ফটাঢোল

ফেচবুকৰ চেলিব্ৰেটি – বৰ্ণালী এচ মূদৈ

RASDS Production presents

কাহিনী,চিত্ৰনাট্য,সংলাপ,সংগীত: বৰ্ণালী এচ মূদৈ

পৰিচালনা: ৰাজশ্ৰী শৰ্মা
পৰিকল্পনা: ডলী তালুকদাৰ

অভিনয়ত: বিজয় মহন্ত(বিজু দা)
ভাস্কৰ বৰডেকা( ভদ্ৰলোক)

কমলা দাস( দিপুৰ মাক)

দিপাঙ্কৰ চৌধুৰী(দিপু)

ৰক্তাভ কুমাৰ( বাচ কণ্ডাক্টৰ)

নিৰ্মালী বৰমূদৈ( কৰিস্মা)

তবিবৰ ৰহমান( বাচ ড্ৰাইভাৰ)

১ম দৃশ্য

এটা ধুনীয়া ঘৰ দেখুওৱা হ’ব। তাৰপিছত বাৰাণ্ডাত আৰাম চকী এখনত মুখ ঢাকি বাতৰি কাকত পঢ়ি থকা দেখা যাব এজন লোকক। কেমেৰাই হঠাৎ কাষৰ টেবুলখনত তেওঁৰ ফোনটো ৰিং কৰা দেখাব। মানুহজনে এহাতেৰে ফোনটো ধৰিব আৰু কাণত লগাব। হেল্লো বুলি কোৱাৰ লগে লগে ক্ল’জ আপত তেওঁৰ মুখ খন দেখাব (এই চৰিত্ৰ কৰিব বিজয় মহন্তই)। ফোনটো লাউদ স্পীকাৰত থাকিব আৰু সিফালৰ পৰা এটা উলাহ ভৰা কন্ঠ শুনা যাব ‘ হেল্লো বিজু দা’। লগে লগে বিজুয়ে ক’ব…

বিজু দা: ও দিপু ক? কিয় ফোন কৰিছনো?
দিপু: বিজু দা বিজি নেকি? কথা এটা আছিল?
বিজু দা: কিয়, কি হ’ল? মই অলপ অফিচৰ কাম কৰি আছো।
দিপু: আপুনি গম পাইছেনে বিজু দা?
বিজু দা: কিয় বিয়া পাতিলি নেকি?
দিপু: ধেই দাদা, কি যে কয়? বয়স বিছ পাৰ হোৱাই নাই এতিয়াও।
বিজু দা: তেন্তে?
দিপু: দাদা আপুনি গোটেই দুনীয়াৰ খবৰ জানে আৰু মোৰ ইমান ভাল খবৰটো নাজানে?
বিজু:( খঙেৰে) বেছি ঘুৰাই পকাই নাথাকিবি। ক যদি সোনকালে ক। মোৰ কাম আছে।
দিপু: দাদা,কিয় খং কৰিছে? আপোনাক পাৰ্টি এটা দিম বুলিহে ভাবিছিলো।

লগে লগে বিজু দাৰ চকু উজলি উঠে আৰু বেক গ্ৰাউণ্ডত তেওঁৰ মনৰ কথা খিনি শুনা যায়….( সকলোকে কিমান তেল মাৰি মাৰি খানা খাওঁ আৰু আজি এজনে নিজে পাৰ্টি দিব ওলাইছে যেতিয়া সুযোগটো এৰি দিব নোৱাৰি।)

বিজু: কোন ৰেষ্টুৰেন্টত খুৱাবি ক?
দিপু: আগতে কিহৰ পাৰ্টি জানিব মন যোৱা নাই নেকি?
বিজু: পাৰ্টি মেইন। বাকী একো নালাগে মোক। লগ
পালে ক’বি।

২য় দৃশ্য

জীৱন জিন্দাবাদ ৰেষ্টু্ৰেন্ট..

ভিতৰত দিপু ( দিপাঙ্কৰ চৌধুৰী)বহি আছে। এটা মৃদু সঙ্গীত বাজি আছে। বিজু দা সোমাই যোৱাত দিপুৱে গবামাৰি ধৰিলেহি আনন্দতে। বিজুক ভৰি চুই প্ৰণাম কৰিলে। বহুত স্ফুৰ্তিত দেখা গ’ল তাক।

বিজু: আৰে কি কৰিছ?ক এতিয়া কিহৰ পাৰ্টি? (দিপুলৈ চায়) কান্দিছ কিয়?

দিপু: মোক শুভেচ্ছা দিয়ক আগতে। আৰু এইয়া আনন্দৰ চকুপানীহে।

বিজু: আনন্দৰ চকুপানী?

দিপু : অ’ বিজু দা। এই দিনটোৰ বাবে মই কিমান বাট চাই আছিলো। মোক মায়ে কিমান গালি দিছিল একো কামৰ নহয় বুলি। আৰু আজি মই কৰি দেখালো।

বিজু: আগতে খোৱাটো অৰ্দাৰ দিওঁ নে কি? এইবুলি মেনুখন চাই হাঁহৰ মাংসৰ ফটো খন দেখি জিভাৰে ওঁঠ দুটি চেলেকি দিয়ে।

দিপুৱে কেইবাবিধো খাদ্য অৰ্দাৰ দিয়ে। আৰু মোবাইলটো চাই মেচেজ এটা পঢ়ি হাঁহে। বিজয়ে চালাদৰ প্লেটখন অহাত টিঁয়হ এটুকুৰা চোবাই দিপুক সোধে আকৌ অাৰু দিপুৱে ক’ব খোজাত চিকেন ড্ৰাই ফ্ৰাইৰ প্লেট অহাত ‘ৰহ খোৱাৰ পিছত ক’বি ‘ বুলি কয়। এনেতে ৰেষ্টুৰেন্টৰ দুৱাৰ খুলি ধুনীয়া ছোৱালী এজনী সোমাই আহে।
উৱেইটাৰে খোৱা বস্তু বোৰ দি থাকে। ছোৱালী জনী আহি দিপু আৰু বিজুৰ কাষত বহে। বিজুৱে ছোৱালী জনী কাষত বহাত আচৰিত হয় আৰু ‘কোন আপুনি বুলি কয়’। লগে লগে দিপুৱে চিনাকি কৰাই দি কয়…
বিজু দা, এওঁ কৰিস্মা( নিৰ্মালী বৰমূদৈ)। আৰু কৰিস্মাৰ ফালে চাই কয় ‘লে’ট কৰিলা যে’। ক্ল’জ আপত কৰিস্মাই ধুনীয়া হাঁহি মাৰি কয় ” ট্ৰেফিক জাম”।

৩য় চিন

বিজুৱে মোকোৰা মোকোৰিকৈ খাই থাকে। মাজে মাজে দিপু আৰু কৰিস্মাক কেঁৰাকৈ চাই আছে। দিপুৱে কৰিস্মাৰ প্লেটত মাংস,ফ্ৰাইদ ৰাইচ জোৰকৈ দি আছে। কৰিস্মাই মাজে মাজে দিপুক খুৱাই দিয়ে।

বিজু: উম, প্ৰথমতে এইৰ পৰিচয়টো মোক দে ভালকৈ।
দিপু: মানে মানে দাদা এই মোৰ গাৰ্লফ্ৰেণ্ড। আজি যে মই ইমান ডাঙৰ কামটো কৰিলো তাত এইৰ অৱদান বহুত আছে।

কৰিস্মা: ইচ্ কি যে কোৱা? তুমি কষ্ট নকৰিলে কেনেকে হ’লহেঁতেন।

বিজু: মই এতিয়াও বুজা নাই।

দিপু: দাদা মই আজি ফেচবুকৰ টপ ফেন হৈছো। পুৰা ফেচবুক হিলাই দিছো। কৰিস্মাৰ ফালে চাই দিপুৱে কয়…আৰু কৰিস্মা ,এইয়া বিজু দা। মোৰ ফেচবুকৰ গুৰু। এই দাদায়ে মোক ফেচবুকত একাউন্ট খুলি দিছিল। অকল সেইয়াই নহয়,মোৰ আইডি কেইবাবাৰো বেয়া হৈছিল আৰু বিজু দাই ঠিক কৰি দিছিল।

বিজু দাই কৰিস্মালৈ চাই আৰু তাই এটা মিঠা হাঁহি মাৰি চকু টিপ মাৰে বিজুলৈ। বিজু চক খাই চকীৰ পৰা উলটি পৰে। কৰিস্মা যে বহুত চালাক বিজুৱে বুজি পালে আৰু তোমালোকে খোৱা মই যাওঁ বুলি ওলায় আহে।

৪ৰ্থ দৃশ্য
বাচ ষ্টেণ্ডত বিজু দা ৰৈ থাকে। এখন বাচ অহাত জাপ মাৰি উঠে। বাচত উঠি দেখা পাই কৰিস্মা বহি আছে আগৰ চিটত। তাই পিছ দুৱাৰেৰে বাচত উঠা বিজুক নেদেখে। বাচৰ কণ্ডাক্টৰে( ৰক্তাভ কুমাৰ) ভাৰা খোজে কিন্তু তাই পিছত দিম বুলি তাৰ লগত কথাৰ চুপতি মাৰিব ধৰে।

কৰিস্মা: দাদা দি আছো পিছত। মোৰ মনটো ভাল নহয়। অলপ বহি লওঁ হা।
কণ্ডাক্টৰ: ধুনীয়া দেখি তাইক হ’ব দিয়া ভন্টি বুলি কৈ কাষৰ যাত্ৰী জনক ভাৰা খোজে।
এনেতে বাচৰ ড্ৰাইভাৰ তবিবৰে মাত দিয়ে…

তবি ড্ৰাইভাৰ: ঐ মিঠা মাত শুনি ভোল গ’লিয়ে ন? পিছত যদি ভাৰা নিদিয়াকৈ নামে নহয় চাবি তোক কি কৰো।

কণ্ডাক্টৰ: দিম বুলি কৈছে নহয়। ন ভন্টি বুলি কৰিস্মাক চাই হাঁহি মাৰে।

কৰিস্মা: অ’ অ’ দিমতো। মোৰ তাত এতিয়া দুশ টকা আছে। দাদাৰ খুচৰা জমা হ’লে দিমতো।

৫ম দৃশ্য

বাচ গৈ আন এটা ষ্টেণ্ডত ৰয় আৰু কোট টাই পিন্ধা ভদ্ৰলোক এজন উঠে। এই ৰ’লটো কৰিব ভাস্কৰ বৰডেকাই।

ভদ্ৰলোকে চিট এটাত বহে আৰু জাপ মাৰি উঠে। লগে লগে কণ্ডাক্টৰক চিঞৰি কয়….

ভদ্ৰলোক: ঐ চিটটো ভিজা কিয়? Why??
কণ্ডাক্টৰ: খুড়া, অলপ আগতে এগৰাকী মহিলা বহিছিল। তেওঁ বমি কৰিছিল তাত।( কণ্ডাক্টৰৰ কন্ঠত আপচোচৰ সুৰ)

ভদ্ৰলোক: খুড়া বুলি কাক কৈছ?why you are calling me khura? ৰখা তহঁতৰ গাড়ী, নাযাওঁ মই।
গাড়ীয়ে ঘ্যাচকৈ ব্ৰেক মাৰে আৰু যাত্ৰী সকলে হামখুৰি খাই পৰে।

কণ্ডাক্টৰ: নাযায় যদি নাই। ভাৰাটো দি নামক।
ভদ্ৰলোকে দুহেজাৰ টকীয়া নোট এখন দিয়ে।

কণ্ডাক্টৰ: দহ টকা ভাৰাত আপুনি দুহেজাৰ দিলে কেনেকে হ’ব? বাকী ১৯৯০ মই ক’ৰ পৰা ঘূৰাম।

লগে লগে তবিবে মাত দিয়ে..
ঐ কোট পিন্ধা ভদ্ৰলোক নুঠাবি আজিৰ পৰা।

ভদ্ৰলোক: মই সেইবোৰ নাজানো। মোৰ যে কোট,পেন্ট বেয়া হ’ল তাৰো দাম দিব লাগিব তহঁতে।

কৰিস্মা: দাদা,মোৰ বিশ টকা ভাৰাটো কাটি লওঁক। ভদ্ৰলোকৰ ফালে চাই আপুনি চিন্তা নকৰিব, মই ঘূৰাই দিম দাদা। এইটো মোৰ নম্বৰ বুলি কাগজ এখন ভদ্ৰলোকক দিয়ে। ভদ্ৰলোকেও হাঁহি মাৰি কাগজ খন লয় আৰু দুয়োৱে পৰিচয় দিয়ে নিজৰ। কৰিস্মাই সিহঁতৰ ঘৰৰ ঠিকনা দিয়ে যেতিয়া ভদ্ৰলোক অফিচাৰ বুলি গম পায়।

বিজুৱে পিছফালৰ পৰা সকলো চাই আচৰিত হয়।

৬ষ্ঠ দৃশ্য:

পিছফালৰ পৰা টমটম এখন গৈ থকা দেখাব। কিছুদুৰ যোৱাৰ পিছত টমটম খন জীৱন জিন্দাবাদ ৰেষ্টুৰেন্টৰ সমূখত ৰ’ব। মহিলা এগৰাকী নামিব( কমলা দাস) আৰু খঙেৰে খুব বেগাই ৰেষ্টুৰেন্টৰ ভিতৰত সোমাব।

ভিতৰত বিজু,দিপু আৰু কৰিস্মা বহি থাকে। আৰু দিপুৱে তেওঁক দেখি ‘মা’ বুলি চিঞৰি উঠে, নেদেখা ভাওঁ জুৰী কৰিস্মাৰ মুৰতো টেবুলৰ তলত জোৰকৈ সোমাই দিয়ে।

কৰিস্মা:আহ, দুখ পাইছো এৰা।

বিজু: আৰে জেঠাই আহি পালে বুলি দিপুৰ ফালে চাই হাঁহে।

দিপু: কি? কোন জেঠাই বিজু দা?

বিজু: জেঠাই মানে মোৰ জেঠাই আৰু তোৰ মা।

দিপু: মা অহাৰ কথা আছিল নেকি?
বিজু: কিয় তই নাজান নেকি?মই মতা বুলি কৈছিলো যে।
দিপু: ও পাহৰিছিলো। মাক আপুনি মাতিছিলে নহয়।

বিজু: অ, তোৰ টপফেন হোৱা খানাৰ ভাগটো জেঠাইও পায়।

এনেতে দিপুৰ মাক আহি ওচৰ পায়। দিপুৱে মা বুলি সাৱতি ধৰে। আৰু বিজু আৰু কৰিস্মাৰ ফালে চাই কয়…

দিপু: আপোনালোকে জানেনে বাৰু যে মোৰ ফেচবুকত টপ ফেন হোৱাত মাৰ বহুত অৱদান আছে। কেনেকৈ নেটপেক ভৰোৱা পইচা দেউতাৰ পৰা মালৈ আৰু মাৰ হাতৰ পৰা মোৰ ওচৰলৈ আহিছিল।

বিজু আৰু কৰিস্মাই ৰ লাগি চাই আছে আৰু বিজুৱে মনত ভাবি আছে জীৱনত বহুত পাগল দেখিলো কিন্তু ইয়াৰ দৰে দেখা নাই।
হঠাতে থাচ..থাচ …থাচকৈ দিপুৰ গালত তবলা বাজে। কৰিস্মা ভয়তে কঁপি উঠে।

ৰঙিলী: তোক কিতাপ কিনিবলৈ পইচা লাগে বুলি কৈ ৰেষ্টুৰেন্টত আড্ডা মাৰি আছ অলগদ্ধ।
দিপু তলমুৰকৈ চুপ থাকে।

আকৌ ৰঙিলীয়ে কয়: কালিও দোকানৰ পৰা চাউল,দাইল ,আটা,পিয়াজ আনিবলৈ দিলো আৰু তই কি কৈছিলি? মই ফেচবুকৰ টপফেন গতিকে মই ঘৰৰ কাম নকৰো। এতিয়া ইয়াত বাচন ধুব আহিছ নেকি গাধ?

এনেতে কৰিস্মালৈ চাই দিপুৰ মাকে কয়: এই আপী তই ইয়াত কি কৰিছ ল’ৰা কেইটাৰ লগত? ঘৰত যে অলপ কাম শিকিব লাগে পঢ়াৰ লগত নাজান হা?আজিৰ পৰা যদি দিপুৰ লগত তোক দেখো, ঠেং ভাঙিম মই।

কৰিস্মাই মই যাওঁ। বাই দিপু আৰু মোক লগ নকৰিবা কেতিয়াও বুলি দৌৰ মাৰে।
ৰঙিলীয়ে দিপুক হাতত ধৰি চোঁচৰাই নিয়ে আৰু বিজুয়ে এটা সন্তুষ্টিৰ হাঁহি মাৰে।

সমাপ্ত।।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.