ফটাঢোল

ফেচবুকীয়ান- অমিতাভ মহন্ত

অৱশেষত উপায়হীন হৈ ৰাজেনে বকুলীক জোৰ কৰি হস্পিতাললৈ লৈ আহিলে৷ অ’টোৰ পৰা নামি দুয়ো হস্পিতাললৈ সোমাই গ’ল৷ এঠাইত বকুলীক বহুৱাই ৰাজেনে সিহঁতে দেখুৱাবলগীয়া বিভাগটোৰ খবৰ কৰিবলৈ গ’ল৷ ৰাজেন যোৱাৰ লগে লগেই বকুলীয়ে মোবাইলটো লৈ ফেচবুকত ব্যস্ত হৈ পৰিল৷ খবৰ কৰি ৰাজেনে গ’ম পালে যে সিহঁতে দেখুৱাব লগা বিভাগটো প্ৰথম মহলাত৷ এফালৰ পৰা ৰাজেনে বিভাগবোৰৰ নাম পঢ়ি আগুৱাই গ’ল, “মাদক দ্ৰব্য আসক্তি নিৰাময় বিভাগ”, “মানসিক চাপ নিৰাময় বিভাগ” ইত্যাদি ইত্যাদি৷ একেবাৰে শেষৰ ফালে এটা বিভাগত মানুহেৰে গিজগিজাই আছে৷ এইটোৱেই ৰাজেনহঁতে দেখুৱাব বিভাগটো, “ফেচবুক আসক্তি নিৰাময় বিভাগ”৷ পিছফালে চাই ৰাজেনে দেখে যে বকুলী নাই৷ বিচাৰ-খোঁচাৰ কৰি তাইক এখন দেৱালত ভেজা দি মিচিকিয়াই হাঁহি ফেচবুক কৰি থকা অৱস্থাত পোৱা গ’ল৷ এইবাৰ তাইক এখন হাতত ধৰি লৈ প্ৰায় টানি অনাদি ৰাজেন সেই বিভাগটোলৈ আগবাঢ়িল৷

বকুলীৰ ক্ৰমিক নম্বৰ ৬১৷ দুয়ো এঠাইত ভালদৰে বহি লৈ আপেক্ষা কৰাত লাগিল৷ বকুলী পুনৰ ফেচবুকত ব্যস্ত হৈ যোৱাত ৰাজেনে বাকীবোৰ মানুহৰ আলেখ লেখ চোৱাত লাগিল৷ অধিকাংশ মানুহেই স্মাৰ্টফোন লৈ ব্যস্ত৷ সকলোৰে স্ক্ৰীণখন নীলা বগাৰ সংমিশ্ৰণ৷ ৰাজেনৰ কাষৰ আলট্ৰা মডাৰ্ণ চেমচাং লোৱাজনীয়ে পাউট কৰাত ব্যস্ত, ডিপি সলাব চাগে৷ বকুলীয়েও ধেকুৰা কুকুৰ এটাৰ ফটোত এইমাত্ৰ ‘চো কিউত’ বুলি কমেণ্ট দি উঠিছে৷ গাঁঁৱৰ পদুমীহঁতৰ ধেকুৰা ভোলাৰ ফটো চাগে৷ তেনেতে ৰাজেনে দেখিলে ল’ৰা এজনে উচুপি আছে আৰু এজনী ছোৱালীয়ে তাক সান্তনা দি আছে৷

: নাকান্দিবা জানু৷

: মোৰ কিমান বেয়া লাগিছে তুমি কি বুজিবা৷ ইমান ভাবি ভাবি আপদেটটো দিছিলোঁ৷ ৰশ্মিয়ে দিয়া তাতকৈ বেয়া আপদেটত এশটাৰ ওপৰত কমেণ্ট পৰে আৰু মোৰটোত কেৱল তিনিটা লাইক আৰু এটা কমেণ্ট পৰিল৷ কমেণ্টটো আকৌ কেৱল ‘LOL’৷ তুমি এবাৰ মোৰ ঠাইত নিজকে ৰাখি চালে মোৰ কষ্ট বুজিবা৷

এই বিচিত্ৰ পৃথিৱীখন দেখি ৰাজেনৰ মূৰটো বিষাবলৈ ধৰিলে৷ সি এমাহ মানৰ বিৰতিত কেতিয়াবা ফেচবুক খোলা মানুহ৷ হওঁতে বকুলীক সিয়েই ফেচবুক শিকাইছিল৷ গাঁৱৰ পৰা বিয়া কৰাই আনি চহৰৰ ভাড়াঘৰলৈ অনাৰ পিছত তাইৰ দিনৰ দিনটো কৰিবলৈ একো নাথাকে৷ তাৰ প্ৰায়েই ট্যুৰ থাকে৷ গতিকে টাইম পাছ কৰিবলৈ তাইক ফেচবুক চলাবলৈ সিয়েই শিকাই দিছিল৷ কিন্তু এই ফেচবুকেই যে তাইক হস্পিতাল পোৱাবহি সেয়া তাৰ সপোনৰো আগোচৰ আছিল৷

এইবোৰ কথাকেই আকাশ পাতাল ভাবি থাকোঁতে হঠাৎ বকুলীৰ নাম মতাত ৰাজেন খপজপকৈ উঠিল৷ বকুলীক টানি চেম্বাৰৰ ভিতৰলৈ লৈ গ’ল৷ ডাক্তৰে হাঁহি এটা মাৰি দুয়োকে সম্ভাষণ জনালে৷ তেওঁক দেখিয়েই বকুলীয়ে হাঁহি এটা মাৰি ক’লে,

: ডাক্তৰ বিপুল গগৈ নহয় জানো?

অলপ থতমত খাই তেওঁ ক’লে,

: হয়, পিচে আপোনাক ধৰিব পৰা নাই৷

: মই আপোনাৰ ফেচবুক ফ্ৰেইণ্ড আকৌ৷ অৱশ্যে আপুনি মোক চিনি নাপাবও পাৰে৷ মোৰ নামটো ফেচবুকত প্ৰিঞ্চেছ বৰ্ণিকা বুলি আছে৷

অপ্ৰস্তুত হাঁহি এটা মাৰি ডাক্তৰে ক’লে,

: কওকচোন আপুনি এই ফেচবুকৰ পৃথিৱীখনলৈ কেনেকৈ আহিল৷

ইতিমধ্যে বকুলী আকৌ ফেচবুকত ব্যস্ত হৈ পৰিল৷ ৰাজেনে ধমকি এটা মাৰি তাইক ক’লে,

: নোকোৱা কিয়৷

ধমকি খাই এইবাৰ বকুলীয়ে আৰম্ভ কৰিলে,

: মোক প্ৰথম এখেতে এটা একাউণ্ট খুলি দিলে৷ প্ৰথম দুমাহমান একো বুজিয়েই নাপালোঁ কি বস্তু এইটো৷ পিছত ওচৰৰ শইকীয়ানীয়ে বুজোৱাতহে বুজি পালোঁ৷ এতিয়া দিনত এশবাৰ মান নাচালে ভালেই নালাগে, ৰাতি আকৌ সমানেই৷ আজিকালি মাজৰাতি উঠি আকৌ ফেচবুক খোলোঁ৷ মাৰ্কে আকৌ ৰাতিহে ভাল আপডেটবোৰ দিয়ে৷

: কোন মাৰ্ক?

: মোৰ বুলগেৰিয়ান ফ্ৰেণ্ড এজন৷ বঢ়িয়া আপডেট দি থাকে, আপুনিও এড্ কৰি ল’বচোন৷ আমাৰ এওঁ আকৌ ভাৰ্ছুৱেল ফ্ৰেইণ্ডশ্বিপ একেবাৰে বেয়া পায়, সেইবাবেইতো এতিয়াও ৬৫টা ফ্ৰেইণ্ডত বজি আছে৷ লাজেই লাগে৷

: বাৰু বাৰু, কওকচোন ফেচবুকৰ কি আপোনাৰ আটাইতকৈ ভাল লাগে৷

: মোৰ ফেচবুকৰ সকলোখিনিয়েই ভাল লাগে৷ তাৰ মাজতো ক’বলৈ গ’লে ফেচবুকে মোক এক নতুন জীৱন দিছে৷ বাস্তৱ জীৱনত মোৰ ৫-৬ জনতকৈ বেছি বন্ধু নাই৷ কিন্তু ফেচবুকত মোৰ বন্ধু জানেনে? থ্ৰি থাউজেণ্ড ছিক্স হাণ্ড্ৰেড এণ্ড টেন৷ ইজ নট ইট এমেজিং? পাপন, দিক্ষু, জুবিন, কুমাৰ ভবেশ, ৰাজকুমাৰ … কোন নাই মোৰ লিষ্টত৷ আপুনি জানেনে ৰিচাৰ্ড কাৰ্লোছো মোৰ ফেচবুক ফ্ৰেইণ্ড৷

: কোন ৰিচাৰ্ড কাৰ্লোছ?

: (সেপ ধুকি), কোন ময়ো ভালকৈ নাজানো৷ কিন্তু কোনোবা বিখ্যাত মানুহেই হ’ব৷ চাৰি হাজাৰ মান ফ্ৰেইণ্ড আছে দেখোন৷

: হমমম, আপুনি চাগে বহুতো পুৰণি বন্ধু-বান্ধৱী ফেচবুকত বিচাৰি পাইছে?

: বহুত পাইছোঁ৷ কালি আমাৰ লগৰ ধীৰেণক পালোঁ৷ সি আজিকালি ইৰিগেশ্যনৰ পিয়ন৷ জোনালী আজিকালি বিহাৰত থাকে৷ এতিয়া ফেচবুকত থাকিয়েই মই জানো পদুমীয়ে আজি কি ৰান্ধিব, খাবলৈ কেনেকুৱা হৈছে সেয়া তাইৰ গিৰিয়েকৰ কমেণ্ট চালেই গম পাওঁ৷ বীৰেণহঁতৰ নতুন ঘৰটোত কি ৰং দিলে ভাল হ’ব সুধি ফেচবুকত পোষ্ট দিছিল৷ শেষত মই কোৱা পিংকটোৱেই দিলে৷ ৰং কৰি উঠি ঘৰৰ ফটোখনত মোক টেগ কৰিও দিছে৷ আজিকালি কোন ক’ত ফুৰিবলৈ গ’ল, কোনে কি খালে, কেতিয়া শুলে আদি সকলোবোৰ ফেচবুকতেই গ’ম পাওঁ৷ তাৰোপৰি আজিকালি মই ফেচবুকত বন্ধুবোৰৰ লগত গেইম খেলোঁ৷

: কি গেইম?

: গেইম মানে চেলেঞ্জ গেইম আকৌ৷ শাৰী পিন্ধা চেলেঞ্জ, লিপষ্টিক চেলেঞ্জ, কিতাপ চেলেঞ্জ… মানে যা তা কাৰবাৰ!

: অ’কে৷ বাৰু আপুনি ফেচবুকৰ দ্বাৰা লগ পোৱা বন্ধুবোৰৰ তালৈ কেতিয়াবা ফুৰিবলৈ যায়নে?

: নাই তেনেকৈ যোৱা হোৱা নাই৷ ফেচবুকতেই ভাল বুজিছেনে৷ কৰবালৈ যোৱা মানে সাজি কাচি, গা-পা ধুই ওলোৱা৷ মইটো ফেচবুকত লাগি থাকোঁতে দুই তিনিদিনলৈ গা ধোৱা নহয়েই৷ ফেচবুকত সেইবোৰ লেঠা নাই৷ প্ৰফাইল পিকচাৰখন ভাল দিলেই হ’ল৷ আমাৰ লগত স্কুলত পঢ়া ডালিমীয়ে মেট্ৰিকৰ আগৰে ফটো লগাই নিজকে গাভৰু হৈ থকা বুলি জাহিৰ কৰে এতিয়াও৷ হিঃ হিঃ!

: পিচে আপোনাৰ প্ৰফাইল ফটোখনো নতুন যেন লগা নাই৷

: অহ, মোৰখন কলেজ যোৱাৰ আগে আগে উঠিছিলোঁ৷

: আপোনাক লগৰবোৰে নুসুধে কেনেকৈ আপুনি ইমান ডেকা হৈ আছে?

: নাই নাই, কোনেও নুসুধে৷ মই ‘ৱৰ্ক এট্ য়োগা’ বুলি প্ৰফাইলত দি থৈছোঁ নহয়৷

: ঠিক আছে, বাৰু আপুনি অলপ বাহিৰত বহক৷ মই আপোনাৰ হাজবেণ্ডৰ লগত অলপ কথা পাতোঁ৷

বকুলী ওলাই যোৱাৰ পিছত ডা° গগৈয়ে ক’লে,

: চাওক মি: ৰাজেন, এওঁ একেবাৰে যে নৰমেল নহয় সেয়া নিশ্চিত৷ কিন্তু এইখিনি আজিকালি বেছিভাগৰ ক্ষেত্ৰতে দেখা যায়৷ আপুনি বেছি চিন্তা নকৰিব৷ বৰ্তমান সমাধান হিচাপে আপুনি এখেতক জিঅ’ কানেকচন এটা লৈ দিয়ক৷ নেটৰ স্পীড দেখি তেওঁৰ চখ নিজেই কমি যাব৷

: ছাৰ ময়ো আপোনাৰ দৰেই ভাবিছিলোঁ৷ কিন্তু যোৱা কিছুদিনৰ ঘটনা দেখি মই বৰ চিন্তাত পৰিছোঁ৷ মোক উদ্ধাৰ কৰক ছাৰ৷

: কিয়, কি হৈছেনো? খুলি কওকচোন মোক৷

: কিনো কম আপোনাক মোৰ দুখৰ কথা৷ যোৱা সোমবাৰে মই হঠাৎ অফিচৰ কামত অৰুণাচললৈ ট্যুৰত যাব লগা হ’ল৷ দৌৰাদৌৰি হোৱাৰ বাবে ঘৰত কৈ অহা নহ’ল৷ আধা বাটৰ পৰা এওঁক ফোন কৰিলোঁ, নধৰে৷ দুদিন থাকিলোঁ৷ এওঁৰ কোনো খবৰ নাই৷ তিনিদিনৰ দিনাও এওঁৰ একো খবৰ নাপায় মই বৰ চিন্তাত পৰিলোঁ৷ হঠাৎ কিবা ভাবি মই ফেচবুক খুলি দেখোঁ যে মহাৰাণী ফেচবুকত পুৰা এক্টিভ৷ উপায় নাপাই তেওঁৰ ফেচবুকৰ ৱালতেই লিখিলোঁ,

“হেৰা মই অৰুণাচলত৷”

লগে লগে কমেণ্ট আহিল,

“ৱাও! পিকচাৰ আপলোড কৰা জল্দি৷ মোক টেগ কৰি দিবা দেই৷”

“তুমি ফটোৰ কথা কৈছা? মই যে বাৰে বাৰে ফোন কৰি আছোঁ, কিয় ৰিছিভ কৰা নাই? তিনিদিন ধৰি যে মই ঘৰত নাই খবৰ আছেনে?”

“OMG! মই গমেই পোৱা নাছিলোঁঁ৷”

“তুমি মানুহ মাৰি দিবা হে৷

“-:p”

“কি জিভা দেখুৱাইছা? আচ্ছা শুনা, মোৰ ইয়ালৈ আহি পেটৰ অসুখ হৈছে৷ এতিয়া ঘৰলৈ গৈ আছোঁ৷ একো খোৱা নাই৷ তুমি অলপ সিদ্ধ ভাত ৰান্ধি থ’বা৷ গৈয়েই খাব নাপালে মই ভোকত মৰি থাকিম৷”

“RIP”

এইখিনিলৈ কৈ ৰাজেনে ডাক্তৰক ক’বলৈ আৰম্ভ কৰিলে,

: বুজিছেনে ছাৰ, RIP দিয়া দেখি মোৰ হিতাহিত জ্ঞান নোহোৱা হ’ল৷ তাইৰ ৱালতেই যা তা লিখি গালি দিলোঁ৷

: অ’কে, ঘটনাটো তেন্তে চিৰিয়াচ৷ গালি দিয়াৰ পিছত তেখেতে কি কৰিলে? নিজৰ ভুলটো গ’ম পালে চাগে৷

: তেনেকুৱা হ’লে মই ইয়ালৈ নাহোৱেই ছাৰ৷ গালি খাই উঠি তেওঁ কি কৰিলে জানেনে?

: কি?
হুমুনিয়াহ কাঢ়ি ৰাজেনে উত্তৰ দিলে,

: মোক আনফ্ৰেণ্ড কৰি ব্লক মাৰি দিলে৷

☆ ★ ☆ ★ ☆

9 Comments

  • হেমন্ত কাকতি

    হাঃ হাঃ, তামাম লাগিল অমিতাভ

    Reply
  • Abhijit Goswami

    হা হা হা মজা দাদা 😂

    Reply
  • ৰিণ্টুমনি

    কি লিখা হে ভাই।

    ঝাকাচ লাগিল

    Reply
  • চিদানন্দ বৰা

    ঝাক্কাছ !!

    বৰ তৃপ্তি পালোঁ ৷

    Reply
  • Sadananda Bhuyan

    জমনি, মজা লাগিল ।

    Reply
  • ডলী তালুকদাৰ

    বৰ ভাল লাগিল

    Reply
  • Sankar Jyoti Bora

    মজাIবৰ ভাল লাগিলI

    Reply
  • Anonymous

    বৰ ভাল লাগিল পঢ়ি। বাস্তৱৰ সাৱলীল সৰস বৰ্ণন।

    Reply
  • প্ৰমথ হাজৰিকা

    পঢ়ি বৰ ৰস পালোঁ।

    Reply

Leave a Reply

Your email address will not be published.