ফটাঢোল

ফেবিকল প্ৰেম – মাতু কুকুৰাছোৱা

দুদিন মানৰপৰা নগেন দাদা আৰু বৌৰ মাজত শীতল যুঁজ এখন চলি আছে… দুয়োৰে মাজত প্ৰায় মাত-বোল নোহোৱাৰ দৰেই হৈছেগৈ…এজনে ভাবিছে কিহৰ দৰকাৰ আগতে মাতিব, ইগৰাকীয়ে মনে মনে ভাবে কিমান দিনলৈ নমতাকৈ থাকিব পাৰে চাওঁচোন, হুহ, বেলুন যিমানেই ডাঙৰ নহওক ফুটিবই নহ’লেও দুদিনৰ পাছত নিজেই সৰু হ’ব হাৱা গৈ.

হ’লেও আনে গম পোৱা নাই এই যুদ্ধৰ কথা, গম দিবলৈ প্ৰয়োজনো নাই৷ এইক্ষেত্ৰত দুয়োজনেই সাৱধান সদায়৷ কাজিয়াৰ কাৰণ দাদাৰ “মোবাইল প্ৰেম৷” প্ৰেমো প্ৰেম একেবাৰে সাংঘাতিক প্ৰেম, বুকু দহি যোৱা, পৰে হিংসা কৰা, ঘৰ ভঙা, মুঠতে হিয়া দিয়া নিয়া, তুমি মোৰ মাথোঁ মোৰ ধৰণৰ৷ ঘৰত থকাৰ সময়ত যিহে মিচিকিয়াই হাঁহি মাৰে মোবাইলটো আগত লৈ…হঠাৎ বৌ ওচৰলৈ গ’লে এনে গহীন হৈ দেখুৱাই যেন কিবা অঘটনহে ঘটিছে ক’ৰবাত…চাৰ্জ দিয়া সময়খিনি বাহিৰে মুঠতে দাদাৰ হাতৰপৰা মোবাইলটো নুগুছেই, নেৰেই৷ কঁঠালৰ এঠা, ফ্ৰেভিকুইক এঠা নে সেই জিলত লগোৱা মৈদাৰ এঠাতকৈও এখোপ চৰা…

আজি আকৌ পুৱাৰ পৰাই বৌৰ মূৰৰ বিষ, বিষ মানে বিষম ..ভিক্স, মেন্থপ্লাছেও দমাব পৰা নাই, মূৰত গামোচা এখন কচি কচি বান্ধি শুই আছে, বিছনাৰপৰা উঠিবই পৰা নাই…মাজতে নামাতোঁ বুলিও এবাৰ মৰমেৰে, এবাৰ কঠিনকৈ, একোবাৰ কেঁকাই গেঠাই দাদাক মাতিও ওল্টাই মাত এষাৰ পোৱা নাই…  ইফালে দাদা বিজি… মাজতে গেছত দিনৰে ৰৈ যোৱা ভাজিখনো গৰম হ’বলৈ পাতি থৈ আহিলে, সময়তো খাবলৈ লাগিবই…এটা সময়ত বৌয়েও নিমাত হৈ পৰি থাকিলে বিছনাতে, অভিমান, খং ক্ষোভে আহি বৌৰ গাৰু তিতিলে চকুলোৱে…তেনেকৈয়ে টোপনি গ’ল, কিছুসময়ৰ পাছত টি.ভি.ৰ মাতত বৌৰ চিলমিলকৈ অহা টোপনিটোও ভাগিল৷ মনে মনে খং এচাট উঠিলেও বৌ নিমাতে থাকিলে৷

-আই অ’ এবাৰো যদি মানুহটোয়ে ভাল পাইছে নাই সুধিলেহেঁতেন… ভাল পাইছোঁ নাই বাদ দে কেলেইনো শুই আছোঁ তাকেই যদি সুধিলিহেঁতেন…

মুখৰ ভিতৰতে ভোৰভোৰাই থাকিলে বৌয়ে…

এনেতে টিংকৈ দাদাৰ মোবাইলত মেচেজ অহাৰ শব্দ হ’লত একমিনিটো দেৰি নকৰি দাদা উৰি যোৱাদি গৈ মোবাইলৰ কাষত হাজিৰ হ’ল .. মেচেজটো খুলি চাই দাদাই মোবাইলটো থেকেচি, মুখখন এপাচিমান কৰি গিলাছটো লৈ পাকঘৰলৈ গ’ল কাৰণ দাদাৰ মেচেজত লিখা আছিল যে মেচেজটো পঢ়াৰ পাছত মোলৈ পানী এগিলাছ লৈ আহা জল্দি আৰু গেছত বঢ়াই থোৱা ভাজিখন এবাৰ চকু দিয়া দাদাই এতিয়া মেচেজ নাই চোৱা বুলিও ক’ব নোৱাৰে কাৰণ সিফালে মেচেজ চোৱা প্ৰমাণিত চিনটো নীলা হ’লেই বৌৰ মোবাইলত… উপায়হীন দাদাই পানী লৈ এতিয়া বৌৰ ওচৰত থমথমকৈ ৰৈ আছে..আৰু বৌয়ে এবাৰ মূৰ, এবাৰ পিঠি আৰু এবাৰ ভৰি পিটিকিবলৈ অৰ্ডাৰ দি আছে, নিজৰ বুলি আউ…

আমাৰ বৌয়ে কিন্তু সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব জানে দেই!

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.