ফটাঢোল

বডী লেংগুৱেজ- মানসী বৰা

বডী লেংগুৱেজ হ’ল মানৱ শৰীৰৰ ভাষা। ইয়াক আদিম ভাষা বুলিও কোৱা হয়। মানুহৰ খোজ কঢ়াৰ ধৰণ, হাত-ভৰিৰ ভংগিমা, থিয় হৈ থকাৰ ঢং, এইবোৰে হেনো কথা কয়। কোনো মানুহৰ সৈতে কথোপকথন নহ’লেও মানুহজনৰ চাল-চলন কিম্বা আচৰণ দেখি মানুহজনৰ ব্যক্তিত্ব বুজিব পাৰি। শ্বাহৰুখ খানৰ ষাঠি  ডিগ্ৰী এংগুলত বেঁকা হৈ হাত দুখন মেলি দিয়া সেই বিশেষ ভাংগিমাটো! সেইটো এটা আকৰ্ষণীয় বডী লেংগুৱেজ৷ দৰ্শক পাগল হৈ যায়। সেইদৰে  অমিতাভ বচ্চনৰ থিয় হোৱা সেই বিশেষ ভাংগিমা, মাধুৰীৰ ভুৱন ভুলোৱা হাঁহি বা কোনো ৰাজনৈতিক নেতাৰ বিশেষ ধৰণে দিয়া বক্তৃতা এই সকলোবোৰেই একো একোটা বডী লেংগুৱেজ। আকৰ্ষণীয় ব্যক্তিত্বৰ ফাউণ্ডেচনেই হৈছে বডী লেংগুৱেজ৷ এই বডী লেংগুৱেজৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰি দিনে-নিশাই তাৰ চৰ্চা অব্যাহত ৰখা আমাৰ আজিৰ কাহিনীৰ নায়ক পল্লৱ বৰুৱা।

যোৰহাট বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ এই পল্লৱে আজি কিছুদিন ধৰি দুই তিনিখনমান বডী লেংগুৱেজৰ কিতাপ আৰু দহ বাৰটামান ইউটিউবৰ ভিডিও চাই লগৰ ল’ৰাৰ আগত উফাইদাং মাৰে, সি হেনো ‘বডী লেংগুৱেজ’ জানে৷ হোষ্টেলৰ বিচনাত পেট পেলাই  পল্লৱে যেতিয়া বডী লেংগুৱেজৰ সন্দৰ্ভত লেকচাৰ মাৰে ৰূমমেট দুটাই মনোযোগেৰে শুনি যায়। যেন কাইলৈ সিহঁতে বডী লেংগুৱেজৰ পৰীক্ষাতহে বহিব৷

:খৰকৈ খোজ কঢ়া মানুহবোৰ মন কৰিছ? মানুহে অলপ মূৰ ওপৰলৈ কৰি খৰকৈ খোজ কাঢ়িব লাগে বুইছ। বডী লেংগুৱেজৰ ভাষাত তেনেকৈ খোজ কঢ়া মানুহক কনফিডেঞ্চ পাৰ্চনেলিটিৰ অধিকাৰী বুলি কোৱা হয়। সেইবুলি বেছি খৰকৈ খোজ কাঢ়িব নালাগে আকৌ৷ তেনেকে খোজ কাঢ়িলে তাক অধৈৰ্য বোলে৷ অৱশ্যে অলপ দৌৰা নিচিনাকে খোজ কঢ়াৰ অন্য এক কাৰণো আছে।

পল্লৱে গহীনাই কয়৷

:কি কাৰণ?

অলক উৎসুক হৈ পৰে।

:হয়তো এক নম্বৰ বা দুই নম্বৰ কিবা এটা বেছিকৈ লাগি আছে আৰু তাক ৰখাবলৈ কষ্ট হৈছে।

পল্লৱৰ কথাত কোঠাটোত থকা আটাইকেইটাই হোহোৱাই  হাঁহে৷

:আৰু চকুলৈ নোচোৱাকৈ কথা কোৱা, কুঁজা হৈ খোজ কঢ়া, বুকু ফিন্দাই খোজ দিয়া সেইবোৰেও ব্যক্তিত্ব প্ৰকাশ কৰে। আজিকালি বহুত ইণ্টাৰভিউত কেণ্ডিডেটৰ বডী লেংগুৱেজ চায়েই নিৰ্বাচন কৰে জাননে?

:হয় নেকি? বৰ কামৰ বস্তু দেখোন এই বডী লেংগুৱেজ৷

পল্লৱৰ কথাত সুধীৰো উৎসাহিত হৈ পৰে৷

এই বিশেষ বিদ্যাত আগ্ৰহ হোৱাৰ পৰা কলেজৰ প্ৰিন্সিপাল, প্ৰফেচৰ, ল’ৰা-ছোৱালী কাকো এৰি নিদিয়ে পল্লৱে। সকলোকে সি মুহূৰ্ততে পঢ়ি পেলায়৷ তাৰ সেই বিশেষ বিদ্যা থকাৰ কথাটো লাহে লাহে হোষ্টেল-কলেজ সকলোতে বিয়পি পৰিল। সেই বিশেষ গুণটোৰ বাবে পল্লৱে নিজেও অৱশ্যে গৌৰৱ অনুভৱ কৰে৷ পৰীক্ষা শেষ কৰি হোষ্টেলৰ প্ৰায়বোৰ যেতিয়া নিজৰ নিজৰ ঘৰলৈ ওলাল, পল্লৱো যাবলৈ ওলাল৷ দুদিনমান ঘৰত থাকিবলৈ কাপোৰ কেইটামান তাৰ সৰু এয়াৰ বেগটোত ভৰাই লৈ ঘৰলৈ যাম বুলি বাছৰ ষ্টপেজটোত সি ৰৈ থাকিল৷

:হেই শিৱসাগৰ, শিৱসাগৰ৷

ষ্টপেজটোত বাছখন ৰখাই হেণ্ডিমেনে চিঞৰিলে

খৰখেদাকৈ দুজন মানুহৰ পিছতে পল্লৱো বাছখনত উঠিল গৈ৷

:হেই ব’ল ব’ল

বুলি হেণ্ডিমেনে চিঞৰিলে৷ বাছখন পুনৰ চলিবলৈ আৰম্ভ কৰিলে। ভিতৰত আসনবোৰ অধিকাৰ কৰি যাত্ৰীবিলাক বহি আছিল। পল্লৱ বহিবৰ বাবে এখনো আসন খালী নাছিল। ওপৰৰ লোহাডালতে খামুচি সি ভালকৈ ধৰি ল’লে। বহিবলৈ যিহেতু আসন নায়ে, গতিকে থিয় হৈ বাছতো সি তাৰ প্ৰিয় কামটোকে কৰি যাব বুলি ভাবিলে৷ বাছৰ যাত্ৰীবিলাকৰ ওপৰত চকু ফুৰাই গ’ল আৰু সকলোৰে বডী লেংগুৱেজ বুজিবলৈ চেষ্টা কৰিলে।

“সৌ মানুহজনৰ মুখখন অলপ চিন্তিত, ভৰিবোৰো কিবা বেছিকৈ লৰাই আছে, নিশ্চয় কিবা সমস্যাত আছে মানুহজন৷”

পল্লৱৰ মনৰ মাজতে সেইদৰে বাছৰ মানুহৰ বডি লেংগুৱেজবোৰে বুৰবুৰণি তুলিবলৈ ধৰিলে। হঠাৎ সোঁফালে খিৰিকীৰ কাষত বহা এগৰাকী সুদৰ্শনাক দেখি তাৰ চকু ৰৈ গ’ল। তিনিজনীয়া চিটটোৰ খিৰিকীৰ কাষৰ আসন অধিকাৰ কৰি তাই বহি আহিছে। ছোৱালীজনীৰ কাষত মাজৰ আসনত এগৰাকী চল্লিশ-পঞ্চলিশ উৰ্ধৰ মহিলা৷ মহিলাগৰাকীৰ কাষত এজন আদহীয়া মানুহ। পল্লৱে চাওঁ নাচাওঁকৈ আকৌ ছোৱালীজনীলৈ চালে। খিৰিকীৰে সৰকি অহা বতাহচাটিয়ে তাইৰ ফিৰফিৰীয়া চুলিখিনি উৰুৱাইছে বাৰে বাৰে। হাইলাইট কৰা চুলিখিনিয়ে ছোৱালীজনীক অতি আকৰ্ষণীয় কৰি তুলিছিল। হাতৰ মোবাইলটো একান্তমনে চাই ব্যস্ত হৈ আহিছে তাই। পল্লৱলৈ মূৰ তুলি চাবলৈ যেন তাইৰ আহৰি নাই। লাহে লাহে বাছখনে টিয়ক অতিক্ৰম কৰি জাঁজী পালেহি।

পল্লৱৰ যেন থিয় হৈ থাকিও আমনি লগা নাছিল। সমুখৰ সৌন্দৰ্যই যে তাক আচ্ছন্ন কৰি ৰাখিছিল!

নিমজ মুখাবয়ৱ, বৈ পৰা চেলাউৰি। আৰু নাকটো! নাকটো যে অতি সুগঢ়ী৷ তাইৰ মুখৰ লগত মিলি থকা। মাজে মাজে হাতেৰে তাইৰ ফিৰফিৰীয়া চুলিখিনি  সংযত কৰিবলৈ চেষ্টা কৰিছিল তাই৷ চুলিখিনিয়ে আহি তাইৰ মুখখন মাজে মাজে ঢাকি ধৰিছিলহি।

চুলিখিনিয়ে বাৰু পল্লৱে চাই থকাৰ বাবেহে তাইৰ মুখখন ঢাকি ধৰিছেহি নেকি? অদ্ভুত ভাৱ কিছুমানে  আহি পল্লৱক আমনি কৰিলেহি।

“ফিৰফিৰীয়া চুলি থকা ছোৱালীবিলাক কেনেকুৱা হয়? কোমল মনৰ হয়নে বাৰু?”

পল্লৱৰ মনত কৌতূহল বাঢ়ি গৈ থাকিল।

বডী লেংগুৱেজৰ চিলেবাচত ফিৰফিৰীয়া চুলিৰ কথাচোন নাই৷ পিচে সেই অজুহাততে কিমান বাৰ যে খিৰিকীৰে বাহিৰলৈ চোৱাৰ চলেৰে পল্লৱে ছোৱালীজনীক চাইছিল সি নিজেই জনা নাছিল।

:গৌৰীসাগৰ, গৌৰীসাগৰ

হেণ্ডিমেনৰ চিঞৰত সি বাস্তৱলৈ ঘূৰি আহিল।

ছোৱালীজনী বহি অহা তিনিজনীয়া আসনত বহি অহা আদহীয়া মানুহজন গৌৰীসাগৰত নামিল। পল্লৱ মানুহগৰাকীৰ কাষৰ খালী হোৱা আসনখনত বহি পৰিল। মহিল‍াগৰাকীয়ে তালৈ চাই মিচিকিয়াই হাঁহিলে।ভদ্ৰতাৰ খাতিৰত পল্লৱেও হাঁহিলে৷

:তুমি আমাৰ ছোৱালীজনীক খুব চাই আহিছা নহয়?

মানুহগৰাকীয়ে চেপা মাতেৰে ঘপহকৈ কোৱা কথাটোৱে পল্লৱক আচৰিত কৰি তুলিলে। সি থতমত খাই ক’লে,

:নাই,মই নাই চোৱা। খিৰিকীৰে বাহিৰলৈহে চাই আহিছিলোঁ। আপুনি ভুল ভাবিছে।

:মিছা ক’ব নেলাগে ডেকা ল’ৰা, মই দেখিছোঁ নহয়।চালাই যেনিবা কিটো হ’ব? আৰু এই বয়সতে ছোৱালী নাচালেনো কেতিয়া চাবা?

মানুহজনীৰ কথাত পল্লৱ ৰঙাচিঙা পৰি গ’ল।

:তুমি পিছে ক’ত যাবা?

:শিৱসাগৰ৷

পল্লৱৰ চুটি উত্তৰ৷

:আমি সোণাৰীলৈ যাম৷ বাছ ষ্টেণ্ডত আকৌ সোণাৰীৰ গাড়ীত উঠিব লাগিব। পিচে তোমাৰ নাম? আচল ঘৰ শিৱসাগৰতে নেকি?

:পল্লৱ বৰুৱা৷ আমাৰ আচল ঘৰ ঢেকিয়াখোৱাত। দেউতাই শিৱসাগৰত ঘৰ কৰিলে৷

পল্লৱে গহীনকৈ ক’লে৷

:তোমালোক কলিতা মানুহ ন? আমিও কলিতা৷

মানুহগৰাকীয়ে হাঁহি হাঁহি ক’লে।

:হয় কলিতা।

পল্লৱে শলাগিলে।

:বুইছা, ছোৱালীজনী মোৰেই ভতিজী। পঢ়াত বেয়া।তিনিবাৰ মেট্ৰিক দিও পাছ কৰিব পৰা নাই। পঢ়-শুনাত একদম মন নাই। ঘৰত বিয়া দিবলৈ ল’ৰা বিচাৰিয়ে ফুৰিছে। তোমাৰ পচন্দ হৈছে নেকি?

ছোৱালীজনীয়ে নুশুনাকৈ মানুহগৰাকীয়ে যিমান পাৰে মাতটো সৰু কৰি কথাটো ক’লে।

:আপুনি কি কথা কৈছে? মই পঢ়িহে আছোঁঁ৷ পঢ়া শেষ হোৱাই নাই।

পল্লৱে লাজে লাজে ক’লে। মনতে ভাবিলে কিহৰ পাল্লাত পৰিলোঁঁ৷

:ঠিক কৰি থৈ দিয়া। এতিয়া বিয়া পাতিব নালাগে নহয়।

তোমাৰ ফোন নম্বৰটো দিয়াচোন। পেণ্টৰ জেপত ভাইব্ৰেচনত ৰখা ফোনটো পল্লৱে হেঁচা মাৰি ধৰিলে আৰু ক’লে

:মোৰ ফোন নাই নহয়৷ হোষ্টেলৰ ল’ৰাক ফোন ৰাখিবলৈ নিদিয়ে আজিকালি। ঘৰৰ মানুহে হোষ্টেলৰ ফোনতেই ফোন কৰে। পঢ়াত মন নাইকিয়া হয় বুলি দেউতাই মোবাইল ফোন দিয়াই নাই।

মিছা কথাটো কোনোমতেহে পল্লৱে ক’ব পাৰিলে।

তাৰ পিছৰ মানুহগৰাকীয়ে দেউতাই কি কৰে, হবি কি, মদ-চিগাৰেট খোৱা নেকি? এনেধৰণৰ প্ৰশ্ন কৰি পল্লৱৰ বিষয়ে জানিবলৈ বহু ধৰণৰ প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰি তুলিলে। বাছখন আহি দিখৌ দলং পাৰ হৈছিল মাত্ৰ। ষ্টেণ্ডত নামিম বুলি ভবা পল্লৱে বাছষ্টেণ্ড পোৱাৰ আগতেই গাড়ী ৰখাবলৈ হেণ্ডিমেনক চিঞৰিলে৷
হেণ্ডিমেনে নিৰ্দেশ দিয়াৰ লগে লগে জোৰে ব্ৰেকমাৰি  চালকেও বাছখন ৰখাই দিলে। বলেৰে মুখত হাঁহি এটা জিলিকাই পল্লৱে মানুহগৰাকীক উদ্দেশ্যি ক’লে,

:আপুনি যাব দেই৷ মই ইয়াতে নামিম।

মানুহগৰাকীয়ে কিবা এটা ক’ব ক’ব যেন লাগিছিল পল্লৱৰ। সেয়ে এক মুহূৰ্তও পলম নকৰি বাছৰ পৰা নামি সি  দীঘলকৈ উশাহ টানি মনতে ভোৰভোৰালে,

“ধুত, মানুহগৰাকীয়ে দেখোন মোতকৈ বেছিহে বডী লেংগুৱেজ জানে।”

☆ ★ ☆ ★ ☆

17 Comments

  • HEMANTA KAKATI

    হাঃ হাঃ ওস্তাদক ওস্তাদনীয়ে পালে মানে? মজা লাগিল মানসী৷

    Reply
    • মানসী বৰা

      অশেষ ধন্যবাদ দাদা..

      Reply
  • ভাল লাগিল

    Reply
    • মানসী বৰা

      আন্তৰিক কৃতজ্ঞতা জনালোঁ…

      Reply
      • জ্ঞান শ্ৰী

        ভাল লাগিল পঢ়ি।

        Reply
  • Anonymous

    Hahaha….vl lagil pohi…

    Reply
    • মানসী বৰা

      অশেষ ধন্যবাদ..

      Reply
  • Anonymous

    জমনি দেই

    Reply
    • মানসী বৰা

      আন্তৰিক কৃতজ্ঞতা..

      Reply
  • গায়ত্ৰী

    জমনি লাগিল

    Reply
    • মানসী বৰা

      বহুত বহুত ধন্যবাদ..

      Reply
  • abhijit goswami

    ভাল লাগিল মানসী

    Reply
    • মানসী বৰা

      আন্তৰিক ধন্যবাদ তোমাক…

      Reply
  • Sadananda Bhuyan

    হাঃ হাঃ… মজা ! বডি লেংগুৱেজ ।

    Reply
    • মানসী বৰা

      অশেষ ধন্যবাদ..

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    হাঃ হাঃ, মজা৷

    Reply
  • মানসী বৰা

    অশেষ ধন্যবাদ..

    Reply

Leave a Reply

Your email address will not be published.