷
৯) ফেন ফেচবুকীয়ান- এওঁলোক হ’ল বিভিন্ন ক্ষেত্ৰৰ চেলিব্ৰিটিৰ দুৰ্দান্ত ফেন৷ সততে নিজৰ নামৰ আগে পিছে চেলিব্ৰিটিৰ নাম লগোৱা দেখা যায়৷ কোনোবাই চেলিব্ৰিটিজনৰ সমালোচনা কৰা দেখিলে এওঁলোকতকৈ বিপদজনক ফেচবুকত আৰু কোনো নাই৷
১০) জাতীয়তাবাদী,দেশপ্ৰেমীক  ফেচবুকীয়ান – এওঁলোক কেৱল দেশ বা জাতিৰ স্বাৰ্থত ফেচবুকত থাকে৷ কোন ভাৰতীয় ক’ৰ CEO, আমাৰ ৰাষ্ট্ৰীয় সংগীত,আৰ্মি,অশোক স্তম্ভ,ইতিসাহ,আৱিষ্কাৰ,গণতন্ত্ৰ,প্ৰধানমন্ত্ৰী আদিক কোনে (বিশেষকৈ ৰাষ্ট্ৰসংঘই) কি সন্মান দিছে এওঁলোকৰ পোষ্টত তাৰ সবিশেষ পোৱা যায়৷ নিজে  লিখাতকৈ এওঁলোকে বেছিকৈ খবৰবোৰ শ্বেয়াৰ কৰা পৰিলক্ষিত হয়৷
১১) চেনি ফেচবুকীয়ান – এইসকল সাধাৰণতে নিশাচৰ,চিকাৰী আৰু চাইলেণ্ট কিলাৰ টাইপৰ ব্যক্তি হয়৷ লাইক, কমেণ্ট, শ্বেয়াৰত বেছি মূৰ নঘমাই এওঁলোকে ডাইৰেক্ট মেছেঞ্জাৰত “কি ক্ৰিছা?” বুলি সুধি দিয়ে৷ এওঁলোক সৌন্দৰ্যৰ পূজাৰী,কথা চহকী আৰু ৰোমান্টিক হৃদয়ৰ ব্যক্তি হয়৷ এওঁলোকৰ বহুতৰ এটাতকৈ অধিক ফেচবুক একাউণ্ট থাকে৷ সচৰাচৰ এই শ্ৰেণীত পুৰুষৰ আধিপত্য বেছি যদিও শেহতীয়াকৈ নাৰী সমাজো যথেষ্ট জাগ্ৰত হোৱাৰ প্ৰমাণ পোৱা গৈছে৷
১২) লাইকাৰ ফেচবুকীয়ান –  এওঁলোক উদাৰ,বহল অন্তৰৰ ব্যক্তি৷ কৃপনালি নকৰাকৈ বিষয়বস্তু,প্ৰাসংগিকতা,মতাদৰ্শ নিৰ্বিশেষে এওঁলোকে সকলো ধৰণৰ পোষ্টত মিহিকৈ লাইক এটা মাৰি গুছি যায়৷
১৩) সন্দেহবাদী ফেচবুকীয়ান – প্ৰেমিক প্ৰেমিকা বা জীৱনসংগীৰ পোষ্ট, লাইক, কমেণ্টৰ ওপৰত এওঁলোকৰ তীক্ষ্ণ নজৰ থাকে৷ বহুতৰ লগত পাছৱৰ্ডো থাকে৷ এওঁলোকৰ সম্পৰ্কত ফাঁট মেলাত ফেচবুকৰ যথেষ্ট হাত থাকে৷ আন এক শ্ৰেণীৰ সন্দেহবাদীয়ে যিকোনো অপ্ৰাসঙ্গিক পোষ্ট এটাও নিজৰ ওপৰত পাতি লৈ অভিমান,খং কৰে৷
১৪) মিমাৰ আৰু ট্ৰ’লাৰ – ট্ৰেণ্ডত থকা মিম শ্বেয়াৰ কৰা আৰু ট্ৰ’ল কৰাই এওঁলোকৰ প্ৰধান কাম৷ এওঁলোকৰ এইক্ষেত্ৰত Whatsapp এ যথেষ্ট সহায় কৰে৷ এওঁলোকৰ মোবাইলৰ ভালেখিনি space এই মিমবোৰে খৰছ কৰে৷
১৫) নিষ্ক্ৰিয় বা কম সক্ৰিয় ফেচবুকীয়ান – এওঁলোক ফেচবুকত থকা বুলি বহুমাহৰ মূৰে মূৰেহে অনুভৱ হয়৷ এনে ব্যক্তিয়ে কিন্ত জন্মদিনৰ শুভেচ্ছা দিয়েই৷ কিছু সম্বন্ধীয় মানুহ এই শ্ৰেণীত থাকিলে বহুতে সকাহ পায়৷ আৱশ্যে এওঁলোকৰ কিছুমানে নীৰৱে চি চি টিভি কেমেৰাৰ কামো নকৰা নহয়৷ অকল স্ক্ৰ’ল কৰি Newsfeed চাই যোৱাবোৰো এইটো শ্ৰেণীত পৰে৷
১৬) খেলপ্ৰেমী ফেচবুকীয়ান- খেল জড়িত ভৱিষ্যৎবাণী, সাম্ভাব্য টিম, প্ৰিভিউ, ৰিভিউ, কমেন্ট্ৰী, সমালোচনা, পুৰণি ভিডিও, তৰ্কাতৰ্কি সকলো এওঁলোকৰ প্ৰফাইলত নিয়মীয়াকৈ পাব৷ কাৰেণ্ট নাথাকিলে বা কিবা কথাত খেল Live চাব নাপালেও এনেকুৱা মানুহ আপোনাৰ লিষ্টত থাকিলে আপুনি একো মিছ নকৰে৷
১৭) ধাৰ্মিক ফেচবুকীয়ান –  কেতিয়াবা ধৰ্মগ্ৰন্থৰ বাণী, ধৰ্মগুৰুৰ প্ৰবচন, ধাৰ্মিক নীতিৰ বৈজ্ঞানিক ব্যাখ্যা, অন্য ধৰ্মৰ আসোঁৱাহ, নিজ ধৰ্মৰ সংকট, ধৰ্ম ৰক্ষাৰ প্ৰয়োজনীয়তা এইবোৰ বেছিকৈ আপলোডাই থকাসকল এই শ্ৰেণীত পৰে৷ ১৫-২০ বছৰলৈ দুৰ্ভাগ্যই এৰা নিদিয়ে বা শ্বেয়াৰ কৰিলে লগে লগে ভাল খবৰ এটা শুনিব বুলি পোষ্ট দি এওঁলোকক যুগ যুগ ধৰি exploit কৰি থকা হৈছে৷
১৮) ৰাজনৈতিক ফেচবুকীয়ান- এইটো বৰ্তমানৰ আটাইতকৈ বেছি সক্ৰিয় শ্ৰেণী৷ এওঁলোকে ৰাজনীতিৰ কাৰণে বন্ধুত্ব আৰু সম্পৰ্ক ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰে৷  সৰু ট’পিক এটা হ’লেই হ’ল- ইজনে সিজনক ভক্ত,চামছা আদি বিভিন্ন বিভূষণেৰে সম্ভাষণ জনাই এওঁলোক যুদ্ধত নামি পৰে৷ যিকোনো অৰাজনৈতিক পোষ্ট এটাত  কিবাকৈ মোডী,ৰাহুল বা কেজৰিৱালক টানি আনিব পৰাৰ ক্ষমতা এওঁলোকৰ আছে৷ শুনামতে এই শ্ৰেণীৰ কিছুলোকে ফেচবুকৰ জৰিয়তে সামান্যকৈ হ’লেও কিছু উপাৰ্জনো কৰি আছে৷
১৯)বেপাৰী ফেচবুকীয়ান – কাপোৰ আৰু অসমীয়া গহনাই প্ৰধান যদিও অন্যান্য অনেক সামগ্ৰীৰো স্কোপ বাঢ়ি আহিছে৷ আন শ্ৰেণীৰপৰা দূৰত থাকি অকল এইটো শ্ৰেণীতেই সোমাই থকাসকলৰপৰা পৰা ৰাইজে প্ৰায়েই দূৰত্ব ৰাখি চলে বুলি এক অনুমান কৰা হয়৷ কিন্ত কৰ্মবিমুখ অসমীয়া জাতিটোক “বাণিজ্যে বসতি লক্ষ্মী”ৰ মন্ত্ৰ পঢ়ুৱাবলৈ উঠিপৰি লাগিছো বুলি এওঁলোকে মনেপ্ৰাণে ভাবে৷
২০) এঞ্জেল প্ৰিয়া – এইসকলৰ সংখ্যা বিপদজনক ভাৱে বাঢ়ি আহিছে৷ কোনোবা দিনা জুকেৰবাৰ্গে যদি ফেচবুক বন্ধ কৰি দিয়ে তাৰ বাবে প্ৰধানতঃ এওঁলোক দায়ী হব৷ টিকটকেও এওঁলোকৰ বিস্তাৰত অৰিহণা যোগাবলৈ আৰম্ভ কৰা দেখা গৈছে৷
২১) দন্দুৰা/ দন্দুৰী ফেচবুকীয়ান- এওঁলোক ইমানেই হাইপাৰ/ ডেমকেয়াৰ যে কোনোবাই এওঁলোকক দন্দুৰা/ দন্দুৰী  বুলি মনে মনে আলোচনা কৰা বুলি গম পালেও নিজৰ ৱালত সেই কথা লিখি জগতখনক আকৌ এবাৰ সোঁৱৰাই দিবলৈ কুণ্ঠাবোধ নকৰে৷ এওঁলোকক সমালোচনা কৰা মানুহ যেনেদৰে বহুত ঠিক তেনেকৈ এওঁলোকক গছত উঠাই দি ৰং চোৱা এচামো আছে৷ দুই এটা অসাংবিধানিক শব্দৰ প্ৰয়োগে এওঁলোকৰ পোষ্টবোৰৰ গৰিমা বঢ়াই তোলে৷ বিতৰ্কিত পোষ্টবোৰৰ কমেণ্টত এওঁলোকে ভিৰ কৰি প্ৰায়েই পৰিৱেশ গৰম কৰি তোলা দেখা যায়৷
২২) বিশ্লেষক ফেচবুকীয়ান – যিকোনো এটা টপিকৰ ওপৰত জ্ঞান থাককেই বা নাথাকক নিজৰ মতামত ডাঙি ধৰি পষ্টমৰ্টেম কৰাৰ বাবে বিখ্যাত এওঁলোক৷ এওঁলোক সাধাৰণতে ফেচবুকৰ পোক হয় আৰু এওঁলোকৰ জীৱনত অফুৰন্ত সময় থাকে৷ যেনে- মই !
২৩) টেগাৰু ফেচবুকীয়ান – লাইক বঢ়াবৰ বাবেই হওক বা লোকক কামোৰ দিবৰ বাবেই হওক এওঁলোকে নিজৰ পোষ্টবোৰ হকে বিহকে টেগ কৰি যায়৷ টেগবোৰ আঁতৰালে বেয়াও পায় কিছুমানে৷
২৪) ট্ৰেজেডী কিং/কুইন – এওঁলোক হতাশাগ্ৰস্ত, নিৰাশ,অকলশৰীয়া লোক৷ কোনে ঠগালে,কোনে মনত আঘাট দিলে,কিমান ভাগ্য বেয়া এইবোৰেই এওঁলোকৰ ৱাল ভৰাই ৰাখে৷ এওঁলোকৰ দৰ্দভৰি  শ্বায়েৰী,Quote আদিয়ে কেতিয়াও প্ৰেম কৰি নোপোৱাজনকো ব্ৰেকআপৰ দৰে কৰুণ ফিলিং এটা মনলৈ আনি দিব পাৰে৷ এওঁলোকৰ পোষ্টত প্ৰথম লাইকটো সাধাৰণতে নিজৰেই পৰে৷ এওঁলোকৰ বিষয়ে আটাইতকৈ ভয়লগা কথাটো হ’ল এয়ে যে সময়ে সময়ে এওঁলোকে ফেচবুকৰ পৰা বিদায় মাগিম বুলি আপডেট দিয়ে৷ কিন্ত সন্তোষজনক কথাটো হ’ল এয়ে যে কমেন্টত কোনোবা এজনেও “প্লিজ তেনেকুৱা নকৰিবা” বুলি ক’লে তৎক্ষণাত মানিও লয়৷
কিবা বাকী ৰৈ গ’ল নেকি ৰাইজ?
বি.দ্ৰ. – ১)প্ৰায়েই এজন মানুহেই এটাতকৈ অধিক শ্ৰেণীক প্ৰতিনিধিত্ব কৰা দেখা যায়৷
২) এজন মানুহ এটা শ্ৰেণীৰ পৰা আনটো শ্ৰেণীলৈ আহোঁতে বেছি সময় নালাগে৷
৩) এজন মানুহ বহু বেছি দিনলৈ এটা শ্ৰেণীত থাকিলে তেওঁ ক্ৰমান্বয়ে বুদ্ধিজীৱি, সৰ্বজান্তা  আকোৰগোঁজ আৰু অহংকাৰী হৈ পৰা দেখা যায়৷ তেতিয়াই বাক-বিতণ্ডা, তৰ্কবোৰ গুৱালগালিলৈ পৰিবৰ্তিত হবলৈ ধৰে আৰু unfriend  বা block ত ইয়াৰ কৰুণ পৰিসমাপ্তি ঘটে৷
☆ ★ ☆ ★ ☆

4 Comments

  • Abhijit goswami

    Dada kisu likhise dei aisat 🤣🤣🤣

    Reply
    • Mridul Nath

      বহুত ধন্যবাদ বন্ধু, সোনটোক দিয়া কথা ৰাখিবলৈ চেষ্টা কৰিছোঁ, বৰ দৌৰাদৌৰি হ’ল পিছে।

      Reply
  • নীলাক্ষি দেৱী ডেকা

    সুন্দৰ শ্ৰেণীবিভাজন। ভাল লাগিল পঢ়ি।

    Reply
  • HEMANTA KAKATI

    বহুত ভাল হৈছে দেই৷ একদম টু ডা পইণ্ট!

    Reply

Leave a Reply

Your email address will not be published.