ফটাঢোল

ফেচবুকৰ সাঁথৰ – ৰিমঝিম বৰঠাকুৰ

ঘনশ্যাম মানে আমাৰ ঘন কাইটিৰ পুতেকে এইবাৰ কাইটিক এটা নতুন ম’বাইল দিছে। আগৰটোত বোলে গান-চান একো শুনিব নোৱাৰি, ফটোও উঠিব নোৱাৰি ৷ সেয়ে পুতেক এইবাৰ ঘৰলৈ আহোতে ‘ইস্মাৰ্ট ফোন’ নে কি সেইটো লৈ আহিছে। ম’বাইলটো বোলে বৰ ভাল ৷ আঙুলিৰে অকণ চুই দিলেই হ’ল৷ মানে আজিকালি ল’ৰা-ছোৱালীবোৰে লৈ থকাৰ নিচিনা। সেইটোত বোলে ফেচবুক নে কি সেইখনো আছে ৷ মুঠতে এইবাৰ কথাই নাই আৰু কাইটিৰ। আমাৰ কাইটি আগতে ইস্মাৰ্ট আছিল নে নাই গুৰুত্বপূৰ্ণ কথা নহয়; কিন্তু এইবাৰ যে ইস্মাৰ্ট হ’ব- সেইটো নিশ্চয়কৈ ক’ব পাৰি।
দিন-হাজিৰা কৰা কাইটিৰ পুতেকৰ চাকৰিটো হোৱাৰ পিছত দিন ভাললৈ আহিছে। পুতেকৰ মতে দেউতাকে এতিয়া হাজিৰা কৰাৰ প্ৰয়োজন নাই;কিন্তু কাইটিয়ে অতীজৰে পৰা কৰি অহা কামটো এৰিব পৰা নাই। সেয়ে আগৰ নিচিনাকৈ ন’হলেও কেতিয়াবা দাখন হাততে লৈ ওলাই যায় । আচলতে কাইটিৰ এতিয়া পইচাৰ অভাৱ নাই৷ পুতেকে মাহিলী কিবা এটা পঠোৱাৰ উপৰিও ঘৰ-দুৱাৰো বেচ ধুনীয়া কৰিলে। কিন্তু এনেকৈ ওলাই গ’লে মানুহবিলাকক লগ পাই কাইটিৰ মনটোও ভাল লাগে ৷ কাইটিকো গাঁৱৰ মানুহে বিচাৰে। এতিয়া কথা হ’ল কাইটিক নতুন ম’বাইল এটা লাগে৷ আগৰটো বোলে বেয়া হৈছে। পুত্ৰইও সেয়েহে দেউতাকলৈ বুলি অলপ দামী ম’বাইল এটা লৈ আনিছে।
“ম’বাইলটোৰ দেখোন একো বুটনেই নাই, কেনেকৈ কাম চলিব এইটোৰে’ ৷” আচলতে এনেকুৱা মোবাইল বেলেগৰ হাততহে দেখিছে কাইটিয়ে, নিজেই আজিলৈকে চুই পোৱা নাই৷ সেয়ে এনেকুৱা প্ৰশ্ন উঠাটো স্বাভাৱিক। পুতেকে কোৱামতে অলপ সময় লাগিব শিকিবলৈ।
ম’বাইলটো পাই হ’লে তেওঁৰ বৰ স্ফূৰ্টি, ফটো দুখনমানো উঠি ল’লে পুতেক আৰু ঘৈণীয়েকৰ লগত। ফটোকেইখন ধুনীয়া হৈছে ৷ কেমেৰাটো খুব ভাল, ঘৈণীয়েকক যে ইমান মৰম লাগিছে। কাইটিৰ মানুহজনী এনেও সাদৰী, মৰমলগায়েই৷ কাইটিয়ে ফটোখনত আজি আৰু অলপ ধুনীয়া দেখিলে। কাইটিকহে অলপ ক’লা ক’লা লাগিছে৷ লাগিবৰে কথা-ৰ’দত কম কাম কৰে নেকি কাইটিয়ে ! বেলেগে কোৱাৰ আগতে কথাটো নিজেই গম পালে ফটো চাই। সাদৰিজনীৰ লগত নিজক দেখি অকণমান লাজো পালে। কি চাই জানো সাদৰিয়ে তেওঁক ভাল পাইছিল। ভাল পালেতো পালেই,এদিন তেওঁ ‘ব’ল’ বুলি কওঁতেই কাণিমুনি সন্ধিয়া ঘন কাইটিৰ চাইকেলৰ কেৰিয়াৰত সাদৰি আহি তেওঁৰ ঘৰ পাইছিলহি। ‘ধেৎ তেৰি’-কথাবোৰ মনত পেলাই থাকোঁতে পুতেকৰ চকুৱে চকুৱে পৰাত কিবা এটা লাজ লাগি গ’ল কাইটিৰ।
আজিকালি কাইটিৰ অলপ অসুবিধাও হৈছে ৷ কাৰণ আগতে লুঙিৰ খুচনিতে পুৰণা সৰু ম’বাইলটো ভৰাই থ’ব পাৰে ৷ কিন্তু এই ডাঙৰ ম’বাইলটো থ’বলৈ অলপ দিগদাৰ। কিন্তু কাইটিৰ সাদৰিয়ে ইয়াৰ উপায় এটা দিলে। ঘৈণীয়েকে সৰুকৈ কাপোৰৰ বেগ এটা চিলাই দিলে , য’ত ম’বাইলটো ধুনীয়াকৈ থৈ দিব পাৰে। ম’বাইলটো যেন এটা যন্ত্ৰ নহয়,কাইটিৰ দেহলাওটোহে। ৰাতি শুবৰ সময়তো ম’বাইলটো ক’ত থ’ব সেইটো ডাঙৰ চিন্তা৷ বিছনাত থ’ব নোৱাৰে ৷ হাত লাগি পৰি যাবও পাৰে, ওচৰৰ টেবুলখনতে থৈ দিয়াটো ভাল হ’ব। লাহে লাহে এটা দুটাকৈ ‘ইস্মাৰ্ট’ ম’বাইলৰ কামবিলাক শিকিলে।
কিন্তু কাইটিয়ে এটা প্ৰশ্নৰ উত্তৰহে পোৱা নাই৷ সুধিবলৈ লাজো কৰে,ইফালে জানিবলৈও ইচ্ছা। নতুনকৈ ম’বাইলটো দিওঁতে পুতেকে কোৱা শুনিছিল ফেচবুক নে কি সেইখন আছে বোলে৷ কাইটিৰ চাবলৈ মন গ’ল সেইখননো কি। সুধোঁ-নুসুধোঁকৈ পুতেককে লাজ লাজকৈ সুধিলে “হেৰি নহয়,ফেচবুক বুলি যে কয় ৷ আমাৰ নিচিনা মানুহে কৰিব পাৰি নেকি ? নে পইচা-পাতি লাগে কিবা।” পুতেকে বুজিলে সকলোৰে মুখত শুনি শুনি দেউতাকৰো চাগে মন গৈছে। সেয়েহে নেটপেক এটা ভৰাই ম’বাইলত দেউতাকৰ নামত একাউণ্ট এটা খুলি দিলে ৷ তাৰপিছত শিকাবলৈ লাগিল কেনেকৈ কি কৰে। সপ্তম শ্ৰেণীলৈকে পঢ়া কাইটিৰ ইংৰাজী আখৰকেইটা পঢ়াত অসুবিধা হোৱা নাই। পুতেক ঘৰত থকা দিনকেইটাতে ফেচবুকৰ আদৱ-কায়দাবোৰ শিকি ল’বলৈ কাইটিয়ে পাৰেমানে চেষ্টা কৰিছে যদিও ‘ফেচবুক’খন পঢ়িবলৈ কিছুমান কথাত টানো পাইছে। এইখন পঢ়াও সহজ কথা নহয়।
‘অ’ হেৰৌ পোণা৷ কথা এটা ক’চোন৷ ফেচবুকক নোসোধাকৈ ক’লৈকো যাব নোৱাৰি নেকি?’ সুধোঁ-নুসুধোঁকৈ পুতেকক কাইটিয়ে সুধিলে।
‘কিয় দেউতা?’
‘নহয় অ’ ৷ চবেই দেখোন ক’ত যায় কি কৰে ফেচবুকত দিয়ে। পুৱাতে নগেনৰ পুতেকক পাতি চাইকেলখন লৈ ওলাই যোৱা দেখিলোঁ ৷ কিন্তু সি দেখোন এতিয়া উৰাজাহাজত উঠিহে ক’ৰবালৈ গৈছে। আৰু দেখোন তইয়ে এতিয়া মাৰে দিয়া ৰঙা চাহকণ গুৰ অকণমানৰ লগত লৈ খাই আছ, আৰু ফেচবুকত পঢ়িবলৈ দিছ ‘ড্ৰিংকিং কফি’। হেৰ’ ! মাৰে কফিনো কি আজিলৈকে দেখি পাইছে জানো তোক খোৱাবলৈ।’ বাপেকৰ কথাত পুতেকৰ হাতত থকা ৰঙাচাহৰ গিলাচটো কথমপি হাতৰপৰা নপৰাকৈ থাকিল। পুতেকে কিবা কোৱাৰ আগতেই ঘন কাইটিয়ে ম’বাইলটো পুতেকলৈ আগবঢ়াই দি ক’লে-
‘চাচোন,এইজনী আমাৰ গজেনৰ জীয়েক ললিতা নহয়নে? তাইৰ দেখোন নামটো কিবা ‘এঞ্জেল প্ৰিয়া লাইলা’ বুলিহে লিখা আছে। ফেচবুকত নাম লিখালে নিজৰ নামো সলনি কৰিব লাগে নেকি অ’ পোণা।’
দেউতাকৰ কথা শুনি কাইটিৰ পুতেকৰ নিজৰ মূৰটোকে ঘৰৰ পকী বেৰখনতে মাৰি দিবলৈ মন গ’ল। দেউতাকক কেনেকৈ বুজাব ফেচবুক যে এনেকৈয়ে কৰে।
‘দেউতা তুমি অলপ সময় ৰোৱা, মই অলপ ওলাই যাওঁ৷ আহি তোমাক চব বুজাই আছোঁ।’ এইবুলি কৈ পুতেক ওলাই গ’ল।
ঘন কাইটিয়ে আজি ফেচবুক বুজিহে এৰিব ৷ পুতেক ঘূৰি নহালৈকে সেয়েহে কাইটিয়ে নঙলা-মুখতে পায়চাৰি কৰি থাকিল। তেনেতে পুৱাতে পাতি-চাইকেল লৈ ওলাই যোৱা নগেনৰ পুতেক উভতি আহিল। তাক দেখি কাইটিয়ে মাত লগালে ‘ক’ত গৈছিলি অ’ পুৱাই পুৱাই।’
‘এহ্ কি ক’বনো বৰদেউতা ৷ কালি ৰাতিৰেপৰা দেউতাৰ বাহিৰলৈ অহা-যোৱা। সেয়ে পানীচাপৰি গাঁৱৰ হৰিমতী বুঢ়ীৰপৰা পানী অকণ জৰাই আনিলো।’ কথাষাৰ কৈ সি ন’ৰলেই৷ ধাই-ধাই চাইকেল মাৰিলে।
কাইটিহে বৰ দোমোজাত পৰিল। সি দেখোন ফেচবুকত উৰাজাহাজতহে ক’ৰবালৈ যোৱা বুলি দেখুৱাইছিল। বৰ পয়মাল অ’ কথাবোৰ বুজাত !
লগতে লাইক বুলি বুঢ়া আঙুলি দেখোৱা,ৰঙা পাণখন, ৰঙা হৈ থকা টকলা মূৰ, গোটেই মুখখন মেলি থকা হালধীয়া মূৰটো,সেইবোৰতো আছেই। ছেহ্,নোৱাৰি আৰু এইখনৰ লগত৷
সেয়েহে ঘৰলৈ উভতি অহা পুতেকক নঙলামুখতেই পাই কাইটিয়ে বোলে-
‘বোপাই অ’৷ সেইখন জপাই থৈ দে ৷ মই দেখোন ইয়াৰ সাঁথৰবোৰ ভাঙিবই পৰা নাই। সপ্তম শ্ৰেণীলৈকে যি পঢ়িলোঁ,পঢ়িলোঁ৷ সেয়াই হ’ব ৷ এতিয়া বেলেগকৈ ফেচবুক নপঢ়োঁ দে। ফেচবুকৰ সাঁথৰ ভঙা সহজ কথা নহয়।’

☆★☆★☆

Leave a Reply

Your email address will not be published.