ফটাঢোল

বাঁহৰ লগত জড়িত অসমৰ বসন্তকালীন উৎসৱ – কলচুম বিবি

অসমীয়া লোকসমাজত বাঁহগছজোপাই অতীতৰেপৰা এক সুকীয়া স্থান দখল কৰি আহিছে। ঘৰ সজা কামৰপৰা আৰম্ভ কৰি জেওৰা-জপনা দিয়া, মাংগলিক অনুষ্ঠান, উৎসৱ-পাৰ্বন, ৰন্ধন প্ৰকৰণতো বাহঁগছজোপাই উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। অসম এখন কৃষিভিত্তিক ৰাজ্য। ইয়াত পালন কৰা উৎসৱ-অনুষ্ঠানৰ বেছিভাগেই মূলতঃ কৃষিকেন্দ্ৰিক। ইয়াৰ ভিতৰত বসন্তকালীন উৎসৱসমূহ উল্লেখযোগ্য। বসন্তকালত পালন কৰা উৎসৱসমূহৰ ভিতৰত ব’হাগ বিহু অন্যতম আৰু এই ব’হাগ বিহুৰ অনুষংগতেই অতীতৰেপৰা বাঁহৰ সৈতে সংযুক্ত বিভিন্ন উৎসৱ-অনুষ্ঠান পালন কৰা হৈছে। তাৰ ভিতৰত ভঠেলি, সোৰি, পাৰ নাচৰ, ঝাপেৰী গোসাঁইৰ বিয়া, বাঁহ গোসাঁইৰ পূজা, লামজা, গড়ভাঙা, হানা ঘোঁৰা আদি উল্লেখযোগ্য।

নামনি অসমৰ লোক সমাজত প্ৰচলিত বাঁহ পূজাৰ লগত জড়িত এটি উল্লেখযোগ্য লোক উৎসৱ হৈছে ‘ভঠেলি’। এই উৎসৱ দৰং, কামৰূপ, গোৱালপাৰাৰ লগতে নলবাৰীৰ বিভিন্ন অঞ্চলত পালন কৰা হয়। অঞ্চলভেদে এই উৎসৱ পালনত পাৰ্থক্য দেখা যায়। কামৰূপত এই উৎসৱ প্ৰথম ব’হাগৰপৰা শেষ ব’হাগলৈ পালন কৰা হয়। দৰঙত এই উৎসৱক দেউল বুলিও কোৱা হয়। বিহগী কবি ৰঘুনাথ চৌধাৰীৰ মতে ‘ভঠেলি’ শব্দটো ‘ভূঁইথলী’ শব্দৰপৰা আহিছে। আন কিছুমানে আকৌ ‘ভাটিয়ালী’ শব্দৰপৰা এই শব্দটো অহা বুলি ক’ব খোজে। আনহাতে ড° বাণীকান্ত কাকতিয়ে ‘ভঠেলি’ শব্দটো আকাশ বুজোৱা ‘ভস্থলিকা’ শব্দৰপৰা আহিব পাৰে বুলি অনুমান কৰে।

ভঠেলি উৎসৱ পালনৰ বাবে ৰঙীণ কাপোৰেৰে সু-সজ্জিত কৰা বাঁহ দুডাল শোভাযাত্ৰা কৰি নাচি-বাগি, গীত-পদ গাই গাই হৰিধ্বনি কৰি গাঁও ফুৰোৱা হয়। ভঠেলিৰ অনুষংগতেই ভঠেলি ঘৰ সজা হয়। উৎসৱটো শেষ হোৱাৰ পিছতেই দুদল লোকে হাতত কাঠ-বাঁহৰ অস্ত্ৰেৰে ঘৰটো ভাঙিবলৈ অগ্ৰসৰ হয়। এটা দলে আনটো দলক বাধা দিয়ে। অৱশেষত তেওঁলোকে গীত গাই গাই ঘৰটো ভাঙে আৰু তাত থকা খাদ্য আৰু পইছাখিনি লৈ যায়। তাৰ পিছতেই উৎসৱৰ সামৰণি পৰে।

দক্ষিণ কামৰূপত অঞ্চলভেদে ভঠেলি উৎসৱক “সোৰি” নামেৰে জনা যায়। এই উৎসৱত ভঠেলিৰ দৰে ওখ বাঁহ দুডাল পোতা নহয়। বাঁহৰ জেকনিবোৰ বা চেকনিবোৰ ন কটা বাঁহৰ খুঁটাবোৰ পোতা হয়। ইয়াত ওচৰ গাঁৱৰ নামঘৰ বা গোসাঁইঘৰৰপৰা শোভাযাত্ৰা কৰি সিংহাসনৰ সৈতে অনা বিগ্ৰহবোৰ স্থাপন কৰা হয়। খুঁটাবোৰক ‘ছাট’ বুলি কোৱা হয়। এই উৎসৱ দুপৰীয়াৰ পৰা আৰম্ভ হয়। গধূলি হোৱাৰ পূৰ্বেই সিংহাসনৰ সৈতে স্থাপন কৰা বিগ্ৰহবোৰ নিজ নিজ নামঘৰ বা গোসাঁইঘৰলৈ নিয়ে।

দক্ষিণ কামৰূপৰ ৰাভাসকলৰ মাজতো ‘পাৰ নাচৰ’ নামৰ এবিধ উৎসৱ প্ৰচলিত আছে। বাঁহৰ লগত সংযুক্ত এইবিধ উৎসৱত ২৮|৩০ হাত দীঘল কটলা জাতি বাঁহ এডাল কাটি অনা হয়। ইয়াৰ পিছত মৰাপাটেৰে গুৰিৰপৰা আগলৈ গুঠি ৰঙীন কাপোৰ মেৰিয়াই দিয়া হয়। ই দেখিবলৈ ভঠেলি বাঁহডালৰ দৰে। শোভাযাত্ৰা কৰি পাৰবাঁহ গাঁও ফুৰোৱা হয়। ঢোল-তাল আদি বাদ্য বজাই নাচি নাচি গীত গোৱা হয়। যেনে-

অ’ হায় হায় মাকলা ঐ
মাকো লীলায়।
তিনটি মালী মাকাৰা জালি
দিলুং উব্বুৰায়।
অ’ হায় হায় মাকলা ঐ
মাকো লীলায়।
কাউৰ কান্দে কালা-লাক্
বাহৰ ওপৰত ঐ।
ফুল তুলা মেখেলি।
পাৰৰ ওপৰত ঐ
পাৰৰ ওপৰত।।

বড়োসকলৰ মাজতো ভঠেলি উৎসৱ অনুষ্ঠিত হয়। দীঘল-ডাঙৰ বাঁহ এডালত ৰং বিৰঙৰ চিত্ৰ থকা কাপোৰেৰে সুসজ্জিত কৰি গীত-পদ, বাদ্য-বাজনা, নৃত্য-নাচন আদিৰে শোভাযাত্ৰা কৰি গাঁও ফুৰাই নদীৰ ভটিয়নী সোঁতত উটুৱাই দিয়া হয়।

দৰঙৰ বিভিন্ন অঞ্চলত বাঁহ পূজা উপলক্ষে ‘ঝাপেৰী গোহাইৰ বিয়া’ নামৰ এটি উৎসৱ অনুষ্ঠিত হোৱা দেখা যায়। বিয়াৰ শেষত সুসজ্জিত বাঁহ দুডাল গাঁৱৰ দুই -চাৰিজন লোকে কান্ধত তুলি দলবদ্ধভাৱে গাঁৱত শোভাযাত্ৰা কৰে। তেওঁলোকৰ লগত ঢোল-তালৰ সৈতে গাঁৱৰ ডেকা-বুঢ়াসকল যায়। শোভাযাত্ৰাৰ শেষত বাঁহ দুডাল শেষ নিশা নৈৰ সোঁতত নাইবা পুখুৰীৰ পানীত উটুৱাই দিয়ে। পিছদিনা ‘গাছবিয়া’ বা শিৱ-পাৰ্বতীৰ বিয়া বা বেউলা লখিন্দৰৰ বিয়া অনুষ্ঠিত হয়। সেইদিনা পুৱাতে খেৰৰ দুটা জুমুঠিৰ ওপৰত কাপোৰ মেৰিয়াই দুটা পুতলা প্ৰস্তুত কৰি ওচৰতে থকা গছ এজোপাৰ ডাল এটাত বান্ধি থয়। ইয়াৰ পিছত বিয়াৰ অনুষংগত যিবোৰ কাৰ্য আছে সেইবোৰ সম্পন্ন কৰা হয় আৰু পুতলা দুটা নমাই আনি নোৱাই-ধুৱাই হোম পুৰি বিয়া পতা হয়। কলগছৰ দোনাৰে সজা মেৰঘৰত দৰা-কইনাক ঘৰ দি উভয়কে কলগছৰ দোলাত তুলি নি পানীত উটুৱাই দিয়ে। পিছলৈ নোচোৱাকৈ অহা দোলাভাৰী দুজনৰ দল আৰু আন এটা দলৰ মাজত দলিওৱা দলি কৰি গাঁৱৰ পৰা অপায়-অমংগল, বিপদ-বিঘিনি বিদূৰষণ কৃত্য সম্পাদন কৰা হয়।

বাঁহ গছৰ লগত জড়িত আন এটি উৎসৱ হৈছে ‘লামজা’ উৎসৱ। এই উৎসৱত বাঁহৰূপী শিৱ-পাৰ্বতীৰ বিয়া পতা হয়। কোনো কোনোৱে ইয়াক বেউলা-লখিন্দৰৰ বিয়া বুলিও কয়। বিয়াৰ পিছত খলা এখনত ওলাই যাব নোৱাৰাকৈ চাৰিওফালে পাৰ বান্ধি পানী ঢালি বোকাময় কৰা হয়। সাধাৰণতে যি ঠাই অভিনয় কৰাৰ বাবে প্ৰস্তুত কৰা হয় সেই ঠাইখিনিক খলা বুলি কোৱা হয়। গাঁৱৰ ১০|১৫ জন ডেকাই খালী গাৰে খলাত নামি যুঁজৰ অভিনয় কৰে। অভিনয়ৰ পিছত ঢোল-তাল, উৰুলি বজাই বাঁহ ডালৰ পৰা ৰঙীন কাপোৰ, চোঁৱৰ আদেশ সোলোকাই বোকাময় পথাৰখনলৈ লৈ যায়। দুটা দলত বিভক্ত হৈ এটা দলে বাঁহডাল বোকাত পোতে আৰু বাকীসকলে বাঁহডালৰ আগটো ধৰি থাকে। সেই দলৰে এজন ডেকাই বাঁহৰ আগটো হলাই আনি ভাঙিবলৈ চেষ্টা কৰে। তেতিয়া আনটো দলৰ ডেকাসকলেও যুঁজ কৰি বাঁহডাল পানীত পেলাই দিয়ে। যিটো দলেই ভাঙিব পাৰিব সেই দলেই বিজয়ী হয়।

দৰং জিলাৰ কটাহী অঞ্চলত ‘গড়ভাঙা’ নামৰ এবিধ দেউল অনুষ্ঠিত হয়। অতীতত গড় বান্ধি যুঁজ কৰাৰ সোঁৱৰণি হিচাবে এই উৎসৱ পালন কৰা হয়। এই উৎসৱৰ বাবে প্ৰথমতে গড় এটা নিৰ্মাণ কৰা হয়। গড় নিৰ্মাণৰ বাবে ১০|১২ ফুট ওখকৈ পুৰঠ বাঁহৰ খুটা পোতা হয় । খুঁটাবোৰ ইটোৰ লগত সিটোৰ সম্পৰ্ক থকাকৈ ৰছীৰে বন্ধা হয়। পূজাৰ শেষত গাঁৱৰ দুটা ডেকা দলৰ এটা দলে গড়ৰ ওপৰত উঠিবলৈ চেষ্টা কৰোতে আনটো দলে বাধা দিয়ে। ইয়াৰ ফলত দুয়ো দলৰ মাজত যুঁজ লাগে। এই যুঁজৰ ফলত গড়ঁটো ভাঙি পৰে। নাট্যাভিনয়ৰ জৰিয়তে পালন কৰা এই উৎসৱ গঞা ৰাইজৰ মাজত বৰ জনপ্ৰিয়।

ৰাভাসকলৰ মাজত অনুষ্ঠিত এবিধ জনপ্ৰিয় বাঁহৰ লগত জড়িত উৎসৱ হৈছে ‘হানা ঘোঁৰা’। লাঙা পূজাৰ সৈতে হানা-ঘোঁৰাৰ সম্পৰ্ক আছে। বহাগ বিহু তথা দোমাহীৰ সময়ত ৰাভাসকলে লাঙা পূজা কৰি হানা-ঘোঁৰা পৰিবেশন কৰে। জাতি বাঁহ কাটি আনি তাৰ পৰা কাঠি-কামি প্ৰস্তুত কৰি ঘোঁৰাৰ অবয়ব এটি নিৰ্মাণ কৰা হয়। এই অবয়বটো বগা নাইবা কলা কাপোৰেৰে সজাই পুতলাটিত দেও ছাগলীৰ শিং সংযোগ কৰা হয়। ইয়াৰ পিছত লাঙা বুঢ়াক পূজা কৰি শোভাযাত্ৰা আৰম্ভ কৰা হয়। এই উৎসৱৰ লগত দক্ষিণ কামৰূপৰ ৰাভাসকলৰ ‘জাৰীঘোঁৰা’ আৰু দৰঙৰ বাঁহ ফুৰোৱা উৎসৱৰ লগত মিল দেখা যায়। দুয়োটা অনুষ্ঠানেই সাতদিন চলে। তলত হানা-ঘোঁৰাৰ গীত এটি তুলি দিয়া হ’ল-

হৰ হৰ হেই, হৰ হৰ হেই,
হায়ৰু হায়ৰু দায়াহে হেই
অহায় অহায় কিহৰ খুলিল কায়
হায় হায় কিহৰ বুলি কায়—
হানা-ঘোঁৰা নাচিছে তেল খুজিছে
অ’ হায় হায় তেল খুজিছে
আমাৰ ঘোঁৰা নাচিছে ডিমা খুজিছে–
হায় হায় সেন্দূৰ খুজিছে —।

শৰণীয়া কছাৰীসকলে পালন কৰা ‘বাঁহ গোসাঁই উৎসৱ’ বহাগ বিহুৰ সাতদিনলৈকে থাকে। গৰু বিহুৰ দিনা ঢোল-তাল বজাই পূজা-অৰ্চনা কৰি জাতি নাইবা মকল বাঁহ এডাল কাটি আনে। বাঁহডাল ৯ হাত ৯ আঙুল জোখত কাটি সুসজ্জিত কৰি গোসাঁইঘৰৰ চাৰিওফালে ঘূৰোৱা হয়। মানুহ বিহুৰ দিনা গাঁৱত শোভাযাত্ৰা বা গোসাঁই ফুৰোৱা হয়। এই গোসাঁই ফুৰোৱা কাৰ্য পাঁচদিন ধৰি চলে। ছয় বিহুৰ দিনা শৰণীয়া গাঁওবোৰৰ “বাঁহ গোসাঁই” সমূহ পূর্বেনির্ধাৰিত এঠাইত মিলিত হয়। অস্থায়ী ভাবে স্থাপন কৰা সমূহীয়া গোসাঁইঘৰত পূজা কৰি এই উৎসৱৰ সামৰণি পেলোৱা হয়। গধূলি সকলোৱে নিজৰ নিজৰ গোসাঁই লৈ নিজ গাঁৱলৈ উভতি যায়। শৰণীয়া কছাৰীসকলে নিজৰ পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি ঢোল, তাল, শংখ, বৰ কাঁহ, ঘণ্টা আদি বজায়। ইয়াৰ পিছত ব’হাগৰ পূৰ্ণিমাৰ দিনা নিজৰ নিজৰ গাঁৱৰ গোসাঁই ঘৰত ৰাইজে মিলি হোম-যজ্ঞ পাতি “বাঁহ গোসাঁই” পূজা অৰ্চনা কৰে। সেইদিনাখন গাঁৱৰ প্ৰতিঘৰ মানুহে গোসাঁইঘৰত নৈবদ্য আগবঢ়াই সেৱা কৰে। হোম-যজ্ঞ শেষ হোৱাৰ পিছত গোসাঁইৰ গাৰ গামোচা, ৰুমাল, চোঁৱৰ আদি খুলি থৈ “বাঁহ গোসাঁই” উৎসৱৰ সামৰণি মাৰে।

কোচ ৰাজবংশী সকলেও বাঁহ পূজা কৰা দেখা যায়। গোৱালপাৰা অঞ্চলত চ’ত মাহৰ মদন চতুৰ্দশী তিথিৰ দিনা এই উৎসৱ পালন কৰা হয়। এই পূজাত মদন আৰু গোপালৰ প্ৰতীকৰূপে তিনিডাল বাঁহ চাফ-চিকুণ কৰি প্ৰথমডালত বগা আৰু দ্বিতীয়ডালত ৰঙা কাপোৰ মেৰিয়াই লোৱা হয়। বগা বাঁহডাল প্ৰকৃতি আৰু ৰঙাডাল পুৰুষ বুলিও ধৰি লোৱা হয়। দুয়োডাল বাঁহৰ আগ দুটাত দুটা চোৱৰ বান্ধি ওচৰা ওচৰিকৈ পোতা হয়। তৃতীয় বাঁহডালত খালৈ, জাকৈ আৰু এখন আধাভঙা নাঙল ওলোমাই অলপ আঁতৰত পোতা হয়। বাঁহ কেইডালৰ গুৰিত তিনিদিন ধৰি পূজা হয়। চতুৰ্থ দিনা পূজাৰ সকলো বস্তু বিসৰ্জন দিয়া হয়। বাঁহ তিনিডাল পানীত উটুৱাই দি কলৰ ভেল সাজি সেই ভেলত এটা পাৰ আৰু এটা ছাগলী উটুৱাই দিয়া হয়। লোকবিশ্বাস অনুসৰি এনেদৰে বিসৰ্জন কৰিলে বছৰটোৰ অপায়-অমঙ্গল, বেমাৰ-আজাৰ দূৰ হয়।

বাঁহৰ সৈতে গঞা ৰাইজৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে। বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত বাঁহৰ লগত জড়িত লোক উৎসৱসমূহৰ জনপ্ৰিয়তাই ইয়াকেই প্ৰমাণ কৰে। বাঁহ অসমীয়া লোকসমাজৰ বুকুৰ আপোন, অসমীয়া লোকসংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন। লোকসমাজত বাঁহৰ লগত সংযুক্ত উৎসৱসমূহৰ প্ৰচাৰ আৰু গৱেষণাৰ জৰিয়তে আমি সংৰক্ষণ কৰিবলৈ চেষ্টা কৰা উচিত।

(তথ্য : ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰিবেশ্য কলা – ড৹ নবীন চন্দ্ৰ শৰ্মা, গোগল, ইউ টিউব, ফেচবুক)

☆★☆★☆

Leave a Reply

Your email address will not be published.