ফটাঢোল

বসন্তৰ আগমন, সাম্প্ৰতিক সময় আৰু আমাৰ ভৱিষ্যত- অঞ্জলি গগৈ বৰগোহাঞি

তিতা ধানখেৰৰ ছাই সমনীয়া
তিতা ধানখেৰৰ ছাই;
অতি চেনেহৰ বহাগৰ বিহুটি
হাততে মলঙি যায়৷ “

ভয়ত ম্ৰিয়মান হৈ ঘৰত বন্দী হৈ থাকিলেও প্ৰকৃতিয়ে আমাক বসন্তৰ আগমনৰ বতৰা দিলে৷ কুলিজনীয়ে পাতৰ আঁৰৰ পৰা বিনালে, দুভাগ নিশা কেতেকীৰ বিননি শুনি সাৰ পালোঁ, গছৰ ডালত কপৌ ফুলিল, নাহৰ-তগৰৰ গোন্ধত ধৰণী আমোলমোল হ’ল, গছ-বিৰিখত কোমল কুঁহিপাতে হাঁহিলে৷ চিৰাচৰিত প্ৰকৃতিৰ নিয়ম অনুসৰি আমাৰ সকলোৰে প্ৰিয় ঋতু বসন্ত আমাৰ মাজলৈ আহিল৷ পৃথিৱীৰ সমস্ত মানৱ জাতিৰ মাজত নীৰৱতা, ভয়, উদ্বিগ্নতা আদিৰ মাজত চেপা উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিলেও বসন্ত আহিল৷ ঢোলৰ চাপৰ, পেঁপাৰ টিহিটি মাত, বাঁহীৰ অমিয়া সুৰ, নাচনীৰ খামুচীয়া কঁকালৰ পাকেৰে যদিও এইবাৰ বসন্তক আদৰণি জনোৱা নহ’ল তথাপিও বসন্ত আহিল৷ বিহু ফাংচনৰ নামত মাহজোৰা বিশাল পেণ্ডেলবোৰ ওৰে ৰাতি শিল্পীসকলৰ গমগমনিৰে যদিও এইবাৰ উত্তাল নহ’ল তথাপিও বসন্ত আহিল৷

আচলতে আমি মানুহ নামৰ জাতিটোৱে সময়ৰ কাম সময়ত নকৰিলেও প্ৰকৃতিয়ে নিজৰ ধৰা-বন্ধা নিয়মতে চলি আছে আৰু থাকিবও৷ আধুনিকীকৰণৰ নামত আমি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিছোঁ, তথাপি প্ৰকৃতিয়ে নিজৰ চিৰাচৰিত ক্ৰমণিকা বৰ্তাই ৰাখিছে৷ ব’হাগ বিহু মানেই অসমীয়া মানুহৰ আৱেগ৷ ঢোলে-ডগৰে যি সময়ত ৰজনজনাই থাকিব লাগিছিল, সেই সময়ত আমি ভয়ত সংকুচিত হৈ ঘৰৰ ভিতৰত সোমাই আছোঁ৷ আপোন পৰিয়ালৰ কাষত থিয় হৈ যি সময়ত বছৰটোৰ বাবে এজোলোকা আশীৰ্বাদ ল’ব লাগিছিল, সেই সময়ত আমি য’তেই আছোঁ তাৰ পৰা লৰচৰ কৰিব নোৱৰা হৈ পৰিছোঁ৷ আপোনজনক কাষত নোপোৱাৰ বেদনা আৰু হুমুনিয়াহত গধুৰ হৈ পৰিছে বতাহ৷ এইবাৰ বসন্তৰ আগমনত আশাৰ বতৰা অহা নাই, এই ঋতুত এইবাৰ চৌদিশে কেৱল মৃত্যুৰ কিৰিলি৷

আইৰ আজি অসুখ৷ আইৰ অসুখত আমি এতিয়া স্তব্ধ হৈ পৰিছোঁ৷  কৰ’নাই ত্ৰাসিত কৰি ৰাখিছে সমস্ত মানৱ সমাজক৷ জীৱনৰ ভাগ-দৌৰত ক্ষন্তেক ৰ’বলৈ সময় নোহোৱা মানুহবোৰ আজি গৃহবন্দী৷ সৌ সিদিনালৈকে আমি জীৱন যুঁজত অপৰাজিত হৈ থাকিবলৈ দৌৰি আছিলোঁ৷ আমাক লাগে, কেৱল লাগে! অলপ সময় ৰৈ দিলেই যেন জীৱন স্থবিৰ হৈ যাব আৰু আমি যেন বহু পিছপৰি ৰৈ যাম! আধুনিক পৃথিৱীৰ যিমানবোৰ সা-সুবিধা আছে সকলো লাগে আমাক! কিন্তু সকলোৰে বাবে জানো সেয়া সম্ভৱ আছিল! “জোৰ যাৰ মুলুক তাৰ!” এচাম যিদৰে অত্যাধুনিক এখন পৃথিৱীৰ বাসিন্দা হৈছিল, তেনেকৈ আন এচামে ভাত-কাপোৰৰ চিন্তাতে দিন নিয়াইছিল৷ মানৱ জাতিৰ দুটা পৰিচয় হৈ পৰিছিল– ধনী আৰু দুখীয়া৷ কিন্তু বৰ্তমান সময়ত সকলো একাকাৰ হৈ পৰিছে৷ কি ৰজা কি প্ৰজা সকলো বন্দী৷ কাৰো বাবেই ৰাজসুখ উপভোগ্য নহয়৷ বহুদিন ধৰি অফিচ-কাচাৰীত তলা ওলমি আছিল, যি কাম হৈছিল সকলো অনলাইনযোগে হৈ আছিল৷ ডাঙৰ ডাঙৰ হোটেল-ৰেষ্টুৰেণ্টবোৰত এতিয়া প্ৰাণ নাই, ৰাজপথবোৰ সাপ এডালৰ দৰে পৰি আছে, বিমানবন্দৰবোৰ নিঃসাৰ, মুকলি প্লেটফৰ্মৰ ৰে’লৱে ষ্টেচনবোৰত কেৱল অঘৰী কুকুৰকেইটাই উচ্ছিষ্ট বিচাৰি ঘূৰি ফুৰিছে, বিলাসী বাহনবোৰ গেৰেজৰ ভিতৰত সোমাই অনন্ত নিদ্ৰাত পৰি আছে৷ ফাৰ্মাচীকেইখনৰ বাদে বাকী দোকান-পোহাৰ বন্ধ৷ মিতিৰ-কুটুম্ব সকলো হেৰাই গ’ল৷ স্কুল-কলেজ সকলো বন্ধ৷ মুঠৰ ওপৰত এক ভাবিব নোৱৰা পৰিৱেশ সৃষ্টি হ’ল৷ এইবোৰ কথা দোহৰাৰ প্ৰয়োজন নাছিল৷ কিন্তু বৰ্তমান পৰিৱেশ আৰু পৰিস্থিতিয়ে আমাক প্ৰতিক্ষণ সোঁৱৰাই আছে যে এই সময় অচলাৱস্থাৰ সময়! এই সময় মৰিশালীৰ নিস্তব্ধতা সদৃশ সময়! এই সময় অদৃশ্য বিষাণুৰ হাতোৰাৰ ভয়াৱহতাৰ সময়! হয় এই সময় কোভিড নাইনটিনৰ ৰাজত্বৰ সময়!

এই যে সকলো লক ডাউন হৈ গ’ল, এই অৱস্থাত আমাৰ দেশৰ দৰে অৰ্থনীতিত ডুব গৈ থকা দেশ এখনৰ অনাগত দিনত কি হ’ব বাৰু?  অৰ্থনীতিবিদসকলৰ ভাষ্যবোৰ দেখি ভৱিষ্যতৰ ছবিখনৰ কথা ভাবিবলৈকে ভয় লগা হৈছে! ভাৰতৰ স’তে চুক্তিবদ্ধ হোৱা বিদেশী কোম্পানীবোৰ অনাগত দিনত কিমান কি থাকিব নাজানো৷ কাৰণ ইতিমধ্যে বিশ্ব অৰ্থনীতিৰ ওপৰতে কৰ’নাই মাধমাৰ শোধাইছে৷ গতিকে এই কোম্পানীসমূহে আহি থকা দিনত ভাৰতৰ স’তে চুক্তিবদ্ধ হৈ থাকিবনে নাই সেয়াও সন্দেহৰ আৱৰ্তত৷ আমাৰ দেশৰ বুজনসংখ্যক শিক্ষিত লোক এই কোম্পানীসমূহত কৰ্মৰত৷ আগন্তুক সময়েহে ক’ব শিক্ষিত এইসকলৰ লোকৰ গতি কোন দিশে ঢাপলি মেলিব! এটা কথা ঠিক ভাৰতৰ আন ৰাজ্যৰ তুলনাত আমাৰ ৰাজ্যত ব্যক্তিগত ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান নাই বা কোনো মাল্টিনেচনেল কোম্পানী নাই৷ কিন্তু বহিঃৰাজ্যত উচ্চ শিক্ষিত অসমৰ এচাম ল’ৰা-ছোৱালী মাল্টিনেচনেল কোম্পানীত কৰ্মৰত হৈ আছে৷ নাজানো কি হ’ব সেইসকলৰ৷ এটা কথা আমাৰ সকলোৰে জ্ঞাত যে লক ডাউনৰ আগে আগে বহিঃৰাজ্যত সৰু-সুৰা কাম কৰি জীৱিকা নিৰ্বাহ কৰা বহুতো ল’ৰা-ছোৱালী গৃহাভিমুখী হ’ল আৰু বহুতো আহিব নোৱাৰিলে৷ যিসকল ঘূৰি আহিলে তেওঁলোকে ঘূৰি গৈ যে আগৰ পৰিস্থিতিত কাম কৰিবলৈ পাব, তাত সন্দেহ আছে৷ এনেকুৱা অনিশ্চিত ভৱিষ্যৎ এটাক সাৱটি তেওঁলোকে হা-হুমুনিয়াহ কাঢ়ি বহি থাকিব নে বিকল্প ব্যৱস্থাৰ কথা চিন্তা কৰিব! ডাঙৰ হোটেল-ৰেষ্টুৰেণ্টবোৰৰ যে সোনকালে ভাল দিন আহিব, সেইটো কোনেও ক’ব নোৱাৰে৷

আমাৰ সকলো বন্ধ হৈ গ’লেও পেটৰ ভোক কেতিয়াও বন্ধ নহয়৷ গতিকে এতিয়া খাদ্যশস্য অধিক উৎপাদনত আমাৰ অসমীয়া ৰাইজে মনোযোগ দিবই লাগিব৷ কেনেকৈ কম মাটিতে বৈজ্ঞানিক পদ্ধতিৰে অধিক উৎপাদন কৰিব পাৰি এইবোৰৰ ওপৰত গুৰুত্ব দিব লাগিব৷ মাছ, মাংস আৰু কণীৰ উৎপাদন আৰু বিতৰণত মনোনিবেশ কৰিব লাগিব৷ লক ডাউনৰ সময়ত এটা কথা প্ৰতিপন্ন হ’ল যে আমাৰ থলুৱা মাছ আৰু কণীৰেই আমাৰ ৰাজ্যৰ চাহিদা পৰ্যাপ্ত নহ’লেও মোটামুটি পূৰ হয়৷ চেলুনৰ ব্যৱসায় অসমীয়া মানুহে খুবেই কম কৰে৷ কিন্তু কম টকা খৰচ কৰিয়েই অধিক আয় এইটো ব্যৱসায়ত কৰিব পাৰি৷ আৰ্থিকভাৱে টনকিয়াল হৈ থাকিবলৈ হ’লে এনেকুৱা ধৰণৰ কম টকা খৰচ কৰিয়েই উপাৰ্জন কৰিব পৰা কাম আমি হাতত তুলি ল’বই লাগিব৷ কামলৈ লাজ কৰিলে আমাৰ পেট নভৰে৷ কৰ্মৰ সৰু বৰ বাদ দি লাজ-মান কাটি কৰি আমি কৰ্মক্ষম যুঁজাৰু হৈ জীয়াই থাকিবলৈ মন বান্ধো আহক৷ ৰাজকোষ ইতিমধ্যে উদং হৈছে৷ আমি ৰাজসাহায্য পাম বুলি আশা কৰি ৰৈ থাকিলে নহ’ব, নিজৰ বাহুবলেৰে আমি আগুৱাই যাব লাগিব৷ কোভিড নাইনটিন এদিন আমাৰ হাতৰ মুঠিলৈ আহিব, জীৱন আকৌ স্বাভাৱিক হ’ব৷ আমি আশাবাদী৷ কিন্তু এই সময়ে আমাক বহুত শিকাইছে৷ গতিকে আমি সজাগ হওঁ আৰু নিজেও হাতে-কামে লাগি আনকো আদৰ্শ দাঙি ধৰোঁ আহক৷

পিচে এটা কথা নহয় মানে আমি কি কাইলৈ কি হ’ব এইবোৰ ভাবি ভয়ত ম্ৰিয়মাণ হৈ হাঁহিবলৈ পাহৰি যাম নেকি? মুঠেই নহয় হাঁহি হ’ল জীয়াই থকাৰ এক অমোঘ অস্ত্ৰ৷ এইক্ষেত্ৰত ফটাঢোলৰ আছে এক বিশেষ অৰিহণা৷ কেনেকৈ? এইযে আমাৰ কেতিয়াবা মনটো বেয়া লাগে, এখন্তেক ফটাঢোলত ভূমুকি মাৰিলেই দেখোন মনটো ফৰকাল হৈ পৰে৷ গতিকে নিজেও হাঁহি থাকক আৰু আনকো হাঁহি বিলাই নিজৰ কৰ্ম যোগাত্মক মনোভাৱেৰে কৰি যাওক৷ শেষত জয়ন্ত হাজৰিকাৰ গীতেৰে কৈছোঁ …

আকৌ নতুন প্ৰভাত হ’ব
কালৰাতি এই নাথাকিব
নিউ নিউ কৰা ফেঁচাৰ চিঞৰ
শিয়ালৰ ৰাও আঁতৰিব
আকৌ নতুন …
আকৌ নতুন প্ৰভাত হ’ব
কালৰাতি এই নাথাকিব
অন্ধকাৰৰ ডাইনী ভুতৰ
বক্ষ পোহৰে বিদাৰিব৷
আকৌ নতুন প্ৰভাত হ’ব
কালৰাতি এই নাথাকিব
জয়াল ৰাতিৰ বিভীষিকাবোৰে
সাহ জুই দেখি পলাই যাব৷
আকৌ নতুন প্ৰভাত হ’ব
দীপ্ত সূৰ্য জিলিকিব
সেই ৰশ্মিয়ে নিথৰ যুগক
নতুন গতি আনি দিব৷ ৷

ধন্যবাদ …

অঞ্জলি গগৈ বৰগোহাঞি
সম্পাদিকা
’ফটাঢোল’
মে’, ২০২০, বসন্ত সংখ্যা
(তৃতীয় বৰ্ষ, দশম সংখ্যা )
☆ ★ ☆ ★ ☆

57 Comments

  • Bhaskar Jyoti Sarma

    অঞ্জলি বৌ সম্পাদকীয় ভাল লাগিল পঢ়ি।

    Reply
  • অলকেশ ভাগৱতী৷

    সুন্দৰ সম্পাদকীয়!

    Reply
    • অঞ্জলি

      আন্তৰিক ধন্যবাদ

      Reply
  • হিমাংশু ৰাজখোৱা

    আশা কৰা ধৰণে অতি প্ৰাসংগিক সম্পাদকীয়

    Reply
    • অঞ্জলি

      আন্তৰিক ধন্যবাদ

      Reply
  • Rimjhim Borthakur

    ভাল লাগিল সম্পাদকীয় বা

    Reply
    • অঞ্জলি

      ধন্যবাদ জনালোঁ

      Reply
  • HEMANTA KAKATI

    সামগ্ৰিক দৃশ্যপটত সুন্দৰ বাৰ্তা৷ বহুত গুৰুত্বপূৰ্ণ সম্পাদকীয়৷ ভাল লাগিল অঞ্জলি৷

    Reply
    • অঞ্জলি

      ধন্যবাদ কোৱাইটি

      Reply
  • বৰ সুন্দৰ আৰু সময়োপযোগী কথা লিখিলে বা৷ ধন্যবাদ আৰু অভিনন্দন আপোনালৈ৷

    Reply
    • অঞ্জলি

      ধন্যবাদ দেই ছোৱালী

      Reply
  • খনিন্দ্ৰ

    সম্পাদকীয় সুন্দৰ

    Reply
    • অঞ্জলি

      আন্তৰিক ধন্যবাদ

      Reply
  • ৰুণুমণি দত্ত ভূঞা

    সম্পাদকীয় সুন্দৰ আৰু সময়োপযোগী হৈছে।

    Reply
    • Anonymous

      আন্তৰিক ধন্যবাদ

      Reply
  • আৰাধনা বৰুৱা

    সম্পাদকীয় ভাল লাগিল বা

    Reply
    • অঞ্জলি

      আন্তৰিক ধন্যবাদ আৰাধনা

      Reply
  • কমল তালুকদাৰ

    হয় মানুহ আশাবাদী … আশা কৰিম সুদিন সোনকালে ঘুৰি আহক , পুনৰাই প্ৰকৃতিয়ে ন-ব’হাগৰ ৰূপ লৈ আহক …

    সুন্দৰ কৈ সময়োপযোগী সম্পাদকীয় ৰে কথাবোৰ বুজাই দিলে , ভাল লাগিল ৷

    Reply
    • অঞ্জলি

      আন্তৰিক ধন্যবাদ জনালোঁ

      Reply
  • নাজিম

    সম্পাদকীয় টো ভাল লাগিল।

    Reply
    • অঞ্জলি

      ধন্যবাদ নাজিফ

      Reply
  • ডাঃ পার্থসাৰথি ভূঞা

    ভাল লাগিল। লগতে অভিনন্দন জনালোঁ।

    Reply
    • অঞ্জলি

      ধন্যবাদ জনালোঁ

      Reply
  • rintumoni dutta

    সুন্দৰ আৰু সময় সাপেক্ষিক সম্পাদকীয়। খুব ভাল লাগিল

    Reply
    • অঞ্জলি

      ধন্যবাদ ৰিণ্টুমণি

      Reply
  • ৰাজশ্ৰী শৰ্মা

    খুব ভাল পালো বা সম্পাদকীয় পঢ়ি।

    Reply
    • অঞ্জলি

      ধন্যবাদ ৰাজশ্ৰী

      Reply
  • abhijit goswami

    ভাল লাগিল বাইদেউ 👏 👏 👏

    Reply
    • অঞ্জলি

      ধন্যবাদ জনালোঁ

      Reply
  • অনুৰূপ মহন্ত

    সম্পাদকীয় পঢ়ি ভাল লাগিল বাইদেউ। আপোনালৈ অভিনন্দন জনালোঁ।

    Reply
    • অঞ্জলি

      ধন্যবাদ অনুৰূপ

      Reply
  • Pradip Kumar Gogoi

    বিশেষকৈ সম্পাদকীয়ত প্ৰয়োজনীয় সকলো বিষয় অন্তৰ্ভূক্ত হৈছে বৰ্তমানৰ পৰিস্থিতিত ৷
    পাঠক সকলে ভালদৰে পঢ়ি মতামত জনোৱা
    উচিত বুলি মই ভাবিছো ৷ঘৰুৱা ব্যস্ততাৰ মাজতে ই’ আলোচনী সম্পাদনাৰ দায়িত্ব সুন্দৰকৈ পালন কৰাৰ বাবে আইমণিলৈ
    ধন্যবাদ জ্ঞাপন কৰিছো ৷
    শ্ৰী প্ৰদীপ কুমাৰ গগৈ ৷শ্ৰীমন্তপুৰ ৷গুৱাহাটী ৷

    Reply
    • অঞ্জলি

      আন্তৰিক ধন্যবাদ ভিনদেউ

      Reply
  • সুন্দৰ সম্পাদকীয়।

    Reply
    • অঞ্জলি

      ধন্যবাদ জীমণি

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    সময়ৰ আহ্বানেৰে সম্পাদকীয়৷

    Reply
    • অঞ্জলি

      ধন্যবাদ জনালোঁ

      Reply
  • সুন্দৰ সময়োপযোগী সম্পাদকীয়, ভাল লাগিল বাইদেউ।

    Reply
    • অঞ্জলি

      ধন্যবাদ জনালোঁ

      Reply
  • শৰৎ মহন্ত ।। নগাঁও ।।।

    10 দিনৰ ভিতৰত এখন আলোচনী সুন্দৰ ভাবে সম্পাদনা কৰা সহজ
    নহয় । শিতানবোৰ সুন্দৰ হৈছে।
    ভাললাগিল।

    Reply
    • অঞ্জলি

      আন্তৰিক ধন্যবাদ

      Reply
  • Anonymous

    বতমান সময়ৰ লগত মিলা এটা সুন্দৰ
    সম্পাদকীয় পঢ়িবলৈ পালো ,লগতে সচাঁই চিন্তনীয় বিষয় হৈ পৰিছে অনাগত দিনত সমাজৰ কাৰণে ই।

    Reply
    • অঞ্জলি

      ধন্যবাদ জনালোঁ

      Reply
  • Jahnabi Handique

    বতমান সময়ৰ লগত মিলা এটা সুন্দৰ
    সম্পাদকীয় পঢ়িবলৈ পালো ,লগতে সচাঁই চিন্তনীয় বিষয় হৈ পৰিছে অনাগত দিনত সমাজৰ কাৰণে ই।

    Reply
  • জ্ঞানশ্ৰী শ‌ইকীয়া

    পঢ়ি ভাল লাগিল।

    Reply
    • অঞ্জলি

      ধন্যবাদ জনালোঁ

      Reply
  • মাধুৰ্য হাজৰিকা

    প্ৰথম আহিছো,ভাল লাগিল বাইদেউ

    Reply
  • মাধুৰ্য হাজৰিকা

    প্ৰথম আহিছো,ভাল লাগিল বাইদেউ

    Reply
  • পৰীস্মিতা গগৈ

    সময়সাপেক্ষ সম্পাদকীয়। ভাল লাগিল পঢ়ি।

    Reply
    • অঞ্জলি

      ধন্যবাদ জনালোঁ

      Reply
  • নয়নমণি হালৈ

    ভাল লাগিল বাইদেউ৷

    Reply
    • অঞ্জলি

      ধন্যবাদ জনালোঁ

      Reply
  • দীপাংকৰ মল্ল বৰুৱা

    সুন্দৰ, পৰিস্থিতিৰ লগত খাপ খোৱা সম্পাদকীয়৷

    Reply
  • আদিত্য বৰঠাকুৰ

    সম্পাদকীয় ভাল লাগিল, অঞ্জলী বা ।

    Reply

Leave a Reply

Your email address will not be published.