ফটাঢোল

বাইক চলোৱা ল’ৰাবোৰ – কনচেং বৰগোহাঁই

দিল্লীত গাড়ী চলালে ট্ৰেফিক পইণ্টত বোন্দাপৰ দি মানুহৰ মন মেজাজ ঠিক হৈ নাথাকে৷ তাতে গাড়ী মটৰৰ ২০০ ডেচিবেলৰ ওপৰৰ হৰ্ণৰ শব্দ আৰু ট্ৰেফিক পইণ্টত যিহে লম্বা লাইন, এবাৰতে সৰকি যাব পাৰিলেই যেন ৰক্ষা, উস্‌। তাৰোপৰি, পথত বাইক্‌ৱালাৰ দপদপনি আৰু অট’ৱালাৰ স্বভাৱসিদ্ধ বেপৰুৱামী৷ ইয়াৰ মাজতে বহুলোকে বৰ ধৈৰ্য ধৰি গাড়ী চলায়। আজি কিছুবছৰৰ আগৰ ঘটনা, মই আৰু মোৰ পৰিবাৰ দুয়ো কিবা সকামত ওলাই গৈছিলোঁ। সেইদিনা বৰ ভিৰো নাছিল৷ মন ভাল লাগিবলৈ এফ.এম-ত গান বজাই লৈছিলোঁ। আজিকালি এফ.এম টিপিলে গানেই গান। ইমানেই গান যে কোনটো শুনিলে বেছি ভাল লাগিব ঠিৰাং কৰিব নোৱৰি৷ দুয়ো গান শুনি বেছ ৰং মনেৰে গৈ আছিলোঁ৷ ঠিক তেনেতে এজন যুৱকে একা-বেঁকা ষ্টাইলেৰে বাইক চলাই ফোঁফোঁৱাই আমাৰ গাড়ীৰ কাষেৰে জোৰেৰে পাৰ হৈ গ’ল৷ পাৰ হৈ গ’ল মানে কথাতে কয় নহয় এক চুলি মানতে বাচি গ’ল, লাগিলেইহেঁতেন৷ আজিকালি লৰাবোৰেই নে, ছোৱালীবোৰেও যিহে স্পীডত চলায়৷ দেখিলে জীৱ উৰি যায়। দিল্লী আগ্ৰা এক্সপ্ৰেছ ৱে-ত ধনীঘৰৰ সন্তানসকলে মাজনিশা মাজে মাজে কাৰ ৰেচ কৰে৷ এক্সিডেণ্টো বহুত হৈছে। এই ৰাস্তাটোত গাড়ী চলাবলৈ চকাত হাৱা কম কৰি লব লাগে নহলে স্পীডত চলাবলৈ অসুবিধা হয় হেনো৷ ১২০ কি:মি: স্পীডটো হ’ল একেবাৰে নিম্ন৷ কাৰিকৰীভাৱে স্পীডত চলাবলৈকে এই ৰাস্তাটো তেনেকৈ বনোৱা হৈছে৷ গতিকে এক্সিডেণ্ট হ’লে প্ৰাণ ৰক্ষাৰ কোনো উপায় নাই৷ তলাবন্দীৰ পাছতে যেতিয়া নয়ডাৰ এক্সপ্ৰেছ ৱে’-ত গাড়ী মটৰৰ চলাচল কম হৈছিল তেনেকুৱা সময়ত পুৱাবেলাত ৰেচিং কাৰৰ নিচিনা শব্দ শুনিবলৈ পোৱা গৈছিল। তলাবন্দীৰ আগত নিউজত এনে কথাও শুনিবলৈ পাইছিলোঁ যে, ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখৰ ৰাজপথত লৰাবোৰে ৰাতি এঘাৰ -বাৰ বজাত বাইকৰ ষ্টাণ্ট কৰিবলৈ আহে। সেয়া পুলিচৰ সহ্য নহয়, খেদি ফুৰে কিন্তু লৰাবোৰক ক’ত বিচাৰি পাব। পুলিচে মটৰ বাইকৰ শব্দহে শুনে, আনকি বাইকৰ ধোঁৱাও দেখিবলৈ নাপায়৷ এনে কামবোৰ ডেকা বয়সতহে সম্ভৱ। তেওঁলোকৰ মনৰ আৰু দেহৰ শক্তি প্ৰায় ইচ্ছা শক্তিৰ সমান। এই যে ক’লোঁ, ৰাজন মোৰ গাড়ীৰ কাষেৰে এনেকুৱাকৈ পাৰ হৈ গ’ল মুখেৰে একো নকওঁ বুলি ভাবিও হঠাৎ মোৰ মুখেৰে এটা বাক্য ওলাই গ’ল -“এইজনে আজি ক’ৰবাত মাৰিব যেন লাগিছে ৷” পৰিবাৰে মাত লগালে “আপুনি তেনেকৈ কিয় কৈছে?” “নকৈ কি ক’ম! এই লৰাটো নেদেখিলানে তাৰ বাইক চলোৱাৰ কি ষ্টাইল? দুচকীয়া বাহনবোৰৰ একো বিশ্বাস নাই, বুইছা৷ এনে বাহনবোৰ এটা সময়ৰলৈকে তোমাৰ কণ্ট্ৰ’লত থাকে। কণ্ট্ৰ’লৰ কাটা পাৰ হলেই অঘটন ঘটায়।” পৰিবাৰে ক’লে “মানুহে যি কয় তাৰে প্ৰভাৱ সেই লোকজনৰ ওপৰত পৰে৷ শব্দই হ’ল ব্ৰহ্ম৷ গতিকে সদায় ভাল এটাহে কব লাগে৷ আপুনি কোৱাৰ দৰে মানুহে বেলেগ বেলেগ বহু মন্তব্য দিয়ে। কাৰণ চিন্তা কৰাৰ শক্তি সকলোৰে একে নহয়৷ ভাল এটা কবলৈ প্ৰথমে ভাল চিন্তা কৰিব লাগিব৷ এই ভাল চিন্তা আহিবলৈ মানুহৰ বোধশক্তি থাকিব লাগিব। সেই শক্তি অৰ্জন কৰিব লাগিব আৰু সেইটো একেদিনাই পাব নোৱাৰি৷ তাৰবাবে দৈনিক মানসিক অনুশীলনৰ প্ৰয়োজন।  কথাটো শুনাত যিমান সৰু যেন লাগে, আচলতে ই তাতকৈ বহু বেছি গুণে ডাঙৰ আৰু চিন্তনীয়৷ আমি নভৱা-নিচিন্তাকৈ কাৰোবাৰ বিষয়ে ভালে বেয়াই কওঁ৷ আমি যদি ভালদৰে এবাৰ ভাবোঁ যে সেই লৰাজন আপোনাৰ বন্ধুৰ লৰা বা আপোনাৰ চিনাকি কোনো আপোনজনৰ হয় তেন্তে আপুনি তেনেকৈ ক’লেহেঁতেন নে? নিশ্চয় নকয়। সেয়ে আমি কথা কওঁতে বৰ সাৱধান হব লাগে৷ সেইবুলি বেপৰোৱা হৈ বাইক চলাবলৈ নিশ্চয় উদগনি দিব নোৱাৰি। সময় সুযোগ পালে সাৱধানেৰে চলাবলৈ বুজাই কোৱাটোহে যুগুত৷”

ৰাতিলৈ পৰিবাৰে কোৱা কথাখিনি আকৌ এবাৰ পাগুলি চালোঁ। কথাবোৰত অন্তনিৰ্হিত এক যুক্তি নিশ্চয় আছে৷ এই লৰাটোৰ ক্ষেত্ৰতে বহুজনে বহুধৰণৰ মন্তব্য দিব যেনে – এইটো মৰিবগৈ দেই বা এইজনে আজি এক্সিডেণ্ট কৰিবগৈ, কোনোবাই কব- আজিকালি লৰাবোৰ এনেকুৱাই। অন্য গ্ৰুপে হয়তো কব -লৰাজন ভালে ভালে ঘৰ পালেগৈয়ে হয়৷ (এই গ্ৰুপকেইটাৰ মানসিক চিন্তা চৰ্চাৰ স্তৰ কি সেইয়া ইয়াত বৰ্ণনা কৰিব খোজা নাই) কিন্তু দুখৰ বিষয় এই যে, শেষৰ গ্ৰুপৰ মানুহেই পৃথিৱীত আটাইতকৈ কম। মানুহৰ যদি বিচাৰধাৰা বা চিন্তা চৰ্চা সলনি হয় তেন্তে আমাৰ বহু সমস্যাই নোহোৱা হৈ যাব৷ আমি নিজক লৈ ইমানেই ব্যস্ত যে আনৰ বিষয়ে ভাবিবলৈ সময়ে নাপাওঁ, আনৰ বাবে ভাল কিবা এটা  ভবাটো দূৰৈৰ কথা৷ আমাৰ সকলোৰে সুস্থ চিন্তা কৰিব পৰা শক্তি আছে কিন্তু আমি সেয়া নকৰোঁ৷ আমি সুস্থ চিন্তা কৰা আৰু তেনে চিন্তাক কামত প্ৰয়োগ কৰাৰ অভ্যাস নকৰোঁ৷ আমি আজি ইমানদিনে যি দেখি বা শুনি আহিছোঁ আৰু যেনে পৰিবেশত ডাঙৰ হৈছোঁ তাকে আমি আমাৰ সহজাত প্ৰবৃত্তিৰে মানি লৈছোঁ। সেয়া ত্ৰুটিপূৰ্ণ হলেও এবাৰলৈ আমি তাক শুদ্ধ কৰাৰ চেষ্টা কৰি চোৱা নাই৷

এই যে লৰাজন মোৰ আগেদি জোৰেৰে পাৰ হৈ গ’ল তাৰ বিষয়ে মই যদি ভালকৈ ভাবোঁ তেন্তে কথাষাৰ বা চিন্তাটো তাতেই শেষ হয়৷ লৰাজনৰ প্ৰতিও এটা ভাল ভাৱ পঠিওৱা হয়৷ ই এক প্ৰাৰ্থনাৰ দৰে৷ যদি আমি ওলোটাকৈ বা বেয়াকৈ ভাবোঁ -আমাৰ মনত বহু দেৰিলৈকে সেই চিন্তাই ক্ৰিয়া কৰি থাকিবই আমাক কিছু সময় অশান্তিত ৰাখিব৷ যি চিন্তাই আনক সহায় নকৰে আৰু নিজকো একো সহায় নকৰে বৰঞ্চ আমাৰ ৰক্তচাপ বৃদ্ধি কৰাৰ সম্ভাৱনাহে থাকে, তেনে ধৰণৰ চিন্তাৰ পৰা আঁতৰি থকাটোহে যুগুত।  

এবাৰলৈ যদি আমি ধৰি লওঁ- আজিকালি ডেকা লৰাবোৰে সন্ধিয়া ৰাস্তাত অকলে যোৱা ছোৱালীবোৰক নিজৰ ভনীয়েক বুলি ভাবি নোজোকায় বা অন্য বেয়া দৃষ্টিয়ে নাচায় আৰু ছোৱালীবোৰেও কোনো ভয় সংশয় নোহোৱাকৈ মুকলিমুৰীয়াকৈ চলন ফুৰণ কৰিব পাৰিছে, সেইদিনা সমগ্ৰ পৃথিৱীত বহু কথাই সলনি হৈ যাব। এনে বহু সৰু সৰু যেন লগা কথাবোৰ সুস্থভাৱে চিন্তা কৰি যদি প্ৰত্যেকে নিজকে শুধৰাই লবলৈ চেষ্টা কৰোঁ তেন্তে আমি জীয়াই থকা পৃথিৱীখনেই সুন্দৰ হৈ পৰিব৷ পৰিবেশ বা পৃথিৱী সদায় এজনৰ চিন্তা, কথা আৰু কামৰ পৰাই আৰম্ভ হয় আৰু ইয়াৰ আৰম্ভণি যিকোনো মূহূৰ্ত্তৰ পৰা হব পাৰে তাৰ বাবে কোনো সময়ৰ বাধ্যবাধকতা নাথাকে।

☆ ★ ☆ ★ ☆

6 Comments

  • JB

    বহুত ভাল লাগিল পঢ়ি

    Reply
  • ৰাজু কুমাৰ নাথ

    ভাল লাগিল।

    Reply
  • Anonymous

    বহুত ভাল লাগিল ৷ এটা যোগাত্মক বাৰ্তা দিলে লেখাটোৰ জৰিয়তে

    Reply
  • Anonymous

    বহুত ভাল লাগিল।

    Reply
  • জিতু

    ভাল লাগিল।

    Reply
  • Anonymous

    text

    Reply

Leave a Reply

Your email address will not be published.