ফটাঢোল

বাংলা সাহিত্যত ক্ষুদ্র গল্পচর্চা: প্ৰাক চচিয়েল মিডিয়া যুগ – বৰুণ কুমাৰ সাহা

ক্ষুদ্ৰ পৰিসৰৰ গল্পচৰ্চা বৰ্তমান সাহিত্যৰ এক লক্ষণীয় বিষয়। একবিংশ শতিকাত, বিশেষকৈ চচিয়েল মিডিয়া যুগত এই ধৰণৰ গল্পৰ প্ৰতি আগ্ৰহ, চৰ্চা আৰু ইয়াৰ প্ৰসাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এনেধৰণৰ গল্পক বিভিন্ন নামেৰে নামাকৰণ কৰা হৈছে। ক্ষুদ্ৰ গল্প, এক মিনিটৰ গল্প, গল্পাণু, পোষ্ট কাৰ্ড চৰ্ট ষ্টোৰি, চৰ্ট চৰ্ট ষ্টোৰি, ফ্ল্যাশ ফিকচন, অণুগল্প ইত্যাদি। আকৌ ইয়াৰ মাজতেই বহুতে ভাবে যে অণুগল্প আৰু এক মিনিটৰ গল্পৰ মাজত তফাৎ আছে। পিচে অণুগল্প নামটিয়েই বৰ্তমান সবাতকৈ জনপ্ৰিয় হোৱা পৰিলক্ষিত হৈছে। অণুগল্প-চাইট, গ্ৰুপ অথবা পত্ৰিকাও বৰ্তমান জনপ্ৰিয় হোৱা দেখা গৈছে। প্ৰসঙ্গক্ৰমে এই ক্ষেত্ৰত অসমৰ পৰাই প্ৰকাশিত বাংলা অণুগল্প পত্ৰিকা ‘আণবিক’ৰ নাম উল্লেখ কৰিব পৰা যায়। অসমৰ পৰা নিয়মিত প্ৰকাশ পোৱা এই পত্ৰিকাৰ উপৰিও বৰ্তমান সময়ত বিভিন্ন পত্ৰ-পত্ৰিকাত কবি, গল্প, প্ৰবন্ধৰ সতে অণুগল্প নামৰ এটি বিশেষ শাখা ৰখাও দেখা যায়। অণুগল্প কি, ইয়াৰ বৈশিষ্ট্য কি, অণুগল্পৰ দৈৰ্ঘ্য কিমান আদি বিভিন্ন প্ৰশ্নই পাঠকৰ মনত সততে খলকনি তোলা দেখা যায়। এই বিষয়সমূহ লৈ বাংলাদেশৰ এগৰাকী বিশিষ্ট অণুগল্পকাৰ বিলাল হোসেনে ‘অণুগল্পেৰ অস্তিত্ব আছে’ শীৰ্ষক এখন গ্ৰন্থ প্ৰণয়ন কৰিছে। বাংলা সাহিত্যত এই শ্ৰেণীৰ গল্প লিখাৰ প্ৰবণতা প্ৰাক চচিয়েল মিডিয়া যুগৰ বহু আগৰ পৰাই বিদ্যমান বুলি ক’ব পৰা যায়। এই ক্ষেত্ৰত দুজন বিশিষ্ট সাহিত্যিকৰ নাম উল্লেখ কৰিব খুজিছোঁ। তেওঁলোক হ’ল ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু বনফুল (বলাইচাঁদ মুখোপাধ্যায়)।

আধুনিক ভাৰতীয় সাহিত্যৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ সাহিত্যিক বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘লিপিকা’ গ্ৰন্থখনৰ উল্লেখ কৰিব পৰা যায়। তেওঁ ক্ষুদ্ৰ পৰিসৰৰ ভিতৰত এক বুজন সংখ্যক টুকুৰা-টুকুৰি লেখা লিখিছিল। বহুতে এই লেখাবোৰক গল্পৰ শ্ৰেণীত স্থান দিবলৈ অনিচ্ছুক, কাৰণ ৰবীন্দ্ৰনাথ ঠাকুৰৰ এই লেখাসমূহ মূলতঃ ভাবপ্ৰধান। পিচে ‘প্ৰশ্ন’ অথবা ‘ৰথযাত্ৰা’ৰ দৰে লেখা পাঠ কৰিলেই এই লেখাবোৰত গল্পৰ অনেক বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত অপ্ৰাসংগিক হ’লেও জানি থোৱা ভাল যে ৰবীন্দ্ৰনাথ অসম (অবিভক্ত)লৈ প্ৰথমবাৰৰ বাবে আহিছিল ১৯১৯ খ্ৰীষ্টাব্দত। সেইবাৰ শ্বিলংত বহিয়ে ‘একটি চাউনি’ আৰু ‘একটি দিন’ নামৰ দুটি লেখা তেওঁ ক্ষুদ্ৰ পৰিসৰত লিখি উলিয়াইছিল। এই লেখাদুটা আছিল সম্পূৰ্ণ ভাবপ্ৰধান। গতিকে উক্ত লেখা দুটিক অণুগল্প হিচাবে গ্ৰহণ কৰিব পৰা নাযায়। বৰং এই লেখাদুটি গদ্যত লিখা কবিতা নাইবা তেনে ধৰণৰ এটি এক্সপেৰিমেণ্ট হিচাবেহে গণ্য কৰিব পৰা যায়। পিচে ৰবীন্দ্ৰনাথৰ ‘লিপিকা’ সংকলনটিৰ অন্যান্য কিছুমান ৰচনা পাঠ কৰিলে পাঠক সচাকৈয়েই বিমুগ্ধ হ’বলৈ বাধ্য। ইয়াত সাংঘাটিক টুইষ্ট (Twist) নাথাকিলেও কাহিনীৰ অন্তৰালত এটা ‘অপেন এণ্ডিং’ ভাব আছে। যি কি নহওক, আজিৰ পৰা প্ৰায় এশ বছৰ আগতে লিখা ৰবীন্দ্ৰনাথৰ এটি ক্ষুদ্ৰ গল্পৰ নমুনা এইক্ষেত্ৰত উল্লেখ কৰিব পৰা যায়-
প্ৰশ্ন
১)
শ্মশান হতে বাপ ফিৰে এল।
তখন সাত বছৰেৰ ছেলেটি— গা খোলা, গলায় সোনাৰ তাবিজ—একলা গলিৰ উপৰকাৰ জানলাৰ ধাৰে ।
কী ভাবছে তা সে আপনি জানে না।
সকালেৰ ৰৌদ্র সামনেৰ বাড়িৰ নিম গাছটিৰ আগডালে দেখা দিয়েছে; কাঁচাআমওয়ালা গলিৰ মধ্যে এসে হাঁক দিয়ে দিয়ে ফিৰে গেল।
বাবা এসে খোকাকে কোলে নিলে; খোকা জিজ্ঞাসা কৰলে, “মা কোথায়।” বাবা উপৰেৰ দিকে মাথা তুলে বললে, “স্বর্গে।”

২)
সে ৰাত্রে শোকে শ্রান্ত বাপ, ঘুমিয়ে ঘুমিয়ে ক্ষণে ক্ষণে গুমৰে উঠছে।
দুয়াৰে লণ্ঠনেৰ মিটমিটে আলো, দেয়ালেৰ গায়ে একজোড়া টিকটিকি।
সামনে খোলা ছাদ, কখন খোকা সেইখানে এসে দাঁড়াল।
চাৰিদিকে আলো-নেবানো বাড়িগুলো যেন দৈত্যপুৰিৰ পাহাৰাম ওয়ালা, দাঁড়িয়ে দাঁড়িয়ে ঘুমচ্ছে।
উলঙ্গ গায়ে খোকা আকাশেৰ দিকে তাকিয়ে। তাৰ দিশাহাৰা মন কাকে জিজ্ঞাসা কৰছে, “কোথায় স্বর্গেৰ ৰাস্তা।”
আকাশে তাৰ কোনো সাড়া নেই; কেবল তাৰায় তাৰায় বোবা অন্ধকাৰেৰ চোখেৰ জল।

গল্পটি পাঠ কৰাৰ লগে লগে মাতৃহাৰা শিশুটিৰ মনত জাগি উঠা স্বৰ্গৰ ৰাস্তা ক’ত প্ৰশ্নটিয়ে যেন পাঠকৰ অন্তৰকো ভেদ কৰি যায়। অলপ কথাত আৰু ক্ষুদ্ৰ পৰিসৰত শিশুমনৰ অনন্ত জিজ্ঞাসাৰ মাজেৰে এক সুগভীৰ প্ৰশ্ন উত্থাপন কৰা হৈছে, যাৰ সঠিক উত্তৰ পোৱা সঁচাকৈয়েই দুৰূহ। সেয়েহে ‘লিপিকা’ৰ সমস্ত ৰচনাক ক্ষুদ্ৰগল্প-অণুগল্পৰ শ্ৰেণীত সন্নিবিষ্ট কৰিব পৰা নহ’লেও ‘প্ৰশ্ন’-জাতীয় গল্পসমূহে অৱশ্যেই এই জাতীয় ক্ষুদ্ৰ গল্পৰ স্বীকৃতি দাবী কৰিব পাৰে। বৰ্তমান যুগৰ পাঠকসকলৰ মনত প্ৰায়েই এক গুৰুত্বপূৰ্ণ প্ৰশ্নই দোলা দি থকা দেখা যায়। অণুগল্প আচলতে চুটিগল্পৰেই এটি ৰূপ? নে ই আধুনিক সাহিত্যৰ এক সুকীয়া শাখা? এই প্ৰসঙ্গ লৈ পণ্ডিতসকলৰ মাজতো যথেষ্ট বিতৰ্ক হোৱা পৰিলক্ষিত হৈছে। পিচে অণুগল্প লৈ যেনেদৰে চৰ্চা কৰা হৈছে বা হৈ আছে, সেই ফালৰ পৰা বিচাৰ কৰিলে অণুগল্পক এক স্বতন্ত্ৰ স্থান দিয়া নিতান্তই আৱশ্যক। এই বিষয়টিৰ ওপৰত বাংলা সাহিত্যত যথেষ্ট কাম-কাজ হোৱা পৰিলক্ষিত হৈছে। আনকি অণুগল্পৰ স্বতন্ত্ৰতা, চৰ্চা আৰু বিস্তাৰৰ কথা চিন্তা কৰি ঢাকা অথবা কলকাতাৰ গ্রন্থ মেলাত সিদ্ধাৰ্থ দত্ত আৰু বিলাল হোসেনৰ দৰে অণুগল্পকাৰসকলক অণুগল্প লিখা টি-শ্বাৰ্ট পৰিধান কৰি কৰি ঘূৰি ফুৰা দেখা গৈছে, য’ত সমগ্ৰ পোছাকত লিখা আছে ‘অণুগল্প অণুগল্প অণুগল্প…’ ।

ৰবীন্দ্ৰনাথৰ পিছত আমি এইবাৰ উল্লেখ কৰিবলৈ ওলাইছো বলাইচাঁদ মুখোপাধ্যায়ৰ নাম। তেওঁ বাংলা সাহিত্যত ‘বনফুল’ নামে অধিক জনপ্ৰিয়। তেওঁ আত্মজীৱনী ‘পশ্চাৎপট’ত লিখিছে—

“মেডিকেল কলেজে থাকিবাৰ সময়ই আমি ছোট-গল্প লিখিতে আৰম্ভ কৰি৷ মেডিকেল কলেজে আমি অনেক সময় খালি ক্লাস-ৰুমে বসিয়া থাকিতাম৷ প্রকাণ্ড ঘৰে নির্জন গ্যালাৰিতে বসিয়া থাকিতে খুব ভালো লাগিত৷ নির্জন পৰিবেশ না হইলে আমি লিখিতে পাৰি না৷ মেডিকেল কলেজে খালি ক্লাসৰুমগুলিতে সেই নির্জনতা পাইতাম৷ একদিন বাড়তি-মাশুল, অজান্তে প্রভৃতি চার-পাঁচটি গল্প একসঙ্গে লিখিয়া ফেলিলাম।”

বনফুলে ইয়াত যিসমূহ গল্পৰ কথা উল্লেখ কৰিছে, সেই গল্পসমূহ এক পৃষ্ঠাৰ গল্প। প্ৰণিধানযোগ্য যে বনফুলে ১৯২৭ চনত ডাক্তৰি শিক্ষা সমাপ্ত কৰে। সেয়েহে এই গল্পসমূহ ১৯২৭ চনৰ আগত লিখা। সেইসময়ত ‘অণুগল্প’ শব্দটিৰ প্ৰচলন আৰম্ভ হোৱা নাছিল। সেয়েহে সম্ভৱতঃ সেই গল্পসমূহক ‘ছোট’ বুলি উল্লেখ কৰি তাৰ পিছত ‘হাইফেন’ লগাই ‘গল্প’ শব্দটো সংযুক্ত কৰি তেওঁ এই জাতীয় গল্পৰ স্বতন্ত্ৰতাৰ দিশটো তুলি ধৰিবলৈ বিচাৰিছিল। যি কি নহওক, বনফুলে প্ৰায় ছয়শ গল্প লিখিছিল আৰু এইসমূহৰ ভিতৰৰ বহুতো গল্প ক্ষুদ্ৰ পৰিসৰৰ, যিবোৰক পৰবৰ্তী সময়ত অণুগল্প বুলি চিহ্নিত কৰা হৈছে। এই ক্ষেত্ৰত বনফুলৰ এটি অন্যতম শ্ৰেষ্ঠ অণুগল্প ‘নিমগাছ’ৰ কথা উল্লেখ কৰিব পৰা যায়—

নিমগাছ
নিমগাছ কেউ ছালটা ছাড়িয়ে নিয়ে সিদ্ধ কৰছে |
পাতাগুলো ছিঁড়ে শিলে পিষছে কেউ।
কেউ বা ভাজছে গৰম তেলে।
খোস দাদ হাজা চুলকুনিতে লাগাবে। চর্ম ৰোগের অব্যর্থ মহৌষধ।
কচি পাতাগুলো খায়ও অনেকে।
এমনি কাঁচাই…..
কিংবা ভেজে বেগুন- সহযোগে।
যকৃতেৰ পক্ষে ভা ৰি উপকার।
কচি ডালগুলো ভেঙে চিবোয় কত লোক…। দাঁত ভালো থাকে।
কবিৰাজৰা প্রশংসায় পঞ্চমুখ। বাড়িৰ পাশে গজালে বিজ্ঞৰা খুসী হন।
বলেন- “নিমেৰ হওয়া ভাল, থাক, কেটো না।”
কাটে না, কিন্তু যত্নও কৰে না।
আবর্জনা জমে এসে চাৰি দিকে।
শান দিয়ে বাধিয়েও দেয় কেউ- সে আৰ এক আবর্জনা।
হঠাৎ একদিন একটা নূতন ধৰণের লোক এল।
মুগ্ধ দৃষ্টিতে চেয়ে ৰইল নিমগাছেৰ দিকে। ছাল তুললে না, পাতা ছিঁড়লে না, ডাল ভাঙ্গলে না। মুগ্ধ দৃষ্টিতে চেয়ে ৰইল শুধু।
বলে উঠলো, “বাঃ কি সুন্দৰ পাতাগুলো…..কি রূপ !
থোকা থোকা ফুলেৰই বা কি বাহাৰ….এক ঝাঁক নক্ষত্র নেমে এসেছে যেন নীল আকাশ থেকে সবুজ সায়ৰে । বাঃ–”
খানিকক্ষণ চেয়ে থেকে চলে গেল।
কবিৰাজ নয়, কবি।
নিমগাছটাৰ ইচ্ছে কৰতে লাগল লোকটাৰ সঙ্গে চলে যায়। কিন্তু পাৰলে না।
মাটিৰ ভেতৰ শিকড় অনেক দূৰে চলে গেছে। বাড়িৰ পিছনে আবর্জনাৰ স্তূপেৰ মধ্যেই দাঁড়িয়ে ৰইল সে।

ওদেৰ বাড়ীৰ গৃহকর্ম-নিপুণা লক্ষ্ণী বউটাৰ ঠিক এই দশা।

আধুনিক যুগৰ বহুতেই ক্ষুদ্ৰ গল্পসমূহক একবিংশ শতিকাৰ গল্পধাৰা বুলি চিহ্নিত কৰিবলৈ প্ৰয়াস কৰে। অৱশ্যে এই ক্ষেত্ৰত ৰবীন্দ্ৰনাথৰ ‘লিপিকা’ অথবা বনফুলৰ গল্পসমূহক এই শ্ৰেণীৰ বাহিৰত ৰাখিবলৈ যত্ন কৰা পৰিলক্ষিত হয়। এই ক্ষেত্ৰত অৱশ্যে ক’ব পৰা যায় যে যেনেদৰে বৰ্তমান যুগত কম্পিউটাৰৰ যথেষ্ট পৰিবৰ্তিত ৰূপ উপলব্ধ হ’লেও, উনবিংশ শতিকাৰ চাৰ্লচ ব্যাবেজক যেনেদৰে ‘ফাডাৰ অৱ কম্পিউটাৰ’ বোলা হয়, ঠিক একেদৰে এই যুগৰ ফ্ল্যাশ ফিকশনৰ ধাৰাৰ এটি বিশেষ কালগত আৰু ভাবগত বৈশিষ্ট্য থাকিলেও, বাংলা সাহিত্যত এই ক্ষুদ্ৰ গল্পৰ বীজ ৰোপণ কৰিছিল স্বয়ং ৰবীন্দ্ৰনাথ, আৰু সেই গল্পধাৰা বনফুলৰ হাতত পল্লবিত হৈ আজি উত্তৰ-আধুনিক চিন্তা আৰু চচিয়েল মিডিয়াৰ পৰোক্ষ প্ৰভাৱত এক ভিন্ন ৰূপ লাভ কৰাত সক্ষম হৈছে।

☆★☆★☆

One comment

  • Moon Moon Sarkar Saikia

    বৰুণ দা, লেখাটো পঢ়ি উপকৃত হলোঁ।

    Reply

Leave a Reply

Your email address will not be published.