ফটাঢোল

বাওনা বৰুৱাৰ মহাজীৱনী-ড° সৰোজ কাকতি

তিনিদিনৰ পাছত মই কোৱা মতেই দুয়ো স্বামী-স্ত্ৰী আশ্ৰমলৈ আহিল। ঘৈণীয়েক বৰ ধুনীয়া, লাহিকৈ শৰীৰ, মিহিকৈ কঁকাল, উন্নত বক্ষ, মৃণালৰ দৰে বাহু, হৰিণীৰ দৰে চকু, এনে সৰ্বসুলক্ষণা ছোৱালীজনী যে সন্তানহীনা হ’ব তাক ভাবিবই নোৱাৰি। অলপ সোধ-পোচ কৰাৰ পাছত জানিব পাৰিলোঁ সন্তান নহোৱাৰ বাবে ছোৱালীজনীৰ কোনো দোষ নাই, দোষ পুৰুষজনৰহে। চিকিৎসাৰ প্ৰয়োজন গিৰীয়েকৰহে। কিন্তু ছোৱালীজনীৰ চিকিৎসা নকৰিলেতো নহ’ব, কৰিবই লাগিব।

: শুনা পুত্ৰ, তুমি পূৰ্ব জন্মত এগৰাকী প্ৰখ্যাত এডভোকেট আছিলা আৰু আইনৰ বলত এগৰাকী মাতৃৰ বুকু সুদা কৰি তেওঁৰ সন্তানক আঁতৰাই ৰাখিছিলা। সেই মাতৃয়ে তোমাক অভিশাপ দিছিল, তুমি অতুল সম্পত্তিৰ মালিক হৈয়ো সন্তানৰ মুখ দেখিবলৈ নোপোৱা। অভিশাপে সেই জন্মত ক্ষতি কৰিব নোৱাৰিলে, কিন্তু এই জন্মত সেই অভিশাপৰ ফল ভোগ কৰিব লগা হৈছে। ভয় কৰিব নালাগে পুত্ৰ সেই অভিশাপ খণ্ডনৰ উপায় আমাৰ ওচৰত আছে। সেই নাৰীগৰাকীৰ স্বৰ্গগত আত্মাক সন্তুষ্ট কৰিবলৈ পূজা এভাগ দিব লাগিব, ক্ষমা বিচাৰিব লাগিব যাতে তেওঁ সেই অভিশাপৰ পৰা মুক্ত কৰি দিয়ে। তাৰপাছত মা কামাখ্যৰ বাবে পূজা এভাগ দিব লাগিব। মাৰ পূজাত কি কি উপকৰণ লাগে সেই কথা নিশ্চয় জানা- মদ্য, মাংস, মৎস্য, মুদ্ৰা আৰু মৈথুন।

: বৰুৱাদেউ আপুনি মানুহৰ পূৰ্বজন্মৰ কথা কি সাধনাৰ বলত জানিব পাৰিছিল?

ঘটিৰামে লেখিবলৈ এৰি প্ৰশ্ন কৰিলে।

: ধেৎ তুমিও এটা মস্ত বুৰ্বক দেই। পূৰ্বজন্মৰ কথা ক’বলৈ কিবা সাধনা লাগে নেকি? মই যি কওঁ সেয়াই সঁচা, তুমি যি কোৱা সেয়ে সঁচা কোনেও মিছা বা সঁচা বুলি প্ৰমাণ কৰিব নোৱাৰে। এইবোৰ লাইনৰ কথা ক’বলৈ হ’লে তুমি কেইটামান সংস্কৃত  শ্লোক মুখস্থ ৰাখিব লাগিব নহ’লে মানুহে তোমাক বুৰ্বক বুলি ভাবিব। যেতিয়া প্ৰয়োজনৰ তাগিদাত কিতাপ পঢ়িব লগা হৈছিল তেতিয়াহে বুজিব পাৰিছিলোঁ পিতাদেৱে মোক সৰুতে পঢ়িবলৈ কিয় ইমান জোৰ জবৰদস্তি কৰিছিল।

ভক্তজন যেতিয়া নিৰামিষহাৰী বুলি জানিব পাৰিলোঁ, মোৰ কাৰণে ভাল সুবিধা হৈছিল, প্ৰাচীন কামৰূপৰ কৈৰাতজ ধৰ্মৰ বিষয়ে এটা বক্তৃতা দিলোঁ,

: শুনা পুত্ৰ কামৰূপ কামাখ্যা এনে এখন ঠাই য’ত অতীতৰপৰা মানুহবোৰে সকলো খায়। যোগিনীতন্ত্ৰত স্বয়ং শিৱই মাতা পাৰ্বতীক কৈছিল, “সংসৰ্গাত পাতকং নৈব স্ত্ৰী ধৰ্মে ধৰ্মমাশ্ৰয়েৎ”। অৰ্থাৎ জাতি বৰ্ণ নিৰ্বিশেষে ইয়াত মিলা-মিচা কৰিব পাৰি, স্ত্ৰীৰ ধৰ্মই ধৰ্ম। “হংস পাৰাৱতং ভক্ষং কূৰ্ম বৰাহমেব চ”। হাঁহ, পাৰ, কাছ, গাহৰি সকলো খাব পাৰি। “কামৰূপে পৰিত্যাগা দুৰ্গতিস্তত্ৰ সম্ভৱেৎ”। অৰ্থাৎ কামৰূপত এইবোৰ পৰিত্যাগ কৰিলে দুৰ্গতি হয়। অৱশ্যে মোৰ ওচৰলৈ আহিছা যেতিয়া তোমাৰ আৰু দুৰ্গতি নাথাকে। (আগলৈ )

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.