ফটাঢোল

ফেচবুক সংবাদ – নাজিয়া হাচান

১) মোবাইল

পতি : কি লিখিছা?

পত্নী : (মোবাইলটো টিপি টিপি) নাই লিখা অ’৷ কমেণ্টহে কৰিছোঁ৷

পতি : (নিজৰ গালখন খজুৱাই খজুৱাই) লিখা মেলা নকৰা হ’লা নেকি?

পত্নী : (দুখেৰে) কিনো লিখিবা! পাত্তাকে নেপাওঁচোন হে! লাইক কমেণ্ট একোৱেই নাহে জানা? আঙুলিকেইটাৰহে বিষ হয় লিখি লিখি।

পতি : ক’তনো বিষ হয় তোমাৰ? সেই পুৱাৰেপৰা দেখোন আজি ভাত পানী নৰন্ধাকৈ মোবাইলটোকে পিটিকি আছা!

পত্নী : অ’! কমেণ্ট কৰি আছোঁ আক’!

পতি : ইমান কমেণ্ট কৰিছা নে? বাপৰে! খোৱা লোৱা বাদ দি? কি পাবানো কমেণ্ট কৰি?

পত্নী : আৰে! কমেণ্ট কৰি কৰিয়েই আগুৱাই যাব লাগে! তুমি নাজানা৷ আচলতে ময়ো কথাটো নাজানিছিলো জানা? এইকেইদিনতহে শিকিলো। এয়া চোৱাচোন চোৱা! দিনটোত মোৰ এটা এটা কমেণ্টে কিমান লাইক পাইছে! এশাৰী কমেণ্ট, আৰু দহ বাৰটা মান লাইক আকৌ! যোৱাচোন যোৱা পতকৈ তুমিয়ে কিবা এটা আজি ৰান্ধি খোৱাগৈ দেই!

(পত্নী হাঁহি হাঁহি আকৌ মোবাইল টিপাত ব্যস্ত হ’ল)

২)পাত্তা

পত্নী : কি লিখিছা?

পতি : নাই লিখা একো৷

পত্নী : ইমান ব্যস্ত যে৷

পতি : এই মানে আপডেট দি আছোঁ৷

পত্নী : কি আপডেট?

পতি : বিতৰ্কিত আপদেট৷

পত্নী : অ’! মোবাইলত বিতৰ্কও কৰিব পাৰি নেকি? কিয় কৰিছানো?

পতি : কৰিছোঁ আৰু৷ বিতৰ্ক নকৰিলে পাত্তা নিদিয়ে নহয় আজিকালি৷ ভয়ো নকৰে৷

পত্নী : ইয়ে! হয়? বিতৰ্ক কৰিলে পাত্তা দিয়ে নেকি? বাহ! তোমাৰ চাগৈ ধেৰ মাটি বাৰী তেন্তে ন?

পতি : ধেত তেৰি৷ মাটি বাৰীৰ পাত্তা নহয় অ’৷ মাটি বাৰী মোৰ আছে৷ এইটো বেলেগ পাত্তা৷ তুমি নুবুজিবা৷ আঁতৰা ইয়াৰপৰা৷ মোক আপডেট দিবলৈ দিয়া৷ পাত্তা লাগে মোক পাত্তা৷

পত্নী : (অলপ পিছত৷ ঘূৰি আহি, মূৰ খজুৱাই খজুৱাই) মোকো এণ্ড্ৰইড মোবাইল এটা কিনি দিয়াচোন৷

পতি : (আচৰিত হৈ, জাপ মাৰি বহি) কি? তোমাক আকৌ এণ্ড্ৰইড মোবাইল কিয় লাগে?

পত্নী : বিতৰ্ক কৰিবলৈ আকৌ৷

পতি : কি ক’লা?

পত্নী : (উগ্ৰমূৰ্তি ধাৰণ কৰি, কঁকালত দুই হাত থৈ) অঁতো আকৌ। মোকো পাত্তা লাগে পাত্তা৷ নহ’লে আজি শেষ কৰি দিম চব৷

(শুনামতে পতিজনে হেনো আজি পাকঘৰত ঘুৰ্মুটিয়াই আছে৷ নিমখ, হালধী ক’ত আছে বুলি পত্নীক সুধিবলৈয়ো সাহস হোৱা নাই)

৩) চানডে স্পেচিয়েল ট্ৰিট

পতি : বাহ! কি ধুনীয়া চকুযুৰি অ’! বাহ! কি ধুনীয়া হাঁহি! বাহ! কি যে ধুনীয়া……

পত্নী : (একেজাপে কম্বলৰ তলৰপৰা গা মুখ উলিয়াই পতিক দুয়োখন হাতেৰে গতিয়াই, হেঁচুকি, জোকাৰি)
হেৰি! হেৰি! কাৰ প্ৰশংসা চলিছে এই মৰ ৰাতিপুৱাই বাহী বিচনাখনত হয়নে!
(কম্বলখন পতিদেৱৰ গাৰপৰা টানি টানি)
উঠক বুলিছো নহয় উঠক। দিনৰ দিনটো ফেচবুকত ধুনীয়া ছোৱালীবোৰৰ ফটো চাই চাই লাইক, ৰিয়েক্ট কমেণ্ট কৰি ফুৰিব আৰু পুৱাই পুৱাই প্ৰশংসা কৰি থাকিব সেইমখাৰ! উ…ঠ…ক

পতি : (লাহেকৈ কম্বলখনেদি মুখখন উলিয়াই) হেৰা, কিয়নো মিছাতে ভুল বুজিছা হে! তোমাকেহে দেখি আছিলো মই! নিজৰ ওপৰত বিশ্বাসকন ৰাখিবাচোন হে তুমি৷ ইমান সময়ৰপৰা তোমাক কিমানবাৰ যে মাতি আছো মই, উঠা উঠা বুলি৷ মানুজনীৰ যে সাৰ সুৰেই নাছিল! এতিয়া মোৰ শুনা নুশুনাকৈ ওলাই অহা মুখৰ ভোৰভোৰণিটো কেনেকৈনো শুনি জপিয়াই উঠিলা হে তুমি? ইচ্ ৰাম! কি যে হ’ব নহয় তোমাৰ! নিজৰ ওপৰত অলপো বিশ্বাস নাই নে? ধেত তেৰি! যোৱা যোৱা৷ বেগাই যোৱা৷ ডাষ্টবিনটো আৰু ইস্ত্ৰি কৰিবলৈ ৰখা মোৰ কাপোৰখিনিও উলিয়াই থোৱাগৈ যোৱা৷ নহ’লে সেইকেইটা আহি টং টং কৰি বেলটো বজাই দেওবাৰৰ ধুনীয়া টোপনিটো ভাঙি দিবহি হে মোৰ! (কম্বলখন গায়ে মূৰে ঢাকি শুবলৈ ল’লে)

পত্নীয়ে মুখেৰে একো নেমাতি, মুখখন সাংঘাটিক বেঁকা কৰি, ফটা খহতা গেৰুৱাখন পতিদেৱৰ ভৰিখনত লগাই, আঠুৰপৰা পতালৈকে এটা চোঁচা মাৰি বিচনাখনৰপৰা নামি গ’ল।

পতি : হেৰা! হেৰা! কি হে তুমি? উস্! আস!

পত্নী : (ডিঙিটো এহাতমান যেন দীঘল কৈ আগুৱাবহে পাৰিলে, তেনে ভংগীত)
চানদে স্পেচিয়েল আকৌ! শুৱক এতিয়া আৰাম কৰি৷ হুহ!

৪) বান্ধৱী

(দুই বান্ধৱীৰ কথোপকথন)

: মনটো বেয়া লাগিলে কি
কৰানো?

: একো নকৰো, কিনো কৰিম? মনে মনে বহি থাকো৷

: ইয়ে, কিয় মনে মনে বহি থাকা? (আচৰিত হৈ৷ চকুকেইটা ডাঙৰ কৰি)

: কিয়, কি কৰিব লাগেনো?

: কাজিয়া কৰিবা আক’৷

: কি? কাৰ লগত কাজিয়া কৰিম?

: মনটো যিয়ে তোমাৰ বেয়া কৰিলে তাৰ লগত আক’৷

: ধেত, নোৱাৰো পাই কাজিয়া কৰিব!

: অ’ কিয়? কিয় নোৱাৰা?

: ফেচবুকত সকলোকে জনাই দিব৷ তেতিয়া আৰুহে মোৰ বেয়া লাগিব৷

: অ’ হয় নেকি? তেন্তে থাকক দিয়া৷ ময়ো মনে মনে বহিয়েই থাকো আৰু পায়৷

: ??? (প্ৰশ্নবোধক চাৱনি)

: তোমাক মই কাজিয়া কৰিবলৈ শিকাই দিছো বুলি তুমিও যদি ফেচবুকত আপডেট দি দিয়া৷ হে খোদা! ভাল ফেচবুক এটা ওলাল আৰু দেই! কি কি যে আপডেট দিয়ে ঐ! ধেত তেৰি!

☆★☆★☆

One comment

  • ramanuj

    আটাইকিটাই ভাল.লাগিল

    Reply

Leave a Reply

Your email address will not be published.