ফটাঢোল

ফৰেইনাৰ : নয়নমণি হালৈ

বহুবছৰ আগৰ কথা৷ সেইসময়ত আমাৰ গাঁৱত কাৰেণ্ট নাই বুলি ক’লেও ভুল কোৱা নহয়৷ আছে, কিন্তু গধূলিৰ পৰা নিশা শুৱালৈ দুবাৰমান কাৰেণ্ট আহে আৰু কাৰেণ্ট থকা সময়খিনিতো ভাল মানুহবোৰে কুকুৰীকণা মানুহৰ দৰে অ’ত খুন্দা খাই, ত’ত খুন্দা খাই ঘূৰি ফুৰে৷ দেউতাই বাৰাণ্ডাত বিচনী হাতত লৈ বহি থাকে আৰু একোবাৰ মেলেৰিয়া ৰোগীৰ দৰে কঁপি কঁপি জ্বলি থকা বাল্বটোৰ ফালে চাই স্বগতোক্তি কৰে “আজিও ভল্টেজ নাহে৷”

সেই দিনৰে কথা৷ মানে কাৰেণ্ট নথকা সময়ৰে এদিনৰ কথা৷ সাজ লাগি ভাঙিছে, কিন্তু গাঁৱৰ ৰাস্তাত ওলালে ভাৱ হয় নিশা তিনিপ্ৰহৰ পাৰ হৈ গৈছে৷ তেনেসময়তে কোনোবাই আমাৰ ঘৰৰ দৰ্জাত ঢকিয়ালে৷ মায়ে হাতলেম্পটো লৈ দৰ্জা খুলি দিলে আৰু লগেলগে দুই হাত পিছুৱাই মোৰ ফালে চাই চিঞৰি উঠিল,

: হা বাপা এটু কেনাই মানুহ আহিছি চাহিচোন৷

ময়ো একেজাঁপে দুৱাৰমুখ পালোঁ৷ আগন্তুকক দেখিয়ে মোৰ মুখেৰে ওলাই আহিল, “ফৰেইনাৰ!” সঁচাকে, আমাৰ দুৱাৰমুখত থিয় হৈ আছে এজন ফৰেইনাৰ৷ ৰঙা চুলি, তেজ ফুটো ফুটো কৰা গাল, পিন্ধনত হাফপেণ্ট, ভৰিত জোতা আৰু লোডোৰ-পোডোৰ চেহেৰাৰে এজন বিদেশী ব্যক্তি৷ কিন্তু ফৰেইনাৰৰ কাষত যে মোৰ মাজু ভাইটিটোৱো থিয় হৈ আছিল এই কথা আমাৰ কাৰো নজৰত পৰা নাছিল৷ আমাৰ আই ক’লা, বোপাই ক’লা হ’লেও মানুহে আমাক মিঠা বৰনীয়া বুলিয়ে কয়, কিন্তু মোৰ এই মাজু ভাইটোৰ গাৰ ৰং মিঠা বুলি ক’লে পাপে চুব৷ ঢকঢকীয়া এটা ফৰেইনাৰৰ লগত এঙাৰ ক’লা মোৰ ভাইটোও যে ঠিয় হৈ আছিল এই কথা আমি সি মুখ খোলোঁতেহে গম পালোঁঁ৷ তাৰ খঙেই উঠিল,

: কি অভদ্ৰ মানুহ তহঁত, ঘৰলৈ অহা মানুহক এনেকে দুৱাৰমুখতে থিয় কৰাই ৰাখিছ, প্লিজ কাম ইন কাম ইন৷

বুলি সি ফৰেইনাৰক লৈ একেবাৰে ভিতৰকোঠা পালে৷ এইফালে দেউতায়ো বিচনী লৈ তাৰ কাষত থিয় হ’ল, হাতলেম্প লৈ মা, হালধি লগা হাত মচি মচি পাকঘৰৰ পৰা বৰমা, আমি ভাইকেইটাতো আছোঁৱেই৷ এইমখা মানুহক দেখি বেচেৰা ফৰেইনাৰে জালত পৰা পশুৰাজৰ দৰে ধৰফৰাবলৈ ধৰিলে৷ ক’ৰ মানুহ, কি কথা, কি বাৰ্তা এইবোৰ বুজাই কবৰ বাবে আমি তাক আগুৰি ধৰিলোঁঁ৷

আধা হিন্দী, আধা ইংৰাজীৰে বৰ অদ্ভূত উচ্চাৰণ এটাৰে সি কৈ যোৱা কথাৰ পৰা আমি যি বুজিলোঁ, সেয়া হ’ল, সি আহিছে সুদূৰ ফ্ৰান্সৰ পৰা৷ ফ্ৰান্স? এৰা ফ্ৰান্স৷ তাৰ জন্ম দিল্লীত৷ সি কিছুবছৰ দিল্লীতো পঢ়িছিল৷ কিন্তু সি তাৰ জীৱনৰ বেছিভাগ সময় বিদেশতেই কটাইছে, কাজেই চেহেৰাপাতি, কথাবতৰাত সি ষোল্ল অনাই বিদেশীৰ জাতত উঠিছে৷ সি কোৱামতে তাৰ মাক অসমৰ আছিল৷ তাৰ মোমায়েকহঁতৰ ঘৰ কোনোবা ‘লাহাপাৰা’ নামৰ এখন গাঁৱত আৰু লাহাপাৰালৈ যাবলৈ ‘ৰঙিয়া’ ৰেলষ্টেচনত নামিব লাগে৷ মোমায়েক বা তাৰ বংশৰ মানুহৰ নাম ধাম সি একো নাজানে, বচ মাকে কোৱা এইখিনি কথাকে সৰোগত কৰি সি আহি ওলাইছে দিল্লীৰ পৰা ৰঙিয়া৷ আৰু ৰাতি ৰঙিয়া ষ্টেচনত নামি ক’ত যাওঁ, কি কৰোঁ হৈ থাকোঁতে ভেটাভেটি হ’ল মোৰ ভাইটোৰ লগত আৰু সি নিৰ্ভয় দি তাক লৈ আহিল আমাৰ ঘৰলৈ৷ লগতে সি এই কথাও কৈ আহিছে যে ৰাতি পুৱালে সি তাৰ মোমায়েকৰ ঘৰৰ সন্ধান উলিওৱাত সহায় কৰিব৷ যিহেতু তাক সহায় কৰিবলৈ তাৰ মাক বা দেউতাক কোনো এই সংসাৰত নাছিল৷

ভাইটোৰ ধাণ্ডা হ’ল- কিবাকে ইয়াক পটাই এবাৰ পেৰিচ চাই আহিব পাৰিলে! গতিকে সি ফৰেইনাৰৰ আলপৈচান ধৰাত পূৰা লাগি গৈছে৷ তাৰমাজতে সি গা ধুবলৈ ওলাল৷ ভাইটোৱে তাক দমকলৰ তলত নি বহুৱাই দিলে আৰু সি দমকল মাৰিবলৈ লাগি গ’ল৷ ভূগৰ্ভৰ শীতল পানী যেতিয়া তাৰ মূৰত হলহলাই পৰিবলৈ ধৰিলে, সি ইমান আমেজ পালে যে উঠি আহিবই নোখোঁজে এতিয়া৷ মই বোলো নতুন ঠাইৰ পানী, তাৰ জ্বৰ উঠিব৷ কিন্তু নাই সি উঠি নাহে৷ বহুত জোৰ কৰি আধাঘণ্টামানৰ পিছত তাক দমকলৰ তলৰ পৰা আনিলোঁঁ৷ তাৰপিছত তাক ভাত খাবলৈ বহুৱালোঁ৷ কিন্তু সিচোন ভাত হাতেৰেই নুচুৱে৷ সি কিবা কয়, আমি নাপাওঁ বুজি৷ ভাইটোৱে আকাৰে ইংগিতে বুজাই দিছে- দিচ ইজ কলড ৰাইচ, দিচ ইজ দাল, দিচ ইজ পটেটো পিটিকা৷ নাই সি কিবা বিচাৰিছে৷ মায়ে চামুচখনেৰে আচাৰ অলপ দিব খুজিলে, সি চামুচখন দেখিয়ে কাঢ়ি নিয়াদি নিলে৷ তেতিয়াহে আমি বুজিলোঁ, বেটাক চামুচখনহে লাগে৷ আমি হাতেৰে মোকাৰা-মোকোৰে ভাত খোৱা মানুহ, তাক চামুচেৰে ভাত খোৱা দেখি এইফালে আমি হাঁহিত ৰ’ব পৰা নাই৷

শুবলৈ যাওঁতে আৰু এটা জমনি হ’ল৷ তাক শুবলৈ দিয়া বিচনাখনৰ তলৰ ফালে তাৰ চকু পৰিল এবাৰ৷ তেতিয়ালৈ কাৰেণ্টো আহিছিল৷ সি ভুত দেখা মানুহৰ দৰে চিঞৰি উঠিল- “গান্ধী গান্ধী!” আমি দৌৰি আহিলোঁঁ৷ কি হ’ল! সি কেৱল বিছনাৰ তলৰ ফালে আঙুলিয়াই দিয়ে আৰু কয়- “গান্ধী গান্ধী!” মায়ে ভয়ত কোচমোচ খাই গ’ল৷ কিবা সাপ চাপ দেখিলে নেকি, কিজানি সাপক গান্ধী বুলিয়ে কয় সিহঁতৰ ফালে৷ কিন্তু আমি কিবা কৰালৈ ফৰেইনাৰে বাট নাচালে আৰু৷ সি এইবাৰ আঠুকাঢ়ি হাতেৰে ধৰি চোৰচোৰাই টানি আনিলে আইতাৰ দিনৰে তাতশালৰ যতন ‘যঁতৰ’টো বেচেৰা ফৰেইনাৰে প্ৰথমবাৰৰ বাবে যঁতৰ দেখিছে, ইমানদিনে সি কিজানি মহাত্মা গান্ধীয়ে যঁতৰ ফুৰাই থকা ছবিখনহে দেখিছিলে৷ কেমেৰা উলিয়াই কেইবাটাও এংগোলৰ পৰা যঁতৰটোৰ ফটো তুলিলে সি আৰু এইফালে হাঁহিত আমাৰ পেট বিষাই গৈছে৷

পিছদিনা ৰাতিপুৱাই যিটো ঘটনা ঘটিল এইটোৰ কাৰণেহে ফৰেইনাৰ চিৰদিনৰ বাবে আমাৰ মানসপটত ৰৈ গ’ল৷ কাউৰী পুৱাতে ফৰেইনাৰ উঠি ৰাস্তাৰ ফালে ফুৰিবলৈ ওলাই গ’ল৷ আজিৰ পৰা দুটা দশক ধৰি আমাৰ গাঁৱত কেইঘৰমান অতি দুখীয়া মানুহ আছিল৷ উৱলি যোৱা বাঁহৰ বেৰাৰ ঘৰ, ফুটা টিনপাত, শৈলুৱৈ পৰা চোতাল আৰু চোতালত নাঙঠ হৈ ঘূৰি ফুৰা দুটামান ল’ৰা-ছোৱালী, এয়া দুটামান পৰিয়ালৰ পৰিচিত দৃশ্য আছিল৷ তেনে এটা ঘৰ আছিল পুতুলহঁতৰ ঘৰখন৷ পুতুলে সপ্তাহত দুদিন কৰবাত কাম কৰে আৰু বাকীকেইদিন ভাং খাই কৰবাত পৰি থাকে৷ ঘৈণীয়েকেহে অ’ত-ত’ত কাম কৰি কিবাকে ল’ৰা-ছোৱালীকেইটাৰ মুখত ভোকৰ ভাতকেইটা দি আছিল৷ এই পুতুলৰে সৰুটো পুতেকে নাঙঠহৈ ৰাস্তাত ফুৰি আছিল৷ তাক দেখি ফৰেইনাৰৰ কি দয়া উপজিল, পকেটৰ পৰা পাচশটকীয়া এখন উলিয়াই ফৰেইনাৰে তাক দি দিলে৷

কথা বুলিলে বতাহ৷ পুতুলৰ ঘৈণীয়েকে দিনটো কাম কৰি পঞ্চাশ টকা পায়, পুতুলে বাপ জনমত পাচশটকীয়া দেখাই নাই আৰু যেতিয়া পুতুলৰ পুতেকে পাচশটকীয়া নোট ফৰেইনাৰৰ পৰা পোৱা বুলি গম পালে গোটেই কথাটো ধুমুহাৰ দৰে গাঁঁওখনত বিয়পি পৰিল৷ গ’ল কথা গ’ল৷ আমাৰ আতিথ্য আৰু মাজু ভাইটিৰ লেৰেলা আদৰত ফৰেইনাৰ সেইদিনা আমাৰ ঘৰতে থাকিল৷ আচল জমনিটো ঘটিল তাৰ পিছদিনাহে৷

পিছদিনাও ফৰেইনাৰ ‘মৰ্ণিং ৱাক’ কৰিবলৈ ব্ৰক্ষ্মপুৱাতে ৰাস্তালৈ ওলাল৷ কিন্তু ওলায়ে পদূলিমূৰত আচৰিত দৃশ্য এটা দেখি উভটি আহিল আৰু আকাৰে-ইংগিতে মোক কিবা ক’বলৈ ধৰিলে৷ মই অনুমান কৰিলোঁ ৰাস্তাত ই নেদেখিবলগীয়া কিবা দেখি আহিছে৷ মই তাক তাতে এৰি পদূলিমুখলৈ ওলালোঁ আৰু যিটো দৃশ্য দেখিলোঁ মোৰ তালুৰে গৰম ধোঁৱা ওলাই যোৱাৰ নিচিনা হ’ল৷ পুতুলৰ দুয়োটা পুতেক আমাৰ বাটত, দুয়োৰে গাত কাপোৰ-কানি নাই৷ কেৱল পুতুলৰ পুতেক দুটা হ’লেতো কথাই নাছিল, হৰমোহন মিস্ত্ৰীৰ পুতেকটো, গোলোক দোকানিৰ পুতেক দুটা, আনকি জগত পিয়নৰ পুতেকটোও নাঙঠ হৈ আমাৰ বাটত৷ মুঠতে গাঁঁওখনৰ দহটামান চলি, এটাৰো গাত কাপোৰ-কানি নাই৷ মই বোলো মোৰ গাঁৱৰ ইজ্জত আজি ইহঁতমখাই ধূলিৰ লগত মিহলি কৰি দিলে৷ মই সিহঁতৰ ফালে চাই ক’লোঁ,

: তহঁতক পইচা লাগে ন, ৰ ফৰেইনাৰে পইচা লৈ আহি আছে ৰ

বুলি মই ঘৰৰ পিছফাললৈ গ’লোঁ আৰু বাঁহৰ চিটিপনি এডাল হাতত ল’লোঁঁ,

: চাল্লা চলি, একজন ফৰেইনাৰৰ সন্মুখত মোৰ দেশৰ ইজ্জত নিলাম কৰি দিলি তহঁতে৷

বুলি মুখেৰে এবাৰ কৈ লৈছোঁ আৰু তাৰপিছত চিটিপনিৰ কোব কাৰ পিঠিত, কাৰ পেটত, কাৰ টিকাত পৰিছে সেয়া চোৱা নাই, একফালৰ পৰা কোবাই গৈছোঁঁ৷ বিশ্বাস কৰক, সেইকেইটা চলিক দেখিলে আজিও মোৰ খঙটো ভমককৈ উঠি আহে৷

পুনশ্চ – দুদিনৰ কাৰণে আলহী হৈ অহা ফৰেইনাৰজনলৈ মোৰ মাজে-মাজে মনত পৰে৷ সি এটা ফোন নং দি গৈছিল৷ দেউতাৰ পৰা টকা পঞ্চাশটা লৈ ভাইটিয়ে হেনো এদিন ফোনো লগাইছিল৷ পিছত সি আহি কৈছিল- হেলো হেলো বুলি কওঁতেই পঞ্চাশ টকা গ’ল, নকৰোঁ যা ফোন৷ মাকৰ বংশ বিচাৰি অহা ফৰেইনাৰজনে এদিন আমাক বিচাৰি আহিবও পাৰে, ভাইটিৰ মনত ক্ষীণ আশা এটা হেনো এতিয়াও বিজুলীৰ দৰে মাজে-মাজে জিলিকি উঠে৷

☆★☆★☆

5 Comments

  • ৰাজশ্ৰী শৰ্মা

    খুব ভাল পালো পঢ়ি। ফৰেইনাৰজনৰ নামটো কি আছিল পিছে মনত আছেনে?

    Reply
  • সুকুমাৰ গোস্বামী

    বঢ়িয়া

    Reply
  • Pranita Goswami

    বঢ়িয়া লাগিল। সৱ আশাত বন্দী।

    Reply
  • মন্দিৰা

    বৰ ভাল লাগিল পঢ়ি

    Reply
  • Anonymous

    আৰম্ভণিৰ বৰ্ণনাখিনি অতি সুন্দৰ। অৱশ্যে গোটেই কাহিনীভাগেই সুন্দৰ।

    Reply

Leave a Reply

Your email address will not be published.