ফটাঢোল

বাঁহৰ তলৰ যখিনী – মৃগাংক শইকীয়া

কঠালগুৰি গাঁৱৰ পূজা-পাতল বুলিলে এজনেই মানুহ-হৰিপদ শৰ্মা। আলিমূৰৰ মুকুন্দ দোকানীৰ ঘৰৰ সত্যনাৰায়ণ পূজাভাগ অঁতাই পূজাৰী ঘৰমুৱা হয় মানে ৰাতি প্ৰায় দুপৰেই হ’ল। হওতে দোকানীৰ পুতেক ৰাজেনে বাইকত উঠাই একেবাৰে ঘৰতে থৈ অহাৰ কথাষাৰ কৈছিল পূজাৰীক।

“নালাগে দে অ’ বোপাই,ঈশ্বৰে ভৰি দুখন দিছে যেতিয়া খোজৰেই যাম৷ বাঁহনি-তলেৰে পোনাই দিলে এখন তামোলৰহে বাট৷” ঘৰলৈ বুলি লোৱা মাহ-প্ৰসাদৰ টোপোলাটোৰ গাঁঠিটো মাৰি মাৰিয়েই পূজাৰীয়ে কথাষাৰ ক’লে।

চিপচিপকৈ বৰষুণ এজাকো আৰম্ভ হৈছে। নামঘৰটোৰ ওচৰৰ আঘোনী পেহীৰ ভড়াঁলৰ তলত থকা কুকুৰকেইটা বৰ চোকা, দিনতেই মানুহ বাঘে খেদাদি খেদে । কুকুৰকেইটাৰ পৰা বাচিবলৈ দোকানীৰ ঘৰৰ সন্মুখৰ জেওৰাখনৰ পৰাই পূজাৰীয়ে খুঁটি এটা উভালি হাতত ল’লে।

“হাতত কিবা এটা থাকিলে এনেও সাহ এটা আহে৷”- নিজকে কোৱাদিয়েই ক’লে পূজাৰীয়ে।

বৰষুণৰ লগতে বিজুলী-ঢেৰেকনিয়ে পৰিৱেশটো বেছি জয়াল কৰি তুলিছে। পূজাৰীয়ে খোজৰ গতি খৰ কৰিলে । বাঁহনি ডৰাৰ তলেৰে দিনতেই ৰাইজে যাবলৈ ভয় কৰে,যখিনী এজনী আছে হেনো । গাঁৱৰ গৰখীয়াকেইটাই পুৱা-গধূলি গৰু অনা-নিয়া কৰাৰ বাহিৰে সততে সেইফালেদি বৰকৈ মানুহৰ আহ-যাহ নাই বুলিবই পাৰি।

পূজাৰী বাঁহনি ডৰাৰ তল পাইছিলহে ৷ তেনেতে,চেৰেক-চেৰেক শব্দ এটা কৰি পিছফালে কিবা এটা আহি থকা যেন অনুমান হ’ল। অজান শিহৰণ এটাই মূৰৰ পৰা ভৰিলৈকে কঁপাই গ’ল পূজাৰীৰ। পূজাৰীয়ে খোজৰ গতি যিমানেই খৰ কৰে শব্দটোও সিমানেই বেছি হয়। ৰৈ দিলে শব্দটোও নোহোৱা হয়। হনুমান চালিচাখন মুখেৰে আওৰাই পূজাৰীৰ খোজ  অৱশেষত দৌৰলৈ পৰিৱৰ্তিত হ’ল। দৌৰি গৈ আঘোনী পেহীৰ চোতালতে পূজাৰী অচেতন হৈ পৰিলগৈ ।

“মতা মানুহ মাত ঐ, মতা মানুহ মাত!!” আঘোনী পেহীৰ গগন ফলা চিঞৰত সোপাকে ৰাইজ আহি পেহীৰ চোতালত গোট খালেহি। দেউকন ওজাই বিহলঙনীৰ পাতেৰে পূজাৰীক জাৰি থাকোতেই,খুব ডিটেকটিভ উপন্যাস পঢ়া পুতুকনৰ চকু গ’ল পূজাৰীৰ কাষতে পৰি থকা জেওৰা খুঁটিটোলৈ। জেওৰা খুঁটিটোৰ মূৰত শুকান বাঁহপাত কেইটামান তেতিয়াও খোঁচ খাই ৰৈ আছিল।পূজাৰীয়ে হাতত জেওৰা খুঁটিটো লৈ খোজকাঢ়োতে শুকান বাঁহৰ পাতকেইটা খুঁটিটোত লাগি ধৰিছিল। মাটিত চেৰেক-চেৰেককৈ হোৱা শব্দটোৰ উৎপত্তিৰ কাৰণ যে সেই বাঁহৰ পাতকেইটাই আছিল-পুতুকনৰ আৰু বুজিবলৈ বাকী নাথাকিল। “বিজ্ঞানী ওলাবলৈ আহিছ!” এনে কিচিমৰ ধমকি খোৱাৰ ভয়তেই পুতুকনে মনে মনে থাকিল।

কেইদিনমানৰ পিছত পূজাৰী সুস্থ হৈ উঠিল যদিও, যখিনীৰ ন-ন গুজব কঠালগুৰি গাঁৱত বহু দিনলৈ চলিয়েই থাকিল।

☆★☆★☆

Leave a Reply

Your email address will not be published.