ফটাঢোল

বলীউড টাইপৰ প্ৰেম কাহিনী – সোণটো ৰঞ্জন বৰুৱা

এইটো মোৰ জীৱনৰ বলিউড টাইপৰ প্ৰেম কাহিনী৷ কাৰণ ইয়াত হিৰ’ ভি আছে, হিৰ’ইন ভি আছে আৰু ভিলেইন ভি আছে৷ চ’ হেয়াৰ আই গ’…..

সেইদিনা আনদিনাৰ দৰেই কলেজৰ পৰা বাছেৰে হোষ্টেলৰ সন্মুখত নামিলোহি৷ হোষ্টেলৰ সন্মুখৰ টিউবৱেলটোতে মুখৰ ধূলি ধুই থাকোতেই আন এখন বাছ আহি ৰ’লহি৷ চিনাকি বাছ৷ অন্য অঞ্চলৰ লগতে হোষ্টেলৰ কাষৰ গাওঁখনৰ ল’ৰাখিনিও সেইখনেই স্কুললৈ অনা নিয়া কৰে৷ হঠাতে বাছখনৰ এখন খিৰিকীত চকু থৰ হৈ গ’ল৷ ৰাজকুমাৰী হেন লগা মৰমলগা ছোৱালী এজনী খিৰিকীৰ কাষৰ চিটত৷ বয়স ১৮-১৯ বছৰীয়া হ’ব লাগে৷ তাই খিৰিকিৰে বেলেগ এফালে চাই আছে আৰু মই ভেবা লাগি তাইৰ মুখলৈ৷ এপাকত তাই মুখ ঘূৰাই দিয়াত মোৰ চকুৱে চকুৱে পৰাত মোৰ হৃদপিণ্ড ধান খুন্দা চেলাৰ মিলৰ দৰে শব্দ কৰি বাজিবলৈ ধৰিলে৷ চকুৱে চকুৱে পৰাত তাই অপ্ৰস্তুত হৈ মুখখন ঘূৰাই দিয়াৰ লগে লগে বাছখনো চলিবলৈ ল’লে যদিও মোৰ যেন হৃদপিণ্ডৰ গতি নকমা হ’ল৷

ক্ৰমাৎ দূৰ হৈ যোৱা বাছৰ খিৰিকীৰে তাই আকৌ এবাৰ মুখ উলিয়াই মোলৈ চালে, সেই সময়ত মোৰ হৃদস্পন্দন বন্ধ হৈ যাব যেন অনুভৱ হ’ল৷ বাছখন ধোঁৱা উৰুৱাই গ’লগৈ যদিও মোহাচ্ছন্ন হৈ কিমান সময় তাত ঠৰঙা লাগি থাকিলো নাজানো৷ হোষ্টেলৰ ভটুৱাই ভেবা লাগি লাইটৰ প’ষ্টৰ দৰে ৰৈ থাকোতেই ভৰিত চিৰিককৈ গৰম পানী ত্যাগ কৰাতহে হুঁচ আহিল৷ ৰুমলৈ আহিলো কিন্তু চকুৰ আগৰ পৰা, মনৰ পৰা তাইৰ মুখখন নাঁতৰাই হল৷ যেনিয়েই চাওঁ তাইকেই দেখো৷ আঁতৰ হওক বুলি গা মূৰো ধুই দিলো, নাই নাঁতৰে৷ ৰুমৰ পৰা কেণ্টিন পালোগৈ৷ ইয়াতো দেখোন সদায় কাম কৰা ল’ৰাটোৰ সলনি আজি তাইহে চাহ দিছে৷ চাহকাপ দি কঁকাল নচুৱাই আঁতৰি যোৱা তাইলৈ মন্ত্ৰমুগ্ধ হৈ চাই থাকোতে কেতিয়া চাহ কাপ খাবলৈ তুলি ল’লো কেতিয়া মুখলৈ বুলি তুলি বতাহতে বাকিলো গমেই নাপালো৷ গৰম চাহে যেতিয়া জিনচ ভেদ কৰি পোৰণি তুলিলে তেতিয়াহে বিকট চিঞৰ এটাৰে মোৰ হুঁচ আহিল৷ পোৰণিৰ কোবত ৰ’ব নোৱাৰি যেন তেন চাহ তাতেই এৰি ৰূমলৈ আহি বাৰ্ণল লগাই বিছনাত ধাবলাং খাই পৰি দিলো৷ ওপৰত ঘূৰিবলৈ আৰম্ভ কৰা ফেনখনলৈ চাই ভাবিবলৈ ধৰিলো মোৰ হৈছে কি? তাইৰ মুখখন যে আঁতৰ নোহোৱা হ’ল?

ইয়েছ! মোৰ প্ৰেম হৈছে! ক’বলৈ গ’লে লাভ এট ফাৰ্ষ্ট চাইট! কিন্তু কোন তাই? ক’ত বা ঘৰ? হঠাতে লগৰ অঘাইটং এটাই কোৱা এপচ এটালৈ মনত পৰিল, Happn৷ তাৰ মতে এইটো এপচ যদি কাৰোবাৰ থাকে তেন্তে সেইজনৰ আগেৰে পাৰহৈ যোৱা যিকোনো লোকৰ ফেচবুকৰ প্ৰফাইল আপোনা-আপুনি দেখুৱায়৷ সেই কথা মনত পৰি লগেলগে happn নামৰ এপটো ডাউনলোড কৰি চালো৷ পিছে কি হ’ব?  ওহো,  তাইৰ কোনো খবৰেই নাই৷ হ’বনো কেনেকৈ?  সেইটো এপচ মোৰ আৰু তাইৰ তাতো থকা হ’লেহে দেখুৱালেহেঁতেন! সেইদিনা তাইৰ বাবেই গোটেই ৰাতি শুৱ নোৱাৰিলো৷ পিছৰ দিনাও একেই গতি! য’তে ত’তে তাই! আনকি ইংৰাজী পঢ়াবলৈ অহা হেড বাইদেউৰ মাজতো তাইকহে দেখা পোৱা হ’লো৷ তাইহে যেন ডাইচৰ ওপৰত উঠি ক্লাছ লৈ আছে৷ কলেজত যেনি ঘূৰি চাওঁ সকলোতে তাইকহে দেখো৷ এবাৰত এজনীলৈ ভেবা লাগি চাই থাকোতে মোক হাতেৰে গাল ৰঙা কৰিবলৈহে বাকী ৰাখিলেগৈ!

তাই যি গালি পাৰিলে ঐ! সেই গালিৰ কোবত তাই অলপ সময়ৰ বাবে মনৰ পৰা পলাই ফাট মাৰিলে৷ মুঠৰ ওপৰত সেইদিনা ক্লাছত কি বুজিলে ভগৱানেহে উত্তৰ দিব পাৰিব৷ যেনে তেনে ক্লাছ সমূহ শেষ কৰি হোষ্টেলমুৱা হ’লো৷ বাছৰ পৰা নামিয়েই যেতিয়াই টিউৱৱেলটো দেখিলো, তাই আকৌ ভূমুকি মাৰিলেহি৷ হাতৰ ঘড়ীলৈ চাই দেখিলো, বাছখন অহাৰ সময় হৈছেই৷ প্ৰায় দহমিনিট মানৰ পাছত বাছখন আহি ৰ’লহি, তাইক দেখিলো যদিও আজি দেখোন তাই বাহিৰলৈ নাচালেই৷ মনটো একেবাৰে ডেমেজ হৈ গ’লগৈ৷ ল’ৰা ছোৱালীখিনি নমাই যাবলৈ লোৱা বাছখনলৈ বিষণ্ণ মনেৰে চাই থাকোতে এটা দৃশ্য দেখি মোৰ হৃদপিণ্ড স্তব্ধ হৈ যোৱা যেন লাগিল৷ তাই হাত উলিয়াই মোক বাই বাই দিছে, লগতে মুখ উলিয়াই এটি মিঠা হাঁহি উপহাৰ দি গ’ল৷ তাৰ পাছত টিউবৱেলৰ কাষত বাছলৈ অপেক্ষা কৰা আৰু চকুত চকু থৈ মিচিকিয়া হাঁহি আদান প্ৰদান কৰাটো এক নিয়মত পৰিণত হল৷ সেই দুই তিনিমিনিট বাছ ৰখোৱা সময়খিনি যেন মোৰ জীৱনৰ আটাইতকৈ সুখৰ সময় হৈ পৰিল৷ তেতিয়ালৈকে সকলো কাম মৌনতাৰে আগবাঢ়ি গৈ আছিল৷ কোনেও কাৰো নামো নাজানো৷

কিন্তু এদিন বহুত সময় অপেক্ষা কৰাৰ পাছত বাছখন নাহিল আৰু মই বাছখন কিয় নাহিল তাকে চিন্তা কৰি বিনিদ্ৰ ৰাতি পাৰ কৰিলো৷ পিছৰ দিনা অৱশ্যে বাছখন আহিল আৰু তায়ো মোৰফালে চাই সেই সুমধুৰ হাঁহি বিয়পাই দিলে৷ প্ৰত্যুত্তৰ ময়ো একেই হাঁহিৰেই দিয়াৰ উপৰিও মনত জোৰ দি বৰ সাহসেৰে ইংগিতৰে কালি কিয় নাহিল সুধিলো! তাই আনফালে মূৰটো ঘূৰাই গুচি গ’ল৷ পিছত মনত পৰিল যে কালি দেওবাৰ আছিল৷

সঁচাকৈয়ে! অপেক্ষা কৰি থকা মানুহে দিন-বাৰ পাহৰি যায়, তাৰ প্ৰমাণ হাতে হাতে পালো৷ ইমান দিন আমাৰ মাজত নিৰ্বাক ভাবে চলি আছিল যদিও সেই ইংগিততে দিয়া উত্তৰে যেন মোক বাহুবলী বনাই দিলে৷ লগেলগে তাইৰ নাম সুধিবলৈ আগবাঢ়ি গ’লো, কিন্তু বাছখনো চলিবলৈ ধৰাত সুযোগ হেৰুৱাই পেলালো৷ পিছদিনা যি হয় হব আজি সুধিমেই বুলি টিউবৱেলৰ সলনি পকা ৰাস্তাৰ কাষতেই অপেক্ষা কৰিলো৷ আজি মুঠতে সুধিমেই৷ সময়মতে বাছ আহিল, তাইয়ো মোৰ ফালে চাই হাঁহি বিয়পাই দিলে যদিও মই হাঁহিৰ সলনি চিধাচিধি তাইৰ নামটো সুধি দিলো৷

কিন্তু নাম সোধাৰ লগে লগে তাই মুখখন ঘূৰাই তলমূৰ কৰা দেখি এনে লাগিল যেন নাম সোধাৰ বাবে মোক বেয়া পালে৷ মৰহা মন এটা লৈ চলিবলৈ ধৰা বাছখনলৈ চাই থাকোতেই আকৌ মিচিকিয়া হাঁহিৰে তাইৰ মুখখন দেখিলো, লগতে হাতেৰে কাগজৰ লাড়ু এটা মোৰফালে দলিয়াই দিলে৷ দেখি জীৱ যেন কঁপি গ’ল মোৰ, কাৰণ মই এনে ঘটনাৰ সৈতে প্ৰথমবাৰলৈ সন্মুখীন হৈছো৷ কোনোবাই লক্ষ্য কৰি আছে বুলি মোৰ কাণমূৰ গৰম হৈ গ’ল৷ বাছখন যাবলৈ দি চাৰিওফালে চাই লাহেকৈ লাডুটো বুটলি ল’বলৈ খুজিলো৷ এনেতে দেখিলো মোৰ হোষ্টেলৰে লগৰ এটাই মোতকৈ আগতে গৈ কাগজৰ লাড়ুটো বুটলিবলৈ লৈছে!

হে প্ৰভু! তাৰমানে হোষ্টেলৰ টিউবৱেল আৰু ৰাস্তাৰ কাষৰ ৰুমটোত থকাজনলৈহে তাই ইমানদিনে হাঁহিৰ আদান প্ৰদান কৰি আছিল!

☆★☆

Leave a Reply

Your email address will not be published.