ফটাঢোল

বাংলা বিজয়-অভিজিত কলিতা

মোৰ প্ৰাণৰো প্ৰাণৰ, গানৰো গানৰ, অতি মৰমৰ, অতি হেঁপাহৰ, অতি চেনেহৰ, শ্ৰদ্ধেয়, প্ৰাতঃস্মৰণীয় অসমীয়া ৰাইজ, আজি আমাৰ জাতিটোৰ বাবে অতি শুভদিন, আজি বিশ্ববাসীয়ে আমাৰ অসমীয়াসকলৰ বীৰত্ব আৰু বুদ্ধিমত্তাৰ আগত সেও মানিছে। আজি আমি দেখুৱাই দিব পাৰিছোঁ, আমাৰ প্ৰকৃত শক্তি, আমাৰ জাতিপ্ৰেম, আমাৰ একতা। আজি আমি প্ৰমাণ কৰি দিছোঁ, আনে যিমানেই আমাক ৰঘুমলা, পৰাশ্ৰয়ী, হিংসুক, মৌলবাদী, লেতেৰা, জধামূৰ্খ, অশিক্ষিত, চোৰ, ডকাইত, দগাবাজ বুলি নেহাঁহক কিয়, আজি আমি এক পৰাক্ৰমী, হাজাৰ বছৰীয়া ঐতিহ্যৰে শক্তিশালী এক জাতিক পদানত কৰি আমাৰ বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছোঁ আৰু আমি সেই কাম মূৰ্খৰ দৰে যুদ্ধ কৰি কৰা নাই; কৰিছোঁ আমাৰ বুদ্ধি, একতা আৰু কঠোৰ পৰিশ্ৰমেৰে। আহক আমি সকলোৱে একেমুখে কওঁ,

– “জয় আই অসম! অসমীয়া জিন্দাবাদ! অসমীয়া মৰিও অমৰ! জয় আই অসম!”

****

ৰ’ব! আপোনালোকে মোক হয়তো চিনি পোৱা নাই, নোপোৱাই স্বাভাৱিক। আচলতে এনে কভেট অপাৰেচনবিলাকত আমি নিজৰ চিনাকি লুকুৱাই ৰখাই ভাল। ইমান দিনে মই নিজকে বাংলাদেশী বুলি দাবী কৰি আহিছিলোঁ আৰু বিশেষ ভূ-ভা নৰখা আপোনালোকেও মোৰ সেইবুলিয়েই ভাবি আছিল। তাত কাৰো কোনো দোষ নাই, আচলতে সেয়া আমাৰ পৰিকল্পনাৰে এটি অংশ আছিল। কিন্তু আজি যিহেতু সফলতাই আমাৰ কদম চুমিলে, আজি মই মোৰ পৰিচয় বেকত কৰাত কোনো বাধা নাই।

মোৰ নাম অভিজিত কলিতা, মোৰ বোপাককা অসম দেশৰে কোনো এখন ঠাইৰ বাসিন্দা আছিল, ক’ৰ আছিল সঠিককৈ ময়ো নেজানো। কিন্তু মোৰ আজিৰ পৰিচয় হ’ল – মই বাংলাদেশৰ মৈমনসিংহ জিলাৰপৰা যোৱা ২৫ বছৰ ধৰি নিৰ্বাচিত সাংসদ হৈ আহিছোঁ আৰু মই অহা নিৰ্বাচনত বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ অন্যতম দাবীদাৰ। দাবীদাৰ বুলি ক’বলৈ গ’লে মই বিজয়ী হোৱাৰ সম্ভাৱনা ৯০ শতাংশ। তাৰোপৰি মৈমনসিংহ চহৰৰ আধা অংশই মোৰ ব্যক্তিগত সম্পত্তি। আৰু কেৱল মৈমনসিংহই নে? ৰাজাছাহী, ৰংপুৰ, চিলেট আৰু বাৰিছাল জিলাৰ সদৰ ঠাইসমূহতো মোৰ ককাই- ভাই, পেহীৰ পুতেক, খুলশালীৰ ননদ জোঁৱাই আদিয়েই ৰাজত্ব কৰিছে। এই জিলাসমূহৰ সমগ্ৰ অৰ্থনীতি আমাৰ অসমীয়াকেইটাৰ হাতৰ মুঠিত। বাংলাদেশীসকলে একো কৰিবই নোৱাৰে, আমাৰ সমৰ্থন নহ’লে বাংলাদেশত কোনো ৰাজনৈতিক দলেই নিৰ্বাচনত জিকিব নোৱাৰে আৰু সেয়ে অহা নিৰ্বাচনৰ পাছতেই আপোনালোকে বাংলাদেশত নিজৰ এজন আপোন অসমীয়া মানুহক প্ৰধানমন্ত্ৰী হিচাপে পাব। অসমীয়া জাতিৰ বাবে ইয়াতকৈ গৌৰৱৰ কথা কি হ’ব পাৰে! আজি আকৌ এবাৰ প্ৰাণখুলি, বুকুত চপৰিয়াই চিঞৰি ক’বলৈ মন গৈছে….

– “জয় আই অসম! জয় আই অসম! জয় আই অসম!”

****

অলপ আৱেগিক হৈ পৰিছিলোঁ, বেয়া নেপাব। মাতৃভূমিৰ নাম ওলালে অলপ আৱেগিক হোৱাই যায় দিয়কচোন। জীৱনে মৰণে মই চিৰদিন অসমীয়া আৰু এই অসমীয়া জাতিৰ প্ৰসাৰ, প্ৰচাৰ আৰু বিশ্বজয়ৰ মহান উদ্দেশ্যটোৰ বাবে আমি যোৱা কেইবা দশকো ধৰি অসীম ত্যাগ কৰিছোঁ। কিন্তু ৰ’ব, সেইখিনি ত্যাগৰ বাবে মই বৰ্তমান অসমত থকা অসমীয়াসকলৰপৰা একো প্ৰতিদান বিচৰা নাই। অসম আৰু অসমীয়াৰ কাৰণে কৰা কামখিনিৰ লগতে মই নিজৰ পেট ভৰোৱাৰ ব্যৱস্থাটোও সমান্তৰালভাৱে কৰি আহিছোঁ। আজি কেৱল মই আপোনালোকক মোৰ গৌৰৱৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছোঁ। মোৰ আজোককা এজন অসমৰপৰা বাংলাদেশলৈ ভাগি আহিছিল। অসমৰ বানপানীত তেওঁৰ গাঁওখন উটি গৈছিল, মহাজনৰ বাকীৰ খাটাখন এটা মানুহে দাঙিব নোৱাৰা হৈছিলগৈ, চৰিত্ৰৰ অলপ লৰফৰ থকা বাবে তেওঁ কেইবাবাৰো ‘পাব্লিক ঢুলাই’ৰ সন্মুখীন হৈছিল, নিজৰ ভাই-ককাইৰ সৈতে কাজিয়াই চুড়ান্ত পৰ্যায় পাইছিল….. ইত্যাদি নানান কাৰণত তেওঁ অসমত থকা অসম্ভৱ হৈ পৰিছিল। সেয়ে তেওঁ এদিন ৰাতি সেই মহাজন আৰু নিজৰ আপোন ককায়েকক দুচেও কৈ কাটি, নুমলীয়া পত্নীগৰাকী আৰু তেওঁৰ সাতটি সন্তানসহ কৰিমগঞ্জত বৰাক নদী সাঁতুৰি পাৰ হৈ বাংলাদেশত ভৰি দিছিলহি। বাৰিষা কাল আছিল, শুনামতে সেইদিনা বৰাক নদীত তেওঁৰ দুটি নে তিনিটি সন্তান উটিও গৈছিল। কিন্তু তেওঁ ‘ফিকৰ’ কৰা বিধৰ মানুহ নাছিল। তেওঁ জানিছিল, তেওঁ আৰু তিনিটা কি, ত্ৰিশটা সন্তান জন্ম দিব পৰা মানুহ; কেৱল পায়ে গাঁঠৰিয়ে, জোৰে-জোখাৰে পত্নী কেইগৰাকীমান পালেই হ’ল। সেয়ে আৱেগ পৰিহাৰ কৰি তেওঁ বাংলাদেশৰ দেৱৰো দূৰ্গম ঠাই এখনত তৰ্জা বেৰৰ ঘৰ এটা সাজি নতুন জীৱন আৰম্ভ কৰিছিল আৰু পোন প্ৰথমে বৰাক নদীত উটি ‍যোৱা সন্তানকেইটাৰ পৰিপূৰ্তি কৰি পেলাইছিল। ৰ’ব, সেইদিনা তেওঁ অকলে বাংলাদেশলৈ অহা নাছিল আচলতে, তেওঁৰ দৰে কেইবাজনো মহৎ লোকৰ বৃহৎ পৰিয়াল এই বৃহৎ অভিযানৰ সহযোগী হৈছিল। তেওঁলোকে একেদিনাই আহি এখন গাঁও প্ৰতিষ্ঠা কৰিছিল।

এতিয়া আপোনালোকৰ প্ৰশ্ন হ’ব, বাংলাদেশ ৰাইফলছে এওঁলোকক কেনেকৈ সোমাবলৈ দিলে? বা দাঁতি-কাষৰীয়া বাংলাদেশী ৰাইজে এওঁলোকক কিয় গ্ৰহণ কৰিলে? খালে কি? পিন্ধিলে কি? আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, সেই সময়ত বাংলাদেশৰ পৰিস্থিতি আমাৰ আগমনৰ বাবে অতি অনুকূল আছিল! সেই সময়ছোৱাত বাংলাদেশৰ চৰকাৰত থকা দলটোৱে নিজৰ স্বাৰ্থত এটা ভোট বেংক বিচাৰিছিল। এনেয়ো বাংলাদেশৰ মানুহবিলাক ভাগ ভাগ, অতি আৱেগিক, গতিকে চিয়’ৰ শ্বট ভোট বেংক এটাৰ বাবে সেই দলটোৱে এক নতুন পৰিকল্পনা কৰিছিল আৰু সেইমতেই আমাৰ অসমীয়াসকলৰ সৈতে এটা ‘আনঅফিচিয়েল’ বুজাবুজি হৈ গৈছিল। আজি বাংলাদেশলৈ যাব পাৰিম, মাটি বাৰী দখল কৰিব পাৰিম, পৰিয়াল বঢ়াব পাৰিম, সকলো অধিকাৰ সুবিধা পাম; কিন্তু তাৰ বিনিময়ত আমি সেই দলটোক ভোট দিব লাগিব! আন কাকো দিব নোৱাৰিম।
মোৰ আজোককাৰ দৰে লোকৰ ‘চাৰ্ভাইভেল’ৰ বাবে সেইটো এটা সুন্দৰ ‘অফাৰ’ আছিল। সীমান্তত বাংলাদেশ ৰাইফলছে গাইপতি বিশ টকাকৈ লৈ তেওঁলোকক সোমাবলৈ দিছিল। ইফালে পুলিচ শাসকীয় দলৰ হাতৰ মুঠিত আছিলেই। অলপ সমস্যা আছিল তেওঁলোকৰ স্থানীয় মানুহখিনিক লৈ। সেই বাবে তাৰ চৰকাৰে, বাংলাদেশত সকলো কথাতে নিজকে ভিক্তিম বুলি ভবা কিছুমান উপজাতিৰ সহায় লৈছিল। তেওঁলোকৰ নেতাসকলক বুজোৱা হৈছিল, যিহেতু বাংলাদেশৰ সাধাৰণ মানুহে তহঁতক মানুহ বুলিয়েই নেভাবে, গতিকে তহঁতে এই ভগনীয়া অসমীয়াবিলাকৰ লগ লাগ আৰু নিজৰ শক্তি প্ৰতিপন্ন কৰ। আজি ভাবিলে ভাল লাগে, সেই ভিক্তিম কাৰ্ড হাতত লৈ ফুৰা বাংলাদেশীসকলে আমাৰ অসমীয়াসকলক সহায় কৰিলে, আমাক নিজৰ বুকুত লুকুৱাই ৰাখিলে, মাটি-বাৰী সকলো দিলে; সেইসকলক আমি আজি ধূলিস্যাৎ কৰিবলৈ সক্ষম হ’লোঁ। আজিকালি তেওঁলোকৰ সৈতে আমাৰ প্ৰায়ে গোষ্ঠী সংঘৰ্ষ হয় আৰু আমি সদায় বিজয়ী হওঁ। আমাৰ আজোককাহঁতক জান-প্ৰাণ দি সহায় কৰা সেই লোকসকল আজি নিজৰ ঠাইতে অসমীয়াৰ পদানত হৈ জীৱন কটাইছে। তেওঁলোকৰ মাটি-বাৰী সকলো আমাৰ দখলত, কোনোবা অসমীয়া ডেকাই ইচ্ছা কৰিলেই বাংলাদেশী গাভৰু ৰাতি উঠাই আনে! একো কৰিব নোৱাৰে তেওঁলোকে, আমাৰ ভয়ত কঁপি থাকে। কথাটো ভাবিলেই গৌৰৱত বুকু ফুলি উঠে।

ৰ’ব, মই কি কৈ আছিলোঁ? স্থানীয় লোকক আমি কেনেকৈ ইম্প্ৰেছ কৰিলোঁ। হাঃ হাঃ হাঃ! একেবাৰে সহজ আছিল, কাৰণ বাংলাদেশীসকলৰ দৰে কামচোৰ আৰু এলেহুৱা মানুহ দুনীয়াতে নাই আৰু আমি সকলোৱে জানো যে, পদলেহন কৰাত আমাৰ অসমীয়াক কোনেও বলে নোৱাৰে। ক্ষমতাবানৰ ভৰি চেলেকা, আৰু দুৰ্বলজনক ভৰিৰে গচকা আমাৰ অসমীয়াৰ এক অন্যতম বৈশিষ্ট। আমি প্ৰথমতে পদলেহন কৰা আৰম্ভ কৰিলোঁ, জী হুজুৰ মাই বাপ! মই দুখী আত্মা! আপুনি যি কৰিবলৈ কয় মই তাকে কৰিম।এই সকলো অভিনয় আমি নিখুঁটভাৱে কৰি গ’লোঁ। বাংলাদেশীসকলেও আমাৰ ফ্ৰী চাৰ্ভিছ আৰু তোষামোদ বৰ আনন্দেৰে গ্ৰহণ কৰিলে, আমাৰ ‘ফেচ ভেলু’ত তেওঁলোক ভোল গ’ল। আমি তেওঁলোকৰ বিশ্বাস জয় কৰিবলৈ সক্ষম হ’লোঁ।

সেই সময়তে আৰু এটা ঘটনা হ’ল- আচলতে ভগৱানৰে ইচ্ছা আমি বাংলাদেশ অধিকাৰ কৰোঁ- সেই সময়ত বাংলাদেশ পাকিস্তানৰ অংগ আছিল, আৰু পাকিস্তানে সেই অঞ্চলত উৰ্দু ভাষা জাঁপি দিয়াৰ চেষ্টা কৰিছিল। তাৰ বাবে কিছুমান ‘চাৰ্ভে’ হৈছিল, কিমান মানুহে উৰ্দু কয়, কিমানে বাংলা! মানে ধৰক বেছি মানুহে বাংলা ভাষা ব্যৱহাৰ কৰিলে বাংলাদেশৰ মানুহে নিজৰ মাতৃভাষাতে কথা বতৰা পাতি থকাৰ সুবিধা পাব, নহ’লে দাঁত ভঙা উৰ্দু ব্যৱহাৰ কৰিব লাগিব। আমাক বাংলাদেশ চৰকাৰে গোপনে ক’লে – তহঁতে নিজৰ মাতৃভাষা বাংলা বুলি ক’বি। আমি ক’লোঁও – যিসময়ত আমাৰ মুখত বাংলা ভাষা নুফুটিছিলেই (আজিও নুফুটে বাৰু), আমি চাৰ্ভেয়ৰসকলক আমাৰ মাতৃভাষা বাংলা বুলি বুকু ফুলাই ক’লোঁ। কিন্তু ইতিমধ্যে বাংলাদেশ স্বাধীন হ’ল, বাংলা-উৰ্দুৰ লেঠা নোহোৱা হ’ল, কিন্তু সেই সুবিধাতে আমি আমি বাংলাদেশীসকলৰ দিল-দিমাগত আমাৰ স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হ’লোঁ। আৰু বহুত কথা আছে, সকলোবোৰ নকওঁ, কেতিয়াবা পিছে পৰে সুবিধা হ’লে ক’ম! অতি দীঘলীয়া হোৱাৰ আশংকাত মাত্ৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰিয়েই মই মোৰ বক্তব্যৰ সামৰণি মাৰিব খুজিছোঁ।

আজোককাৰ জেনেৰেচনে প্ৰাথমিক ‘ঝটকা’টো সহি লোৱাৰ পাছত আমাৰ কাম লাহে লাহে সহজ হৈ আহিল। ককা আজোককাৰ বৰাকত উটি যোৱা সন্তানৰসকলৰ এজন ৰিপ্লেছমেণ্টেই আছিল। পৰৱৰ্তী পৰ্যায়ৰ পৰিকল্পনা ককা আৰু দেউতাই আগবঢ়াই নিলে। আমি বাংলাদেশীসকলক সস্তা সেৱা দিয়া আৰম্ভ কৰিলোঁ। খেতি মাটি আধিলৈ লৈ চাইনীজ ঔষধ ব্যৱহাৰ কৰি দুগুণ উৎপাদন দিবলৈ ধৰিলোঁ, তেওঁলোক বিৰাট ‘খুছ’ হৈ গ’ল। দহ বছৰৰ ভিতৰত এনেকুৱা পৰিস্থিতি আহিল যে বাংলাদেশীসকলে আমি নহ’লে এক কেজি চাউলো উৎপাদন কৰিব নোৱাৰা হ’ল। সকলো বাংলাদেশীৰে খেতি আমাৰ অসমীয়াসকলৰ দখললৈ আহিল। কিছুদিনৰ পাছতে আমি আমাৰ নিজৰ ৰং দেখুৱা আৰম্ভ কৰিলোঁ; আমি আধিৰ ভাগ নিদিয়া হ’লোঁ- এই খেতি বেয়া হ’ল, পোকে খালে, জুই লাগিল, বৰষুণ নহ’ল আদি এহেজাৰ এটা ‘বাহানা’ বনাই আমি তেওঁলোকক খেতিৰ ভাগ নিদিয়া হ’লোঁ। অলপধতুৱা বাংলাদেশীবোৰ তাৰপৰা পলাই চহৰলৈ গ’লগৈ, কিন্তু কেইজনমানে তাতে থাকিমেই বুলি জেদ ধৰিলে। তেওঁলোকে অসমীয়াক খেতি কৰিবলৈ নিদিওঁ, নিজে কৰিম বুলি সিদ্ধান্ত ল’লে। আমি মনে মনে হাঁহিলোঁ কেৱল, আমি জানিছিলোঁ এনে হ’বই। কৰিলেও খেতি। কিন্তু আমি তেওঁলোকক অত্যাচাৰ কৰা আৰম্ভ কৰিলোঁ; ধান চোৰ কৰা, ৰাতি মনে মনে পকা ধান জ্বলাই দিয়া, সজাল ধৰা ধানত হাৰ্বিচাইড মাৰি দিয়া আদি কামেৰে আমি তেওঁলোকক অতিস্থ কৰি তুলিলোঁ আৰু আমাৰ পৰিকল্পনা আৰু চৰকাৰৰ সহযোগত আমি ইতিমধ্যে সেইবিলাক অঞ্চলৰ পুলিচ প্ৰশাসন আদি অসমীয়া মানুহেৰে ভৰাই দিবলৈ সক্ষম হৈছিলোঁ। গতিকে কোনো চৰকাৰী সহায় তেওঁলোকে নেপালে। লাহে লাহে সেই জেদী লোকসকলো আমি থকা ঠাইৰপৰা পলাই যাবলৈ বাধ্য হ’ল। যিকেইজনে চাকৰি কৰিছিল বা খেতিৰ ওপৰত নিৰ্ভৰশীল নাছিল, তেওঁলোকক আমি বেলেগ ধৰণে অত্যাচাৰ কৰিলোঁ। তেওঁলোকৰ জীয়ৰী বোৱাৰীক অসভ্য ব্যৱহাৰ কৰা, তেওঁলোকৰ ঘৰৰ ফালে মুখ কৰি চুচু কৰা, জাবৰ জোথৰ পেলোৱা, ল’ৰাবিলাকৰ বাইক এক্সিডেণ্ট কৰোৱা, নদীত বান্ধ মাৰি তেওঁলোকৰ খেতি মাটি ডুবাই পেলোৱা, চুৰি-ডকাইতি-ধৰ্ষণ আদি মন খুলি কৰা, আদি উপায়েৰে আমি তেওঁলোকৰ জীৱন অতিস্থ কৰি তুলিলোঁ। আমি এটা কথা স্বীকাৰ কৰিব লাগিব যে, বাংলাদেশ চৰকাৰে, আমাৰ চিধা চিধি ভোটকেইটাৰ লোভত এই সকলোবিলাক আওকাণ কৰি থাকিল। আনকি বাংলাদেশৰ সংৰক্ষিত বনাঞ্চলবিলাকতো আমি বসতি স্থাপন কৰিলোঁ, কোনেও ঘেণ্টাও আমাক একো কৰিব নোৱাৰিলে, তেওঁলোকে ইজনে সিজনক বদনাম কৰি কেৱল ‘টাইম পাছ’ কৰি থাকিল আৰু আমি নিজৰ পৰিকল্পনা মতে আগবাঢ়ি গ’লোঁ। এইখিনিতে মই আৰু এটা কথা উনুকিয়াব লাগিব, এই সমগ্ৰ সময়ছোৱাত, বা আজিও, আমি আমাৰ প্ৰাণৰপৰা অসমীয়া ‘চেণ্টি’টো আঁতৰিব দিয়া নাছিলোঁ। আমি কেতিয়াও বাংলাদেশৰ পৰম্পৰাগত লুঙী-টুপী বা চন্দনৰ ফোঁট লোৱা চৈতন্যবাদী বৈষ্ণৱ সাজপাৰ পিন্ধা নাছিলোঁ, তেওঁলোকৰ কবি নজৰুল বা জাতিৰ জনক শ্বেখ মুজিবৰক মুঠেও পাত্তা দিয়া নাছিলোঁ। আমাৰ বাবে আমাৰ গুৰু শংকৰদেৱ আৰু সদায় তেঁৱেই৷ আমাৰ বীৰ লাচিত, শ্বেখ মুজিবৰ নহয়। আমি সেয়ে সদায় অসমীয়া ঠেঙা চোলা পিন্ধিছিলোঁ আৰু প্ৰথমতে লুকাই লুকাই আৰু আজিকালি মুকলিকৈ নামঘৰ পাতিছিলোঁ, লাচিতক সুঁৱৰিছিলোঁ। বাংলাদেশীয়ে টেবু বুলি ভবা গাহৰি-লাইশাক আৰু সাঁজপানী খাইছিলোঁ, আজিও খাই আছোঁ। কাৰণ আমি বাংলাদেশ অধিগ্ৰহণ কৰিবলৈ আহিছোঁ, আমাৰ কাম তেওঁলোকৰ সংস্কাৰ, ৰীতি-নীতি গ্ৰহণ কৰা নহয়, তেওঁলোকক ধূলিস্যাৎ কৰাহে। আমি জানো, গাহৰি নেখালেও হয়, ঠেঙ চোলা নিপিন্ধিলেও হয়, কিন্তু আমি কিয় তেওঁলোকৰ সংস্কৃতিক সন্মান কৰিম? কি দৰকাৰ আমাৰ?

সঁচা কথা, বাংলাদেশে আমাক বহুত কিবা কিবি দিলে, আমাৰ খাদ্য-বস্ত্ৰ-বাসস্থানৰ বাবে গুৰুজনাৰ কৃপাত আমি বাংলাদেশত একো অসুবিধা পোৱা নাই। আমি আমাৰ সন্তানক আজি খোদ বাংলাদেশত অসমীয়া মাধ্যমত পঢ়াইছোঁ, নাই, কোনো অসুবিধা নাই। কিন্তু আমাৰ মিছন ইয়াতে শেষ হ’ব নেকি? মুঠেও নহয়। আমাৰ পিতাৰ সময়ৰেপৰা আমি আমাৰ অভিযানৰ পৰৱৰ্তী পৰ্যায়ত ভৰি দিলোঁ, যাৰ উদ্দেশ্য বাংলাদেশৰ ৰাজনৈতিক আৰু ভৌগোলিক অধিকাৰ।

হয় শুনাত অসম্ভৱ যেন লাগিলেও আমি সেয়া কৰি দেখুৱালোঁ। খাদ্য-বস্ত্ৰ-বাসস্থান পোৱাৰ পাছত আমি বাংলাদেশীসকলক নিজৰ দেশৰ পৰাই খেদি সমগ্ৰ বাংলাদেশ আমাৰ দখললৈ অনাৰ পৰিকল্পনাত লাগিলোঁ।

মাজতে অলপ ‘ঝেং’ এটা হ’ল অৱশ্যে। বাংলাদেশত আন্দোলন এভাগি হ’ল- আমি অসমীয়াবোৰে বোলে বাংলাদেশীক নিজৰ ঠাইৰপৰাই খেদিব খুজিছোঁ, তেওঁলোকৰ জনগাঁঠনিকে সলনি কৰি দিছোঁ, অসমীয়া অধ্যূসিত এলেকাতপৰা খিলঞ্জীয়া বাংলাদেশী থাকিব নোৱাৰা হৈছে, বাংলাদেশৰ বহুকেইখন জিলাত আমি অসমীয়াসকল সংখ্যা গৰি‍ষ্ঠ হৈ পৰিছোঁ…. ব্লা..ব্লা… ব্লা!

হয়হে! অলপ ভয় নোখোৱা নহয়! কাৰণ তেওঁলোকৰ শংকাবিলাক অমূলক নাছিল, আমি এনে কাম কৰা কথাটো সত্যই। তাতে আন্দোলনৰ গইনা লৈ দুই এটা হিংসাত্মক ঘটনাও হ’ল – আমিও মাৰিলোঁ, আমাকো মাৰিলে৷ কিন্তু এজ ইউজুৱেল, বাংলাদেশৰ সকলো আন্দোলনৰ দৰেই এই আন্দোলনো ‘চুপাৰ ফ্লপ শ্ব’’ হ’ল। চৰকাৰ সলনি হ’ল- আৰু আমাক খেদিম বুলি শপত লোৱা চৰকাৰখনো আমাৰেই গোলাম হৈ পৰিল। সেইবোৰ বহুত কথা, ইমান ‘ডিটেইলিং’ নকৰোঁ আৰু আজি। মূল কথা হ’ল, আমি ধৈৰ্য নেহেৰুৱালোঁ। কাৰণ আমি জানিছিলোঁ, যিয়েই নহওক বাংলাদেশ চৰকাৰ আমাৰ সৈতে থাকিবলৈ বাধ্য, সকলো পাৰ্টিকে আমাৰ ভোট লাগে। পিচে একপ্ৰকাৰ ভালেই হ’ল, আমি তেতিয়াৰেপৰা ভিক্তিম কাৰ্ড খেলিবলৈ সুবিধা পালোঁ। আমাৰ যুক্তিকেইটাই আন্তৰ্জাতিক মানৱ অধিকাৰ ‘পাৰ্টি’বিলাকতো ‘হলচল মচাই’ দিলে।

– মোৰ আজোককা বিপদত পৰি ইয়ালৈ আহিছিল। মোৰ ককা-দেউতা, মই আজি ইয়াতে জন্ম হৈছোঁ। ইয়াত মোৰ কি দোষ? মোক খেদি দিলে মই ক’লৈ যাম? অসমত মোৰ একো নাই, মই অসমীয়া বুলি কেনেকৈ প্ৰমাণ কৰিম মই?

– মই বাংলা ভাষাৰ কাৰণে জীৱন দিবলৈ সাজু হৈছিলোঁ, মোৰ প্ৰতি কি বাংলাদেশৰ একো দায়িত্ব নাই?

– মই আজি যি কৰিছোঁ, নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ বলত কৰিছোঁ, মানুহ হিচাপে মোৰ কি সেইখিনি অধিকাৰ নাই?

কি ক’ম? মুঠতে হিলি গ’ল। ইণ্টাৰনেচনেল চাপৰ্ট আৰু ফাণ্ডিং ‘চপ্পৰ ফাড় কে’ আহিল আৰু তেতিয়াই আমি নিজৰ অসমীয়া ভাষা সংস্কৃতিৰ বাবে মাত মতাৰ সুবিধা লৈ ল’লোঁ। আমি আগতে কোৱা মতে আমাৰ মাতৃভাষা বাংলা বোলা কথাটো অস্বীকাৰ কৰি অসমীয়া ভাষাৰ দাবী জনোৱা আৰম্ভ কৰিলোঁ। আমি নিজ মাতৃভাষাত কবিতা লিখিলোঁ, কবিতাৰ মাজে মাজে যিমান পাৰি ভিক্তিম কাৰ্ড ভৰালোঁ। বাংলা ভাষাক নস্যাত কৰিবলৈ আমি পণ ল’লোঁ আৰু আমাক ‘প্লীজেণ্টলী চাৰপ্ৰাইজ’ কৰি, বাংলাদেশৰ বিদ্বৎ সমাজে আমাৰ দাবীক স্বীকৃতি দিলে। আমি ‘অসমীঞা’ নামেৰে ভাষা এটাৰ সৃষ্টি কৰিলোঁ, এবিধ ‘ইউনিক’ সংস্কৃতিৰো সৃষ্টি কৰিলোঁ। সেই ভাষাটো আচলতে অসমীয়াই, কিন্তু পোনে পোনে অসমীয়া বুলি কোৱাতকৈ ‘অসমীঞা’ বুলিলে আমি বাংলাদেশৰ খিলঞ্জীয়া লোক বুলি প্ৰতিষ্ঠা কৰাত সুবিধা হয়। এই ক্ষেত্ৰত বাংলাদেশী বিদ্বৎ সমাজৰ সম্পূৰ্ণ সহযোগীতাৰে, আমি আমাক বিৰোধিতা কৰা বাংলাদেশীসকলক ‘চচিয়েল মেডিয়া’ত কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰিলোঁ, তেওঁলোকক ‘জেনোফবিক’ আখ্যা দিলোঁ আৰু আন্তৰ্জাতিক সমৰ্থনো আদায় কৰি পেলালোঁ। আমাৰ ভাগ্য ভাল, আমি এনে কিছুমান বাংলাদেশীৰ সৈতে সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হ’লোঁ- যি আচলতে বাংলাদেশৰ জাতশত্ৰু, বাংলাদেশ শেষ হৈ গ’লেহে তেওঁলোকে ভাল পাই, তেওঁলোকে ব্যক্তিগত স্বাৰ্থৰ ওপৰত একো চিন্তা কৰিব নোৱাৰে। আমি তেনে কিছু বাংলাদেশী আমাৰ ‘ইণ্টাৰনেচনেল কানেকচনচ’ৰ যোগেৰে পৃথিৱীৰ ক্ষমতাশালী সংগঠনবোৰত সুমুৱাই দিলোঁ। আমি জানো, পইচাই সকলো, পইচা দিলে নিজৰ মাকক বেছি দিব পৰা লোক পৃথিৱীত বহুত আছে, ইয়াতো আছে। আৰু আমাৰ হাতত পইচা আছে, বহুত বেছি পইচা। বাংলাদেশীসোপাই ভাবিব নোৱাৰাকৈ পইচা আছে আমাৰ।

এই যে বিদ্বান, বিদেশ ৰিটাৰ্ণড মানৱতাবাদী, এক চাইনীজ ৰাজনৈতিক মতাদৰ্শৰ বাংলাদেশীকেইজন আছে, যি আমাক সদায় সমৰ্থন কৰি আহিছে, তেওঁলোকক ইম্প্ৰেছ কৰিবৰ বাবে আমি এক বিশেষ ব্যৱস্থা লওঁ। আমি অসমীয়াবোৰে এনেই লেতেৰা পেতেৰাকৈ থাকি, লাখপতি হ’লেও ফটা কাপোৰ পিন্ধি থাকি ভাল পাওঁ, সেয়া আমাৰ স্বভাৱেই। আমি সেইটোকে তেওঁলোকক আৱেগিক কৰি তুলিবলৈ ব্যৱহাৰ কৰিলোঁ। আমি তেওঁলোকক মাজে মাজে মাতি নি আমাৰ লেতেৰা পেতেৰা গাঁওবিলাক দেখুৱাওঁ, বাংলাদেশী লুঙি উপহাৰ দিওঁ আৰু হিয়া ধাকুৰিয়াই কান্দো। তেওঁলোকৰো হৃদয় ভাঙি য়ায়, চকু পানী বৈ আহে, কাৰণ তেনেকুৱা অৱস্থাত থকা মানুহ তেওঁলোকে জীৱনত কেতিয়াও দেখাই নাই। সেয়ে ঘূৰি গৈ তেওঁলোকে বাংলাদেশৰ চচিয়েল মেডিয়াত তালফাল লগাই দিয়ে… মানুহ, য়েচ মানুহৰ এই অৱস্থা কিয়? টিভিত টক শ্ব’ কৰে। কিন্তু তেওঁলোকে গম নেপায় অসমীয়া অধ্যূসিত এলেকাবোৰত আমি কেতিয়াও কোনো বাংলাদেশীয়ে চৰকাৰী চাকৰি কৰা বা ব্যৱসায় কৰা অসম্ভৱ কৰি তুলিছোঁ। আমাৰ ‘মেজৰিটি এৰিয়া’ত আমাৰ অসমীয়া মানুহেই নিৰ্বাচনত জিকিব, কোনো বাংলাদেশী লোক, যিমানেই যোগ্য নহওক কিয়, যিমানেই ‘কোৱালিফাইড’ নহওক কিয়, আমি অসমীয়া চেণ্টিমেণ্টত লম্পট, লুৎসা, লফংগা অসমীয়া এজনকে নিৰ্বাচনত জিকাম, তাৰ অন্যথা নাই। অসমীয়া ‘মেইন’, বাকী সকলো ‘বকৱাছ’।

আৰু এটা এই বাংলাদেশী বুদ্ধিজীৱিসকলে নজনা কথা; এজনী বাংলাদেশী ছোৱালী, যি বয়সৰে নহওক কিয়, আমাৰ অসমীয়া এৰিয়াত অকলে সোমালে আৰু কেতিয়াও ওলাই যাব নোৱাৰে, হয় তাইৰ মৃতদেহ যাব, বা মুৰ্মুষু দেহা ৰাষ্টাৰ দাঁতিত পৰি থাকিব। কোনো বাংলাদেশীয়ে আমাৰ এৰিয়াত মাত মতিব নোৱাৰে, আমি জোৰ কৰি বাংলাদেশী ছোৱালী ঘৰৰপৰা উঠাই আনিলেও বা ধৰ্ষণ কৰিলেও, কোনো উদ্যমী বাংলাদেশী ডেকাক এন্ধাৰত জীৱনৰ কাৰণে ঘুণীয়া কৰিলেও, কোনো বাংলাদেশীয়ে প্ৰতিবাদ কৰিব নোৱাৰে। তেওঁলোকে পুলিচৰ আগত কাকো চিনি নেপালোঁ বুলি ‘ষ্টেটমেণ্ট’ দিবলৈ বাধ্য কৰিছোঁ আমি। ‘য়েচ ৱি ডিড ইট’। জয় আই অসম!

আৰু বহুত কথা আছে, আজি নকওঁ আৰু। কিন্তু আজি আমি সকলোৱে অসমীয়া হিচাপে গৌৰৱ কৰিব পৰা এটা পৰিস্থিতি আহি পৰিছে। সেয়ে মোৰ প্ৰাণৰো প্ৰাণৰ সকলো অসমীয়াকে কথাখিনি কওঁ বুলি ভাবিলোঁ। আপোনালোক নিশ্চিত থাকক, অহা দহ বছৰৰ ভিতৰত বাংলাদেশ আমাৰ হ’ব, আমাৰ ভাষা-সংস্কৃতি চলিব ইয়াত। মই কেনেবাকৈ নোৱাৰিলেও মোৰ সতি-সন্ততিয়ে এদিন নহয় এদিন বাংলাদেশৰ শাসনভাৰ হাতত ল’ব আৰু আমি তেতিয়া সকলো বাংলাদেশীক বাংলাদেশৰপৰা খেদি অসমীয়াৰ ৰাজত্ব স্থাপন কৰিম। বাংলাদেশৰ সকলো সম্পদ আমাৰ হ’ব। আজি নহয় কালিলৈ সেয়া বাস্তৱ হ’বই।

☆ ★ ☆ ★ ☆

6 Comments

  • Pranita Goswami

    অতি উচ্চমানৰ ব্যংগ। অসমীয়া জাতিটোৰ অকৰ্মন্যতা, সুবিধাবাদী শাসকগোষ্ঠীৰ নিৰ্ভজাল বৰ্ণনা। ভাল লাগিল।

    Reply
  • ৰিণ্টুমনি

    বাপৰে, অতি উচ্চমানৰ লেখা। ভাল লাগিল দাদা

    Reply
  • Kalyan Nath

    তামাম দিছে দেই, কবিকেইজনে পঢ়িলেই হয় আৰু এইটো😀

    Reply
  • জিতু

    এএ মজা দিছে দেই এইচাট।

    Reply
  • Geetali Borah

    এটা উচ্চমানৰ বৌদ্ধিক ব্যংগ। চিন্তাৰ প্ৰকাশ শৈলী একেবাৰে অনন্য। Keep it up.

    Reply
  • অভিজিত কলিতা

    সকলোকে ধন্যবাদ

    Reply

Leave a Reply

Your email address will not be published.